Sunday, 15 October 2017

Crying

কান্দিব পৰা হ'লে ৷

কান্দিব পৰা নাই অ' বহু দিন
সোৱাদ পোৱা নাই চকুপানীৰ
আয়ে নিচুকাই মৰম কৰা নাই
সোধা নাই
"কিয় কান্দিচ বাচা? "
উজুতি খাই পৰিলে
কোৱা নাই
"পৃথিৱীয়ে দুখ পাইছে
দুখ পোৱা নাই মোৰ বাচাই "

আজি মোক কান্দিবলৈ মন গৈছে
যেনেকৈ কান্দে
শাওনৰ আকাশে
আৱেগৰ মেঘবোৰ জমা হৈ হৈ
বৰষুণ হৈ সৰে

মনৰ আকাশত ডাৱৰ জমা হোৱা নাই আৱেগৰ
হৃদয় নামৰ সেউজ পাহাৰটোত
খুন্দা খাই বৰষুণ দিব পৰা কৈ ৷
শ্যামলিমাবোৰ শেষ হৈ গ'ল অ'
হৃদয়ৰ
নাঙঠ পাহাৰৰ দৰে
থিয় দি আছে মাথো
ক্ষয়িষ্ণুতা সাৱটি সময়ৰ ৷

হাঁহাকাৰৰ বাউল ধুমুহাই
কোবাইছে অহৰ্নিশে
বুকুৰ পাহাৰ
আকলৰ নিগনিয়ে খান্দিছে গাঁত
কেৱল প্ৰাপ্তিৰ অনন্ত পিয়াহত
শুকাইছে কলিজা

শুকান মৰুত পানী ক'ত?
চকুপানী?

কান্দিবৰ মন গৈছে অ'
যি দৰে কান্দে শাওনৰ আকাশ
চকুপানীৰ যে নায়েই অৱকাশ
শিলুৱা হৃদয় শুকাই
জেঠৰ বাৰ খৰ
হিংসা, প্ৰতিহিংসাৰ
লাসৰাৰ, বাসনাৰ
ৰ'দ প্ৰখৰ ৷
চকুপানী?
চকুপানী ক'ত?
কান্দিব পৰা হ'লে এবাৰ
ল'ব পৰা হ'লে
সোৱাদ লুণীয়া
জিভাত ৷
আয়ে নিচুৱা হ'লে আকৌ এবাৰ
কান্দিলো হেতেন
হিঁয়া ভগা এসোতা কান্দোন
খোলি থৈ যত মানে মায়াৰ বান্ধোন
আই
কান্দিব পৰা নাই অ' মই
চকুপানীবোৰ
শুকাই কৰাল মাৰিল চোন
১৫ অক্টোবৰ ২০১৭

No comments:

Post a Comment

শেষ দৃশ্য - বিনয় কৃষ্ণ তামুলী ফুকন । বেৰত ঢেপেলা মুখীয়া মানুহজনৰ ফটোখন ওলমি আছে। বিষ্ণু ৰাভা তেওঁৰ নাম। ফটোখনৰ ফ্ৰেমটো ঘূণ পোকে ...