Thursday, 31 August 2017








 আকৌ প্ৰেমত পৰিছে তাই

   - বিনয় ৩১ আগষ্ট

অকণমান ৰ'দ বিচাৰি হাবাথুৰি খাইছিল তাই
 হোমৰ ধোঁৱাই চানি ধৰা আকাশ খন ফালি
তাইৰ শুৱনি কোঠালৈ সোমোৱা নাছিল পোহৰ ৷
নীলাভ ৰাতিবোৰতো তাই
বুকুত পুহি ৰাখিছিল
অপ্ৰাপ্তিৰ বেদনা এসোঁতা
আদেশ, আবাদৰ, আল-পৈচানৰ ভীৰত
নিস্তেজ হৈ পৰিছিল ক্ৰমশঃ
 ৰভাৰ তলিৰ জেতুকাৰ ৰং ৷
যদিও আঁকিছিল সেওঁতাত
সেন্দুৰৰ ৰেঘা
কঁপালত লৈছিল ৰঙা ফোঁট
তথাপিও যেন বুৰিয়াই নামিব খুজিছিল
তাইৰ হিঁয়াৰ তলিলৈ কোনো এক দেৱদূত ৷

তাই হৈ উঠিছিল উনমনা
অচিনাকি হাত বাউলি এটা
সুহুৰি এটা
দূৰৈৰ পথাৰৰ অইনিঃতম এটা
বনঘোষা এটা হৈ
সোমাই আহিছিল কোনোবা
অপ্ৰাপ্তিৰ খিৰিকি খুলি ৷

তপত চুম্বন
অথবা আলিংগনৰ মাজতো
সি জোকাই আছিল তাইক
অহৰ্নিশে
শৰীৰ নাছিল তাত
ভাগৰ বোৰৰ শেষত যেন
সি কিলবিলাই দিছিল তাইৰ বাউল চুলিত
লিখি থৈ গৈছিল নীলাভ চিঠি
পদূলিৰ ধূলিত ৷

ক্ৰমশঃ গভীৰতলৈ  সোমাই আহিছিল সি
কঁপিছিল হাত
সেন্দুৰ আঁকোতে
সৰি পৰিছিল চাহৰ কাপ
প্ৰিয়তমক যাচোঁতে

অন্যমনস্ক নিৰ্বিকাৰত
ভূমুকিয়াছেহি কোনে?
মই তোক ভাল পাওঁ বোলা
প্ৰাচীনতম কবিতাটো
কাণত গুণ গুনাইছেহি কোনে?

তাই আকৌ প্ৰেমত পৰিছে
আকৌ এবাৰ হেৰাই যাব খুজিছে
ঘৰ্মাক্ত আলিংগন
আৰু ঘন উশাহৰ মাজত
অৰণ্যৰ ছাঁ অথবা
মহানগৰীৰ
কোলাহলৰ আঁৰত
গতানুগতিকতাৰ
দুৱাৰ ভাঙি
আকৌ প্ৰেমত পৰিব খুজিছে তাই

আকৌ প্ৰেমত পৰিছে জোনাকৰ
যি জোনাকে ধুৱাই নিব
শুৱনি কোঠাৰ যত আন্ধাৰ
আৰু
বিঢৌত কৰিব যত ক্লান্তি অপ্ৰাপ্তিৰ

হৃদয়ৰ সমষ্ট আকুলতাৰে
ৰৈ থাকে তাই
বুকুত লৈ অপ্ৰাপ্তিৰ হুল ৷
ভাঙি দি যোৱা জীৱনৰ যত ভুল
গুজি দি যোৱা বাউল চুলি মেলাই
প্ৰেমৰ খঁৰিকাজাঁই ফুল ৷
সি কেৱল অশৰীৰি  প্ৰেমৰ  কায়া
বাকী সৱ মায়াময় ছাঁয়া
সজোৱা হে অদেখা প্ৰেমিক
তোমাৰ প্ৰেমেৰে
উজলি জ্বলক
চিন্তন প্ৰেমময়
নাৰীৰ হিয়া ৷

Sunday, 27 August 2017

শিল্পী অই আপ্পুন গণেশ পেগু দেৱৰ এখন
আপুৰুগীয়া ফটো ৷

Sunday, 20 August 2017




অসমৰ চান্দা অপসংস্কৃতি, উৎপত্তি আৰু ক্ৰমবিকাশ, হিচাপ বনাম ৰাইজৰ মৰণ ৷

   শিৰুনামাটো দেখি মোক বিষয়টোৰ গৱেষক ছাত্ৰ বুলি ভুল নুবুজিব ৷ মোৰ জীৱন কালত চান্দা নামৰ ভয় লগা বিষয়টোৰ ওপৰত হোৱা কিছু অনুভৱ হে ব্যক্ত কৰিব খোজা হৈছে ৷
    সত্তৰ দশকত মোৰ জন্ম ৷ প্ৰায় চল্লিশোৰ্ধৰ এই জীৱন কালত চান্দাক লৈ না না অভিজ্ঞতাৰ সন্মুখীন হৈছো  ৷ চান্দা আৰু অসম যেন টকাটোৰ ইপিঠি-সিপিঠি হৈ পৰিছে ৷
    বৰ বৰ সংগঠনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ একতা সভা, গাঁও, চুবা, গলি বোৰত পতা স্বৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, সত্যনাৰায়ণ পূজা আদি সকলো অনুষ্ঠানতে চান্দাৰ বহী নছপালে, দাবী ধমকি দি ধন নুতুলিলে নহ'বই ৷
       কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল এই অপসংস্কৃতি?  মোৰ চমু জীৱন কালত দেখা, শুনা, পঢ়া সকলো অভিজ্ঞতা সামৰি যি বুজিছো এই চান্দা তোলাৰ নিয়মটো অতীজৰে পৰা অসমত প্ৰচলিত আছিল ৷ তাহানি গঞাই গাঁৱত নামঘৰটো সাজিবলৈ গৃহস্থি প্ৰতি ধান-চাউল সংগ্ৰহ কৰা, বাৰীৰ বাঁহ খেৰ সংগ্ৰহ কৰাৰ নিয়ম আছিল ৷ পিচলৈ "ভেঞ্চাৰ স্কুল" খোলিবলৈও ৰাইজে ঘৰে ঘৰে কাঠ বাঁহ বা ধন তোলাৰ কথা শুনিছিলো ৷
এসময়ত গাঁৱৰ পুথি ভঁৰাল, ক্লাৱ ঘৰ আদি সাজিবলৈও এনেদৰে ধন বা সামগ্ৰী চান্দা ৰূপে সংগ্ৰহ কৰাৰ প্ৰথা আছিল ৷ নিজে দেখাৰ উপৰি চৈয়দ আব্দুল মালিক দেৱৰ  সূৰুযমুখীৰ স্বপ্ন আৰু স্বপ্ন ভংগ উপন্যাসত ইয়াৰ সাৱলীল বৰ্ণনা পঢ়িছিলো ৷
     ইয়াৰ ওপৰি ৰজাদিনীয়া হুচৰিযোৰা জানো চান্দা সংগ্ৰহৰে অন্য নাম নহয়?  বিহু গীত সমূহেই ইয়াৰ প্ৰমাণ ৷
"গৰুৰ বিহুৰ দিনা বস্ত্ৰ দান কৰিবা
তেহে পাবা বৈকুণ্ঠত স্থান  ৷"
বা
"জাপ মাৰি আনক গৈ ঢাপ তামোল জুপি
থাপ মাৰি আনগ গৈ পাণ
বৰপেৰা খুলি ৰূপ টকি আনকৈ
ভকতক ধৰি যাওক মান ৷

আদিৰ দৰে বিহু গীত সমূহে সেই সময়ত প্ৰচলিত চান্দা তোলাৰ নিয়মকে প্ৰতিনিধিত্ব নকৰে জানো?
        ৰাইজে গৃহস্থক বা দেউতা ( বৰলোক)ক বিনামূলীয়া আশীৰ্বাদ দিয়া নাছিল ৷ দস্তুৰুমত ধন লৈ মংগল কামনা কৰিছিল ৷ গতিকে চান্দা নামৰ শব্দটো যে অসমত প্ৰচীন তাৰ এটা ধাৰণা মই কৰি লৈছো ৷
  তাহানিৰ ৰাইজে সোঁ-শৰীৰেৰে ৰাতি-দিন বোকা-পানী ভাঙি কষ্ট কৰি তোলা চান্দা আৰু সেই চান্দাৰ সু-ফল - নামঘৰটো, বিদ্যালয় খন, পুথি ভঁৰালটো সমাজৰ উপকাৰত আহিছিল ৷
   পিছে সময় সলনি হ'ল চান্দা তোলাৰ ঢঙো সলনি হ'ল ৷ আমি অমুকটো ডাঙৰ ছাত্ৰ সংগঠনৰ অমুক অধিৱেশন পাতিছো ৷ আমি অমুক সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে  তমুক সভা পাতিছো, আমাৰ সংগঠনৰ নেতাৰ বিয়া আছে আমাৰ আঞ্চলিক সমিতি যাব লাগে ৷ মুঠতে না না উপলক্ষ্য ৷ ধন লাগে ৷ দিবই লাগিব ৷ ব্যৱসায়ী সকলৰ মূৰত মাৰ ৰাম টাঙোন ৷ আমি অমুক সংগঠনে তিনিদিনীয়াকৈ বিহু মেলা পাতিছো দে ধন ৷ অসম ভিত্তিক, জিলা ভিত্তিক, চুবুৰী ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতা পাতিছো তোল চান্দা ৷

 এই কাৰাবাৰটো অসমত কেতিয়াৰ পৰা আৰম্ভ হ'ল? মোৰ জীৱন সোঁৱৰণ কৰি চালে আশীৰ দশকৰ পৰাই যেন ই প্ৰসাৰতা লাভ কৰিলে ৷ ৬ বছৰীয়া আন্দোলনটোৰ শেষত এটা বিশেষ ছাত্ৰ সংগঠনৰ নেতা সকল শাসনত বহিল তাৰ পাচতে সেই ছাত্ৰ সংগঠনটোৰ নেতা সকলৰ বিলাসী জীৱন আৰম্ভ হ'ল ৷ টিকট বহী চপাই ইটো সিটো কামৰ বাবে চান্দা তোলা দেখিছিলো ৷ তাৰ পাচত আহিল স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা ককাইদেউহঁত ৷ ককাইদেউ হঁতে যি খোজে অনা অসমীয়া ব্যৱসায়ী, ঘোচখোৰ বিষয়া আদিয়ে দিবলৈ বাধ্য হৈছিল ৷ "ব্ৰুকবন্ড" আৰু "লিপটন" নামৰ চাহ কোম্পানী দুটাক সৰহ কৈ ধন বিচৰা আৰু অসম এৰি যাবলৈ হুমকি দিয়াৰ বাবেই হাত দীঘল বহুৰাষ্ট্ৰীয় কোম্পেনী দুটাৰ অনুৰুধতে অসমলৈ "বজ্ৰংগ" নামৰ নৰখাদকটো আহিছিল বুলি শুনিছিলো ৷ কিমানদূৰ সঁচা নাজানো ৷
      লাহে লাহে অসমত সংগঠনৰ সংখ্যা বাঢ়িছি আহিছিল ৷ বিচিন্নতাবাদ আৰম্ভহৈছিল প্ৰতিটো জনগোষ্ঠীৰ মাজত ৷ ভাগে ভাগে ছাত্ৰ সংগঠন, ভাগে ভাগে নেতা,  ভাগে ভাগে চান্দা ৷ ৰাইজৰ যি হওক নহওক এনে নেতাৰ ডিঙিত জিলিকিবলৈ আৰম্ভল কৰিছিল শকত সোণৰ হাৰ, আঙুলিত গ্ৰহ-ৰত্নৰ, সোণৰ আঙুঠি ইত্যাদি ৷ লাগে লাহে ছাত্ৰাৱস্থাতে বিলাসী গাড়ী, মাটি-ঘৰৰ মালিক হৈ পৰিবলৈ আৰম্ভ কৰিছিল এনে নেতা সকল ৷ ডাঙৰ ডাঙৰ সংগঠনৰ নেতাক দেখি সৰু সৰু সংগংঠন বোৰৰ নেতা সকলেও অনুসৰণ কৰিছিল একেটা পথকে ৷
 আজিকালি প্ৰায়ে শুনো অমুক ছাত্ৰ সংগঠনে এইবাৰ ইমান গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পঢ়ুৱাৰ দায়িত্ব লৈছে, লাখ লাখ টকা খৰচ কৰি ওজা ছাত্ৰৰ অভিন্দন অনুষ্ঠান পাতিছে… ৷ কথা হ'ল ছাত্ৰই ছাত্ৰক পঢ়ুৱাৰ দায়িত্ব ল'ব পাৰে কেনেকৈ?  এই ধনৰ উৎস কি?  সৱ জানি বুজিও আমি চকুমুদা কুলিৰ ভাও ধৰোঁ ৷ সেই বাবেই একো একোজন ছাত্ৰ নেতাই বুঢ়া বয়সলৈকে ছাত্ৰ হৈ থকাৰ প্ৰৱণতা এটা এচামৰ মাজত গা কৰি উঠা পৰিলক্ষিত হৈছে ৷
  নেতা ধনী হৈছিল মাৰ পৰিছিল খাটি খোৱা জনতাৰ ওপৰত ৷ কাৰণ সকলো সংগঠনে মাৰটো মাৰে বিশেষ কৈ ব্যৱসায়ী সকলৰ ওপৰত ৷ যিমান ডাঙৰ ব্যৱসায়ী সিমান শকত চান্দা ৷ ব্যৱসায়ী সকলোতো আৰু বুৰ্বক নহয় ৷ গোটেই ভাৰতবৰ্ষৰ ৰাজনীতি নিৰ্ভৰ কৰে বনিয়া গোষ্ঠীৰ ওপৰত ৷ এওঁলোকে চান্দা দি সংগঠন সমূহৰ লগত সম্পৰ্ক ঠিকেই ৰাখে ৷ কিন্তু প্ৰতি পদ সামগ্ৰীৰ কিনা দামৰ লগত চান্দাৰ ধন যোগ কৰে ৷ "যিমান শকত চান্দা নিবা আমি সিমান পৰিমাণৰ কিনা দাম ধৰি তাৰ হিচাপতহে লাভ যোগ কৰি বিক্ৰী কৰিম ৷" গতিকে যি কেইজন নেতাই ধন তোলে তেওঁৰ দেউতাকেই সেই চান্দাৰ হিচাপটো যোগ হৈ থকা লোণ-তেলকণ কিনি নি পুতেকৰ উদৰ পুৰ কৰে ৷
      এই খিনিতে আৰু এটা কথা নক'লে আধৰুৱা হ'ব ৷ তাহানিতে
"ৰাণাদা" (জয়ন্ত হাজৰিকা)হঁতে সুৰ বাহিনী গঠন কৰি বান পিড়ীতক বাবে ধন তোলাৰ কথা শুনিছিলো ৷ আজি কালিও ভ্ৰাম্যমান থিয়েটাৰ, সাংস্কৃতিক সন্ধিয়া আদিৰ বাবে টিকট দি ধন তোলাৰ নিয়ম চলি আছে ৷ এইবোৰক চান্দাৰ শাৰীত ধৰা নাই ৷ কাৰণ ইয়াৰ বিপৰীতে ধন ভৰোঁতাই কিবা এটা পায় ৷ মানসিক শান্তি অথবা মনোৰঞ্জন ৷

কিন্তু মই আগতে উল্লেখ কৰি অহা কাৰণবোৰৰ বাবে তোলা ধনৰ বাবে দিওঁতাই মানসিক অশান্তি হে পায় ৷ বহু ক্ষেত্ৰত হাৰাশাস্তি, ভাবুকিৰো সন্মুখীন হয় ৷
    আটাইতকৈ লক্ষণীয় কথাটো হ'ল এনে ধনৰ হিচাপ কোনো সংগঠনে ৰাজহুৱা নকৰে ৷ যাৰ জেপত যি সোমাল সোমাল আৰু ৷ ৰাইজক জনোৱাৰ কি দৰকাৰ?  গতিকে গাঁৱৰ কণমানি জাকে বিহুৰ নামত গামোচা গাঁঠি দি বাট ভেটি পইচা তোলা, স্বৰস্বতী পূজাৰ বাবে বেঞ্চ পাৰি, বেনাৰ টানি গাড়ী-মটৰ ৰখাই ধন তোলাৰ দৃশ্য সুলভ হৈ পৰিছে ৷ বিনা শ্ৰমত ধন পালে কাকনো নালাগে?

     আদাক দেখি কেতুৰীৰ গা উঠাৰ দৰে সকলোকে সংগঠনৰ নেতা হ'বলৈ লাগে ৷ একো খন সৰু ঠাইতে কিমান যে সংগঠন ৷ মূল  উদ্দেশ্য ক'ৰবাত পৰি থাকে ৷ চান্দা হে মুখ্য হয় ৷
   চান্দা নামৰ এই দৈত্যটোৰ পৰা অসমক ৰক্ষা কৰিবলৈ ময়ো চান্দা বিৰোধী সংগঠন এটা খোলি তাৰ সম্পাদক হৈ টিকট -বহী দুখনমান ছপাই লওঁ নেকি ! নে কি কয়?

      -বিনয় ২০ আগষ্ট ২০১৭

Friday, 18 August 2017

অসমীয়া সাহিত্যৰ নতুন মাধ্যম


"স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰ সিংহ দুৱাৰ হৈছে মাতৃ ভাষা ৷"
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা কথাষাৰ হঠাৎ কিয় মনলৈ আহিল নাজানো ৷ হয়তু নিজৰ ভাষাটো ভাল পাওঁ সেই বাবে ৷ ভাষাটোৰ চৰ্চাৰ প্ৰসাৰ হৈছে হয়তু সেই বাবে ৷
      "হেৰা কিমাননো আৰু ম'বাইল টিপি নাথাকা?  আমনি নালাগে নে? " শ্ৰীমতীৰ প্ৰত্যাহিক অভিযোগ ৷ মই কেৰেপ নকৰোঁ ৷ তেওঁ ভাৱে এইজনে ফেচবুক-ৱাটচএপত ব্যস্ত থাকে ৷ থাকোঁ নথকা নহয় ৷ কিন্তু ফেচবুক মোৰ বাবে চাটিং চাটিং খেলা বস্তু নহয় ৷ মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে গ'ম পায় মই কিমানৰ ইনবক্সত টুকুৰিয়াওঁ ৷ ফেচ বুক এই কাৰণেই ভাল লাগে যে 'অসমীয়া ইউনিক'ড' হোৱাৰ পৰা প্ৰায় সকল অসমীয়া ভাষী বন্ধুৱেই অসমীয়াত লিখা- মেলা  কৰে ফেচ বুকত ৷ লিখিবলৈও সহজ ৷ কলম কাগজৰ ঝামেলা নাই ৷ চিন্তা কৰা আৰু নিজৰ স্মাৰ্ট ফোনটোতে লিখি থাকা ৷ হাতৰ আখৰ বেয়া বুলি লুকুৱাবলৈও নাই ৷
     এটা সময়ৰ কথা মনত পেলাওকচোন ৷
লেটাৰ প্ৰেছত সীহৰ আখৰ এটা এটা কৈ বুটলি কম্পজ কৰি একো খন  কিতাপ প্ৰকাশ কৰাৰ কথা ৷ নতুন চামে এই কথা নাজানে ৷ সৰু হৰফৰ বাবে সৰু লেটাৰ কেচ, ডাঙৰ আখৰৰ বাবে ডাঙৰ ৷  ফটোৰ বাবে ব্লক বনাবলৈ আমাৰ দৰে ঠাইৰ মানুহ গুৱাহাটিলৈ ঢাপলি মেলিব লাগিছিল ৷ টাইপ ৰাইটাৰ, লিঠু মেচিন, ষ্টেনচিল আজিৰ প্ৰজন্মৰ কিমানে চিনি পায়!?
   সময় সলনি হৈছে ভাষাৰ চৰ্চাৰ মাধ্যমো সলনি হৈছে ৷ আমিবোৰে ও এই পৰিবৰ্তন মানি ল'বই লাগিব ৷ মই লৈছোৱেই ৷ কলম এৰা বহুদিন হ'ল ৷ বাতৰি কাগজলৈ কম্পিউটাৰত লিখোঁ ৷ অৱশ্যে অসমীয়া ছপা মাধ্যমে এতিয়ালৈকে ইউনিক'ড ব্যৱহাৰ কৰা নাই ৷ সেইবাবে অসমীয়া লিখাৰ বাবে ৰামধেনু, অনিল বৰুৱা আদি চফ্টৱেৰৰ প্ৰয়োজন ৷
আশাকৰোঁ অসমীয়া বাতৰি কাকতবোৰেও এদিন ইউনি ক'ড ব্যৱহাৰ কৰিবগৈ ৷
সি যি কি নহওক ফেচবুকেই নহয় মই   ইন্টাৰনেট মাধ্যমটো সাহিত্য বা ভাষা চৰ্চাৰ উৎকৃষ্ট মাধ্যম বুলি গন্য কৰোঁ ৷ ইয়াক মই স্বীকাৰ কৰি লৈছো ৷ নিজাকৈ ব্লগ এটাও খোলি লৈছো ৷ এই ক্ষেত্ৰত মোক সহায় কৰিছে ভাতৃ Jamini Anurag এ ৷ যাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ ৷ নিজকে বয়সত ডাঙৰ বুলি বুকু ফিন্দাই বহি থকা মানুহ মই নহয় ৷ নজনা খিনি সৰুৰ পৰাও শিকোঁ ৷ কাৰণ সিহঁতৰ নতুন পৃথিৱী খনত আমি পুৰণি হৈ আহিছো ৷ শৰীৰিকে পুৰণি হোৱাত কোনে বাধা দিব?  কিন্তু মনেৰে পুৰণি হ'ব নোখোজোঁ মই ৷ পৃথিৱীখন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত ইমান দ্ৰুত গতিত আগুৱাইছে যে আমি বুঢ়া হোৱালৈ আৰু বহুত আগুৱাব ৷ এই বয়সতে হাৰ মানি দিয়াৰ ইচ্চা নাই ৷ দেউতাকো স্মাৰ্ট ফোন এটা লোৱাই দিলো ৷ ফেচবুক কৰে, নেট বেংকিং কৰে, পে-টিএম চলাই দেউতাই ৷
    শেষত এটা কথাৰে সামৰিব খোজিছোঁ ৷ সাহিত্য চৰ্চাৰ যে এই মাধ্যমতো সলনি হৈছে ই শুভ লক্ষণ ৷ ই যেন অসমীয়া "ই-সাহিত্য"ৰ সোণালী সময় ৷ আহক সকলোৱে নিজৰ ভাষাটো মৰম কৰোঁ ৷ মাৰ পৰা শিকিলো বাবেইতো মাতৃ ভাষা ৷
"মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘৃণ কৰাতো বুজাব? "

   বিনয় ১৯ অক্টোবৰ ১৭ নিশা ১২-১৭

Thursday, 17 August 2017

অবিশ্বাস, বিশ্বাসহীনতা, বিশ্বাস ঘাটকতা ইত্যাদি:

  মই নাটকৰ লগত জৰিত মানুহ ৷ নাটৰ কৰ্মশালাবোৰত এটা খেল খেলোৱা হয় ৷ এজন প্ৰশিক্ষাৰ্থীক গা টো বেঁকা নকৰাকৈ পিঠি দি  পোনে পোনে পকী মজিয়াত পৰি দিবলৈ কোৱা হয় ৷ তেওঁৰ যাতে কোনো হানি-বিঘিনি নহয় তাৰ বাবে পাচফালে দুজন সতীৰ্থ ৰৈ থাকে পকী মজিয়াত পৰা আগতেই ধৰি ৰাখিবলৈ ৷ বহুতেই এই খেলটো খেলিব নোৱাৰে ৷ পৰি নিদিয়ে ৷ ভয় কৰে ৷ জানোচা নধৰে ৷  সতীৰ্থ দুজনৰ ওপৰত তেওঁৰ বিশ্বাস নাথাকে ৷
   এই খেলটো খেলিবলৈ সতীৰ্থ দুজনৰ ওপৰত গভীৰ বিশ্বাস লাগে ৷ যাৰ নাই,  সি নোৱাৰে ৷
    মানৱীয় সম্পৰ্ক, সম্বন্ধবোৰো ঠিক এই খেলটোৰ দৰে ৷ পৰস্পৰৰ মাজত বিশ্বাস নাথাকিলে সম্বন্ধ নিটিকে  ৷
     জীৱনৰ বাটত কিমান মানুহ লগ পোৱা হয় ৷ তেজ-মঙহৰ সম্বন্ধ থকা খিনিৰ বাদেও বন্ধু-বান্ধৱ, সহপাঠী, কৰ্মক্ষেত্ৰ-ব্যৱসায়ীক ক্ষেত্ৰ, যাত্ৰা পথৰ সহযাত্ৰী… আৰু শেষত তেজৰ সম্বন্ধ হীন পতি-পত্নী, প্ৰেয়স-প্ৰেয়সী ৷
এই সকলো ক্ষেত্ৰতে সম্বন্ধ বা আত্মীয়তা অটুত থাকে বিশ্বাস নামৰ তিনিটা অাখৰ যুক্ত শব্দটোৰ বাবে ৷ বিশ্বাসৰ পৰাই সৃষ্টি হয়
সু-সম্পৰ্ক,  আত্মীয়তা, বন্ধুত্ব, প্ৰেম, যুগ্ম জীৱন ইত্যাদি ৷
  অৱশ্যে বিশ্বাসহীন ভাৱেও উপৰিউক্ত সম্বন্ধবোৰ থাকিব পাৰে ৷ কিন্তু সেয়া ভুৱা সম্বন্ধ ৷ নাটক ৷ ইজনে সিজনক কৰা প্ৰতাৰণা মাথো ৷
       বিশ্বাসহীনতা মানেই অবিশ্বাস ৷ অবিশ্বাস ওপজে দুটা কাৰকৰ পৰা - সন্দেহ আৰু বিশ্বাস ঘাটকতা ৷
সকলো সম্বন্ধৰ ফাঁট মেলাৰ কাৰণ সন্দেহ ৷ সন্দেহ আৰু বিশ্বাসহীনতা মোৰ মতে প্ৰায় সমাৰ্থক ৷ কিন্তু বিশ্বাসঘাটকতা পৃথক ৷ যাক গভীৰভাৱে বিশ্বাস কৰা হয় তেনে লোকে যদি বিশ্বাসঘাটকতা কৰে তেনে সেই সম্বন্ধ চিৰদিনলৈ টুটিল ৷ ই সন্দেহৰ পৰা ওপজা অবিশ্বাস নহয় ৷ সন্দেহৰ পৰা ওপজা অবিশ্বাস দূৰ কৰিব পৰি ৷ কিন্তু বিশ্বাস ঘাটকতাৰ পৰা সৃষ্টি হোৱা অবিশ্বাস শিলৰ ৰেখা ৷ ম'চিব নোৱাৰি৷

