Monday, 30 October 2017

stunt



http://youtube.com/watch?v=XCUfYBPwOLE

vulture



শগুণ

( বিষয় ৩০ অক্টোবৰ)
"যিমান ওপৰলৈ নুৰিলেও
দৃষ্টি মৰাশত হে নিবদ্ধ ৷"
আমি কিহৰ মোহত আবদ্ধ?
গেলা মঙহৰ?
পোৰা মাংসৰ?
নে
হেৰাই যোৱা জনৰ বিষাদ স্মৃতি খুঁচৰি
আকৌ এবাৰ কন্দুৱালৈ যত্ন কৰোঁ নিহতৰ স্বজনক?
মম আৰু চাকি
সকলো ফাঁকি
চকুৰ আগত ঘূৰি ফুৰিছে
ডিঙিত গামোছা পিন্ধি
যি জ্বলাই দিছিল
নিৰীহৰ সপোন
পোৰা মঙহৰ গোন্ধ বিয়পাইছিল আকাশ জুৰি
কি লাভ চাকিত তেল বাকি
গেলা ঘাঁ খুঁচৰি?
"সদায়েই দেখি থকা
গছ পাতটিও ছবিতটিত ভাল হৈ পৰে…৷" ★
পোৰা মঙহৰ ছবি?
চকুৰ পানীৰ তৈল্য ছবি?
বিষাদ স্মৃতিৰ পাহৰিব খোজা ছবি?
ছবি যদি আঁক শান্তিৰ আঁক
প্ৰতিবাদ যদি লক্ষ্য
হত্যাকাৰীৰ বিৰুদ্ধে কিয় নিমাত?
পাঁচটকীয়া মম
আৰু নিহতৰ দুখন পুৰণি ছবি
গেলা ঘাঁ আকৌ খুঁচৰি
এয়াও প্ৰতিবাদ নেকি?
আমি শগুণ নেকি?

Wednesday, 25 October 2017

Tamilnadu, Farmar commit suicid




ঋণ গ্ৰস্ত

" ডিঙিলৈকে আছো পোত খাই
মূৰটো মাথোন বাকী 
বিপদত লাগিব পাৰে এটা মূৰ ৷
      -মহেন্দ্ৰ বৰাৰ কবিত "ধাৰ"
কিমান ভয়াৰ্ত হ'লে মানুহে 
জ্বলাই দিব পাৰে নিজক?
কিমান ধাৰত পোত খালে 
দিব পাৰে আত্মজাহ?
জ্বলাই দিব পাৰে 
আপোন তেজেৰে গঢ়া সন্তান 
যি আছিল নিষ্পাপ, নিষ্কলুষ ৷
নাছিলো কোনো পাপবোধ ৷
কিমান টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিলে
ৰাজাই দিয়ে
কিমান পৰিমাণৰ শাস্তি?  
যি শাস্তিত কৈ আত্ম যাহেই 
শ্ৰেষ্ঠ বুলি শেষ কৰি দিব পাৰে নিজৰ জীৱন
নিমাখিত নিঃস্বই?

বাথ ৰুমৰ দেৱালত
তুলিৰ তলত 
লকাৰত 
বিদেশী বেংকত 
জমা থাকে জনতাৰ 
আত্মা অবৈধ ভাৱে 
ৰজাই নাভাৱে 
সেয়া অন্যায় 
বিকাশৰ শ্লোগান আওঁৰাই 
শকত শকত ঋণ দি যায় 
ঘূৰাই দিলে দিবা 
নিদিলেও নাই ৷

শূণ্য টকাত একাউন্ট খোল
ভাল দিন আহিযাব ভাই 
পিছে একাউন্টত নাথাকিলে ধন
ফাইন ভৰিবই লাগিব পায় ৷

কিমান ভাল দিনলৈ আশা কৰি
নিজক জ্বলাই দিব পাৰে 
দীনহীন জনতাই?

হে ৰাজন 
তোমাৰ কনভয়ৰ ধূলিয়ে 
পদপথৰ ভোকাতেৰৰ
অন্নৰ থাল পোতি থৈ যায় 
আমি খাওঁ তাকে অমৃত বুলি 
ধূলি আঁতৰাই ৷

বাট চাওঁ আহিব এটা ভাল দিন এদিন 
কেতিয়া আহিব ভাই?
জী উঠিবনে 
আত্মজাহ দিয়া সেই দুখীয়া
কৃষক ভাই?
মাতিব নে আকৌ দেউতা বুলি 
সিহঁতৰ মৃত আত্মাই?
ভাল দিনবোৰ 
কেতিয়াকে আহিব ভাই! !?

