Wednesday, 29 March 2017

Brahamaputra ( ব্ৰহ্মপুত্ৰ)


ব্ৰহ্মপুত্ৰ


     -বিনয় ২৯ মাৰ্চ ২০১৭
হিমালয়ৰ "অাগং-চি হিমবাহ"ৰ শীতল পানীৰ ধাৰা
মানস সৰোৱৰ ভেদি বৈ আহিছিল তেওঁ
চাংপো হৈ মিলিছিল চিয়াঙত
দিহাং  হৈ নামিছিল
লগ দিছিল দুইভনী
দিবাং আৰু লোহিত ৷৷
কালিকা পুৰাণৰ ব্ৰহ্মকুণ্ড,
পৰশুৰ পাপমোচনৰ
বহু যুগ আগৰে পৰাই
আৰম্ভ কৰিছিল তেওঁ
সাগৰমুখী যাত্ৰা ৷৷
ব্ৰহ্মপুত্ৰ ৷৷
এটা ধৰ্মৰ নাম নহয়
নহয় ব্ৰহ্মপুত্ৰ এজন দেৱতাৰ নাম ৷
অদৃশ্য দেৱতাৰ দৰে
কল্পনা প্ৰসূত নহয় ব্ৰহ্মপুত্ৰ ৷৷
ব্ৰহ্মপুত্ৰ এটা সভ্যতাৰ নাম
ব্ৰহ্মপুত্ৰ
না না ধৰ্ম
না না জাতি
না না সংস্কৃতি
ভিন্ন বিশ্বাস
ৰহনীয়া কৃষ্টি সাৱতি
নিৰৱধি বৈ থকা
এক বিশাল জলধীৰ নাম ৷৷
যথেষ্ট নহয় তেওঁক পূজিৱলৈ কেৱল প্ৰণাম ৷৷
শংকৰদেউ সাঁতুৰি পাৰপাৰ হোৱাৰ আগতেও
বৈ আছিল তেওঁ দুপাৰৰ
খিলঞ্জীয়াৰ বিশ্বাস সাৱটি
তিব্বতৰ লামা, পাহাৰৰ দঞি-পঃল,
দেউৰীৰ গোঁসানী
বড়ো বাথৌ,
আহোমৰ চোমচেং আৰু পুলিন-পুথাও …
সকলোকে চিনিছিল তেওঁ ৷
এটা ধৰ্ম নাছিল তেওঁ
সৰ্বধৰ্মৰ বিশ্বাস জিনী
বুঢ়ালুইত হৈ বৈ গৈছিল
যমুনা হৈ  মিলিছিল গংগাত
হুগলী আৰু পদ্মাহৈ
সাজিছিল সুন্দৰ বন ৷৷
অগনন জনগণ দুপাৰৰ
অগনন ভাষা
অগনন ধৰ্ম
অলেখ বিশ্বাস
সকলো সামৰি মিলিছিল
বংগোপত ৷৷

চিৰিলুই যে দেৱতা নহয়
ব্ৰহ্ম পুত্ৰ নহয় ব্ৰহ্মাৰ পুত্ৰ
নমন কৰয়েই যাক
কৰিব পাৰি সন্তুষ্ট ৷
পলেসেৰে
দুপাৰৰ সহস্ৰ আৰ্ত কণ্ঠৰ
সপোন গঢ়োতা ব্ৰহ্মপুত্ৰ ৷
বলিয়া বানেৰে সৰ্বস্ব হৰি নিয়া জনো ব্ৰহ্ম পুত্ৰ ৷
বৌদ্ধ মঠ বোৰৰ পৰা
ভাঁহি অহা গম্ভীৰ ধব্বনি বোৰৰ নাম ব্ৰহ্মপুত্ৰ
পাহাৰীয়া ডালিমীৰ
খিল খিল হাঁহিটোৰ নাম
ব্ৰহ্মপুত্ৰ ৷
ভৈয়ামৰ অইনিঃতম
আৰু বনৰীয়া নামবোৰ,
বনঘোষা বোৰ
বাগৰুম্বা অথবা দেওধনি নাচোনটোৰ নাম ব্ৰহ্মপুত্ৰ ৷
ফজিৰৰ আজান আৰু
নিশাৰ ভাওনাৰ বৰধেমালী-সৰু ধেমালী বোৰৰ নাম ব্ৰহ্মপুত্ৰ ৷