      একান্ত ব্যক্তিগতঃ সাধাৰণতে মই কাকো অবিশ্বাস, সন্দেহ নকৰো ৷ মোক কৰিলেও বেয়া পাওঁ ৷ কিন্তু যি এবাৰ বিশ্বাস ভংগ কৰে তাৰ লগত মই সহজ হোৱা বাদেই মাত-বোল পৰ্যন্ত বন্ধ কৰি দিওঁ ৷ মোৰ বন্ধুত্বৰ তালিকাত, সম্পৰ্কৰ তালিকাত এনে বহু মানুহ আছে যাক মই নামাতো ৷ যদিও মই নাটক ভালপোৱা মানুহ,  সম্পৰ্কৰ ক্ষেত্ৰত নাটক নাটক খেলিব নোৱাৰো ৷ নেখেলো ৷ সেইবাবেই দিনে দিনে মোৰ বন্ধুত্বৰ তালিকা খন চমু হৈ আহিছে ৷ হওক আপত্তি নাই ৷ হাজাৰ বিশ্বাসঘাটকত কৈ এজন সুহৃদেই যথেষ্ট ৷
  - বিনয় ১৮ আগষ্ট ১৭

Wednesday, 16 August 2017


ভেনা মাখি

কিমান ভোকাতুৰ হ'লে
আঁজুৰি চিঙি খাব পাৰি
 কেঁচা মঙহ ?
কিমান স্বাৰ্থপৰ হ'লে
ৰূদ্ধ কৰি দিব পাৰি শ্বাস
ক্ষণিকৰ শৰীৰি খেলৰ শেষত?
কিমান পাষাণ হ'লে
ঢালি দিব পাৰি
আন্ধাৰ সেই বাটত
যি বাটেৰে নামে
প্ৰজন্মৰ জোনাক ?

ভোক সহজাত ৷
কামনাও ৷
কিন্তু কামনাৰ ভোক?

ভোক লাগিছিল সিহঁতৰ
খাব খোজিছিল মঙহ ৷
জীয়া মঙহ কোনে দিব পাৰে শৰীৰৰ?
তথাপিও
কামোৰি আঁজুৰি
চিঙিছিল তাইৰ
শৰীৰৰ
বাধা আৰু প্ৰতিবাদবোৰ
স্তব্ধ হৈ গৈছিল
তাই হৈ পৰিছিল অশৰীৰিৰী ৷

"ডিচপ'জেৱল গ্লাচ" এটাৰ দৰে
পেলাই দিয়া হৈছিল তাইক
মোহাৰি-সামৰি
পান কৰাৰ শেষত
কামনাৰ সুৰা ৷

প্ৰাণহীন শৰীৰটো
পুনৰ বালাৎ কাৰ কৰিবলৈ আহিছিল
এজাক ভেনা মাখি
সিহঁতেও সিঁচি দিছিল
কামনাৰ বীজ
যি বীজৰ পৰা ওপজিছিল
কিল্ বিল্ পোক ৷
মাখিৰো থাকে
কামনাৰ সহজাত ভোক?

ৰূদ্ধ কোঠাটোৰ বাহিৰত আছিল
অলেখ জীয়া মানুহ
কামাতুৰ পিশাচ আৰু মাখিৰ বলাৎকাৰৰ
শেষত দূৰ্গন্ধই বিয়পাইছিল
তাইৰ মৃত্যুৰ খবৰ ৷

বাতৰিৰ ভীৰৰ এটা বাতৰি আছিল
এই খবৰ ৷
ঘৃণাত নাক কোঁচাইছিল
কোঠাটোৰ বাহিৰৰ জীয়া মানুহ জাকে ৷

প্ৰতিবাদ কৰা নাছিল সিহঁতে
কাৰণ -
সিহঁতৰো যে আছে সহজাত ভোক-
 কামনাৰ ৷

সেই মানুহ জাকৰ ভীৰৰ মাজতে আছিল সিহঁত
যি ৰূদ্ধ কৰি দিছিল তাইৰ শ্বাস
হানিছিল, খুঁছিচিল
কামুৰি কামুৰি খাইছিল তাইৰ
শৰীৰৰ গোপন মঙহ ৷
ভীৰৰ মাজতে সিহঁতে
সন্ধান কৰিছিল
নতুন চিকাৰৰ
আৰু সিহঁতক
অনুসৰণ কৰিছিল এজাক
ভেনা মাখিয়ে
যাৰ নাম-
প্ৰতিবাদহীন মানুহ ৷


 ( শিৱসাগৰত উদ্ধাৰ হোৱা গলিত নাৰীৰ মৃত দেহটোৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা আৰু নৰ পিশাচৰ প্ৰয়াচিত্ত কামনাৰে)

-বিনয় ১৭ আগষ্ট ১৭

Monday, 14 August 2017


বানৰ গান

চাৰিও ফালে বান
কেনেকৈ গাওঁ অ'
স্বাধীনতাৰ গান!

মুক্তি যুঁজাৰু ককাই দি যোৱা
জাতীয় পতাকা থকা পেৰাটোও লৈ গ'ল বানে
ককা দেউতাৰ শ্মশানৰ ভেটি
পলস নহয় অ'
বালিত পোত গ'ল ৷

খেজানাৰ ৰচিদ
তেওঁৰ যুতুকীয়া কেৰু-মনি গাম খাৰু
কোন বা ধুবুৰী পালেগৈ !?
কোন স'তে চিঞৰো অ'
"বন্দে মাতৰম"
ভোকে নামানে কোনো ধৰম
স্বাধীনতা কেনেকৈ যাচোঁ তোক মৰম!
আখল-মাৰল-চ'ৰাঘৰ
সপোন হ'ল
মথাউৰিৰ শিৱিৰ
ৰেচনৰ চাউল
মাথো সম্বল ৷
কোন মাতে চিঞৰো
"বন্দে মাতৰম"?

হেৰ' বলিয়া বান
এইবাৰ তোকেই চালাম
আৰুবেলি যদি গজে মোৰ পথাৰত সোণালী ধান
বল আহে যদি
আমাৰ কণ্ঠত
তেতিয়া গাম দে
স্বাধীনতাৰ গান ৷

   -বিনয় ১৪ আগষ্ট ১৭

Sunday, 13 August 2017

বানপানীৰ  চিন্তাঃ
  আমাৰ দৰে খাৰ খোৱা মেঠাই ইমান ভয়ানক সমস্যা এটাৰ কথা ভৱা ভুল যদিও ইচৰে মূৰটো ঘূৰণীয়াকৈ দিয়াৰ বাবে নাভাবি থাকিব নোৱাৰো ৷ কাৰ লাভ লোকচান হ'য় নাজানো মোৰ কিন্তু অসমৰ বানপানীক লৈ বেলেগকৈ ভাবিৰ মন গ'ল ৷
অসমৰ বানপানী আজিৰ সমস্যা নহয় ৷ হৈ আহিছে, হৈ থাকিব ৷ নক'মে ৷ বৰং বাঢ়িব ৷ যি দলৰে চৰকাৰ নহওক ইয়াক যে স্থায়ী ভাৱে সমাধান কৰিব পাৰিব মোৰ চুটি মগজে নকয় ৷
ইয়াৰ কাৰণো দেধাৰ ৷ হেৰ' প্ৰথম কথা অসমৰ ভৌগলীক অৱস্থিতি ৷ চাৰিওফালে পাহাৰে আৱৰা ৷ অসমখন ঘুটুুুং চৰিয়া এটাৰ দৰে ৷ আৰু পানীৰ ধৰ্ম ততলৈ বৈ অহা ৷ উজনী অসমৰ নদীবোৰৰ উৎস অৰুণাচল পাহাৰ ৷ নামনিৰ ফালে ভুটান, মেঘালয় পাহাৰ আদি ৷ গতিকে পানীসোপা যাব ক'লৈ?  অসমলৈকে নামি আহিব ৷ তাতে পাহাৰৰ গছ-গছনী কাটি তহিলং ৷ ফলত বালি-মাটি-শিলে নদী সমূহৰ বক্ষ তৰাং কৰিলে ৷ এই কাৰণতে ধেমাজীৰ জীয়াধল, কুমতীয়া, গাই আদি নদীবোৰৰ নামটো হে আছে ৷ নৈ নাই ৷ বালিয়ে পুতি ফুটবল খেলা ফিল্ড যেন কৰিলে ৷ গতিকে সৰহ পানী আহিলে পানীয়ে গাঁও,নগৰ, চহৰ ফুৰিবলৈ যাবই ৷ দ্বিতীয়তে নদী বান্ধ বা জলবিদ্যুৎ প্ৰকল্প ৷ কাষৰীয়া পাহৰীয়া ৰাজ্যৰ জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানীয়ে খাৰখোৱাক বাৰ বজাই তেৰ ওলমাই দিছে ৷ কুৰিশ্বু, ৰঙানদী ইয়াৰ উদাহৰণ, সোৱণশিৰিত এটা সাজি আছে আৰু তিনিটা সাজিব ৷ মই কোৱা কেইটাতকৈ হাজাৰ গুণ ডাঙৰ ৷ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱক ভাৰতৰ শক্তিগৃহলৈ ৰূপান্তৰ কৰিবলৈ আৰু কেইবা শ নদী বান্ধ বন্ধাৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছে ৷ ৰাজ্যত যি দলৰে চৰকাৰ নাহক কাৰ সাধ্য কেন্দ্ৰক বাধা দিব ৷ গতিকে মোৰ মেঠাই কৈছে বান পানী আৰু অসম এটা টকাৰ ইপিঠি সিপিঠি হোৱাতো খাটাং ৷
  গতিকে "যোগ্যে ভোগ্যা বসুন্ধৰা " বোলা বাক্য শাৰী সাৰোগত কৰি অসমৰ ৰাইজক বানৰ লগত সহবাস কৰাৰ যোগ্য কৰি তোলাৰ হে কথা ৷ মথাউৰী সাজি অভিযন্তা, ঠিকাদাৰৰ পেট ডাঙৰ কৰাৰ সুবিধা প্ৰদান কৰাতকৈ ৰাইজক বানৰ লগত সহবাস কৰাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক ৷
মোৰ মেথাই কোৱা মতে অসমবাসীৰ বাবে চাং ঘৰ আৰু নাও অপৰিহাৰ্য ৷ অসমত নৈ পৰীয়া মিচিং ৰাইজৰ লগতে দেউৰী আদি কেইটিমান জনগোষ্ঠীয়েহে চাং ঘৰ ব্যৱহাৰ কৰে ৷ এই চাং ঘৰৰ ব্যৱস্থাটো সকলোৱে কৰি ল'ব লাগে ৷
চৰকাৰে মেট্ৰিক পাচক কম্পিউটাৰ দিয়াৰ দৰে আন এখন আঁচনি লৈ ঘৰে প্ৰতি নাও যোগানৰ ব্যৱস্থা কৰিব লাগে ৷ নাও ঠিকাদাৰক যোগান ধৰিবলৈ দিব নালাগে দেই ৷ তেনে নাৱে যে জীৱন ৰক্ষা কৰিব পাৰিব তাৰ আশা খীণ ৷ গতিকে নাৱৰ ধন পোনে পোনে হিতাধীকাৰিৰ বেংক একাউন্টত জমা কৰি দিব লাগে ৷ ৰাইজে নিজেই কিনি ল'ব ৷
     আজিলৈ এই খিনিয়েই ৷ পাচত আৰু কিবা ওলাই বা 🤔 দেখা যক চোন ৷