( তামিলনাডুত ঋৰ বোজা সহিব নোৱাৰি  সন্তানৰ স'তে আত্মজাহ দিয়া কৃষক জনৰ  প্ৰতি-বিনয়)

ফটো - গুগুল

Alone on the way

নিজৰ বাটেৰে

কি লাভ আনৰ বাবে কান্দি?
কি লাভত মোহত বন্দী?
কেওফালে কেৱল
অভিসন্ধিৰ ফন্দী ৷
সকলো দেখোঁ স্বাৰ্থত বন্দী ৷

পিয়াহৰ  বাবেহে আই ৷
কান্দি ৰণ জিকে কেঁচুৱাই ৷
প্ৰিয়াৰ স্বাৰ্থ প্ৰেমত
আজীৱন হৈয়ে থাকক নিজৰ
নাভাৱক আনৰ কথা
মৰিলে কিন্তু গাঁৱৰ ৰাইজৰ
কি লাভ কৈ হিয়া উদিয়াই
জীৱনৰ য'ত গুপুত কথা?

প্ৰাপ্য লাগে দিবই লাগিব
নহ'লে সন্তানেও এৰিব ৷
অসক্ষম যিদিনালৈ
আই-পিতাই সিদিনালৈ
নহ'লে কিয় বৃদ্ধাশ্ৰম
নতুবা সৈন্যাস
বানপ্ৰস্থী জীৱনৰ
অৱসান?

কি লাভ কান্দি আনৰ বাবে
আনে যদি অকনো নাভাৱে?

কি ঘৰ
কি সমাজ
সকলো স্বাৰ্থৰ দাস
স্বাৰ্থৰ শেষত বনবাস ৷

শ্ৰী গুছি গৈ
আহিব চন্দবিন্দু
চিৰ ভ্ৰমণৰ অনন্ত সিন্ধুত
সাঁতুৰিব আত্মাৰ বিন্দু
অকলে মাত্ৰ
নহয় কোনো আপোন-মিত্ৰ
নিজ বাটে যিদৰে ঘূৰে নক্ষত্ৰ
অকলে নিজানে
নিজৰ নিজানত
পৰি ৰ'ব মাত্ৰ ৷

মই এক নক্ষত্ৰ
আত্মকেন্দ্ৰিকতা মোৰ কক্ষ
কি লাভ কান্দি আনৰ বাবে
বিদাৰি নিজৰ বক্ষ?

নিজ বাটে ঘূৰি ৰওক নক্ষত্ৰ
ময়ো গঢ়িছো এক বৃত্ত
আত্মা মোৰ কক্ষ
অনন্ত যাত্ৰাত হেৰা
নোৱাৰা যেতিয়া হ'ব
সহযাত্ৰী
কি লাভ কান্দি আনৰ বাবে দিন-ৰাতি
শেষ শয়নত মাথো ছহাত মাটি
নিজ বাটে যাওঁ ব'লা হেৰা
আত্মাৰ কক্ষ সাৱটি ৷

Monday, 23 October 2017

Dream of Faemar

আহিনৰ সপোন

দিগন্ত বিয়াপি শ্যমলিমাই সাজিছে সাগৰ
কঁহুৱা ককায় 
মলয়াত জুৰ লৈ 
পলোৱাইছে ভাগৰ ৷

ভঁৰালৰ গাধৈত নাঙল আৰু যুঁৱলিয়ে ফুচ-ফুচাই পাতিছে কথা 
এয়া আমাৰ ঘামৰ ফচল ৷

কাতিৰ কুঁৱলীৰ আঁৰত গাভিনী হ'ব মোৰ পথাৰ ৷
গাখীৰতি ধানৰ দুগ্ধপান কৰিবলৈ 
নাহিবি অ' 
চকুচৰহা চৰহা পোক ৷
আকাশ বন্তিৰে পোৰিম তোক ৷
নাহিবি কাকতি ফৰিং,
পথাৰত পোতিম বাঁহৰ জেং
ফেঁচুৱে ভাঙবহি আহি 
তহঁতৰ ঠেঙ ৷

পোনাটোৰ হাফপেন্টটোৰ টিকাত দুটা ফুটা
বনিয়নত হেঙুনৰ কড়াল ৷
আখলত নিতে নাচে আকাল ৷
হৰি মহাজনৰ ধাৰৰ সূদে
কেঁকোৰাৰ দৰে মেলিছে পোৱালী 
নাদুকিৰ সপোন বোৰতো 
কাহানিবাই মাৰিলে নিতাল ৷

সেউজীয়াৰ অপাৰ সমুদ্ৰত 
মই সাঁতুৰিছো আৰু সাঁতুৰিছো ৷
 মেলি দিছো সপোনৰ বেহা 
শ্যামলিমাৰ সাগৰত 
বণিজ বেহাম প্ৰাপ্তিৰ ৷

