Sunday, 20 August 2017




অসমৰ চান্দা অপসংস্কৃতি, উৎপত্তি আৰু ক্ৰমবিকাশ, হিচাপ বনাম ৰাইজৰ মৰণ ৷

   শিৰুনামাটো দেখি মোক বিষয়টোৰ গৱেষক ছাত্ৰ বুলি ভুল নুবুজিব ৷ মোৰ জীৱন কালত চান্দা নামৰ ভয় লগা বিষয়টোৰ ওপৰত হোৱা কিছু অনুভৱ হে ব্যক্ত কৰিব খোজা হৈছে ৷
    সত্তৰ দশকত মোৰ জন্ম ৷ প্ৰায় চল্লিশোৰ্ধৰ এই জীৱন কালত চান্দাক লৈ না না অভিজ্ঞতাৰ সন্মুখীন হৈছো  ৷ চান্দা আৰু অসম যেন টকাটোৰ ইপিঠি-সিপিঠি হৈ পৰিছে ৷
    বৰ বৰ সংগঠনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ একতা সভা, গাঁও, চুবা, গলি বোৰত পতা স্বৰস্বতী পূজা, বিশ্বকৰ্মা পূজা, সত্যনাৰায়ণ পূজা আদি সকলো অনুষ্ঠানতে চান্দাৰ বহী নছপালে, দাবী ধমকি দি ধন নুতুলিলে নহ'বই ৷
       কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ হ'ল এই অপসংস্কৃতি?  মোৰ চমু জীৱন কালত দেখা, শুনা, পঢ়া সকলো অভিজ্ঞতা সামৰি যি বুজিছো এই চান্দা তোলাৰ নিয়মটো অতীজৰে পৰা অসমত প্ৰচলিত আছিল ৷ তাহানি গঞাই গাঁৱত নামঘৰটো সাজিবলৈ গৃহস্থি প্ৰতি ধান-চাউল সংগ্ৰহ কৰা, বাৰীৰ বাঁহ খেৰ সংগ্ৰহ কৰাৰ নিয়ম আছিল ৷ পিচলৈ "ভেঞ্চাৰ স্কুল" খোলিবলৈও ৰাইজে ঘৰে ঘৰে কাঠ বাঁহ বা ধন তোলাৰ কথা শুনিছিলো ৷
এসময়ত গাঁৱৰ পুথি ভঁৰাল, ক্লাৱ ঘৰ আদি সাজিবলৈও এনেদৰে ধন বা সামগ্ৰী চান্দা ৰূপে সংগ্ৰহ কৰাৰ প্ৰথা আছিল ৷ নিজে দেখাৰ উপৰি চৈয়দ আব্দুল মালিক দেৱৰ  সূৰুযমুখীৰ স্বপ্ন আৰু স্বপ্ন ভংগ উপন্যাসত ইয়াৰ সাৱলীল বৰ্ণনা পঢ়িছিলো ৷
     ইয়াৰ ওপৰি ৰজাদিনীয়া হুচৰিযোৰা জানো চান্দা সংগ্ৰহৰে অন্য নাম নহয়?  বিহু গীত সমূহেই ইয়াৰ প্ৰমাণ ৷
"গৰুৰ বিহুৰ দিনা বস্ত্ৰ দান কৰিবা
তেহে পাবা বৈকুণ্ঠত স্থান  ৷"
বা
"জাপ মাৰি আনক গৈ ঢাপ তামোল জুপি
থাপ মাৰি আনগ গৈ পাণ
বৰপেৰা খুলি ৰূপ টকি আনকৈ
ভকতক ধৰি যাওক মান ৷

