Wednesday, 16 August 2017


ভেনা মাখি

কিমান ভোকাতুৰ হ'লে
আঁজুৰি চিঙি খাব পাৰি
 কেঁচা মঙহ ?
কিমান স্বাৰ্থপৰ হ'লে
ৰূদ্ধ কৰি দিব পাৰি শ্বাস
ক্ষণিকৰ শৰীৰি খেলৰ শেষত?
কিমান পাষাণ হ'লে
ঢালি দিব পাৰি
আন্ধাৰ সেই বাটত
যি বাটেৰে নামে
প্ৰজন্মৰ জোনাক ?

ভোক সহজাত ৷
কামনাও ৷
কিন্তু কামনাৰ ভোক?

ভোক লাগিছিল সিহঁতৰ
খাব খোজিছিল মঙহ ৷
জীয়া মঙহ কোনে দিব পাৰে শৰীৰৰ?
তথাপিও
কামোৰি আঁজুৰি
চিঙিছিল তাইৰ
শৰীৰৰ
বাধা আৰু প্ৰতিবাদবোৰ
স্তব্ধ হৈ গৈছিল
তাই হৈ পৰিছিল অশৰীৰিৰী ৷

"ডিচপ'জেৱল গ্লাচ" এটাৰ দৰে
পেলাই দিয়া হৈছিল তাইক
মোহাৰি-সামৰি
পান কৰাৰ শেষত
কামনাৰ সুৰা ৷

প্ৰাণহীন শৰীৰটো
পুনৰ বালাৎ কাৰ কৰিবলৈ আহিছিল
এজাক ভেনা মাখি
সিহঁতেও সিঁচি দিছিল
কামনাৰ বীজ
যি বীজৰ পৰা ওপজিছিল
কিল্ বিল্ পোক ৷
মাখিৰো থাকে
কামনাৰ সহজাত ভোক?

ৰূদ্ধ কোঠাটোৰ বাহিৰত আছিল
অলেখ জীয়া মানুহ
কামাতুৰ পিশাচ আৰু মাখিৰ বলাৎকাৰৰ
শেষত দূৰ্গন্ধই বিয়পাইছিল
তাইৰ মৃত্যুৰ খবৰ ৷

বাতৰিৰ ভীৰৰ এটা বাতৰি আছিল
এই খবৰ ৷
ঘৃণাত নাক কোঁচাইছিল
কোঠাটোৰ বাহিৰৰ জীয়া মানুহ জাকে ৷

প্ৰতিবাদ কৰা নাছিল সিহঁতে
কাৰণ -
সিহঁতৰো যে আছে সহজাত ভোক-
 কামনাৰ ৷

সেই মানুহ জাকৰ ভীৰৰ মাজতে আছিল সিহঁত
যি ৰূদ্ধ কৰি দিছিল তাইৰ শ্বাস
হানিছিল, খুঁছিচিল
কামুৰি কামুৰি খাইছিল তাইৰ
শৰীৰৰ গোপন মঙহ ৷
ভীৰৰ মাজতে সিহঁতে
সন্ধান কৰিছিল
নতুন চিকাৰৰ
আৰু সিহঁতক
অনুসৰণ কৰিছিল এজাক
ভেনা মাখিয়ে
যাৰ নাম-
প্ৰতিবাদহীন মানুহ ৷


 ( শিৱসাগৰত উদ্ধাৰ হোৱা গলিত নাৰীৰ মৃত দেহটোৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা আৰু নৰ পিশাচৰ প্ৰয়াচিত্ত কামনাৰে)

-বিনয় ১৭ আগষ্ট ১৭

No comments:

Post a Comment

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিল...