Saturday, 31 December 2016

সোঁৱৰণীৰ এখিলা পাতঃ

সত্তৰ দশকত মোৰ জন্ম।  ইতিমেধ্য জীৱনৰ চাৰিটা দশক পাৰ কৰিলো। আজি 2016 চনৰ শেষটো দিন। এবাৰ ঘূৰি চাবলৈ মন গৈছে পাৰ হৈ যোৱা সময় বোৰ। মনত পৰিছে শৈশৱৰ সেই সোনোৱালী দিনবোৰলৈ।লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও- অহোম গাঁৱত মোৰ জন্ম। শুনামতে সেই সময়ত দেউতাই তেতিয়াৰ বৰ অসমৰে মেঘালয়ৰ গাৰু পাহাৰত আছিল চাকৰি সূত্ৰে। মা-নিজৰ ঘৰত অছিল প্ৰসৱকালিন অৱস্থাৰ বাবে। তাতেই এনাইদেও মুক্তি যুদ্ধা স্বৰ্ণপ্ৰভা ফুকনৰ তত্বাবধানত মোৰ জন্ম। মোৰ কেঁচুৱাকালটো গাৰু পাহাৰত পাৰ হৈছিল যদিও সেই বিষয়ে মোৰ একো মনত নাই। মনত আছে কেৱল আহোম গাঁৱৰ কথা। আহোম গাঁও খন পুৰণি গাঁও। গাঁৱৰ পিছফালে গেজেপ মৰা হাবি। জাক জাক বান্দৰ, বিভিন্ন প্ৰজাতিৰ চৰাই, তৰহ তৰহ বনৰীয়া ফল-মূলৰেৰে ভৰপুৰ।গাঁৱৰ জনবসতি সেৰেঙা। মুঠেই 18 ঘৰমান মানুহ। সৱ অহোম সম্প্ৰদায়ৰ। এনাইদেওৰ লগত  আহোম সম্প্ৰদায়ৰ অপৰিহাৰ্য পানীয় সাজ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় পিঠা তৈয়াৰ কৰিবৰ বাবে বন-দৰৱ সংগ্ৰহ কৰিবলৈ হাবিলৈ গৈ চিনাকি হৈছিলো নানা উদ্ভিদ, প্ৰাণীৰ সতে।এইবোৰ আছিল আৰম্ভনী। ভাবিছো আজি 2016 চনৰ শেষ দিনটোৰ পৰাই আৰম্ভ কৰোঁ লুটিয়াবলৈ মোৰ জীৱন সোঁৱৰণৰ পৃষ্ঠা।
        বিগত চাৰিটা দশতক বহু কিবাকিবি দেখিলো, শুনিলো, পৰিবিৰ্তত পৃথিৱীখনৰ ক্ৰমাগত পৰিবৰ্তন বোৰ লিখি থৈ গ'লে ভবিষ্যতে নাতি-নাতিনী হঁতে গম পাব আমাৰ দিনৰ পৃথিৱীখনৰ কথা।
    কি দেখিলো/শুনিলোঃ-
      জীৱনৰ প্ৰথম দশকটোত অৰ্থাৎ কৈশোৰৰ মনত ৰাখিব পৰা সময়ৰ পৰা নিৰ্মল প্ৰকৃতি দেখিলো, ধূলি-বালি, বোকা-পানীৰ সতে জীৱনৰ কি সম্পৰ্ক সেয়া  দেখিলো,গাঁও কি দেখিলো, আত্মীয়তা কি দেখিলো-বুজিলো, নাম ঘৰ, দবা, খোল-তাল, বায়ন, বিলাপ, প্ৰাণেশ্বৰী খেদা দেখিলো,ভাওনা-সবাহ, বিয়ানাম-আইনাম, আখৈ, সান্দহ, কোমল চাউল, ভজা চাউল, হুৰুম, তিল পিঠা, ঘিলা পিঠা, পানী পিঠা, নাঙল ধোৱা পিঠা, চিৰা, মুড়ি, এঁৱা, দৈ, পায়স দেখিলো। কুলা-বুঢ়ী নাচ, গাঠিয়ন খুণ্ডা, পানী-তোলা চেও, ওজা চাপৰ, ফৰিঙা, বৰটি, নাকটি দেখিলো। নৰা পেঁপা, ম'হৰ শিঙৰ পেঁপা, চিকটি, গৰপ, গগনা, সুতুলী, টকা , বাঁহী, মুৰুলী, খুটি তাল  কৰ তাল, ৰেপনী, বীনা, টোকাৰী দেখিলো, নোঁৱাই তোলনী বিয়াৰ কলপুলি দৰা দেখিলো, কলপাতৰ ৰভা দেখিলো, বৰ বিয়াৰ নাহৰ পাতৰ অদৰণি তোৰণ দেখিলো। লাহে লাহে বিদেশী খেদা আন্দোলন দেখিলো,চিঞাহি কা়ঁড়, কটপা, বাতলু গুটি দেখিলো, জাক পাতি গঞাই গাঁও পহৰা দিয়া দেখিলো, হাবিত লুকাই থকাৰ কথা শুনিলো, নিমখৰ নাটনি দেখিলো, বগা বৰফৰ দৰে চপৰা নিমখ দেখিলো   কোন বিদেশী খেদিলে নেদেখিলো, চি আৰ পি এফ দেখিলো, ঘৰ-দলং জ্বলা দেখিলো, অগপ চৰকাৰ দেখিলো, অসমীয়া মানুহ ঘূণীয়া হোৱা দেখিলো,855জন ছহীদ হোৱা কথা শুনিলো, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন হঁতক চাবলৈ অহা অগনন জনতা দেখিলো। সূৰ্য গ্ৰহণত গোটেই দিনেটা ঘৰত মানুহ সোমাই থকা দেখিলো। বজৰংগ ৰাইন দেখিলো, আলফা দেখিলো, চালফা দেখিলো, 407গাড়ী দেখিলো, একে 47 ৰাইফল দেখিলো, পি চি অ' দেখিলো,মাৰ ফোন,ডব্লিউ এল এল, এণ্ডৰইড ফোন দেখিলো।............বিমুদ্ৰা কৰণ দেখিছো.......ৰঙালাইটৰ দূৰন্ত গতিৰ গাড়ী দেখিছো, এলুমুনিয়ামৰ থালি লৈ শামুকীয়া গতিৰে ফুট পাথত বগাই যোৱা জীৱন দেখিছো...... এনেবোৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী মোৰ এই 40 বছৰীয়া জীৱন।
  জীৱনী বৰ বৰ লোকে লিখে।  মই সাধাৰণ মানুহ। এই দেখা শুনা সৰু সৰু কথা, অভি়জ্ঞতা বোৰ সাৱলীল আৰু বিস্তাৰিত ভাৱে লিখি থৈ যাম  বুলি ভাবিছো। জীৱনৰ কথা, প্ৰেমৰ কথা, সমস্ত ৷ সৰু কথা। কেনে হব??

বিনয়/31 ডিচেম্বৰ 2016

Friday, 30 December 2016

এটা হালধীয়া যাত্ৰাৰ অন্তত

সমুখত মোৰ এসাগৰ হালধীয়া
সৰিসৃপৰ দৰে এঁকা-বেঁকা
পথটোৰ শেষত
পামগৈ নে তোৰ বুকুৰ ঘৰ ?
চাংঘৰৰ 'মৗৰাম'ৰ উম লৈ
পিবলৈ দিবিনে
এবাটি হালধীয়া "আপং"
যি আপঙৰ ৰাগীত মাতাল হ'লে
বুকুলৈ নামি আহে
আকাশ ভাঙি জোনাক ৷
কাংকান অ'
তোৰ "এগে গাচৰ"ত
সৰিয়হ তলিৰ হালধীয়া ফুলিছে
"নামচিঙ"ৰ ফুৰফুৰীয়া গোন্ধে
মোক হাত বাউলি মাতিছে
হালধীয়াৰ সাগৰ খনত উজাই
মই গৈ আছো
গৰখীয়া অইনিঃতমৰ সুৰে সুৰে
কুমতীয়া ঘাটৰ বিৰহী কনেঙৰ
হিঁয়া ভগা 'কাবান'ৰ
ভাঙনি বিচাৰি

সমুখৰ এই পথৰ শেষৰ চাং ঘৰটো পালেই
মই পাহৰি পেলাম যাত্ৰাৰ যত  ক্লান্তি
কনেং অ'
বৰ হেঁপাহেৰে মই উজাই গৈ আছো
এখন হাধীয়া সাগৰ সাঁতুৰি সাঁতুৰি ৷

( ফটো - পৰশমণি হাজৰিকা ৰ সৌজন্যত)

Thursday, 29 December 2016

ফুলা সৰিয়হঃ

ফুলা সৰিয়হ দেখি মাতাল
নহ'বি অ' কবি
গায়ে-মূৰে হালধীয়া ঘঁহি
মাতাল নহ'বি হালধীয়া ৰাগীত ৷
যোৱাটো বানত উটি গ'ল ধান
নৈৰ ঘোলাপানী খাই হালধীয়া ৰোগত
ঢুকাল পিতাই ৷

হালধীয়াৰ প্ৰেমত পৰিবলৈ
আমি সৰিয়হ নিসিঁছো
ৰিঃবৃগাচেঙত হালধীয়া বুটা বাচিলেও
হালধীয়াৰে সজাব নোখোজো জীৱন

জোনাকোতো হালধীয়া
যি জোনাকী ৰাতি কাতৰ হয়
কুমুদৰ কৰুণ চিফুঙত
কাংকানৰ বুকুত নোপোৱাৰ জুই জ্বলে
সেই জোনাক ৰাতি ৷

হালধীয়াৰ প্ৰেমত পাগল নহ'বি অ' কবি
পকা পাতো চোন হালধীয়া
যি সৰিপৰে
বৰ নিৰৱে ৷
- বিনয় 29/12/2016

Wednesday, 28 December 2016

গীত

গীতঃ জয়মতী
বিনয় কৃষ্ণ তামুলী ফুকন

জয় সাগৰৰ
জয় দেউলে
কিয় আজি সোঁৱৰাই
জয়া কেৱল জানো সতীয়েই আছিল
যি ৰাখিলে দেশৰ মান
বুকুৰ তেজৰ শলিতা জ্বলাই

জয়মতী
জয়মতী
তই নহৱ কেৱল মহাসতী
তই দেশৰ বাবে
তই জাতিৰ বাবে
নিজকে বিসৰ্জিলি
তই বীৰাংগনা জয়মতী ৷

পুৰুষ প্ৰধান সমাজে
তোক সজাব খুজিলে সতী
কোনে লিখিছিল ধৰ্মপুথি
নাৰীক কৰি অৱলা সতী
তই নহৱ সতী
বীৰাংগানা হে মহীয়সী জয়মতী ৷

লাইথেপেনাৰ তই জীয়ৰী
গদাধৰৰ জীৱন লগৰী
লাই-লেচাইক বুকুত সাৱটি
ৰাখিলি নিজৰ দেশ- জাতি
ৰাঙলি কৰিলি
জেৰেঙাৰ মাটি
তথাপি সজাব খোজে
কোনে তোক মহাসতী,
বীৰাংগনা তই মহীয়সী জয়মতী ৷

আজি বুৰঞ্জী আমি
আকৌ লিখিম
জয়মতী তোক
তেজেৰে আঁকিম
ৰাখি গ'লি দেশৰে মান
বীৰাংগনা তোক দিওঁ সন্মান ৷

বঙহৰ দেওৰ বাবে
তই দিছিলি জানো প্ৰাণ
নাছিল জানো তাত
স্বজাতিৰ সন্মান?
চুড়াত দাগেৰে লিখা ৰ'ল
ইতিহাস
কাঁইটিয়া কোটকোৰাৰ
জোঙাল হুলত
ওঠৰ দিনৰ নিৰ্যাতনক
কোন পুৰুষ সমাজে কৰে
উপহাস? ?

তই নহৱ সতী জয়মতী
তই তেজে লিখা
বিপ্লৱৰ ইতিহাস
তই বীৰাংগনা
তই মহীয়সী
ৰাখি গ'লি
দেশ জাতি
বীৰাংগনা জয়মতী
জনাও প্ৰণাম হিঁয়াৰ

বিনয় 28/12/2016

Tuesday, 27 December 2016

Tai Ahom ( আহোম এটা নিশঃকতিয়া জাতিৰ নাম?)

আহোম এটা নিঃশকতিয়া জাতিৰ নাম

দেওধাই, বাইলুঙে
ধৰম পক্ষীৰ ঠেঙেৰে চোৱা মঙলৰ আঁতধৰি
সোণৰ জখলা বগাই
 সৰগৰ পৰা নামি আহিছিল স্বৰ্গদেও
আলিংগনেৰে, দমনেৰে, মৰেমেৰে,
সন্ধিৰে, বুদ্ধিৰে
সাতৰাজ মাৰি গঢ়িছিল একৰাজ ৷
গঢ়িছিল দেশ,
খান্দিছিল মাটি
সাজিছিল গড়
দৌল, কাৰেং, সাগৰ…
কঁপিছিল দিল্লীৰ মচনদ
সাৰি নগৈছিল
নিষ্কৰ্মা মোমাই
ধোদেও গঢ়িছিল আলি ৷

কাৰ সাধ্য আছিল
স্বৰ্গদেওক অপমান কৰে
কাৰ ধৃষ্টতা আছিল
দ্ৰোহ আচাৰে
কাৰ কলিজা আছিল
ওখ শিৰে প্ৰৱেশিৱ
বৰ চ'ৰাত?

এইবোৰ ইতিহাসৰ পাত বুটলা কথা
আহোম আজি এটা
নিঃশকতিয়া জাতিৰ নাম ৷
মামৰে ধৰিল আজি
মোমাই কটা হেংদান

সাগৰ শুকাল
মাণিক লুকাল

শিৰ তুলি থিয় দি থকা কাৰেঙত
লেতেৰা ৰাজনীতিৰ পদচিহ্নই
খৰ্ব কৰি থৈ গ'ল
সাতাম পুৰুষিয়া গৰ্ব ৷

আহোম আজি এটা
নিঃশকতিয়া জাতিৰ নাম
কোনে আকৌ শান দিব
মামৰে ধৰা হেংদান?
আছ নে হেৰ' দাধৰা
কাঁড়ি, পাইক, দাংধৰা, চাবুকধৰা?
বৰগোঁহাই, বুঢ়াগোঁহাই, বৰপাত্ৰ গোঁহাই
গগৈ,হাজৰিকা, শইকীয়া
ভাগে ভাগে মান খোৱা ৷

মৈদামৰ পৰা স্বৰ্গদেও ওলাই আহিছে
তহঁতৰ সাহ-পিত দেখি
নিজকে ধিক্কাৰ দিছে
সৰগৰ পুলিন-পুথাও সকলে
হতাশাৰ হুমুনিয়াহ কাঢ়িছে ৷
শানিত হেংদান লৈ ওলাই আহ এবাৰ
কাৰেঙত যখিনী নাচিছে ৷
কাৰেঙৰ ইটা খহি পৰিবলৈ নিদিবি
লেতেৰা ৰাজনীতিৰ মলিন ভৰিৰৰ
গিৰিপনিত ৷

বুজাইদে আহোম এক শক্তিৰ নাম
দোঁ নোখোৱা
অথচ
কটা যাব পৰা এটা
সুউচ্চ শিৰৰ নাম ৷
     - আজিৰ অসমৰ আহোম জ্ঞাতি ভাইৰ হাতত ৷ ২৮ ডিচেম্বৰ ২০১৬

প্ৰসংগঃ দেচুৱালী- গেলামাল

আগৰ দিনত অসমৰ প্ৰায়বোৰ গাঁৱতে একোখন সৰু সৰু নিমখ-তেল, আলু-পিঁয়াজৰ, লেমৰ চিম্নি আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আছিল ৷ কোনো কোনো দোকানীয়ে
অসমবাসী গঞাৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি
কানিৰ দৰে বৰবিহো বেচিছিল এনে দোকানত ৷
এই ব্যৱসায়ী সকল আছিল বহিৰাগত ৷
হয় মাৰোৱাৰী নহয় বিহাৰী ৷ কাঁয় কাঁয় কৰি থকাৰ বাবে মাৰোৱাৰী সকলক অসমীয়া গঞাই "কেঞা" আৰু মাৰোৱাৰীৰ দোকান সমূহক "কেঞা গোলা" বুলিছিল ৷ এই "গোলা" শব্দৰ পৰাই "গোলাৰ মাল" আৰু পিচলৈ "গেলামাল" শব্দৰ উৎপত্তি ৷ সেইদৰে বিহাৰী সম্প্ৰদায়ৰ ব্যৱসায়ী সকলে বছৰটোত গোটোৱা টকা বছৰৰ একোবাৰ নিজৰ দেশ ( বিহাৰ)ত
থ'বলৈ "দেচ"লৈ গৈছিল ৷ সেইবাবে অসমীয়াই এই বিহাৰী সকলক দেশ+ৱালী= দেচুৱালী বুলিছিল ৷
   কথা হ'ল এই বহিৰাগত ব্যৱসায়ী সকলে যুগ যুগ ধৰি অসমক ব্যৱসায়ৰ ক্ষেত্ৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷ সেইদৰে ঋতু ভেদে অহা
লেপ-তুলি সীয়া, কাঠ ফলা কামৰ বাবে অহা বিহাৰ- উত্তৰ প্ৰদেশৰ মানুহবোৰ, স্থায়ী কৈ থকা নাপিত, ধোবা আদি মানুহবোৰৰ প্ৰধান উদ্দেশ্য 'দেচ'ত থকা পৰিয়াললৈ ধন পঠিওৱা ৷
এচাম বুঢ়া হ'লে অৱসৰ লৈ দেচত যাব ৷ পো-পোৱালী আহি অসমত বেপাৰ কৰিব ৷ এই ধৰণৰ বহিৰাগতৰ ৮০ শতাংশৰে অসম তথা
অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অথবা অৰ্থনৈতিক পৰিকাঠামো গঢ়াত কোনো ভূমিকা নাই ৷ ইহঁত অসমৰ প্ৰতি কৃতজ্ঞ ও নহয় ৷
সম্প্ৰতি অসমৰ গাঁৱত নহয় সৰু-বৰ সকলো নগৰ চহৰৰ মূল ব্যৱসায়টো এই সকলৰ হাতত ৷ অৱশ্যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দৰে কিছু সংখ্যক হাড়ে-হিমজুৱে অসমীয়া লোকো নথকা নহয় ৷ সংখ্যাত নগন্য ৷
"আমি অসমীয়া নহওঁ দুখীয়া" বুলি হাত সাৱটি বহি থকাৰ বাবেই আজি "অসমৰ মাটিটে নিজেই মগনীয়া" হোৱাৰ দিন সমাগত ৷
এয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ হে দেই ৷

