Friday, 18 August 2017

অসমীয়া সাহিত্যৰ নতুন মাধ্যম


"স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰ সিংহ দুৱাৰ হৈছে মাতৃ ভাষা ৷"
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা কথাষাৰ হঠাৎ কিয় মনলৈ আহিল নাজানো ৷ হয়তু নিজৰ ভাষাটো ভাল পাওঁ সেই বাবে ৷ ভাষাটোৰ চৰ্চাৰ প্ৰসাৰ হৈছে হয়তু সেই বাবে ৷
      "হেৰা কিমাননো আৰু ম'বাইল টিপি নাথাকা?  আমনি নালাগে নে? " শ্ৰীমতীৰ প্ৰত্যাহিক অভিযোগ ৷ মই কেৰেপ নকৰোঁ ৷ তেওঁ ভাৱে এইজনে ফেচবুক-ৱাটচএপত ব্যস্ত থাকে ৷ থাকোঁ নথকা নহয় ৷ কিন্তু ফেচবুক মোৰ বাবে চাটিং চাটিং খেলা বস্তু নহয় ৷ মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে গ'ম পায় মই কিমানৰ ইনবক্সত টুকুৰিয়াওঁ ৷ ফেচ বুক এই কাৰণেই ভাল লাগে যে 'অসমীয়া ইউনিক'ড' হোৱাৰ পৰা প্ৰায় সকল অসমীয়া ভাষী বন্ধুৱেই অসমীয়াত লিখা- মেলা  কৰে ফেচ বুকত ৷ লিখিবলৈও সহজ ৷ কলম কাগজৰ ঝামেলা নাই ৷ চিন্তা কৰা আৰু নিজৰ স্মাৰ্ট ফোনটোতে লিখি থাকা ৷ হাতৰ আখৰ বেয়া বুলি লুকুৱাবলৈও নাই ৷
     এটা সময়ৰ কথা মনত পেলাওকচোন ৷
লেটাৰ প্ৰেছত সীহৰ আখৰ এটা এটা কৈ বুটলি কম্পজ কৰি একো খন  কিতাপ প্ৰকাশ কৰাৰ কথা ৷ নতুন চামে এই কথা নাজানে ৷ সৰু হৰফৰ বাবে সৰু লেটাৰ কেচ, ডাঙৰ আখৰৰ বাবে ডাঙৰ ৷  ফটোৰ বাবে ব্লক বনাবলৈ আমাৰ দৰে ঠাইৰ মানুহ গুৱাহাটিলৈ ঢাপলি মেলিব লাগিছিল ৷ টাইপ ৰাইটাৰ, লিঠু মেচিন, ষ্টেনচিল আজিৰ প্ৰজন্মৰ কিমানে চিনি পায়!?
   সময় সলনি হৈছে ভাষাৰ চৰ্চাৰ মাধ্যমো সলনি হৈছে ৷ আমিবোৰে ও এই পৰিবৰ্তন মানি ল'বই লাগিব ৷ মই লৈছোৱেই ৷ কলম এৰা বহুদিন হ'ল ৷ বাতৰি কাগজলৈ কম্পিউটাৰত লিখোঁ ৷ অৱশ্যে অসমীয়া ছপা মাধ্যমে এতিয়ালৈকে ইউনিক'ড ব্যৱহাৰ কৰা নাই ৷ সেইবাবে অসমীয়া লিখাৰ বাবে ৰামধেনু, অনিল বৰুৱা আদি চফ্টৱেৰৰ প্ৰয়োজন ৷
আশাকৰোঁ অসমীয়া বাতৰি কাকতবোৰেও এদিন ইউনি ক'ড ব্যৱহাৰ কৰিবগৈ ৷
সি যি কি নহওক ফেচবুকেই নহয় মই   ইন্টাৰনেট মাধ্যমটো সাহিত্য বা ভাষা চৰ্চাৰ উৎকৃষ্ট মাধ্যম বুলি গন্য কৰোঁ ৷ ইয়াক মই স্বীকাৰ কৰি লৈছো ৷ নিজাকৈ ব্লগ এটাও খোলি লৈছো ৷ এই ক্ষেত্ৰত মোক সহায় কৰিছে ভাতৃ Jamini Anurag এ ৷ যাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ ৷ নিজকে বয়সত ডাঙৰ বুলি বুকু ফিন্দাই বহি থকা মানুহ মই নহয় ৷ নজনা খিনি সৰুৰ পৰাও শিকোঁ ৷ কাৰণ সিহঁতৰ নতুন পৃথিৱী খনত আমি পুৰণি হৈ আহিছো ৷ শৰীৰিকে পুৰণি হোৱাত কোনে বাধা দিব?  কিন্তু মনেৰে পুৰণি হ'ব নোখোজোঁ মই ৷ পৃথিৱীখন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত ইমান দ্ৰুত গতিত আগুৱাইছে যে আমি বুঢ়া হোৱালৈ আৰু বহুত আগুৱাব ৷ এই বয়সতে হাৰ মানি দিয়াৰ ইচ্চা নাই ৷ দেউতাকো স্মাৰ্ট ফোন এটা লোৱাই দিলো ৷ ফেচবুক কৰে, নেট বেংকিং কৰে, পে-টিএম চলাই দেউতাই ৷
    শেষত এটা কথাৰে সামৰিব খোজিছোঁ ৷ সাহিত্য চৰ্চাৰ যে এই মাধ্যমতো সলনি হৈছে ই শুভ লক্ষণ ৷ ই যেন অসমীয়া "ই-সাহিত্য"ৰ সোণালী সময় ৷ আহক সকলোৱে নিজৰ ভাষাটো মৰম কৰোঁ ৷ মাৰ পৰা শিকিলো বাবেইতো মাতৃ ভাষা ৷
"মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘৃণ কৰাতো বুজাব? "

   বিনয় ১৯ অক্টোবৰ ১৭ নিশা ১২-১৭

No comments:

Post a Comment

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিল...