Tuesday, 8 August 2017



কাৰ বাবে কবিতা?

শব্দৰ মহঙা দিনত
কাৰ বাবে লিখিবি কবিতা ৷
কুশল বাৰ্তা বিনিময়ৰ বাবেও য'ত
শব্দৰ দৈন্যতা ৷

শব্দ দৈন্যতাত মানুহ
শব্দ দৈন্যতাত সমাজ
শব্দ দৈন্যতাত পৃথিৱী ৷

আত্মকেন্দ্ৰিকতাৰ
ইন্দ্ৰজালত বন্দী
"আয়ৈ দেহী" বোলা
এষাৰী সাদৰী মাত
প্ৰসাৰিত সকলোৰে
কেৱল উচ্চকাংক্ষাৰ  হাত

মকৰাৰ দৰে জাল গুঁঠি লালসাৰ
বুকুত বাসনাৰ পোৱালী
আৰু কুৰুকি কুৰুকি
খাই শেষ কৰে বুকুৰ মঙহ
কোন তোৰ বুকুৰ বঙহ

বিলাসী গাড়ীৰ ধূলিয়ে
পোতি থৈ যায়
পদপথৰ ভিক্ষুকৰ দেহ
মাজ নিশা টোকৰ পৰে কোনোবা আন্ধাৰ গলিৰ বিশেষ জুপুৰিৰ দুৱাৰত
য'ত ভোকে হাৰ মানে
 কামনাই জয় কৰে শৰীৰ অৰ্থৰ বিনিময়ত ৷

অফিচৰ বিলাসী কোঠাৰ টেবুলে টেবুলে
শতাংশৰ অংক চলে
ৰজাই পাতে অংকৰ খেল
বাহিৰত দূৰ্নীতি নিবাৰণৰ ফলক
ওলমি ৰয় কোনোমতে সৰি নপৰা কৈ ৷

সকলোতে কমিচন
ধন ঘটাই যেন জীৱনৰ "মিচন"
পগলা ক'বি
কি হ'ব লিখি
প্ৰতিবাদী ৰামায়ণ ৷

শুনিছিলো -
"দেশে দেশে দেশ আছে ৷"
এই দেশত দলে পতি ভগৱান আছে ৷
কোনোবা যদি জাতিৰ পিতা
কোনোবা আমদানিকৃত মাতা ৷
কোনোবাই দয়া কৰে দীনক
পিছে জনতাই
চটফটাই সহজাত
ভোকত ৷

ভোকে জন্ম দিয়ে ক্ষোভৰ
পগলা ক'বি
ৰ চোন এপৰ
কাৰ বাবে লিখিবি কবিতা?
অজস্ৰ জনতাই
জ্বলাব যিদিনা ক্ষোভৰ শলিতা
হয়তু আওঁৰাব তই লিখা মালিতা ৷

এগচ চাকি
দুগচ চাকি
সহস্ৰ গচ চাকিৰ পোহৰৰ মিলি
হ'ব ভীষণ উত্তাপ
যি পুৰি নিব
ক্ষমতা আৰু ঐচৰ্য লোভীৰ লিপ্সাৰ অট্টালিকা
হেৰ' পগলা ক'বি
থ তোৰ কবিতা
জন উদ্গীৰণৰ
সেই দিনটোলৈ বাট চা ৷

- বিনয় ৯ আগষ্ট ১৭

No comments:

Post a Comment

মৰা মানুহৰ দেশ বুৰঞ্জীৰ পাতত ডুৱ যাব ধৰা এখন দেশ ৷ ইতিহাস হ'ব খোজা এটা জাতি এৰি দি মাটি এৰি দি ভেটি এৰি দি পুলিন -পুথাওৰ সমাধি ...