আদিৰ দৰে বিহু গীত সমূহে সেই সময়ত প্ৰচলিত চান্দা তোলাৰ নিয়মকে প্ৰতিনিধিত্ব নকৰে জানো?
        ৰাইজে গৃহস্থক বা দেউতা ( বৰলোক)ক বিনামূলীয়া আশীৰ্বাদ দিয়া নাছিল ৷ দস্তুৰুমত ধন লৈ মংগল কামনা কৰিছিল ৷ গতিকে চান্দা নামৰ শব্দটো যে অসমত প্ৰচীন তাৰ এটা ধাৰণা মই কৰি লৈছো ৷
  তাহানিৰ ৰাইজে সোঁ-শৰীৰেৰে ৰাতি-দিন বোকা-পানী ভাঙি কষ্ট কৰি তোলা চান্দা আৰু সেই চান্দাৰ সু-ফল - নামঘৰটো, বিদ্যালয় খন, পুথি ভঁৰালটো সমাজৰ উপকাৰত আহিছিল ৷
   পিছে সময় সলনি হ'ল চান্দা তোলাৰ ঢঙো সলনি হ'ল ৷ আমি অমুকটো ডাঙৰ ছাত্ৰ সংগঠনৰ অমুক অধিৱেশন পাতিছো ৷ আমি অমুক সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে  তমুক সভা পাতিছো, আমাৰ সংগঠনৰ নেতাৰ বিয়া আছে আমাৰ আঞ্চলিক সমিতি যাব লাগে ৷ মুঠতে না না উপলক্ষ্য ৷ ধন লাগে ৷ দিবই লাগিব ৷ ব্যৱসায়ী সকলৰ মূৰত মাৰ ৰাম টাঙোন ৷ আমি অমুক সংগঠনে তিনিদিনীয়াকৈ বিহু মেলা পাতিছো দে ধন ৷ অসম ভিত্তিক, জিলা ভিত্তিক, চুবুৰী ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতা পাতিছো তোল চান্দা ৷

 এই কাৰাবাৰটো অসমত কেতিয়াৰ পৰা আৰম্ভ হ'ল? মোৰ জীৱন সোঁৱৰণ কৰি চালে আশীৰ দশকৰ পৰাই যেন ই প্ৰসাৰতা লাভ কৰিলে ৷ ৬ বছৰীয়া আন্দোলনটোৰ শেষত এটা বিশেষ ছাত্ৰ সংগঠনৰ নেতা সকল শাসনত বহিল তাৰ পাচতে সেই ছাত্ৰ সংগঠনটোৰ নেতা সকলৰ বিলাসী জীৱন আৰম্ভ হ'ল ৷ টিকট বহী চপাই ইটো সিটো কামৰ বাবে চান্দা তোলা দেখিছিলো ৷ তাৰ পাচত আহিল স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা ককাইদেউহঁত ৷ ককাইদেউ হঁতে যি খোজে অনা অসমীয়া ব্যৱসায়ী, ঘোচখোৰ বিষয়া আদিয়ে দিবলৈ বাধ্য হৈছিল ৷ "ব্ৰুকবন্ড" আৰু "লিপটন" নামৰ চাহ কোম্পানী দুটাক সৰহ কৈ ধন বিচৰা আৰু অসম এৰি যাবলৈ হুমকি দিয়াৰ বাবেই হাত দীঘল বহুৰাষ্ট্ৰীয় কোম্পেনী দুটাৰ অনুৰুধতে অসমলৈ "বজ্ৰংগ" নামৰ নৰখাদকটো আহিছিল বুলি শুনিছিলো ৷ কিমানদূৰ সঁচা নাজানো ৷
      লাহে লাহে অসমত সংগঠনৰ সংখ্যা বাঢ়িছি আহিছিল ৷ বিচিন্নতাবাদ আৰম্ভহৈছিল প্ৰতিটো জনগোষ্ঠীৰ মাজত ৷ ভাগে ভাগে ছাত্ৰ সংগঠন, ভাগে ভাগে নেতা,  ভাগে ভাগে চান্দা ৷ ৰাইজৰ যি হওক নহওক এনে নেতাৰ ডিঙিত জিলিকিবলৈ আৰম্ভল কৰিছিল শকত সোণৰ হাৰ, আঙুলিত গ্ৰহ-ৰত্নৰ, সোণৰ আঙুঠি ইত্যাদি ৷ লাগে লাহে ছাত্ৰাৱস্থাতে বিলাসী গাড়ী, মাটি-ঘৰৰ মালিক হৈ পৰিবলৈ আৰম্ভ কৰিছিল এনে নেতা সকল ৷ ডাঙৰ ডাঙৰ সংগঠনৰ নেতাক দেখি সৰু সৰু সংগংঠন বোৰৰ নেতা সকলেও অনুসৰণ কৰিছিল একেটা পথকে ৷
 আজিকালি প্ৰায়ে শুনো অমুক ছাত্ৰ সংগঠনে এইবাৰ ইমান গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পঢ়ুৱাৰ দায়িত্ব লৈছে, লাখ লাখ টকা খৰচ কৰি ওজা ছাত্ৰৰ অভিন্দন অনুষ্ঠান পাতিছে… ৷ কথা হ'ল ছাত্ৰই ছাত্ৰক পঢ়ুৱাৰ দায়িত্ব ল'ব পাৰে কেনেকৈ?  এই ধনৰ উৎস কি?  সৱ জানি বুজিও আমি চকুমুদা কুলিৰ ভাও ধৰোঁ ৷ সেই বাবেই একো একোজন ছাত্ৰ নেতাই বুঢ়া বয়সলৈকে ছাত্ৰ হৈ থকাৰ প্ৰৱণতা এটা এচামৰ মাজত গা কৰি উঠা পৰিলক্ষিত হৈছে ৷
  নেতা ধনী হৈছিল মাৰ পৰিছিল খাটি খোৱা জনতাৰ ওপৰত ৷ কাৰণ সকলো সংগঠনে মাৰটো মাৰে বিশেষ কৈ ব্যৱসায়ী সকলৰ ওপৰত ৷ যিমান ডাঙৰ ব্যৱসায়ী সিমান শকত চান্দা ৷ ব্যৱসায়ী সকলোতো আৰু বুৰ্বক নহয় ৷ গোটেই ভাৰতবৰ্ষৰ ৰাজনীতি নিৰ্ভৰ কৰে বনিয়া গোষ্ঠীৰ ওপৰত ৷ এওঁলোকে চান্দা দি সংগঠন সমূহৰ লগত সম্পৰ্ক ঠিকেই ৰাখে ৷ কিন্তু প্ৰতি পদ সামগ্ৰীৰ কিনা দামৰ লগত চান্দাৰ ধন যোগ কৰে ৷ "যিমান শকত চান্দা নিবা আমি সিমান পৰিমাণৰ কিনা দাম ধৰি তাৰ হিচাপতহে লাভ যোগ কৰি বিক্ৰী কৰিম ৷" গতিকে যি কেইজন নেতাই ধন তোলে তেওঁৰ দেউতাকেই সেই চান্দাৰ হিচাপটো যোগ হৈ থকা লোণ-তেলকণ কিনি নি পুতেকৰ উদৰ পুৰ কৰে ৷
      এই খিনিতে আৰু এটা কথা নক'লে আধৰুৱা হ'ব ৷ তাহানিতে
"ৰাণাদা" (জয়ন্ত হাজৰিকা)হঁতে সুৰ বাহিনী গঠন কৰি বান পিড়ীতক বাবে ধন তোলাৰ কথা শুনিছিলো ৷ আজি কালিও ভ্ৰাম্যমান থিয়েটাৰ, সাংস্কৃতিক সন্ধিয়া আদিৰ বাবে টিকট দি ধন তোলাৰ নিয়ম চলি আছে ৷ এইবোৰক চান্দাৰ শাৰীত ধৰা নাই ৷ কাৰণ ইয়াৰ বিপৰীতে ধন ভৰোঁতাই কিবা এটা পায় ৷ মানসিক শান্তি অথবা মনোৰঞ্জন ৷

