Tuesday, 27 June 2017

কবিতা

মোৰ বকুৰ বকুল ডালত ক'ৰ আলহি চৰাই
সুখৰ-দুখৰ
সকলো দিনত
মাথো কিৰিলিয়াই
ঠোঁটত তাৰ হাইতাল ৰঙী ৰং
আৰু ডেউকাত
প্ৰতিশ্ৰুতিৰ নাচোন
হেৰ'
তই আহি দিলি নহয় হুৰাই ৷

     - বিনয় ২৫ মে' ১৭
বুকুৰ ফুঁ দি বজাম বুলি
তোৰ পৰা বাঁহীটো ধাৰলৈ আনিছিলো
সাঁচি-সামৰি থ'লো
জোনাকত বজাম বুলি
বাঁহীটোচোন খাই পেলালে ঘূঁণে
খোলি কৰুকি  ৷
     - বিনয় ২৫ মে' ১৭

ডাৱৰৰ সিপাৰে আছিল জোন
কাঁইটৰ সিপাৰে ফুল ৷
মই কিন্তু নাছিলো তোমাৰ বুকুৰ সিপাৰে
সাগৰ তীৰত সৰি পৰা মই
মাথো পপীয়া তৰাৰ সপোন ৷
     - বিনয় ২৬ মে' ১৭

মোৰ চৌপাশে
মানুহৰ সাগৰ
মোৰ ঘৰ
মোৰ সংসাৰ মোৰ বন্দৰ
ভৰিত মায়াৰ লংগৰ
স্বাৰ্থৰ শিকলীয়ে টানে
আত্ম কেন্দ্ৰিকতাৰ উপকূললৈ
নিঃসংগতা মোৰ সহচৰ ৷
    - বিনয় ২৭ মে, ১৭

কণ্ঠত তোৰ কাৰ দেওলগা হাত
কোনে হৰি নিলে তোৰ
মোক ভাল পাওঁ বোলা মাত?
     
- বিনয় ২৭ মে'১৭


মেলাতেই থাকিল
জোনলৈ মেলা হাত
ক'ৰ ডাৱৰেনো ঢাকি ধৰিলেহি
জোনাক অহাৰ বাট ৷

    - বিনয়, ২৭ মে' ১৭

সহনশীলতাৰ নিস্তব্ধতাৰ স'তে ওমলি আছিলো অতকাল ৷
হঠাৎ শুনিলো আত্মাৰ শংখনিনাদ
কিমান সহিবি অন্যায়
কৰ প্ৰতিবাদ
প্ৰতিবাদ
মুষ্টিবদ্ধ কৰ চেতনাৰ হাত ৷
 -বিনয় ২৭ মে' ১৭

জীৱন অৰণ্যৰ নিৰ্জনতাত
জিলিৰ গহীন মাত
সমুখত কাঁইটনী বন
আগুৱাবলৈ বাকী
বহু যোজনৰ বাট
অৰণ্য খনৰ সিপাৰে
আছে হেনো নিৰ্মল পানীৰ নৈ
প্ৰাপ্তিৰ সেউজীয়া পাৰঘাট ৷
     - বিনয় ২৮ মে' ১৭


এই জোন
শুনচোন
ৰৈ যা এখন্তেক মোৰ চোতালত
মোৰো আছে তোক কাষত পোৱাৰ
তামুলী তৰাৰ সপোন ৷

জোন
থ তোৰ অভিমান ভেম
তোৰ বুকুৰ তুলসী জোপাত
চৰিবহি জানো
সোণৰ হৰিণ?

জোন
ৰৈ যা
কৈ যা বুকুৰ ব্যেথা
দি যা মোক সেই মালাধাৰ
চকুৰ পানীৰ মুকুতাৰে গঁঠা ৷

জোন
মোৰ চোতালত ক'লা
আউঁসিৰ নাচোন
আহচোন দে অকণি
জোনাক বাকি
পোহৰক বুকুৰ ভিতৰ খন ৷

  - বিনয় ২৭ মে' ১৭

Saturday, 3 June 2017

বৰষুণৰ বতৰত গীত বুলি লিখি চাইছিলো ৷ হ'ল নে নহ'ল জানো -

অ' ৰিম ঝিম বৰষুণ
শুনচোন শুনচোন
নবজাবি বুকুত স্মৃতিৰ
নেপুৰৰ ৰুণজুন ৷
মুখল ধাৰ বৰষুণত
পিতায়ে দেখিছিল
সেউজী সপোন
উৰুখা পঁজাত তোৰ
দানৱী নাচোন
উৰুখনি নহয় যেন
দাৰিদ্ৰতাৰ চকুপানী
তাৰ তলতে ৰচোঁ
আমি ৰ'দৰ ৰঙীণ সপোন ৷৷
বৰষুণ, বৰষুণ
তই শুনচোন
কলৰ পাতত তোৰ টুপ টুপ গুণ গুণ
মোৰ বুকুত নামে
বিষাদৰ বেঙেনাবুলিয়া
নিৰাশাৰ হুমুনিয়াহ
নোপোৱাৰ ভগ্ন সপোন ৷
বাটচাওঁ মই ডাৱৰৰ মুখৰ চোকা সেই
ৰ'দ জাকলৈ
যি পোহৰ নমাব
শুকুৱাব চকুলোৰ বান
জীৱন বীণাত বাজি উঠিব
প্ৰেৰণাৰ সুমধুৰ টান ৷৷
- বিনয় ৩ জুন ২০১৭
বষুণীয়া ৰাতি বোৰত 

বৰষুণীয়া ৰাতিবোৰত
তোলৈ মনত পৰে অ'
মই ৰঙানৈ পৰীয়া ডেকা
ৰঙামাটি খচি
সোণগুটিৰ চথৰিয়া ডাঙৰী  কঢ়িয়াই
কান্ধৰ চাল গঁড়ৰৰ দৰে ডাঠ মোৰ ৷
হ'লেও বুকুখন কোমল দেচোন ( তোলৈ)
নাৱৰ টিঙত হেজেক বান্ধি জোঁৰ চাবলৈ ময়েই গৈছিলো
খোলাত দিয়া বৰ কুঁঢ়ী জনী
ভাতৰ পাততলৈ
উচুপিছিলো তোলৈ মনত পৰি
আয়ে সুধিছিল চকুত পানী দেখি
জলকীয়াই পোৰিছে বুলিছিলো ৷
বৰষুণীয়া ৰাতিবোৰত
ভেকুলীৰ গায়ণ-বায়ণ
আমাৰ বিয়াৰ পানী তোলাৰ চাপৰ যেন লাগিছিল অ'
খেতিটো সামৰি
তোক লৈ আহিবৰ কথা
গঞাক বৰভোজ দিয়াৰ কথা আছিল ৷
বৰষুণীয়া বতৰত
ক'ৰ পৰা আহি ৰৈছিল জানো তোৰ পদুলিত
চহৰীয়া মটৰ!
আঁত হেৰাইছিল মহুৰাৰ মোৰ জীৱনৰ  যঁতৰ ৷
বৰষুণীয়া বতৰত
তোলৈ চেৰেং চেৰেং মনত পৰে অ'
তোৰ হাতৰ জহা বৰাৰ
জলপান
আৰু চুঙাচাউলৰ সপোন
নিতাল মাৰিল ৷
বুকুত এজাক
দোপালপিতা বৰষুণ ৷

- বিনয় ৩ জুন ২০১৭

Friday, 2 June 2017

-গোপন সত্য-

সূৰ্যটোৰ সিপাৰে থাকিব পাৰে
দূৰ্ঘোৰ তমসা ৷
পৰ্বতটোৰ সিপাৰে
পোতা পুখুৰী ৷
জোনতো থাকে কলংক ৷
নীলাভ সাগৰৰ জলৰাশিৰ
গোপনত অক্টোপাচ ৷
হুলৰ মাজতে ফুলে
নান্দনিক ফুল ৷
ৰঙা তেজৰ তলত
লুকাই থাকিব পাৰে
ক'লা কৰ্কটৰ বীজ ৷
হাঁহিৰ সিপাৰে থাকিব পাৰে
দুখৰ অভিসাৰীকা
যাৰ স'তে আলিংগনৰ কথা
ক'ব নোৱাৰি কাকো ৷
বুকুত শিল থৈ
বৰ সহজে কৈ দিব পাৰি
কুশলে আছো ৷

প্ৰেম

যৌৱনত কামনাৰ
নিসিদ্ধ নদীৰ জলকেলি
গ্ৰাহস্থ্যৰ উত্তৰ প্ৰজন্মৰ সপোন
দেহজ সুখ
আৰু
প্ৰবৃত্তিগত বাসনা
এই সকলোবোৰৰ শেষত
যিকণ ৰৈ যায়
আমৃত্যু পৰ্যন্ত
অথবা মৰিশালীলৈকে
তাৰ নাম প্ৰেম ৷৷

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...