Tuesday, 14 February 2017

তামস নগৰত জোনাকৰ তামিঘৰা


তামস নগৰত জোনাকৰ তামস নগৰত জোনাকৰ তামীঘৰা 

ৰচনাকাল ২০০২

তামস নগৰ
চৌপাশে মাথো অন্ধকাৰ
আত্মহংকাৰ, অৰ্থগৰ্ব, ক্ষমতাৰ ৷
ভোগ আৰু লালসাৰ ,
কামনাৰ, বাসনাৰ
ঘোপ মৰা আন্ধাৰ ৷

কাৰ ফুলনীত কিমান ডাঙৰ ডালিয়া ফুলে
সেই লৈ অহংকাৰ ৷
কাৰ দ'গী কিমান চিকুন
তাক লৈ অহংকাৰ ৷
কোনে কিমান বিলাসী ব্ৰেণ্ডৰ মদ খায়
সেই লৈ অহংকাৰ ৷
কাৰ গিৰীয়েকে কিমান মোটা অংকৰ ভেটী লৈ
পত্নীক সজাব পাৰে
হীৰক স্বৰ্ণলংকাৰেৰে
তাক লৈ অহংকাৰ
পুত্ৰক কিনি দি
অত্যধুনীক বাইক
মেলিদিব পাৰে
যমদূত ৰূপে ৰাজপথত
সেই লৈ অহংকাৰ
কাৰ জীয়েকৰ ভেনিটী বেগত ওলাই
বিলাসী গৰ্ভনিৰোধক
সেই লৈ অহংকাৰ ৷

কাৰ সন্তানে বৰ্জন কৰি
মাতৃভাষা
নাজানি বনঘোষা-বৰগীত
ডিক্স বাৰত নাচিব পাৰে
স্বল্পবসনা যুৱতীৰ স'তে
যাপন কৰিব পাৰে
মাতাল নীলা নিশা
তাক লৈ অহংকাৰ ৷

তামস নগৰ
চৌপাশে মাথো ঘোপ মৰা আন্ধাৰ ৷

ইয়াত
আদালতত অন্ধকাৰ
ৰজাৰ ঘৰত, আমোলাৰ টেবুলত
ৰেচনৰ কাৰ্ডত, পানীৰ নলাত
কেৰাচীনৰ গেলানত
অন্ধকাৰ ৷
পৰীক্ষাৰ উত্তৰ বহীত
কাৰ্যালয়ৰ ফাইল চহীত
দূৰ্নীতিৰ পাহাৰ
ঘোপমৰা আন্ধাৰ
বেংকত অন্ধকাৰ, ট্ৰেজাৰীত অন্ধকাৰ
মাহৰ শেষত হাঁহাকাৰ ৷

ইয়াত
কোনেও চিনি নাপায় কাকো ৷
মাতৃ নে মায়বিনী
ঋষি নে বিড়াল তপস্বী
ধৰিব নোৱাৰি পাৰ্থক্য ৷
অভিষ্ট সিদ্ধিৰ বাবে
মাতৃয়ে হত্যা কৰে কন্যাক,
জনমে মৰণে তোমাৰ বুলি যুগ্মজীৱনৰ শপত
খোৱা স্বামীয়ে
ৰঙা পোহৰৰ ঘৰত যাপন কৰে
মায়াৱী নিশা ৷

আন্ধাৰ ক'লা গলিবোৰ
উচুপি উঠে মাজ নিশা
ক'লা দানৱ বোৰে পূৰণ কৰে বাসনা
ৰক্তাক্ত কৰে সেউজীয়া সপোন
অথবা হত্যা কৰে নাৰীক ৷

হাতত ভাৰসাম্যহীন
তুলাচালনী লৈ
আদালত নামৰ ৰঙা ঘৰটোত
বহি থাকে আইনৰ অপেশ্বৰী ৷

তামস নগৰত
নাথাকে ন্যায়পালিকা
অন্যায়ৰ পালক জনে
দিয়ে হুকুম
আন্ধাৰ চ'টিয়াবলৈ ৷
ইয়াত কোনেও ভাবিব নোৱাৰে পোহৰৰ কথা
বিচাৰিব নোৱাৰে পোহৰ
পোহৰ বিচৰা জন
দণ্ডিত হয়
বিনা বিচাৰেৰে
গুলীয়াই দি কয়
এনকাউণ্টাৰত মৃত্যু ৷
নিৰ্যাতিত হয়
নিষ্পেষিত হয় ৷

তামস নগৰৰ কোনোবা কোনত
গঢ়ি উঠে পোহৰ সন্ধানী
আন্দোলন গোপনে গোপনে ৷
নগৰৰ সীমান্তৱৰ্তী অৰণ্যত
ইনক্লাবীয়ে তৰে
জোনাকৰ তামীঘৰা ৷
তাত হয় পোহৰৰ গোপন বৈঠক ৷

পোহৰৰ জোৰ লৈ
মাজনিশা আহে শংকৰদেৱ
বুদ্ধ আহে
গান্ধী আহে
জ্যোতি-বিষ্ণু আহে
আহে ৰৱচন ৷
আহে ভূপেন
শংকৰে আবৃত্তি কৰে কবিতা -
"কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম"
জ্যোতি প্ৰসাদে গায়
"আলোক যাত্ৰা"ৰ মহা  মন্ত্ৰ ৷
কমৰেড বিষ্ণুৱে চিঞৰে
"চিঙ চিঙ লোৰ শিকলি চিং ৷"
ৰৱচনে সুৰ তোলে গীতাৰত
ভূপেনে হাত বাউলি মাতে
যাত্ৰী হ'বলৈ একেখন নাৱৰ ৷

লাহে লাহে তামিঘৰাৰ
বিচ্ছুৰিত উত্তাপে
পুৰি ছাঁই কৰে
অন্যায় পালকৰ সিংহাসন ৷
দৌৰি আহে এজাক মানুহ
পোহৰৰ তামিঘৰাৰ পিনে
সমস্বৰে সকলোৱে আওৰাই
পোহৰৰ শ্লোগান -

পোহৰৰ জয় হওক ৷
পোহৰৰ জয় হওক ৷
- সংশোধন
১৪ ফেব্ৰুৱাৰী ২০১৭

ৰচনাকাল ২০০২

তামস নগৰ
চৌপাশে মাথো অন্ধকাৰ
আত্মহংকাৰ, অৰ্থগৰ্ব, ক্ষমতাৰ ৷
ভোগ আৰু লালসাৰ ,
কামনাৰ, বাসনাৰ
ঘোপ মৰা আন্ধাৰ ৷

কাৰ ফুলনীত কিমান ডাঙৰ ডালিয়া ফুলে
সেই লৈ অহংকাৰ ৷
কাৰ দ'গী কিমান চিকুন
তাক লৈ অহংকাৰ ৷
কোনে কিমান বিলাসী ব্ৰেণ্ডৰ মদ খায়
সেই লৈ অহংকাৰ ৷
কাৰ গিৰীয়েকে কিমান মোটা অংকৰ ভেটী লৈ
পত্নীক সজাব পাৰে
হীৰক স্বৰ্ণলংকাৰেৰে
তাক লৈ অহংকাৰ
পুত্ৰক কিনি দি
অত্যধুনীক বাইক
মেলিদিব পাৰে
যমদূত ৰূপে ৰাজপথত
সেই লৈ অহংকাৰ
কাৰ জীয়েকৰ ভেনিটী বেগত ওলাই
বিলাসী গৰ্ভনিৰোধক
সেই লৈ অহংকাৰ ৷

কাৰ সন্তানে বৰ্জন কৰি
মাতৃভাষা
নাজানি বনঘোষা-বৰগীত
ডিক্স বাৰত নাচিব পাৰে
স্বল্পবসনা যুৱতীৰ স'তে
যাপন কৰিব পাৰে
মাতাল নীলা নিশা
তাক লৈ অহংকাৰ ৷

তামস নগৰ
চৌপাশে মাথো ঘোপ মৰা আন্ধাৰ ৷

ইয়াত
আদালতত অন্ধকাৰ
ৰজাৰ ঘৰত, আমোলাৰ টেবুলত
ৰেচনৰ কাৰ্ডত, পানীৰ নলাত
কেৰাচীনৰ গেলানত
অন্ধকাৰ ৷
পৰীক্ষাৰ উত্তৰ বহীত
কাৰ্যালয়ৰ ফাইল চহীত
দূৰ্নীতিৰ পাহাৰ
ঘোপমৰা আন্ধাৰ
বেংকত অন্ধকাৰ, ট্ৰেজাৰীত অন্ধকাৰ
মাহৰ শেষত হাঁহাকাৰ ৷

ইয়াত
কোনেও চিনি নাপায় কাকো ৷
মাতৃ নে মায়বিনী
ঋষি নে বিড়াল তপস্বী
ধৰিব নোৱাৰি পাৰ্থক্য ৷
অভিষ্ট সিদ্ধিৰ বাবে
মাতৃয়ে হত্যা কৰে কন্যাক,
জনমে মৰণে তোমাৰ বুলি যুগ্মজীৱনৰ শপত
খোৱা স্বামীয়ে
ৰঙা পোহৰৰ ঘৰত যাপন কৰে
মায়াৱী নিশা ৷

আন্ধাৰ ক'লা গলিবোৰ
উচুপি উঠে মাজ নিশা
ক'লা দানৱ বোৰে পূৰণ কৰে বাসনা
ৰক্তাক্ত কৰে সেউজীয়া সপোন
অথবা হত্যা কৰে নাৰীক ৷

হাতত ভাৰসাম্যহীন
তুলাচালনী লৈ
আদালত নামৰ ৰঙা ঘৰটোত
বহি থাকে আইনৰ অপেশ্বৰী ৷

তামস নগৰত
নাথাকে ন্যায়পালিকা
অন্যায়ৰ পালক জনে
দিয়ে হুকুম
আন্ধাৰ চ'টিয়াবলৈ ৷
ইয়াত কোনেও ভাবিব নোৱাৰে পোহৰৰ কথা
বিচাৰিব নোৱাৰে পোহৰ
পোহৰ বিচৰা জন
দণ্ডিত হয়
বিনা বিচাৰেৰে
গুলীয়াই দি কয়
এনকাউণ্টাৰত মৃত্যু ৷
নিৰ্যাতিত হয়
নিষ্পেষিত হয় ৷

তামস নগৰৰ কোনোবা কোনত
গঢ়ি উঠে পোহৰ সন্ধানী
আন্দোলন গোপনে গোপনে ৷
নগৰৰ সীমান্তৱৰ্তী অৰণ্যত
ইনক্লাবীয়ে তৰে
জোনাকৰ তামীঘৰা ৷
তাত হয় পোহৰৰ গোপন বৈঠক ৷

পোহৰৰ জোৰ লৈ
মাজনিশা আহে শংকৰদেৱ
বুদ্ধ আহে
গান্ধী আহে
জ্যোতি-বিষ্ণু আহে
আহে ৰৱচন ৷
আহে ভূপেন
শংকৰে আবৃত্তি কৰে কবিতা -
"কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম"
জ্যোতি প্ৰসাদে গায়
"আলোক যাত্ৰা"ৰ মহা  মন্ত্ৰ ৷
কমৰেড বিষ্ণুৱে চিঞৰে
"চিঙ চিঙ লোৰ শিকলি চিং ৷"
ৰৱচনে সুৰ তোলে গীতাৰত
ভূপেনে হাত বাউলি মাতে
যাত্ৰী হ'বলৈ একেখন নাৱৰ ৷

লাহে লাহে তামিঘৰাৰ
বিচ্ছুৰিত উত্তাপে
পুৰি ছাঁই কৰে
অন্যায় পালকৰ সিংহাসন ৷
দৌৰি আহে এজাক মানুহ
পোহৰৰ তামিঘৰাৰ পিনে
সমস্বৰে সকলোৱে আওৰাই
পোহৰৰ শ্লোগান -

পোহৰৰ জয় হওক ৷
পোহৰৰ জয় হওক ৷

- সংশোধন
১৪ ফেব্ৰুৱাৰী ২০১৭

No comments:

Post a Comment

মৰণোত্তৰ ঠিকনা সময়ৰ সৌ ডাক বাকচটো দেখিছা? কোনে দিয়ে কাৰ ঠিকনাত চিঠি? মাকে পুত্ৰলৈ। পুত্ৰই প্ৰেয়সীলৈ ল'ৰাটোৱে দেউতাকলৈ... ৰুগীয়া...