কিন্তু মই আগতে উল্লেখ কৰি অহা কাৰণবোৰৰ বাবে তোলা ধনৰ বাবে দিওঁতাই মানসিক অশান্তি হে পায় ৷ বহু ক্ষেত্ৰত হাৰাশাস্তি, ভাবুকিৰো সন্মুখীন হয় ৷
    আটাইতকৈ লক্ষণীয় কথাটো হ'ল এনে ধনৰ হিচাপ কোনো সংগঠনে ৰাজহুৱা নকৰে ৷ যাৰ জেপত যি সোমাল সোমাল আৰু ৷ ৰাইজক জনোৱাৰ কি দৰকাৰ?  গতিকে গাঁৱৰ কণমানি জাকে বিহুৰ নামত গামোচা গাঁঠি দি বাট ভেটি পইচা তোলা, স্বৰস্বতী পূজাৰ বাবে বেঞ্চ পাৰি, বেনাৰ টানি গাড়ী-মটৰ ৰখাই ধন তোলাৰ দৃশ্য সুলভ হৈ পৰিছে ৷ বিনা শ্ৰমত ধন পালে কাকনো নালাগে?

     আদাক দেখি কেতুৰীৰ গা উঠাৰ দৰে সকলোকে সংগঠনৰ নেতা হ'বলৈ লাগে ৷ একো খন সৰু ঠাইতে কিমান যে সংগঠন ৷ মূল  উদ্দেশ্য ক'ৰবাত পৰি থাকে ৷ চান্দা হে মুখ্য হয় ৷
   চান্দা নামৰ এই দৈত্যটোৰ পৰা অসমক ৰক্ষা কৰিবলৈ ময়ো চান্দা বিৰোধী সংগঠন এটা খোলি তাৰ সম্পাদক হৈ টিকট -বহী দুখনমান ছপাই লওঁ নেকি ! নে কি কয়?

      -বিনয় ২০ আগষ্ট ২০১৭

No comments:

Post a Comment

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...