ধেমাজি অথবা মাতমৰাৰ বান
ৰহমৰীয়া অথবা
মাজুলীৰ খহনীয়াৰ নাম
ব্ৰহ্মপুত্ৰ ৷৷
পঞ্চৰত্ন যোগীঘোপাৰ
গুহাবোৰ
শৰাইঘাটৰ ইতিহাস
উমানন্দৰ বান্দৰবোৰ
কলিয়াভোমোৰাৰ
শাল কাঠৰ খুঁটাৰ
সপোনবোৰ
বগীবিলৰ আধৰুৱা সপোনটো
ঢলা-শদিয়াৰ
দুপাৰস্পৰ্শী
আকাংক্ষা বোৰৰ
নাম ব্ৰহ্মপুত্ৰ ৷৷

ব্ৰহ্মপুত্ৰ নহয় এটা
নহয় ব্ৰহ্মপুত্ৰ এক অদেখা দেৱতাৰ নাম ৷ নহয় এটা বৈদিক মন্ত্ৰৰ নাম ৷
নমন কৰিয়েই যাক কৰিব পাৰি সন্তুষ্ট ৷
ব্ৰহ্মপুত্ৰ যে সৃষ্টিকৰ্তা
দুপাৰৰ অগনন জনতাৰ
অদৃষ্টৰ ৷৷
কেতিয়াবা শ্ৰদ্ধাত শিৰ নত কৰিছে
কেতিয়াবা খঙত ফাটি পৰিছে
জীৱন-জীৱিকাৰ বাবে ধন্যাদ
আৰু বলিয়া বানৰ বাবে শাওপাত দিছে জনতাই
ব্ৰহ্মপুত্ৰক ৷
প্ৰণাম নহয় হে ব্ৰহ্ম পুত্ৰ
বন্দো তোমাৰ পদকমলত
মনত লৈ সেই সাৰ্বজনীন ভাৱ
সৰ্ব ধৰ্ম সমানহঃ ৷
     

Monday, 13 March 2017

Baat ( বাট)

বাট 

কোন বাটে আহে বিপ্লৱ
কোন বাটে আহে আৰ্তনাদ
কোনবাটে আহে ক্ষোভ
কোন বাটে আহে অবিশ্বাস-সন্দেহ
কোন বাটে আহে বঞ্চনা
নোপোৱাৰ হাঁহাকাৰ
অপ্ৰাপ্তিৰ দুকুল টকা বান
মই বিচাৰি ফুৰিছো
সেই বাট
সপোনতো
দিঠকতো
দিবা স্বপ্নতো
মোক লাগে
কেৱল বিশ্বাসৰ
এক সেন্দুৰীয়া বাট
যি বাটেৰে নামি আহে কেৱল
মানৱতাৰ জোনাক ৷

