Thursday, 17 August 2017



অবিশ্বাস, বিশ্বাসহীনতা, বিশ্বাস ঘাটকতা ইত্যাদি:





মই নাটকৰ লগত জৰিত মানুহ ৷ নাটৰ কৰ্মশালাবোৰত এটা খেল খেলোৱা হয় ৷ এজন প্ৰশিক্ষাৰ্থীক গা টো বেঁকা নকৰাকৈ পিঠি দি পোনে পোনে পকী মজিয়াত পৰি দিবলৈ কোৱা হয় ৷ তেওঁৰ যাতে কোনো হানি-বিঘিনি নহয় তাৰ বাবে পাচফালে দুজন সতীৰ্থ ৰৈ থাকে পকী মজিয়াত পৰা আগতেই ধৰি ৰাখিবলৈ ৷ বহুতেই এই খেলটো খেলিব নোৱাৰে ৷ পৰি নিদিয়ে ৷ ভয় কৰে ৷ জানোচা নধৰে ৷ সতীৰ্থ দুজনৰ ওপৰত তেওঁৰ বিশ্বাস নাথাকে ৷

এই খেলটো খেলিবলৈ সতীৰ্থ দুজনৰ ওপৰত গভীৰ বিশ্বাস লাগে ৷ যাৰ নাই, সি নোৱাৰে ৷

মানৱীয় সম্পৰ্ক, সম্বন্ধবোৰো ঠিক এই খেলটোৰ দৰে ৷ পৰস্পৰৰ মাজত বিশ্বাস নাথাকিলে সম্বন্ধ নিটিকে ৷

জীৱনৰ বাটত কিমান মানুহ লগ পোৱা হয় ৷ তেজ-মঙহৰ সম্বন্ধ থকা খিনিৰ বাদেও বন্ধু-বান্ধৱ, সহপাঠী, কৰ্মক্ষেত্ৰ-ব্যৱসায়ীক ক্ষেত্ৰ, যাত্ৰা পথৰ সহযাত্ৰী… আৰু শেষত তেজৰ সম্বন্ধ হীন পতি-পত্নী, প্ৰেয়স-প্ৰেয়সী ৷

এই সকলো ক্ষেত্ৰতে সম্বন্ধ বা আত্মীয়তা অটুত থাকে বিশ্বাস নামৰ তিনিটা অাখৰ যুক্ত শব্দটোৰ বাবে ৷ বিশ্বাসৰ পৰাই সৃষ্টি হয়

সু-সম্পৰ্ক, আত্মীয়তা, বন্ধুত্ব, প্ৰেম, যুগ্ম জীৱন ইত্যাদি ৷

অৱশ্যে বিশ্বাসহীন ভাৱেও উপৰিউক্ত সম্বন্ধবোৰ থাকিব পাৰে ৷ কিন্তু সেয়া ভুৱা সম্বন্ধ ৷ নাটক ৷ ইজনে সিজনক কৰা প্ৰতাৰণা মাথো ৷

বিশ্বাসহীনতা মানেই অবিশ্বাস ৷ অবিশ্বাস ওপজে দুটা কাৰকৰ পৰা - সন্দেহ আৰু বিশ্বাস ঘাটকতা ৷

সকলো সম্বন্ধৰ ফাঁট মেলাৰ কাৰণ সন্দেহ ৷ সন্দেহ আৰু বিশ্বাসহীনতা মোৰ মতে প্ৰায় সমাৰ্থক ৷ কিন্তু বিশ্বাসঘাটকতা পৃথক ৷ যাক গভীৰভাৱে বিশ্বাস কৰা হয় তেনে লোকে যদি বিশ্বাসঘাটকতা কৰে তেনে সেই সম্বন্ধ চিৰদিনলৈ টুটিল ৷ ই সন্দেহৰ পৰা ওপজা অবিশ্বাস নহয় ৷ সন্দেহৰ পৰা ওপজা অবিশ্বাস দূৰ কৰিব পৰি ৷ কিন্তু বিশ্বাস ঘাটকতাৰ পৰা সৃষ্টি হোৱা অবিশ্বাস শিলৰ ৰেখা ৷ ম'চিব নোৱাৰি৷




একান্ত ব্যক্তিগতঃ সাধাৰণতে মই কাকো অবিশ্বাস, সন্দেহ নকৰো ৷ মোক কৰিলেও বেয়া পাওঁ ৷ কিন্তু যি এবাৰ বিশ্বাস ভংগ কৰে তাৰ লগত মই সহজ হোৱা বাদেই মাত-বোল পৰ্যন্ত বন্ধ কৰি দিওঁ ৷ মোৰ বন্ধুত্বৰ তালিকাত, সম্পৰ্কৰ তালিকাত এনে বহু মানুহ আছে যাক মই নামাতো ৷ যদিও মই নাটক ভালপোৱা মানুহ, সম্পৰ্কৰ ক্ষেত্ৰত নাটক নাটক খেলিব নোৱাৰো ৷ নেখেলো ৷ সেইবাবেই দিনে দিনে মোৰ বন্ধুত্বৰ তালিকা খন চমু হৈ আহিছে ৷ হওক আপত্তি নাই ৷ হাজাৰ বিশ্বাসঘাটকত কৈ এজন সুহৃদেই যথেষ্ট ৷

- বিনয় ১৮ আগষ্ট ১৭

No comments:

Post a Comment

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিল...