বিচ্ছিন্নতা
এখন দলং হোৱাৰ কথা আছিল
পাৰ হ'ব পৰাকৈ
হৃদয়ৰ পৰা হৃদয়লৈ
তোৰ পৰা মোলৈ
মানুহৰ পৰা মানুহলৈ ৷
এটা পথ হোৱাৰ কথা আছিল
যি পথেৰে একতাৰ শ্লো-গান গাই
আগুৱাব মানুহৰ মিচিল ৷
মিলি যোৱাৰ কথা আছিল
মিলাই দিয়াৰ কথা আছিল
ৰামধেনু অঁকাৰ কথা আছিল
সমন্বয়ৰ ৷
খোজৰ চিন ৰাখি যোৱাৰ কথা আছিল সময়ৰ বালিত ৷
কি স্বজন, কি পৰজন
কি বান্ধৱ, কি পৰিজন
আন কি
তেজেৰে গঢ়া সন্তান
তোৰ বাবে মৰিম বোলা প্ৰেয়সীৰ অভিমান
ক্ৰমশঃ ধুসৰ হৈ আহিছে
আত্মকেন্দ্ৰিকতাৰ আন্ধাৰত ৷
গাৰ নোম হৈ পৰিছে শত্ৰু ৷
মহাকৰ্ষণৰ, মধ্যাকৰ্ষণ, আত্ম কৰ্ষণ
সকলো একাকাৰ ৷
মনৰ নিজানত কেৱল হাঁহাকাৰ ৷
আত্ম কেন্দ্ৰিকতাৰ
জাৰজ সন্তান বিচ্ছিন্নতাবাদ
একলা একলা কৈ বাঢ়ি আহিছে সি ক্ৰমশঃ
দূৰৈলৈ গৈ আছে মানুহ
দূৰৈ লৈ গৈ আছে প্ৰেম
দূৰৈলৈ গৈ আছে দৰদ
চোঁচোৰাই চোঁচাই অলস ভৰি
পাৰি নে ৰাখিব পদ চিহ্ন?
ময়ো হৈ পৰিছো বিচ্ছিন
তোৰ পৰা
হৃদয়ৰ পৰা
মানুহৰ পৰা
দলং নহৈ হৈ পৰিছো
এটা মাজুলী
খহনীয়াত জাহ গৈছে
লাহে লাহে
সংযোজনৰ সমষ্ট সপোন
চপৰা চপৰে ৷
No comments:
Post a Comment