Thursday, 7 September 2017

Bhupen Hazarika







শুই থাক অ' ভূপেন মামা

"কুসুম্বৰৰ পুত্ৰ
শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান" বুলি
গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ
বৰ্ণময়  যাত্ৰা ৷
তোমাৰ গীতৰ হেজাৰ শ্ৰোতাক
মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে
মোহাচ্ছন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷
শীতৰ সেমেকা ৰাতিবোৰত যিদৰে
বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা
কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত
উচুপি উঠিছিলা তুমি ৷
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰি ফুৰিছিলা যদিও
সূৰ্য্য উঠা দেশৰ
ৰ'দ পুৱাবৰ কাৰণে মাতিছিলা আমাক ৷
একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷
মূৰৰ ফুলাম গামোচা খনি
ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা
কোনে কি ভাও লয় দেশৰ বাবে
মাতিছিলা সৱকে ৷
বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ
পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা
জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই
মনত পেলাই দিছিলা
সাগৰ সংগমত সাঁতুৰি
ক্লান্ত নোহোৱা মানুহ জনো
তুমিয়েই আছিলা ৷
জিৰাবৰ তৰু-তৃণহীন
উৰণীয়া মৌ জাকৰ এটা
মৌ মাখি আছিলা তুমি
বিমূৰ্ত নিশা বোৰত
মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷
 মহানগৰীৰ যক্ষ হৈ
মিছলীয়া মৰমত কাৰাৰূদ্ধ
হোৱা নাছিলা জানো তুমি?
যৌৱন বাসনাৰ
উপকূল ৰিক্ত কৰি
বিৰহৰ গীত
নতুবা
সূৰ্যোদয় যদি লক্ষ্য
সূৰ্যাস্তৰ পিনে ধাৱমান কিয় বুলি কৰা প্ৰশ্ন
জুয়ে পোৰা তিৰাশীত হেৰাই যোৱা ভাইটোৰ সন্ধান,
তিমিৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষলৈ পোহৰৰ ঢল,
অথবা দিচাং মুখৰ মিচিং ডেকাটোৰ সোণৰ গেংগোঙৰ সুৰ
শ্বিলঙৰ মনালিছা লিংডোৰ গীতাৰৰ ঝংকাৰ
খাঁচী গৰখীয়াৰ শ্বৰাটিৰ সুৰ
এই আটাইবোৰতে আছিলা তুমি ৷
অগ্নি যুগৰ ফিৰিঙতি হৈ
সৰ্বহাৰৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ সংকল্প আছিল তোমাৰ ৷
প্ৰচণ্ড ধুমুহাক নিৰ্ভীক ভাৱে
খুজিছিলা শক্তি
পাহাৰটোৰ সিপাৰে প্ৰতিধ্বনি শুনিছিলা
কোনো গাভৰুৰ শোক ভৰা কথা ৷
পৰহি পুৱাতে মাছলৈ গৈ
ওভটি নহা ৰংমনৰ বিৰহত
কান্দিছিলা তুমি ৷
দেশৰ চন্দ্ৰমা
কাল  আন্ধাৰেৰে আৱৰিল বুলি চিঞৰিছিলা তুমি…

কোনেও নুশুনিলে ভূপেন মামা
কোনেও নবুজিলে ৷
জীৱনতো
মৰণতো ৷

গীতেৰে নোৱাৰি ভাবিছিলা শাসনেৰে কৰিম
নাওবৈচাৰ সেই সোণালী দিন
জালুকবাৰীত শেষ হৈ গ'ল ৷

সংগীহীনতাকে সংগী কৰি
ছাঁ-কেই লগৰীয়া কৰি
তুমি যুঁজি গ'লা আমৰণ ৷
পাঠশালাতেই শিকাব'লে
জাতীয়তাবোধৰ পাঠ
লিখিছিলা
"জ-ই বোলে জয় জয় অসমৰ জয়
অসমৰ জয় হ'লে ভাৰতৰো জয় ৷"
"ম-ই বোলে মুচলমান হিন্দুও একেই
গান্ধীজীয়ে কৈছিল বাৰে বাৰে তাকেই ৷" বুলি
শিকাব খুজিছিলা সৰ্বধৰ্ম সমানহঃ ৷

নাই ভূপেন মামা নাই ৷
তুমিও নাই
নাই আমাৰ জাতি ৷
দখল কৰিলে আমাৰ মাটি
দখল কৰিলে ভেটি
অসমৰ মাটিতে নিজেই মগনীয়া আমি আজি ৷
তোমাৰ জন্মৰ ঘৰ শদিয়ালৈ যাবলৈ দলং হ'ল
পিছে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ থকা সাঁকোবোৰ ভাগি পৰিল ৷
মোৰ আইক ভাল পাওঁ বুলিলে
বহিৰাগতই গোচৰ তৰে আজি ৷
হয় ধৰ্ণা, হয় প্ৰতিবাদ
সৱ নিমাত ৷
সকলোৰে মনত বিচ্ছিন্নতাবাদ
কোনেও নাগায়
"অসম আমাৰ ৰূপহী"
গায় ৰাজনীতিৰ গান
যদিও ব্ৰহ্মপুত্ৰ বহ্নিমান
শতৰুৱে বৰঘৰতে
বুকুত মাৰি থৈ যায় হান ৷

কোনেও নাগাই গভীৰ আস্থাৰ গান ৷
কথাবোৰ শুনি ছাগে ভাবিছা
সৰগৰ পৰাই
"কি বিচাৰি ওৰে জীৱন
কেনি আগুৱালো!?"
একো লাভ নাই অ' ভূপেন মামা
বুভূক্ষ শিশুৰ আৰ্তনাত শুনি
নাকান্দে কোনেও ইয়াত ৷
ব'ধিবলৈ ওলাই নাহে ৰামৰ দেশৰ ৰাৱণ ৷
কেৱল জন্ম আৰু মৃত্যুত তোমাক সোঁৱৰণ ৷
তাতো প্ৰতিযোগিতা
প্ৰচাৰৰ ৷
শুই থাকা ভূপেন মামা
অসমত এতিয়া গভীৰ নিশা
গভীৰ নিদ্ৰাত জাতি
শতৰুৰ দখলত ভেটি
কি লাভ সাৰে থাকি
শুই থাকা সমাধিতে
এৰা ইয়াত এতিয়া বৰ জয়াল ৰাতি ৷

Bhupen Mama

ড° ভূপেন হাজৰিকাক কিয় "মামা" বুলি কওঁ?

মই সৌভাগ্যৱান বুলি গণ্য  কৰোঁ নিজকে ৷ কাৰণ বিশ্ব বৰেণ্য ড° ভূপেন হাজৰিকা দেৱ মোৰ মামা হয় ৷ হাঁহি উঠিছে নহয়? নাহাঁহিব ৷ সঁচাকৈ মই তেখেতক মামা বুলিয়ে মানি আহিছো আজীৱন ৷
মই বৰ্ণমালা শিকিছিলো "ভূপেন মামাৰ গীতে মাতে অ আ ক খ" নামৰ গ্ৰন্থ খনৰ পৰা ৷ দেউতাই মামা বুলিয়েই পৰিচয় কৰাই দিছিল মোক ৷ তাত ভ বৰ্ণ মালাটোৰ শিকাবলৈ লিখিছিল "ভ-ই বোলে ভূপেন মামা ভাল গান গা
ভাল গান নাগালে দিম পাইজামা ৷" সাঁজ বহি গৈছিল বুকুত ৷ মামা ৷ ভূপেন মামা ৷ অৱশ্যে পৰৱৰ্তী সংস্কৰণ বোৰত সংশোধন কৰি "ভ-ই বোলে ভূপেন মামা গীত এটা লিখাঁ
তাতে মিঠা মিঠা সুৰ দি গোঁৱা ৷" বুলি পাইছিলো ৷ কিন্তু শেহতীয়াকৈ গুৱাহাটী বিশ্ব বিদ্যালয়ে আৰ্কাইভ কৰা

http://bhupenhazarikadigitalarchive.org/songs-with-BHA-lyrics-bhupen%20maamaar%20giite%20maate.htm

পেজটোত "ভ-ই বোলে ভাল কৈ গা ভূপেন মামা
ভাল গান নাগালে নকৰো যে ক্ষমা ৷" বুলি লিখিছে ৷ সি যি কি নহওক সেই গ্ৰন্থ খন প্ৰকাশ কৰিছিল "অসম প্ৰকাশন পৰিষদে ৷" মাজতে কিতাপ খন পাই আমাৰ কন্যা কুঁহিকো আনি দিছিলো ৷ আন
বহুতক উপহাৰ দিছো ৷ ছবি বোৰ আঁকিছিল প্ৰখ্যাত চিত্ৰকৰ বেনু মিশ্ৰ দেৱে ৷ কিতাপ খন বৰ্তমান বজাৰত দেখা নাই ৷ অসম চৰকাৰে সুধাকণ্ঠৰ প্ৰতি সন্মান জনাই অসমৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্য-পুথি ৰূপে বিবেচনা কৰিব পাৰে ৷

বুজিলে ড° ভূপেন হাজৰিকা কিয় মোৰ মামা হয়?  ধন্যবাদ দেউতা - কিতাপ খনৰ লগতে ল'ৰালিতে সুধাকণ্ঠক চিনাকি কৰোৱাই দিয়াৰ বাবে ৷ প্ৰণাম ভূপেন মামা কাইলৈ তোমাৰ জন্মদিন উপলক্ষ্যে ৷

Monday, 4 September 2017


বিচ্ছিন্নতা

এখন দলং হোৱাৰ কথা আছিল
পাৰ হ'ব পৰাকৈ
হৃদয়ৰ পৰা হৃদয়লৈ
তোৰ পৰা মোলৈ
মানুহৰ পৰা মানুহলৈ ৷

এটা পথ হোৱাৰ কথা আছিল
যি পথেৰে একতাৰ শ্লো-গান গাই
আগুৱাব মানুহৰ মিচিল ৷

মিলি যোৱাৰ কথা আছিল
মিলাই দিয়াৰ কথা আছিল
ৰামধেনু অঁকাৰ কথা আছিল
সমন্বয়ৰ ৷
খোজৰ চিন ৰাখি যোৱাৰ কথা আছিল সময়ৰ বালিত ৷

কি স্বজন, কি পৰজন
কি বান্ধৱ,  কি পৰিজন
আন কি
তেজেৰে গঢ়া সন্তান
তোৰ বাবে মৰিম বোলা প্ৰেয়সীৰ অভিমান
ক্ৰমশঃ ধুসৰ হৈ আহিছে
আত্মকেন্দ্ৰিকতাৰ আন্ধাৰত ৷
গাৰ নোম হৈ পৰিছে শত্ৰু ৷
মহাকৰ্ষণৰ, মধ্যাকৰ্ষণ, আত্ম কৰ্ষণ
সকলো একাকাৰ ৷
মনৰ নিজানত কেৱল হাঁহাকাৰ ৷
আত্ম কেন্দ্ৰিকতাৰ
জাৰজ সন্তান বিচ্ছিন্নতাবাদ
একলা একলা কৈ বাঢ়ি আহিছে সি ক্ৰমশঃ
দূৰৈলৈ গৈ আছে মানুহ
দূৰৈ লৈ গৈ আছে প্ৰেম
দূৰৈলৈ গৈ আছে দৰদ
চোঁচোৰাই চোঁচাই অলস ভৰি
পাৰি নে ৰাখিব পদ চিহ্ন?
ময়ো হৈ পৰিছো বিচ্ছিন
তোৰ পৰা
হৃদয়ৰ পৰা
মানুহৰ পৰা
দলং নহৈ হৈ পৰিছো
এটা মাজুলী
খহনীয়াত জাহ গৈছে
লাহে লাহে
সংযোজনৰ সমষ্ট সপোন
চপৰা চপৰে ৷

Saturday, 2 September 2017

  


জুবিন এটা সুৰীয়া গান, আৱহমান 
( শিল্পী জুবিনৰ নামত উৎসৰ্গিত)

"আজিও শিশু মই
গোৱা তুমি সেই গান"

তই শিশু হৈ থাক অ' চিৰদিন চিৰ কাল
নাবাঢ়ক তোৰ বয়স
বাঢ়ক কেৱল আয়ুস

"ইউকেলিপটাচ্  গছৰ দৰে
ওখ হ'ব খোজা''
তোৰ সংকল্পই
আকাশ ভেদী
চুৱক মহাকাকাশ
ব্ৰহ্মাণ্ডত নিগৰক তোৰ
কণ্ঠ নিনাদ

যোৰহটীয়া তৱলা বাদক
তোৰ খেয়ালি মনৰ
অদ্ভূত খেল দেখি
কোনে ভাবিছিল
এদিন সঁচাকৈয়ে চুবি আকাশ
পগলা বুলি হাঁহিছিল তোক ৷

আচলতে কি জান? 
সাধাৰণ জনতাত কৈ  যাৰ উচ্চ চিন্তন 
নাইবা নিম্ন সিঁহতকৈ 
তাকেই   পাগল বোলে সিহঁতে ৷
পদপথৰ পগলাটো
অথবা গেলিলিঅ' গেলিও
নতুবা চক্ৰেটিছ?
সকলোকে পাগল 
সিহঁতৰ মানত ৷
দুখ নাপাবি দে মনত ৷

বাৰু কওক দে তোক পাগল
পাগলামী নে খেয়ালী মনৰ
উৰ্দ্ধগামী গতি এয়া
বুজিছে সিহঁতে
সাধনাৰ দৌৰত যে তই
সদায় অদ্বিতীয়
সেই বাবেই চাগে
ঈৰ্ষাতে তোৰ বদনাম ৰতে ৷

বনামো গায়
মিছন চাইনাও চাই 
আচলতে তোক 
প্ৰাণভৰি ভাল পায় ৷

তোৰ গানত টোপনি যায় শিশু
সাৰ পায় দেশ
সাৰ পায় শোষিতৰ অধিকাৰৰ সপোন
সাৰ নাপায় মাথো মোৰ জাতি
"হুৰাই দে" বুলি হেজাৰ চিঞৰিলেও তই
অকৰ্মন্যতাৰ নিহালী লৈ
নিশ্চিন্ত মনে টোপনি যায় মোৰ জাতি ৷

শংকৰ, আজান, জ্যোতি, বিষ্ণুৰ সৃষ্টি
পুনৰ দশো প্ৰচাৰিত হ'ল তোৰ
কণ্ঠ নিগৰি ৷
হৰি নাম, দিহা নাম, বৰগীত, জিকিৰ ……
ক'ত কি …

তই গানৰ মাজত আছ
বন্যাৰ্তৰ আখলতো আছ
তই পাগলৰ দৰে নাচ
আৰ্তজনৰ দুখতো কান্দ

"মাজুলীৰ ছোৱালী জনী"ৰ বিৰহত গীত ৰচ তই
"বে-দৰদী দুনীয়া'ৰ মুচাফিৰো
হ'ৱ তই ৷
বুকুত লৈ ফুৰ মানৱ কল্যাণৰ হাঁহাকাৰ
নুবুজে সিহঁতে
কয়-
এয়া বোলে তোৰ শৈল্পীক অহংকাৰ ৷