Friday, 11 August 2017


চ'ৰধাৰ ম'ৰ, মৰ মৰ অখম বাসী

এইখন শংকৰ আজানৰ দেশ
এই খন বীৰ লাচিতৰ দেশ
বুৰঞ্জীৰ পাতত শুই
নিঃপালি দিয়া
অজস্ৰ শ্বহীদৰ দেশ

লাচিত, মূলা, কনকলতা
মুকুন্দ অথবা খৰ্গেশ্বৰ
সকলো শুই থাকে
পাহৰণিৰ ডায়েৰী পাতত
আহিলে নিৰ্বাচন
সাৰ পায়
ভোট প্ৰত্যাশীৰ
উদাৰ্ত ভাষণত ৷

শংকৰ- আজানে
একেখন চোতালত বহি
বৰগীত-জিকিৰ গায় ৷
বুৰঞ্জীৰৰ পাতৰ
অখ্যাত বিখ্যাত
সকলো সাৰ পায় ৷
পবিত্ৰ আত্মাৰ নাম লৈ
অপবিত্ৰ আত্মাবোৰ
ৰাজ সিংহাসনত বহিলোৱাৰ পাচত
আৰু কোনে পায়?

বৰাক হওক কিম্বা ব্ৰহ্মপুত্ৰ
দুয়ো উপত্যকাৰ জনতা
কেৱল ৰজা গঢ়াৰ হে যন্ত্ৰ ৷
আৰে
ভোট ভোট ভোট
নিৰ্বাচনৰ শেহত
বুৰঞ্জীৰৰ পাতৰ পৰা উঠি অহা শ্বহীদ
শংকৰ-আজান…
সকলো মৰি পুনু হয়
ভূত ৷

আমি উদাৰ অসমীয়া
পুনু বাট চাওঁ
শুনিব'লে সেই
গুৰু-গম্ভীৰ কণ্ঠ
আমি যে ৰজা গঢ়া
যন্ত্ৰ
"চ'ৰধাৰ ম'ৰ, মৰ মৰ  অখম বাসী ৰাইজ…"
বাঃ কি চমৎকাৰী মন্ত্ৰ ৷

     -বিনয় ১২ আগষ্ট ৷ ১৭



আউসীত জোনাক বিচৰা ছোৱালী জনীঃ

ফেচবুকৰ ৱাল
মেচেঞ্জাৰ
ৱাটচএপ
সকলোবোৰ খেপিয়াই খেপিয়াই তাই
অফ লাইন হৈ যায়
চকুমুদি অনুভৱ কৰে বিষন্ন কাজল বোৰ যেন
বিয়পি পৰিছে তাইৰ গালে মুখে ৷

কাজল সনা দুচকুত তাইৰ কলিয়া মেঘৰ বিষন্নতা
কাজলবোৰ বিয়পি পৰি
কজলুৱা হয় তাইৰ উচাহ ৷


 কাণ উনাই
তাই নুশুনে আজিকালি
চিনাকি হৰ্ণৰ মাত ৷
ৰি ৰি কৈ বাজি থাকে
জিলিৰ উদাস মাতৰ দৰে
তেজৰ তলত নিতাল মাৰি শুই থকা
উদাসী বাঁহীৰ মাত ৷

জোনাক বলিয়া ছোৱালী জনীয়ে
আজিকালি
ভালপায় এন্ধাৰক
চকুমুদিলেই দেখে
হেৰুৱা জোনাক
সপোনতে শুনে
চিনাকি বাঁহীৰ মাত
চকুমেলিলেই
ওলমি ৰয় শূণ্যতা
তাইৰ কজলুৱা চকুৰ বানে
লুণীয়া সোৱাদ আনে জিভাত ৷

তাই আন্ধাৰৰ স'তে
কথা পাতে সংগোপনে
আউসীৰ ৰাতি বিচাৰি ফুৰে হেৰুৱা জোনাক
জানোচা ক'লা ডাৱৰ ফালি নামি আহে
অভিমানী জোনৰ
জোনাক এধানি
যি হেৰাল কাহানিবাই
অবিশ্বাসৰ অৰণ্যখনৰ সিপাৰে
জানোচা শুনে তাৰ
"তোক ভাল পাওঁ" বোলা সেই চিনাকি মাত ৷

আউসীৰ ৰাতি জোনাক বিচৰা ছোৱালী জনী
শুই পৰে নিতাল মাৰি
তাইৰ বাউল চুলিত
ক'ৰ পৰা জানো
উৰি আহি পৰে
ধিমিক ধামাক
জোনাকীৰ জাক ৷

স্বপ্ন ভংগ

বেঙেনাবুলীয়া  সপোন এটা হৈ
শুই থাক(+অ) বুকুত
সোণাৰু ফুলিয়া উচাহ নিজাৰ কৰি
এজেৰুৱা বেজাৰ নামে
সখীয়তি ৰ'দৰ শেহত ৷

শাওনৰ বৰষুণত
বুকুৰ পথাৰত গজে শেলুৱৈ
আৰু
পানীৰ তলত
মোৰ শইচ সোনোৱালী সপোন ৷

Tuesday, 8 August 2017



কাৰ বাবে কবিতা?

