Thursday, 31 August 2017








 আকৌ প্ৰেমত পৰিছে তাই

   - বিনয় ৩১ আগষ্ট

অকণমান ৰ'দ বিচাৰি হাবাথুৰি খাইছিল তাই
 হোমৰ ধোঁৱাই চানি ধৰা আকাশ খন ফালি
তাইৰ শুৱনি কোঠালৈ সোমোৱা নাছিল পোহৰ ৷
নীলাভ ৰাতিবোৰতো তাই
বুকুত পুহি ৰাখিছিল
অপ্ৰাপ্তিৰ বেদনা এসোঁতা
আদেশ, আবাদৰ, আল-পৈচানৰ ভীৰত
নিস্তেজ হৈ পৰিছিল ক্ৰমশঃ
 ৰভাৰ তলিৰ জেতুকাৰ ৰং ৷
যদিও আঁকিছিল সেওঁতাত
সেন্দুৰৰ ৰেঘা
কঁপালত লৈছিল ৰঙা ফোঁট
তথাপিও যেন বুৰিয়াই নামিব খুজিছিল
তাইৰ হিঁয়াৰ তলিলৈ কোনো এক দেৱদূত ৷

তাই হৈ উঠিছিল উনমনা
অচিনাকি হাত বাউলি এটা
সুহুৰি এটা
দূৰৈৰ পথাৰৰ অইনিঃতম এটা
বনঘোষা এটা হৈ
সোমাই আহিছিল কোনোবা
অপ্ৰাপ্তিৰ খিৰিকি খুলি ৷

তপত চুম্বন
অথবা আলিংগনৰ মাজতো
সি জোকাই আছিল তাইক
অহৰ্নিশে
শৰীৰ নাছিল তাত
ভাগৰ বোৰৰ শেষত যেন
সি কিলবিলাই দিছিল তাইৰ বাউল চুলিত
লিখি থৈ গৈছিল নীলাভ চিঠি
পদূলিৰ ধূলিত ৷

ক্ৰমশঃ গভীৰতলৈ  সোমাই আহিছিল সি
কঁপিছিল হাত
সেন্দুৰ আঁকোতে
সৰি পৰিছিল চাহৰ কাপ
প্ৰিয়তমক যাচোঁতে

অন্যমনস্ক নিৰ্বিকাৰত
ভূমুকিয়াছেহি কোনে?
মই তোক ভাল পাওঁ বোলা
প্ৰাচীনতম কবিতাটো
কাণত গুণ গুনাইছেহি কোনে?

তাই আকৌ প্ৰেমত পৰিছে
আকৌ এবাৰ হেৰাই যাব খুজিছে
ঘৰ্মাক্ত আলিংগন
আৰু ঘন উশাহৰ মাজত
অৰণ্যৰ ছাঁ অথবা
মহানগৰীৰ
কোলাহলৰ আঁৰত
গতানুগতিকতাৰ
দুৱাৰ ভাঙি
আকৌ প্ৰেমত পৰিব খুজিছে তাই

আকৌ প্ৰেমত পৰিছে জোনাকৰ
যি জোনাকে ধুৱাই নিব
শুৱনি কোঠাৰ যত আন্ধাৰ
আৰু
বিঢৌত কৰিব যত ক্লান্তি অপ্ৰাপ্তিৰ

হৃদয়ৰ সমষ্ট আকুলতাৰে
ৰৈ থাকে তাই
বুকুত লৈ অপ্ৰাপ্তিৰ হুল ৷
ভাঙি দি যোৱা জীৱনৰ যত ভুল
গুজি দি যোৱা বাউল চুলি মেলাই
প্ৰেমৰ খঁৰিকাজাঁই ফুল ৷
সি কেৱল অশৰীৰি  প্ৰেমৰ  কায়া
বাকী সৱ মায়াময় ছাঁয়া
সজোৱা হে অদেখা প্ৰেমিক
তোমাৰ প্ৰেমেৰে
উজলি জ্বলক
চিন্তন প্ৰেমময়
নাৰীৰ হিয়া ৷

No comments:

Post a Comment

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিল...