Friday, 6 January 2017

আকাশ হ'ব পৰা হ'লে

আকাশ হ'ব পৰা হ'লে'
এখন নীলিম আকাশ
ধৰাৰ সমস্ত ধূলি-ধোঁৱা
সাৱটি বৰষুণ হৈ সৰি পৰিব পৰা হ'লে
ধুই নিকা কৰিবলৈ কলুষিত
ধৰণীৰ দুখ

আকাশ হ'ব পৰা হ'লে
দিগন্ত বিয়পা
সংকীৰ্ণতাৰ  পৰিধি ভাঙি
সাৱটিব পৰাকৈ মানুহৰ পৃথিৱী ৷

আকাশ হ'ব পৰা হ'লে
হালধীয়া সৰিয়হৰ পথাৰ এখন সাৱটিব পৰাকৈ
আঘোণৰ পথাৰৰ দাৱনীৰ হাঁহিবোৰ
চাই আপোন পাহৰা হ'ব পৰাকৈ ৷

আকাশ হ'ব পৰা হ'লে
কাংকান ঘাটৰ কনেঙৰ ৰূপ চাব পৰাকৈ
অইনিঃতম এটা হৈ
হুৰাই দিব পৰা হ'লে
তাইৰ সমষ্ট বিষাদ
আৰু গুজি দিব পৰা হ'লে
কমোৱা তুলাৰ দৰে ডাৱৰৰ ফুল
তাইৰ নেঘেৰী খোপাত ৷

No comments:

Post a Comment

ক্লজড্ চাৰ্কিট কেমেৰা (গল্প) -বিনয় কৃষ্ণ তামুলী ফুকন      -কালি কেইবজাত অফিচলৈ গৈছিলা? -এঘাৰ বজাত। -মইতো তোমাক ন বজাতে ঘৰত এৰি গৈ...