Tuesday, 28 February 2017

Dhuniya ( ধুনীয়া বোৰ)



ধুনীয়া বোৰ

ধুনীয়াবোৰ জোখিব পৰাকৈ
থাকে নে কিবা মাপক?
স্কেল, দগা-পাল্লা?
কিমান উজ্বল হ'লে গাৰ ৰং,
কিমান জিলিকিলে দাঁত,
এন্ধাৰ কলীয়া হ'লে চুলি
অথবা দীঘল কৈ ৰাখিলে হাতৰ নখ
কাজল সানিলে চকুত
ধুনীয়া বুলিব পাৰি কাৰোবাক?
নেলচন মেণ্ডেলাৰ দেশৰ
মিছ জনী চোন
মই ভবাৰ দৰে নহয়
নতুবা অষ্ট্ৰেলিয়াৰ যুৱক জনে
ভবাৰ দৰে নহয় মিছ ইণ্ডিয়া ৷
আচলতে
সৌন্দৰ্যৰ থাকে ভৌগলীক পৰিবেষ্টনী ৷

সৌন্দৰ্যক জানো জোখিব পাৰি
গাৰ ৰঙেৰে?
কলিজাৰ ৰঙেৰে কিন্তু পাৰি
সকলো সৌন্দৰ্যৰ ৰং ৰঙা ৷
কলিজাৰ দৰে ৰঙা ৷
যাৰ হৃদয়ত নাথাকে
আন্ধাৰ ক'লা কলুষতা
 তেঁৱেই ধুনীয়া প্ৰকৃততে ৷

প্ৰেমৰ বাবে ধুনীয়া হ'ব লাগে নে
ধুনীয়া বাবে প্ৰেমত পৰে মানুহ
সি এক কঠিন সাঁঠৰ ৷
মই বিচাৰি ফুৰিছো এক মাপক
জোখিবলৈ সুন্দৰতা ৷

জোখ মানেইতো তুলনা
ওখ-চাপৰ, পাতল-গধুৰ, লাহী-শকত …
তুলনাৰ জানো সীমা থাকে?
যিদৰে নাথাকে সুন্দৰতাৰ ৷

No comments:

Post a Comment

Assamese poem

বুদ্ধিজীৱি "ওলতি চোৰে গিৰিক বান্ধে আৰু চাৰিকিল গিৰিকেই সাধে ৷" তথাপি ইহঁতৰ চেতন নাহে ৷ জড় নে চৈতৈন্য ধৰাতো টান বুদ্ধিজীৱি ...