শব্দৰ মহঙা দিনত
কাৰ বাবে লিখিবি কবিতা ৷
কুশল বাৰ্তা বিনিময়ৰ বাবেও য'ত
শব্দৰ দৈন্যতা ৷

শব্দ দৈন্যতাত মানুহ
শব্দ দৈন্যতাত সমাজ
শব্দ দৈন্যতাত পৃথিৱী ৷

আত্মকেন্দ্ৰিকতাৰ
ইন্দ্ৰজালত বন্দী
"আয়ৈ দেহী" বোলা
এষাৰী সাদৰী মাত
প্ৰসাৰিত সকলোৰে
কেৱল উচ্চকাংক্ষাৰ  হাত

মকৰাৰ দৰে জাল গুঁঠি লালসাৰ
বুকুত বাসনাৰ পোৱালী
আৰু কুৰুকি কুৰুকি
খাই শেষ কৰে বুকুৰ মঙহ
কোন তোৰ বুকুৰ বঙহ

বিলাসী গাড়ীৰ ধূলিয়ে
পোতি থৈ যায়
পদপথৰ ভিক্ষুকৰ দেহ
মাজ নিশা টোকৰ পৰে কোনোবা আন্ধাৰ গলিৰ বিশেষ জুপুৰিৰ দুৱাৰত
য'ত ভোকে হাৰ মানে
 কামনাই জয় কৰে শৰীৰ অৰ্থৰ বিনিময়ত ৷

অফিচৰ বিলাসী কোঠাৰ টেবুলে টেবুলে
শতাংশৰ অংক চলে
ৰজাই পাতে অংকৰ খেল
বাহিৰত দূৰ্নীতি নিবাৰণৰ ফলক
ওলমি ৰয় কোনোমতে সৰি নপৰা কৈ ৷

সকলোতে কমিচন
ধন ঘটাই যেন জীৱনৰ "মিচন"
পগলা ক'বি
কি হ'ব লিখি
প্ৰতিবাদী ৰামায়ণ ৷

শুনিছিলো -
"দেশে দেশে দেশ আছে ৷"
এই দেশত দলে পতি ভগৱান আছে ৷
কোনোবা যদি জাতিৰ পিতা
কোনোবা আমদানিকৃত মাতা ৷
কোনোবাই দয়া কৰে দীনক
পিছে জনতাই
চটফটাই সহজাত
ভোকত ৷

ভোকে জন্ম দিয়ে ক্ষোভৰ
পগলা ক'বি
ৰ চোন এপৰ
কাৰ বাবে লিখিবি কবিতা?
অজস্ৰ জনতাই
জ্বলাব যিদিনা ক্ষোভৰ শলিতা
হয়তু আওঁৰাব তই লিখা মালিতা ৷

এগচ চাকি
দুগচ চাকি
সহস্ৰ গচ চাকিৰ পোহৰৰ মিলি
হ'ব ভীষণ উত্তাপ
যি পুৰি নিব
ক্ষমতা আৰু ঐচৰ্য লোভীৰ লিপ্সাৰ অট্টালিকা
হেৰ' পগলা ক'বি
থ তোৰ কবিতা
জন উদ্গীৰণৰ
সেই দিনটোলৈ বাট চা ৷

- বিনয় ৯ আগষ্ট ১৭

Sunday, 6 August 2017




ভালপোৱা
আগ্ৰহ আৰু হেপাহ বোৰ শেষ হ'লেই
বাঢ়ি আহে অজুহাত
অভিযোগৰ ভীৰত
হেৰাই থাকিব পাৰে
ভালপাওঁ বোলা অমাতৰ মাত ৷
ভালপোৱা আৰু
শান্তিৰ
প্ৰথম স্বৰ্ত
যোগাত্মকতা
বিশ্বাস হীনতা
অভিযোগৰ ইতি কথা ৷
আত্মাৰ সম্বন্ধ মানেইতু
আত্মীয়তা
নাথাকিব পাৰে তাত
জৈৱীকতা ৷
ভালপাওঁ বুলিবলৈ
লাগে
গভীৰ বিশ্বাস
বেয়াপোৱালৈ
মাত্ৰ টিলিকি এটাৰ বাট
অবিশ্বাস, আগ্ৰহহীনতা
আৰু বিয়োগাত্মক চিন্তাৰ ভীৰত
হেৰাই থাকিব পাৰে পলকতে
ভালপাওঁ বোলা অমাতৰ মাত ৷৷
-২৫ জুলাই ১৭


বন্ধুত্বৰ দিন
এটা দিন আমি বন্ধু বন্ধু খেলিম ৷
একেলগে বহি উদযাপন কৰিম৷
এপিয়লা কফি
অথবা এপেগ ৱাইনত
চুমুক দিম একেলগে ৷
আলিংগন কৰিম
উপহাৰ দিম
আৰু ক'ম
শুভ বন্ধুত্বৰ দিন ৷
আনুষ্ঠানিকতা খিনি
শেষ হ'লেই পৰস্পৰে
পিঠিত বহুৱাই দিম
বিশ্বাসহীনতাৰ চুৰী ৷
তুমি ওপৰলৈ উঠিব খুজিলে
মই তললৈ টানিম ৷
তোমাৰ সফলতাত
অভিনন্দন জনাম ঠিকেই
ভিতৰি ভিতিৰি জ্বলিম ভীষণ ৷
আৰু ৰচনা কৰিম
তোমাক গুৰিয়াই ৰসাতললৈ পেলোৱাৰ
সকলো অভিসন্ধি ৷
মাত্ৰ এটা দিন আমি
উদযাপন কৰিম বন্ধুত্বৰ নামত ৷
এটা দিন কিয় বন্ধু?
প্ৰতিটো দিনেই উৎসৰ্গা কৰো পৰস্পৰৰ নামত
নালাগে থক এদিনৰ উদযাপন ৷
বুকুত আছা ৷
থক আজীৱন ৷
অ' ৰ'বা
তোমাক সুধিছো -
শ্ৰীকৃষ্ণ আৰু বিপ্ৰদামোদৰে
পালন কৰিছিল নে
বন্ধুত্বৰ দিন?
( মোক যিসকলে বন্ধু বুলি ভাৱে তেওঁলোকৰ নামত)
-বিনয় ৬ আগষ্ট ১৭

Tuesday, 1 August 2017


মৃত্যু

কোনে কয়
মৃত্যু শিল্প?
শিল্প সাধনাৰ ফচল৷
মৃতদেহ তাৰ ভাস্কৰ্য নহয়
তুমৰলি তেজত উৰে জানো
শিল্পীৰ নিচান?
হত্যা নহয়
কোনো শিল্পীৰ ভাস্কৰ্য
অথবা
সুৰীয়া গান
মৃত্যু অথবা হত্যা
জীৱিতৰ বাবে
লোতকৰ বান ৷

( লফিকুল ইচলাম আহমেদৰ মুক্ত হত্যাৰ প্ৰতিবাদ আৰু বিদেহী আত্মাৰ বেহেস্ত প্ৰাপ্তিৰ  প্ৰাৰ্থনাৰে)
২ আগষ্ট ১৭

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...