ফটো:  গুগুল

Sunday, 12 March 2017

"অলপ চিন্তা অগভীৰ আঁচনিয়ে
শাসনক কৰে সংকৃৰ্ণ… ৷"
     -ভূপেন মামা
১৯৮৩ চনত মোৰ বয়স ৯ বছৰ ৷ ৮৫ ত ১১ ৷
গতিকে বিদেশী বহিস্কাৰ আন্দোলনটো ৰিণিকি ৰিণিকি আৰু অগপৰ চৰকাৰ খন, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাৱন গোস্বামী, বিহাৰত নিজৰ ডিঙি ব্লেডেৰে ৰেপি আত্মহত্যা কৰা জন ( নাম মনলৈ অহা নাই) ৰাষ্ট্ৰপতি শাসন, ৰাইন' বজ্ৰাৰাংগ আদিৰ কথা স্পষ্টকৈ মনত আছে ৷ পিচলৈ গম পাইছিলো বিদেশী খেদা আন্দোলনটো বিদেশী খেদা আন্দোলন নহৈ বহিৰাগত গতৰ বিৰুদ্ধেও হৈছিল ৷ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা ধোৱা, নাপিত, মুচি, ৰিক্সা, থেলাৱালা  জাতীয় সকলক খেদিবলৈ অসমীয়া ল'ৰাই এইবোৰ কামত ধৰিছিল ৷ পিছে নেচেল ৷ জাতীয়তাবাদৰ জুই ধান খেৰৰ জুইৰ দৰে জ্বলি ফুচুক কৈ নুমাই থাকিল ৷ গোগামুখত আকৌ বৰলাৰ ফালে মিচিং লোকে অসমীয়াভাষী মানুহৰ ঘৰ জ্বলাইছিল ৷ কোন বিদেশী, কোন স্বদেশী, কোন বহিৰাগত তাৰ বিচাৰ নকৰি আন্দলোনটোৱে আওবাট লৈছিল ৷
সেইবোৰ পুৰণি কথা ৷ বাংলাদেশী বিতাৰণৰ বাবে কৰা ৬ বছৰীয়া আন্দোলনটো অথলে গ'ল বুলি মোৰ বদ্ধমূল ধাৰণা ৷ ছাত্ৰ কেইজন মান ৰাতিৰ ভিতৰত নেতা হ'ল ৷ নেতা হৈ উদ্দেশ্য পাহৰিলে ৷ আমোলাতান্ত্ৰিক দেশত ফুকলিয়া নেতা আমোলাৰ বশ হ'ল ৷ বাংলাদেশী যিখিনি আছিল থাকি গ'ল ৷ আৰু অহৰহ আহিয়েই থাকিল ৷ অসম - বাংলা সীমান্তত কাঁটাতাঁৰ মাৰি সীমান্ত চিল কৰিম বুলি দপদপাই থকা অগপ নেতাই কাঁটা তাঁৰৰ কাৰখানা বিচাৰি ফুঁৰোতেই শাসনৰ গাদীচ্যুত হ'ল ৷
অসম আকৌ বাংলাদেশী ৰিক্সা-ঠেলাৱালা, বিহাৰী নাপিত, ধোৱা, মুচিৰে নদন বদন হ'ল ৷ কোন খিনি লোকক বাংলাদেশী বুলি ধৰা হ'ব সেইটো নিৰ্ধাৰণ কৰোঁতেই বছৰ চেৰেক গ'ল ৷ শেষত ১৯৭১ চনৰ ২৪ মাৰ্চ সীমা হ'ল ৷ তাকো বাতিল কৰিব লাগে বুলি আকৌ হৈ হাল্লা ৷ সেই হৈ হাল্লা ছহিদবেদী গুৰিওৱা পৰ্যন্ত পালেগৈ ৷ প্ৰতিবাদ হ'ল ৷ হৈ আছে ৷
আকৌ ধানখেৰৰ জুইৰ দৰে ফুচুক হ'ব ৷ একো নহ'ব ৷ এইবাৰো বাংলাদেশী হিন্দু বাঙালী কোন, থলুৱা বাঙালী কোন সকল তাক চিনি পাবলৈও যেন কাৰো আহৰি নাই ৷ মই বাঙালীৰ হৈ ওকালতি কৰিবলৈ যোৱা নাই ৷ মাত্ৰ ক'ব খোজিছো অসমীয়া ইমান আবেগিক কিয় ৷
আবেগেৰে একো কাম নহয় ৷ বৰ্তমান অসমীয়াক নেতৃত্ব দিব পৰা আৱেগ বৰ্জিত এটা চিন্তাশীল শক্তি লাগে ৷ থিংক টেংক লাগে ৷ কাৰো উচতনি, প্ৰৰোচনাত উটি ভাঁহি যোৱা দল - সংগঠন,  বন্ধ দিয়া আন্দোলন নালাগে ৷ গভীৰ চিন্তা আৰু নিখুত আঁচনি লাগে ৷
-বিনয় ১২ মাৰ্চ ১৭