Monday, 26 December 2016

কবিতা বিষয়ক অনুভৱ:

কবিতা কিমান ধুনীয়া হ'লে তোৰ শৰীৰ
লাহি-পাহী, দীৰ্ঘদেহী
নে মেদ বহুল হ'লে
তোক কবিতা বুলি মাতিব পাৰি
ভবা নাই কোনোদিন ৷
কি শব্দৰে সজালে তই
অকবিতা নহ'বি
কেনেকৈ সজাম তোৰ
অস্পৰ্শীত শৰীৰ
ভবানাই কোনো দিন ৷
তোক কোনে সজালে
তই কবিতা হ'ৱ
কোনে পিন্ধালে হ'ৱ অকবিতা
আছে নেকি কিবা সংজ্ঞা
সূত্ৰ অথবা আৰ্য্যা?
কবিতা তোক নাঙঠ কৰি পৰীক্ষাগাত
চাব খোজানাই ৰঞ্জন ৰস্মিৰে তোলা
হাড়ৰ ছবি ৷
চাব খোজা নাই আধুনিক যন্ত্ৰৰে
তোৰ শৰীৰৰ গোপন অংগ
কবিতা তই মোৰ বাবে
ভৰযৌৱনা নৈ খন হৈ বৈ থাক
অনুভৱৰ উপত্যকা সামৰি
গনিব খোজা নাই
কিমান কবি
কিমান অকবিয়ে
মাতালল হৈ টুকুৰিয়াই
তোৰ "কোঠা"ৰ দুৱাৰ
বেয়া নেপাবি অ' কবিতা
কবি- অকবি সকলোবোৰতো
তোৰেই আজন্ম প্ৰেমিক
যি কেৱল বুজে
কেনেকৈ পান কৰিব পাৰি
হেৰাই যাব পাৰি
তোৰ দেহৰ ভূগোলত ৷
মই কবি নে অকবি নাজানো
তথাপিও ভালপাও তোক
মাতাল হ'ব খোজো
তোৰ হাতৰ এবাটি আপং পি
কোনোবা সোৱণশিৰীয়া ৰাতি ৷
" কবিতা আজিও যাম ৰাতি
বহলাই পাৰিবি পাটীী ৷"
  বিঃ দ্ৰঃ - হীৰুদালৈ ক্ষমা প্ৰাৰ্থনাৰে
     - বিনয় 26/22/2016
হেৰুৱা জোনাক:

হেৰাই যোৱাৰ কথা আছিল জোনাকত
হাস্নাহানা অথবা শেৱালীৰ
পাহিৰে মালা গঁঠাৰ কথা আছিল
কাকিনী তামোলৰ আগেৰে
উজাই অহা গাভৰু জোনৰ পোহৰত বহি ৷
আওৰোৱাৰ কথা আছিল
প্ৰেমৰ কবিতা ৷
দূৰৈৰ ৰাতিৰ বাঁহীত মাতত
আকুল হৈ
পাহৰি যোৱাৰ কথা আছিল
জীৱনৰ যত দুখ ৷
জীয়াই থকাৰ গানটোত
সুৰ দিয়াৰ কথা আছিল -
জোনাকত বহি ৷
ৰূপোৱালী নদীখনৰ বালিয়ে বালিয়ে
ভটিয়াই যোৱাৰ কথা আছিল
গংগা চিলনীৰ চিঞৰ খেদি ৷

হঠাৎ জানো কোনে ঢাকি দিলে
গাভৰু জোনক
ক'লে কাণে কাণে
-জোনাক তোৰ বাবে নহয়
নাঙলৰ সীৰলুত সেউজীয়া সিঁচা মানুহ
- জোনাকত গা জুৰাই নবহিবি
ৰাতিৰ বাঁহী অথবা গংগা চিলনীৰ মাত খেদাৰ
সপোন নেদেখিবি
হাস্নাহানা অথবা শেৱালীৰ মালা
- কাক পিন্ধাবি তই ?
ৰ'দ, তেজ,ঘামৰ পৃথিৱীত
জোনাক নানামে ৷

জোনাক পি মাতাল হোৱাৰ
হেপাহটো উজাই আহিছিল হে এঠোন
ক'ত জানো হেৰাই গ'ল
গাভৰু জোন ৷
  - বিনয়, 26/12/2016

চিঠিবোৰ ক'ত হেৰাল?

চিঠিবোৰ ক'ত হেৰাল?

"প্ৰকৃতিৰ চ'ৰা ঘৰ
চালো পিত্ পিত্
কাউৰী ঠেঙীয়া সেই আখৰ কেটিত
যি অমিয়া ঘঁহা আছে
আৰু ক'তো নাই"
            হেমচন্দ্ৰ গোস্বামী
নাজিত তৰা অ'
মই আজিও বাট চাও
ছাঁইৰঙী জীৰ্ণ চাইকেলত
বেটৰ বাক্সেট ওলোমাই
বন্ধ থামত বুকুৰ উশাহ বিলাই ফুৰা
ডাকোৱাল জনলৈ
গাঁৱত থাকোতেই ভাল আছিল
সিকিটোৰ লুজেন গুটি কিনি দি
কণল'ৰাৰ হাততে পঠাব পাৰিছিলো
তোলৈ টোপনি খতি কৰি লিখা চিঠিখন ৷
ক'তবাৰ যে লিখিছিলো, ফালিছিলো
আকৌ লিখিছিলো…
পুনশ্চত লিখিছিলো
"আখৰ বেয়া বুলি নাহাঁহিবা ৷"
যিদিনা গাওঁ এৰি চহৰলৈ আহিছিলো
তই কণপাহিৰ হাতত এজাপ চিঠি দিছিলি
কেইবাদিনো লিখা অথচ
দিবলৈ সুবিধা নোপোৱা এজাপ চিঠি ৷
নগৰত
বেডিং খোলাৰ আগতে
খুলিছিলো তোৰ দেহৰ চিনাকী গোন্ধ থকা
ফুলাম চিঠি ৷
উৰি গৈছিলো গাঁৱৰ চিনাকী ঘাট,
নৰা পথাৰৰ ৰৱাৱ টেঙাৰ সোৱাদ,
ভদীয়া পথাৰৰ আলিত বহি খোৱা
টোপোলা জলপান,
বিয়া ঘৰৰ যোৰা নামৰ জাঁত
আৰু ক'ত কি……
নাজিতৰা
তই সপ্তাহত এখন চিঠি দিছিলি মোলৈ
ডাকত ৷
মৰম বুজাবলৈ তই কেতিয়াবা
আঙুলি কাটি
তেজেৰে লিখিছিলি চিঠি ৷
লিখিছিলি গাঁৱৰ খবৰ
"কফে হেঁচি বায়ণ দাইটিক নিলে ৷"
" কপাহীৰ জীয়েক নিচকুলীয়া
ল'ৰা এটালৈ পলাই গ'ল ৷"
"বৰ আমৰ ডালৰ কাউৰীৰ বাঁহত
কুলিয়ে কণী পাৰিছে………"

নাজিতৰা
মই কংক্ৰিটৰ দেৱালত বন্দী কোঠাৰ পৰা
লোৰ জপনাৰে কাণ উনাইছিলো
চিনাকি ডাকোৱালৰ "বাইচকল"ৰ
টিলিঙাৰ শব্দৰ বাবে ৷

