Saturday, 28 January 2017


জুই জ্বলিছে

সকলো ঘূৰিছে
কেন্দ্ৰ কৰি এটা বিন্দুৰ
গঢ়িছে বৃত্ত
অৰ্থ লোভৰ লালসাৰ
বাসনাৰ৷
ব্যক্তি কিম্বা সমাজ
নিলাজৰ দৰে দৌৰিছে
ধনন্তৰীৰ আঁচলত ধৰি
বন্ধকত থৈ
বিবেক,
হৃদয় ৷

"ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক"
তেনে
সংগঠিত সকল
ক্ষমতা কেন্দ্ৰীক ৷
নেতৃত্বৰ লালসা
সহজ ধনৰ বাসনা
নাপালেই ধৰ্ণা ৷

প্ৰতিবাদৰ শেষত কোন যায়
শোষকৰ স'তে সন্ধি পত্ৰত
চুক্তি কৰিবলৈ
বন্ধকত থৈ জনতাক?

সমাজ সেৱাৰ ভণ্ডামিৰে
কোন যায় পিচ দুৱাৰে দি
অসামাজিকৰ
স্বৰ্ণাভ কাৰেঙলৈ?

কোনেও নিদিয়ে ভৰি সত্যৰ
কন্টকময় পথত
মিছাৰ বাট যে
মসৃণ,  পিচল ৷

নেতাৰ বগা পোচাকৰ তলত
বাস কৰে ক'লা আত্মা
দিনত আওঁৰাই পোহৰৰ শ্লো-গান
আন্ধাৰত জনতাৰ তেজৰ মদিৰা পি
ৰচনা কৰে ইস্তাহাৰ শোষণৰ ৷

নিষ্পেষিত জনতাৰ বুকুত
জুই জ্বলে
আঙঠাৰ দৰে
বাঘ চকুৰ দৰে জিলিকে ৰাতি
পেটত জ্বলি থাকে জুই
ক্ষুধাৰ
জুই জ্বলে
জুই
যি জুইত পোৰি যাহ যাব এদিন
শোষণৰ, বঞ্চনাৰ
ৰাজপ্ৰসাদ ৷৷

No comments:

Post a Comment

প্ৰিমিয়াৰ শ্বো

সৰু গল্প প্ৰিমিয়াৰ শ্বো "তুমি আহিব নালাগে অৰ্ণৱ। মই এই শুভ মূহুৰ্তটোত তোমাক চাব নোখোজোঁ। শুভ কামটোত তুমি বিধি পথালি নিদিবা।"...