বাদ দে
কওক দে সিহঁতে
আমি মাথো জানো
নদী বয় দিবৰ বাবে
বিৰিখ  থিয় হৈ ৰয়
ছাঁয়াৰ বাবে
শিল্পীৰ জন্ম হয়
বিপ্লৱৰ বাবে ৷

যি বিপ্লৱত নাথাকে বাৰুদ
থাকে শব্দ
থাকে সুৰ
থাকে ৰং
থাকে চিত্ৰ

জানো তোৰ নিষ্পাপ চিত্ত
সেয়ে তই আজি লুইত কণ্ঠ ৷

যাম অ' জুবিন যাম 
ঢপলিয়াই 
অথবা বাটকুৰি বায়
মিছন ছাইনাৰ চেকেণ্ড শ্বো চাম ৷

তোৰ কণ্ঠৰ নিনাদত
সাৰ পাই উঠক জনতা
শেষ হওক সিহঁতৰ যত বেদনা
'ফুল ফুলক
সূৰ্যমুখী ফুল'
লুইতৰ দুয়োপাৰ আমোল  মোলাই
বিয়পক তাৰ সুঘ্ৰাণ
জুবিন তই এটা সুৰীয়া গান
চিৰ প্ৰৱাহিত লুইতৰ দৰে
অসমৰ জনতাৰ অন্তৰে অন্তৰে
বৈয়েই থাক আবহমান ৷

    - বিনয় ৩ আগষ্ট


https://m.youtube.com/watch?t=54s&v=yccQESQnx4E

Friday, 1 September 2017

হৈ-গুডু, টাংগুটি বনাম নীলা মাছৰ খেল
                    -বিনয় কৃষ্ণ তামুলী ফুকন।

    বিগত কেইদিন মান অসমৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত বহু চৰ্চিত বিষয়টো হৈছে এবিধ বিশেষ অন লাইন খেল। মাটি ফুটি ওলোৱাদি হঠাৎ প্ৰকাণ্ড দৈত্য এটাৰ আবিৰ্ভাৱ হ’ল যেন। খেল খেলি গুৱাহাটীত এটি কিশোৰে মৃত্যুৰ স’তে যুঁজি চিকিৎসাধীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোটেইখন হুৱা-দুৱা লাগিল। বহুতে ‘গুগুল’ খুড়াৰ কাষ চাপিল।
ইজনতৈকও সিজন জনা ওলাল। টিভিৰ চেনেল বোৰেও পৰিৱেশন কৰি গ’ল ইটোতকৈ সিটো এক্সক্লিওচিভ বাতৰি। কাকতত ওলাল বৰ বৰ হৰফেৰে- অমুকত এই খেল খেলি এজনৰ আত্ম হত্যা, খেলৰ মূল নিয়ন্ত্ৰাক আটক ইত্যাদি।  অত্যুৎসাহী কিছুৱে আকৌ খেল বিধৰ লিংকটোকে দি দিলে ছ’চিয়েল মিডিয়াত। মানে গোটেই কাৰবাৰটো মল খুঁচৰি গোন্ধ বাহিৰ কৰাৰ দৰে হ’ল। নজনা সকেলও খেল বিধৰ কথা জানিলে। উৎসুকতা বৃদ্ধি পালে। খেলুৱৈৰ সংখ্য বাঢ়িল। শেহতীয়া তথ্য মতে বিগত কেইদিনত এই বিশেষ খেল বিধৰ গুৰি বিচাৰি ‘গুগুল’ খুড়াৰ কাষ চপা ভতিজা হঁতৰ সংখ্যাই অসমত ৰেকৰ্ড গঢ়িছে।
    সত্য কথা ক’বলৈ গ’লে মই এই খেল বিধৰ বিষয়ে একো নাজানো। এই কেইদিনত সংবাদ মাধ্যম, ছ’ছিয়েল মিডিয়া তথা গুগুল খুড়াৰ কৃপাত যি কণ জানিছো সেইমতে ই এক আত্মঘাটী খেল। ইয়াৰ চিকাৰ হয় ১১ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰী। খেলটোৰ সবিশেষ বৰ্ণনা এই লেখাৰ উদ্দেশ্য নহয়। কথা হ’ল খেলটো অনলাইন খেল। ইয়াক খেলিবৈল এটা স্মাৰ্ট ফোন বা কম্পিউটাৰ হ’ল প্ৰথম স্বৰ্ত। এটিয়ালৈকে প্ৰকাশিত বাতিৰ সমূৰ মতে যি কেইটি যুৱকে এই খেল বিধ খেলি আত্ম হত্যা কৰিছে বা অপ-চেষ্টা চলাই মৃত্যুৰ স’তে যুঁজি আছে সেই কেইটিয়ে ব্যৱহাৰ কৰিছিল স্মাৰ্টফেোন। ১১ ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰী হাতত ইন্টাৰনেট যুক্ত স্মাৰ্ট ফোন এটা তুলি দি নিশ্চিন্ত মনে থাকিব পৰা অভিভাৱক সকল কেনে মানুহ? সন্তানৰ ওপৰত কাঢ়া নজৰ নিদিয়াৰ পৰিণতিয়েই এই আত্মহত্যাৰ কাৰণ বুলি অভিহিত কৰিব নোৱাৰি নে?
  খেল খেলাতো অপৰাধ হ’ব নোৱাৰে। তাহানি দিনৰ পৰা মানুহে দুঃসাহিসক না-না খেল খেলি আহিছে। এই মূহুৰ্তত পৃথিৱীৰ দহটা বিপদ জনক খেলৰ শীৰ্ষ তালিকাত থকা খেল কেইটা হৈছে Cave Diving, Cheer Leading, Base Jumping ,Motorcycle Biking, Bull Riding, Big Wave Surfing,Bull Running, Street Luging, Horsebake Riding, আৰু Heli Skiing । এইবোৰ খেল বিশ্বৰ দামী খেল বোৰৰ অন্যত্বম। কিন্তু কোনোটো খেলতে খেলুৱৈক আত্মহত্যা কৰিবৈল প্ৰৰোচিত কৰা নহয়। অৱশ্যে দূৰ্ঘটনাজনীত কাৰণত বহু খেলুৱৈৰ বহু সময়ত মৃত্যু পৰ্যন্ত নোহোৱা নহয়। কিন্তু সুদূৰ ৰাচিয়াৰ পৰা নিয়ন্ত্ৰিত শেহতীয়া খেল বিধক নিশ্চয় খেল বুলিব নোৱাৰি। 
      খেল মানুহে উত্তেজনা আৰু আনন্দৰ প্ৰাপ্তিৰ বাবে খেলে। প্ৰাণ ত্যাগ কৰি খেলা খেলো আছে এইবাৰ প্ৰথম জানিলোঁ।
     কথাবোৰ অলপ বেলেগ ধৰণে ভৱাৰ অৱকাশ এটা পাইছো। আপোনাৰ-মোৰ দিনত তো এনে মাৰাত্মক খেল নাছিল। ১১ ৰ পৰা ১৭ বছৰ বয়সৰ আমাৰ দিনৰ কথাবোৰ মনত পেলাওকচোন। লগৰীয়াৰ লগত বৰশী বোৱা, ফান্দ পাতি চৰাই ধৰা, গছ বগুৱা, কাবাদী, হৈ-গুডু, ঢোপ-খেল, টাংগুটি, সাঁতোৰ, বাহঁৰ মূৰাৰ বল কাঠৰ বেটৰ ক্ৰিকেট, ৰবাৱটেঙাৰ বল, ৰছী টনা ইত্যাদি। এইবোৰ আছিল শৰীৰ ব্যায়ামৰ লগতে অনাবিল আনন্দৰ উৎস।ইয়াৰোপৰি কেৱল মনৰ আনন্দৰ বাবে খেলা মাৰ্বল গুটি, বাঘ-গৰু, মাটিত পাঁচ-পাঁচ টা গাঁত খান্দি খেলা বন্ধকী খেল, লুডু, সাপ-জখলাৰ খেল, টেকেলি ভঙা, চিগাৰেটৰ পেকেটৰ পইচা বনাই খেলা খুপি খেল আদিৰ কথা আপোনাৰ মনত আছে নিশ্চয়।

    পিছে সময় সলনি হ’ল। কাৰিকৰী বিদ্যাৰ বলত বৰ বেগেৰে দৌৰিছে পৃথিৱী, সমাজ। তাহানিৰ প্ৰাকৃতিক পৰিৱেশ এৰি মানুহ সোমাই গৈ আছে যান্ত্ৰিকতাৰ মাজলৈ। কাৰোৰে হাতত সময় নাই। ব্যৱসায়, চাকৰি, জীৱিকাৰ তাড়নাত মানুহ যান্ত্ৰিক হৈ গৈ আছে।লগৰীয়াৰ লগত বৰশী বোৱা, ফান্দ পাতি চৰাই ধৰা, গছ বগুৱা, কাবাদী, হৈ-গুডু, ঢোপ-খেল, টাংগুটি, বাহঁৰ মূৰাৰ বল কাঠৰ বেটৰ ক্ৰিকেট, ৰবাৱটেঙাৰ বল খেলাৰ পৰিৱেশ আৰু নাই। পুৱা মুখত বলে-চলে এসোপা গুজি, গধুৰ কিতাপৰ বেগটোত টিফিনৰ বাকচটো ভৰাই দি স্কুল বাছত তুলি দিলেই অভিভাৱক আজৰি। টিউচন, ডান্সৰ ক্লাচ, মিউজিক ক্লাচৰ মাজত আবদ্ধ আজিৰ প্ৰজন্মৰ জীৱন। তাৰ মাজতে টিভিৰ কাৰ্টুন, ডব্লিও ডব্লিওৰ দৰে মাৰ-পিটৰ চেনেল। ম’বাইল গেম। ভয়াবহ কথাটো হ’ল কিশোৰ এজনৰ হাতত ম’বাইল তুলি দি ক’ম বয়সতে ছ’চিয়ল মিডিয়াৰ লগত সংযোগ হ’বলৈ দিয়া, গুগুলত নাচাব লগিয়া তথ্য, ভিডিও চোৱা আদি কাৰ্যৰ প্ৰতি আজিৰ অভিভাৱক কিমান সচেতন? বহুতে আকৌ ফুটনি হে কৰা দেখোঁ আমাৰ ল’ৰাই ইন্টাৰনেটৰ পৰা নোট লিখে। কেৱল নোটেই লিখে নে? কথাবোৰ ভাবিবৰ হ’ল। অত্যাধুনিকতাৰ নামত, ডিজিটেলাইজেচনৰ নামত সন্তানক বিপদৰ মুখলৈ ঠেলি নিদিব। আওবাটে যাবলৈ নিদিব। নীলা মাছৰ খেলেই নহয়। কিশোৰ অৱস্থাতে ইন্টাৰনেট খুঁচৰি আপোনাৰ সন্তান যে আন আন অ-বিদ্যাটো পাৰ্গত হৈ গৈছে সেই কথাৰ প্ৰতিও লক্ষ্য ৰাখক। অকালত পকা কোনো ফলেই সোৱাদ নহয়। 

