Friday, 30 December 2016

এটা হালধীয়া যাত্ৰাৰ অন্তত

সমুখত মোৰ এসাগৰ হালধীয়া
সৰিসৃপৰ দৰে এঁকা-বেঁকা
পথটোৰ শেষত
পামগৈ নে তোৰ বুকুৰ ঘৰ ?
চাংঘৰৰ 'মৗৰাম'ৰ উম লৈ
পিবলৈ দিবিনে
এবাটি হালধীয়া "আপং"
যি আপঙৰ ৰাগীত মাতাল হ'লে
বুকুলৈ নামি আহে
আকাশ ভাঙি জোনাক ৷
কাংকান অ'
তোৰ "এগে গাচৰ"ত
সৰিয়হ তলিৰ হালধীয়া ফুলিছে
"নামচিঙ"ৰ ফুৰফুৰীয়া গোন্ধে
মোক হাত বাউলি মাতিছে
হালধীয়াৰ সাগৰ খনত উজাই
মই গৈ আছো
গৰখীয়া অইনিঃতমৰ সুৰে সুৰে
কুমতীয়া ঘাটৰ বিৰহী কনেঙৰ
হিঁয়া ভগা 'কাবান'ৰ
ভাঙনি বিচাৰি

সমুখৰ এই পথৰ শেষৰ চাং ঘৰটো পালেই
মই পাহৰি পেলাম যাত্ৰাৰ যত  ক্লান্তি
কনেং অ'
বৰ হেঁপাহেৰে মই উজাই গৈ আছো
এখন হাধীয়া সাগৰ সাঁতুৰি সাঁতুৰি ৷

( ফটো - পৰশমণি হাজৰিকা ৰ সৌজন্যত)

No comments:

Post a Comment

নিজান নিজান.. নিতাল নিতাল।। লগন স্তব্ধ ঘড়ীৰ কাঁটাত সময় প্ৰৱাহিত অথচ জীৱন স্থৱিৰ। নিসংগতা মোৰ জন্মজ লগৰী জীৱন পৰিক্ৰমাত নতজানু শিৰ।...