Tuesday, 7 March 2017

Udar Axomiya ( উদাৰ অসমীয়া)

উদাৰ অসমীয়া:
        -বিনয় ৮ মাৰ্চ ২০১৭
অ-সম
তুলনাবিহীন মোৰ দেশ
অ-সমান
ওখোৰা-মোখোৰা মোৰ দেশ
নানা জাতি-বৰ্ণ- ধৰ্ম-ভাষা-দোৱানৰ
সানমিহলি মোৰ দেশ
তথাপিও সমান
তথাপিও সকলোৰে বুকুত
মৰমৰ টান
জনাব জানে পৰস্পৰক  সন্মান
অ-তুলনীয়,
অ-সম
মোৰ অসম দেশ

হ'ব পাৰে সকলোৰে ভিন ভিন বেশ
তথাপিও সৰ্বজন সমানহঃ মোৰ দেশ
উদাৰ চিতে সৱটি সকলো
ম'চি সকলোৰে চকুলো
যুগে যুগে গাই
সম্প্ৰীতিৰ  নামঘোষা, আজান,কেৰল, অইনিঃতম, বিহু, বাগৰুমবা, ঝুমইৰ…
গাই একতাৰ বৃন্দগান
বৈ আছে চিৰিলুইত
চিৰ প্ৰৱাহমান ৷

আমি জানো কোন আপোন
কোন পৰ
আলহিকো এৰি দিওঁ
নিজৰ ঘৰ ৷
অতিথি পৰায়ণ আমি
নৰ আমাৰ নাৰায়ণ
সেই বুলি
খুৱাই দিব খোঁজোতে
কামুৰিব খোজিলে আঙুলি
আমিও জানো
আমাৰো আছে
কাণতলিয়াত দাঁত সৰুৱাব পৰা হাত ৷
অতিথি আৰু অঘৰী
চিনি পাওঁ আমি
মজিয়াত খাবলৈ দিলো বুলি
ভঁৰাললৈ নেমেলিবি হাত ৷
জানো আমি কেতিয়া ল'ব লাগে
চিটিপনি,
মহ'ৰ টোকোন,
হেংদান ৷

অসমীয়া এটা জাতিৰ নাম
অসমীয়া এটা বৃন্দ গান
কোনো ধৰ্মৰ নাম নহয় অসমীয়া
উদাৰতা মানে নহয়
সহনশীলতা

কোমলতা-কঠোৰতা
দুয়োটাই জানো আমি
অঘৰীক বৰঘৰ এৰি
নিজে নহওঁ যাযাবৰী

উদাৰতা মানে দুৰ্বলতা
সৰলতা মানে সহনশীলতা
বুলি
ওভত গোৰে নানাচিবি হেৰ'
ভাঙি দিব পাৰো তহঁতৰ
ওভত গোৰে নচা ঠেং
ল'ব লাগিব জীৱনৰ বাবে পেং

আমি হ'ব পাৰোঁ উদাৰ
শেষ হোৱা নাই হেংদানৰ ধাৰ
অসমীয়া নহয় কোনো ধৰ্মৰ নাম
মিলি থাকিলে পাবি উচিত মান
উদাৰতাক দূৰ্বলতা বুলি ল'লে
সাৰি নাযাবি হেৰ'
অসমীয়া এটা
অপ্ৰতিৰোধ্য শক্তিৰ নাম ৷

Assamese poem

বুদ্ধিজীৱি "ওলতি চোৰে গিৰিক বান্ধে আৰু চাৰিকিল গিৰিকেই সাধে ৷" তথাপি ইহঁতৰ চেতন নাহে ৷ জড় নে চৈতৈন্য ধৰাতো টান বুদ্ধিজীৱি ...