Thursday, 31 August 2017








 আকৌ প্ৰেমত পৰিছে তাই

   - বিনয় ৩১ আগষ্ট

অকণমান ৰ'দ বিচাৰি হাবাথুৰি খাইছিল তাই
 হোমৰ ধোঁৱাই চানি ধৰা আকাশ খন ফালি
তাইৰ শুৱনি কোঠালৈ সোমোৱা নাছিল পোহৰ ৷
নীলাভ ৰাতিবোৰতো তাই
বুকুত পুহি ৰাখিছিল
অপ্ৰাপ্তিৰ বেদনা এসোঁতা
আদেশ, আবাদৰ, আল-পৈচানৰ ভীৰত
নিস্তেজ হৈ পৰিছিল ক্ৰমশঃ
 ৰভাৰ তলিৰ জেতুকাৰ ৰং ৷
যদিও আঁকিছিল সেওঁতাত
সেন্দুৰৰ ৰেঘা
কঁপালত লৈছিল ৰঙা ফোঁট
তথাপিও যেন বুৰিয়াই নামিব খুজিছিল
তাইৰ হিঁয়াৰ তলিলৈ কোনো এক দেৱদূত ৷

তাই হৈ উঠিছিল উনমনা
অচিনাকি হাত বাউলি এটা
সুহুৰি এটা
দূৰৈৰ পথাৰৰ অইনিঃতম এটা
বনঘোষা এটা হৈ
সোমাই আহিছিল কোনোবা
অপ্ৰাপ্তিৰ খিৰিকি খুলি ৷

তপত চুম্বন
অথবা আলিংগনৰ মাজতো
সি জোকাই আছিল তাইক
অহৰ্নিশে
শৰীৰ নাছিল তাত
ভাগৰ বোৰৰ শেষত যেন
সি কিলবিলাই দিছিল তাইৰ বাউল চুলিত
লিখি থৈ গৈছিল নীলাভ চিঠি
পদূলিৰ ধূলিত ৷

ক্ৰমশঃ গভীৰতলৈ  সোমাই আহিছিল সি
কঁপিছিল হাত
সেন্দুৰ আঁকোতে
সৰি পৰিছিল চাহৰ কাপ
প্ৰিয়তমক যাচোঁতে

অন্যমনস্ক নিৰ্বিকাৰত
ভূমুকিয়াছেহি কোনে?
মই তোক ভাল পাওঁ বোলা
প্ৰাচীনতম কবিতাটো
কাণত গুণ গুনাইছেহি কোনে?

তাই আকৌ প্ৰেমত পৰিছে
আকৌ এবাৰ হেৰাই যাব খুজিছে
ঘৰ্মাক্ত আলিংগন
আৰু ঘন উশাহৰ মাজত
অৰণ্যৰ ছাঁ অথবা
মহানগৰীৰ
কোলাহলৰ আঁৰত
গতানুগতিকতাৰ
দুৱাৰ ভাঙি
আকৌ প্ৰেমত পৰিব খুজিছে তাই

আকৌ প্ৰেমত পৰিছে জোনাকৰ
যি জোনাকে ধুৱাই নিব
শুৱনি কোঠাৰ যত আন্ধাৰ
আৰু
বিঢৌত কৰিব যত ক্লান্তি অপ্ৰাপ্তিৰ

হৃদয়ৰ সমষ্ট আকুলতাৰে
ৰৈ থাকে তাই
বুকুত লৈ অপ্ৰাপ্তিৰ হুল ৷
ভাঙি দি যোৱা জীৱনৰ যত ভুল
গুজি দি যোৱা বাউল চুলি মেলাই
প্ৰেমৰ খঁৰিকাজাঁই ফুল ৷
সি কেৱল অশৰীৰি  প্ৰেমৰ  কায়া
বাকী সৱ মায়াময় ছাঁয়া
সজোৱা হে অদেখা প্ৰেমিক
তোমাৰ প্ৰেমেৰে
উজলি জ্বলক
চিন্তন প্ৰেমময়
নাৰীৰ হিয়া ৷