Sunday, 12 March 2017

"অলপ চিন্তা অগভীৰ আঁচনিয়ে
শাসনক কৰে সংকৃৰ্ণ… ৷"
     -ভূপেন মামা
১৯৮৩ চনত মোৰ বয়স ৯ বছৰ ৷ ৮৫ ত ১১ ৷
গতিকে বিদেশী বহিস্কাৰ আন্দোলনটো ৰিণিকি ৰিণিকি আৰু অগপৰ চৰকাৰ খন, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাৱন গোস্বামী, বিহাৰত নিজৰ ডিঙি ব্লেডেৰে ৰেপি আত্মহত্যা কৰা জন ( নাম মনলৈ অহা নাই) ৰাষ্ট্ৰপতি শাসন, ৰাইন' বজ্ৰাৰাংগ আদিৰ কথা স্পষ্টকৈ মনত আছে ৷ পিচলৈ গম পাইছিলো বিদেশী খেদা আন্দোলনটো বিদেশী খেদা আন্দোলন নহৈ বহিৰাগত গতৰ বিৰুদ্ধেও হৈছিল ৷ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা ধোৱা, নাপিত, মুচি, ৰিক্সা, থেলাৱালা  জাতীয় সকলক খেদিবলৈ অসমীয়া ল'ৰাই এইবোৰ কামত ধৰিছিল ৷ পিছে নেচেল ৷ জাতীয়তাবাদৰ জুই ধান খেৰৰ জুইৰ দৰে জ্বলি ফুচুক কৈ নুমাই থাকিল ৷ গোগামুখত আকৌ বৰলাৰ ফালে মিচিং লোকে অসমীয়াভাষী মানুহৰ ঘৰ জ্বলাইছিল ৷ কোন বিদেশী, কোন স্বদেশী, কোন বহিৰাগত তাৰ বিচাৰ নকৰি আন্দলোনটোৱে আওবাট লৈছিল ৷
সেইবোৰ পুৰণি কথা ৷ বাংলাদেশী বিতাৰণৰ বাবে কৰা ৬ বছৰীয়া আন্দোলনটো অথলে গ'ল বুলি মোৰ বদ্ধমূল ধাৰণা ৷ ছাত্ৰ কেইজন মান ৰাতিৰ ভিতৰত নেতা হ'ল ৷ নেতা হৈ উদ্দেশ্য পাহৰিলে ৷ আমোলাতান্ত্ৰিক দেশত ফুকলিয়া নেতা আমোলাৰ বশ হ'ল ৷ বাংলাদেশী যিখিনি আছিল থাকি গ'ল ৷ আৰু অহৰহ আহিয়েই থাকিল ৷ অসম - বাংলা সীমান্তত কাঁটাতাঁৰ মাৰি সীমান্ত চিল কৰিম বুলি দপদপাই থকা অগপ নেতাই কাঁটা তাঁৰৰ কাৰখানা বিচাৰি ফুঁৰোতেই শাসনৰ গাদীচ্যুত হ'ল ৷
অসম আকৌ বাংলাদেশী ৰিক্সা-ঠেলাৱালা, বিহাৰী নাপিত, ধোৱা, মুচিৰে নদন বদন হ'ল ৷ কোন খিনি লোকক বাংলাদেশী বুলি ধৰা হ'ব সেইটো নিৰ্ধাৰণ কৰোঁতেই বছৰ চেৰেক গ'ল ৷ শেষত ১৯৭১ চনৰ ২৪ মাৰ্চ সীমা হ'ল ৷ তাকো বাতিল কৰিব লাগে বুলি আকৌ হৈ হাল্লা ৷ সেই হৈ হাল্লা ছহিদবেদী গুৰিওৱা পৰ্যন্ত পালেগৈ ৷ প্ৰতিবাদ হ'ল ৷ হৈ আছে ৷
আকৌ ধানখেৰৰ জুইৰ দৰে ফুচুক হ'ব ৷ একো নহ'ব ৷ এইবাৰো বাংলাদেশী হিন্দু বাঙালী কোন, থলুৱা বাঙালী কোন সকল তাক চিনি পাবলৈও যেন কাৰো আহৰি নাই ৷ মই বাঙালীৰ হৈ ওকালতি কৰিবলৈ যোৱা নাই ৷ মাত্ৰ ক'ব খোজিছো অসমীয়া ইমান আবেগিক কিয় ৷
আবেগেৰে একো কাম নহয় ৷ বৰ্তমান অসমীয়াক নেতৃত্ব দিব পৰা আৱেগ বৰ্জিত এটা চিন্তাশীল শক্তি লাগে ৷ থিংক টেংক লাগে ৷ কাৰো উচতনি, প্ৰৰোচনাত উটি ভাঁহি যোৱা দল - সংগঠন,  বন্ধ দিয়া আন্দোলন নালাগে ৷ গভীৰ চিন্তা আৰু নিখুত আঁচনি লাগে ৷
-বিনয় ১২ মাৰ্চ ১৭

No comments:

Post a Comment

Assamese poem

বুদ্ধিজীৱি "ওলতি চোৰে গিৰিক বান্ধে আৰু চাৰিকিল গিৰিকেই সাধে ৷" তথাপি ইহঁতৰ চেতন নাহে ৷ জড় নে চৈতৈন্য ধৰাতো টান বুদ্ধিজীৱি ...