বুকুৰ সমস্ত হেপাহেৰে খুলিছিলো
তোৰ কাউৰী ঠেঙীয়া আখৰৰ চিঠি
মৰমৰ, প্ৰিয়তম……

ক'ত হেৰাই গ'ল অ' নাজিতৰা
হেপাহৰ- অপেক্ষাৰ সেই
সোনোৱালী দিন?
মই আজিও বিচাৰো তোক
ফেচবুকৰ ইনবক্সত,
ৱাটচ এপৰ গ্ৰুপত
এচ এম এচ বক্সত

নাই অ নাজিতৰা

বৰ আমৰ কাউৰীৰ বাঁহত
কুলিৰ পোৱালীয়ে জগিল
বুকুৰ লঠঙা আজাৰত পৰি
কাউৰীজনীয়ে ৰমলিয়াইছে
কণ্ঠত তাইৰ
বিষাদৰ গান

      - বিনয় 26/12/2016

Sunday, 25 December 2016

আকৌ এবাৰ প্ৰেমত পৰিছো মইঃ

ভুল কৰিছে আপুনি
ভাবিছে মই নষ্ট চৰিত্ৰৰ মানুহ ৷
বুঢ়া বয়সত প্ৰেম!!?

না ৰে বাবা না
এই যে নতুন বছৰৰ,
জন্ম দিনৰ শুভকামনা বোৰ
এইবোৰে মোলৈ কঢ়িয়াই আনে আতংকৰ
জীৱনৰ ঘড়ীটোৰ পৰা
খহিপৰা প্ৰতিটো প'লে জানো
মোক স্বাগতম জনোৱা নাই মৃত্যুলৈ? ?

পাৰ হৈ যোৱা প্ৰতিটো বছৰ
প্ৰতিটো জন্মদিনে জানো
চুটি কৰি অনা নাই
মোৰ হৃদ স্পন্দৰ আয়ু?

হে সময়
ৰৈ যা চোন এবাৰ
মই যে আকৌ প্ৰেমত পৰিছো
জীৱনৰ ৷
    - বিনয়

26/12/2016

Friday, 23 December 2016

ফেচবুকৰ মাগুৰবৰণীয়া ছোৱালী জনী"


"ফেচবুকৰ মাগুৰবৰণীয়া ছোৱালী জনী"

অই মাগুৰ বৰণীয়া ছোৱালীজনী
ফেচবুকৰ পাতৰ পৰা
মোলৈ চাই নাথাকিবিচোন ৷
আপলড' নকৰিবি না
তোৰ ভমকা ফুলীয়া হাঁহিটো ৷
নিলিখিবিচোন প্ৰেমৰ ষ্টেটাচ ৷
তোক লগ পোৱা নাই বহুদিন
লগ পালে চাগে মনত পৰিব
"সোণজিৰা মাহী" জনী লৈ
মনত পৰিব চাগে
ছাগলী পোৱালী এটাৰ দৰে
জপিয়াই, দেদাউৰি পাৰি ফুৰা
তোৰ সেই তাহানিৰ সময় খিনিলৈ
যি সময় নদীত নাওঁ বাই তই
উজাই গ'লি
নাৱৰ টিঙৰ পৰা এচাটি পানী চ'টিয়াই
তইবাৰু কি বুজাব খোজিছিলি
অই মাগুৰ বৰণীয়া ছোৱালী জনী
ওৰনিৰ তলৰ পৰা আনলৈ চাব নাপায়
সেন্দুৰৰ ৰেঘাত ঘূণে ধৰিব
আমি মুনিহ মানুহ
সেন্দুৰ নিপিন্ধো
সেই বাবেই কৈছো
মাগুৰ বৰণীয়া ছোৱালী জনী অ'
আপলড' নকৰিবিচোন তোৰ
জুই ফুলীয়া হাঁহিটো
ভয় হয় মোৰ
আকৌ প্ৰেমত পৰি যাম তোৰ
কাৰণ
আমি যে সেন্দুৰ নিপিন্ধো ৷৷

- বিনয়

চাৰিটি স্তৱক

চাৰিটি স্তৱক
(১)
শেলুৱৈ ধৰা বুুকুৰ দেৱালত
আঁহতৰ পুলি এটা গজিছে
তাৰ শিপাই গিলি পেলাব এদিন
আৱৰি পেলাব বুকুৰ দেৱাল
কোনেও গমেই নাপাব ইয়াত এখন
প্ৰাচীৰ আছিল ৷
শেলুৱৈ সেউজীয়া প্ৰাচীৰ ৷
         (২)
মোৰ বুকুৰ থাপনাত
কোনে জ্বলাই বিষাদ চাকি
গুণগুণাই
আকুল কাকূতি ঘোষা
যাৰ সুৰত গধুৰ হৈ পৰে
খঁৰিকাজাই গন্ধী
উদাস সন্ধিয়া
       (৩)
পলসুৱা বুকু দখল কৰি
কোনে উৰুৱাই গ'ল
প্ৰেমৰ তেজ ৰঙা পতাকা
বিষাদে-আন্ধাৰে
উৰি অহা এটি জোনাকীয়ে ক'লে
পতাকা নহয় কবি
বিষাদ সূতাৰে বোৱা বিৰহ নিচান
বতাহত কঁপি কঁপি গাই
দুখৰ মালিতা ৷
      (৪)
ভটিয়নীত নাও মেলি
কোন নাৱৰিয়াই গাই
দুখৰ "কাবান"?
প্ৰেম-
ৰ'দৰ চিঠি নে
শোকৰ "কাবান"
সহজে বুজাতো টান
      - বিনয় ২৩ ডিচেম্বৰ

শোক

শোক:

কপৌটিৰ ৰুণ এটি হৈ
কোনে গধূৰ কৰে মোৰ
দুখৰ চোতাল
গধূলী গোপাল ফুলাৰ সময়ত
জিলিৰ চিঞৰ সিঞাৰি সিঞাৰি
গো-ধূলি উৰুৱাই
গুছি যায় গৰখীয়া
তাৰ  বাঁহীৰ সুৰত কঁপি উঠে
মোৰ এসাগৰ পথৰুৱা শোক
শোক বোৰ স্বতঃস্ফূৰ্ত
নিষ্পাপ
আৰু
নিষ্কলুষ ৷
*******-
 


Budha Dav ( বুদ্ধদেৱ)

বুদ্ধদেৱ

গৈছিল নে বুদ্ধ
মোক্ষ বিচাৰি নিজান ৰাতি
শেতেলীত এৰি থৈ
মনোৰমা পত্নীক?
ভাবিছিল নে বহি ৰ'ব
বুদ্ধিদ্ৰোমৰ তলত?
পাৰিছিল নে সঁচাকৈ
বিসৰ্জিৱ সন্তানৰ স্নেহ?
নে
অতিষ্ঠ হৈ উঠিছিল বুদ্ধদেৱ?
পত্নীৰ একঘেমীয়া অজুহাত
খিং খিঙীয়া কৰ্কষ মাত
আৰু গতানুগতিক
জীৱন এটা যাপন কৰি
আমনি লগাত
পালাইছিল নেকি বুদ্ধ
জীৱনৰ পৰা!!!?
বুদ্ধ দেৱৰ পত্নীয়ে বাৰু
বকলা মেলিছিল নেকি
যেতিয়া বজাৰৰ পৰা
খালি মোনা লৈ ওভটিছিল বুদ্ধ?
কাজিয়া লাগি গুচি গৈছিল নেকি
মাকৰ ঘৰলৈ?
নে সন্দেহ কৰিছিল বুদ্ধক
পৰকীয়া প্ৰেমৰ বাবে ৷
বিৰহ আৰু অৰ্ন্তদণ্ডত
তেওঁ ওলাই যোৱা নাছিলতো
গভীৰ নিশা
হাত সাৰে, ভৰিত সাৰে ৷
কোনো দিন পত্নীৰ অহংকাৰী মুখখন
নাচাও বুলি
বহি লোৱা নাছিলতো
বট বৃক্ষৰ তলত?
হেৰি
আজিৰ স্বামী সকলক সুধিছো
আপোনাৰো বাৰু
বুদ্ধদেৱ হোৱাৰ বাসনা এটা
উজায় আহে নে কেতিয়াবা??
( লাফিং বুদ্ধৰ পিঠিৰ টোপোলাটোত
কি থাকে বাৰু?
দুখ নহয়তু?
দুখবোৰ ঢাকি হাঁহি থাকে নেকি
লাফিং বুদ্ধই ??)

Assamese poem

বুদ্ধিজীৱি "ওলতি চোৰে গিৰিক বান্ধে আৰু চাৰিকিল গিৰিকেই সাধে ৷" তথাপি ইহঁতৰ চেতন নাহে ৷ জড় নে চৈতৈন্য ধৰাতো টান বুদ্ধিজীৱি ...