পোনাটিলৈ এজোৰ গৰম কাপোৰ 
তাইলৈ গোন্ধ তেলৰ চিচা এটা
আৰু এটা হাত দীঘল বেলাউজ ৷

এইবাৰ এখন নতুন নিহালি সীয়াম 
মাঘৰ ৰাতিবোৰত 
নাদুকিৰ গাৰ উত্তাপ 
আৰু মোৰ হেপাহ বোৰত উম দি
পাৰ কৰিম এটা উজাগৰী 
নিশা ৷


Tuesday, 17 October 2017

Assamese poem কাতি

কাতিৰ ৰাতি বোৰত



"তুলসীৰ তলে তলে
মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
হৰ ধনু ধৰে ৷"
ৰামৰো হৈছিল বনবাস
পিন্ধিব লগা হৈছিল
বাকলি বসন
মূধচ হৈছিল মুকলি আকাশ ৷
দুখ আৰু ভোগ
সুখ আৰু শোক
নাহে একেলগে
কঙালি বুলি ময়ো হোৱা নাই নিৰাশ ৷

যদিও আধাপেটী হয়
কাতিৰ ৰাতি
চন পেলোৱা নাই এডৰা মাটি
সম্ভাৱনাৰ সপোন সাৱটি
সেউজীয়া বোৰে
আকাশলৈ মেলি দিছে হাত
মাঘত চপাম  বছৰটোৰ ভাত

"আশী সূতাৰ চেলেং খনি
বৈ দিয়া সৰু ভনী ৷"
বুলি
হুচৰি জুৰিবলৈ ব'হাগত
নাদুকিক লগাবলৈ দিম তাঁত ৷
খৰকৈ ঘূৰিব জীৱনৰ যঁতৰ
কাতিৰ শীতল ৰাতিবোৰতেই
উম দিওঁ নতুন সপোনৰ ৷

যদিও  কাতিত উদং ধানৰ ভঁৰাল
মেত মৰা সপোনৰ মনৰ মনৰ ভঁৰাল ৷

কাতিৰ ৰাতিবোৰ
বাৰে বাৰে আহ অ'
জীৱনক কৰিব'লে
আকৌ জীপাল ৷
১৮ অক্টোবৰ ১৭

Sunday, 15 October 2017

Crying

কান্দিব পৰা হ'লে ৷

কান্দিব পৰা নাই অ' বহু দিন
সোৱাদ পোৱা নাই চকুপানীৰ
আয়ে নিচুকাই মৰম কৰা নাই
সোধা নাই
"কিয় কান্দিচ বাচা? "
উজুতি খাই পৰিলে
কোৱা নাই
"পৃথিৱীয়ে দুখ পাইছে
দুখ পোৱা নাই মোৰ বাচাই "

আজি মোক কান্দিবলৈ মন গৈছে
যেনেকৈ কান্দে
শাওনৰ আকাশে
আৱেগৰ মেঘবোৰ জমা হৈ হৈ
বৰষুণ হৈ সৰে

মনৰ আকাশত ডাৱৰ জমা হোৱা নাই আৱেগৰ
হৃদয় নামৰ সেউজ পাহাৰটোত
খুন্দা খাই বৰষুণ দিব পৰা কৈ ৷
শ্যামলিমাবোৰ শেষ হৈ গ'ল অ'
হৃদয়ৰ
নাঙঠ পাহাৰৰ দৰে
থিয় দি আছে মাথো
ক্ষয়িষ্ণুতা সাৱটি সময়ৰ ৷

হাঁহাকাৰৰ বাউল ধুমুহাই
কোবাইছে অহৰ্নিশে
বুকুৰ পাহাৰ
আকলৰ নিগনিয়ে খান্দিছে গাঁত
কেৱল প্ৰাপ্তিৰ অনন্ত পিয়াহত
শুকাইছে কলিজা

শুকান মৰুত পানী ক'ত?
চকুপানী?

কান্দিবৰ মন গৈছে অ'
যি দৰে কান্দে শাওনৰ আকাশ
চকুপানীৰ যে নায়েই অৱকাশ
শিলুৱা হৃদয় শুকাই
জেঠৰ বাৰ খৰ
হিংসা, প্ৰতিহিংসাৰ
লাসৰাৰ, বাসনাৰ
ৰ'দ প্ৰখৰ ৷
চকুপানী?
চকুপানী ক'ত?
কান্দিব পৰা হ'লে এবাৰ
ল'ব পৰা হ'লে
সোৱাদ লুণীয়া
জিভাত ৷
আয়ে নিচুৱা হ'লে আকৌ এবাৰ
কান্দিলো হেতেন
হিঁয়া ভগা এসোতা কান্দোন
খোলি থৈ যত মানে মায়াৰ বান্ধোন
আই
কান্দিব পৰা নাই অ' মই
চকুপানীবোৰ
শুকাই কৰাল মাৰিল চোন
১৫ অক্টোবৰ ২০১৭

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...