Friday, 24 November 2017

শুই থাক অ' ভূপেন মামা

"কুসুম্বৰৰ পুত্ৰ
শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান" বুলি
গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা
লুইতৰ পৰা মিচিপি হৈ ভল্গাৰ
বৰ্ণময়  যাত্ৰা ৷
তোমাৰ গীতৰ হেজাৰ শ্ৰুতাক
মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে
মোহাচন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷
শীতৰ সেমেকা ৰাতিবোৰত যিদৰে
বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা
কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত
উচুপি উঠিছিলা তুমি ৷
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰি ফুৰিছিলা যদিও
সূৰ্য্য উঠা দেশৰ
ৰ'দ পুৱাৰ কাৰণে মাতিছিলা আমাক ৷
একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷
মূৰ ফুলাম গামোচা খনি
ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা
কোনে কি ভাও লয় দেশৰ বাবে
মাতিছিলা সৱকে ৷
বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ
পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা
জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই
মনত পেলাই দিছিলা 
সাগৰ সংগমত সাঁতুৰি
ক্লান্ত নোহোৱা মানুহ জনো
তুমিয়েই আছিলা ৷
জিৰাবৰ তৰু-তৃণহীন
উৰণীয়া মৌ জাকৰ এটা
মৌ মাখি আছিলা তুমি
বিমূৰ্ত নিশা বোৰত
মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷
 মহানগৰীৰ যক্ষ হৈ
মিছলীয়া মৰমত কাৰাৰূদ্ধ
হোৱা নাছিলা জানো তুমি?
যৌৱন বাসনাৰ
উপকূল ৰিক্ত কৰি
বিৰহৰ গীত
নতুবা
সূৰ্যোদয় যদি লক্ষ্য
সূৰ্যাস্তৰ পিনে ধাৱমান কিয় বুলি কৰা প্ৰশ্ন
জুয়ে পোৰা তিৰাশীত হেৰাই যোৱা ভাইটোৰ সন্ধান,
তিমিৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষলৈ পোহৰৰ ঢল,
অথবা দিচাং মুখৰ মিচিং ডেকাটোৰ সোণৰ গেংগোঙৰ সুৰ
শ্বিলঙৰ মনালিছা লিংডোৰ গীতাৰৰ ঝংকাৰ
খাঁচী গৰখীয়াৰ শ্বৰাটিৰ সুৰ
এই আটাইবোৰতে আছিলা তুমি ৷
অগ্নি যুগৰ ফিৰিঙতি হৈ
সৰ্বহাৰৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ সংকল্প আছিল তোমাৰ ৷
প্ৰচণ্ড ধুমুহাক নিৰ্ভিক ভাৱে
খুজিছিলা শক্তি
পাহাৰটো সিপাৰে প্ৰতিধ্বনি শুনিছিলা
কোনো গাভৰুৰ শোক ভৰা কথা ৷
পৰহি পুৱাতে মাছলৈ গৈ
ওভটি নহা ৰংমনৰ বিৰহত
কান্দিছিলা তুমি ৷
দেশৰ চন্দ্ৰমা
কাল  আন্ধাৰেৰে আৱৰিল বুলি চিঞৰিছিলা তুমি…

কোনেও নুশুনিলে ভূপেন মামা
কোনেও নবুজিলে ৷
জীৱনটো
মৰণতো ৷

গীতেৰে নোৱাৰি ভাবিছিলা শাসনেৰে কৰিম
নাওবৈচাৰ সেই সোণালী দিন
জালুকবাৰীত শেষ হৈ গ'ল ৷

সংগীহীনতাকে সংগী কৰি
ছাঁকেই লগৰীয়া কৰি
তুমি যুঁজি গ'লা আমৰণ ৷

পাঠশালাতেই শিকাবলে
জাতীয়তাবোধৰ পাঠ
লিখিছিলা
"জ-ই বোলে জয় জয় অসমৰ জয়
অসমৰ জয় হ'লে ভাৰতৰো জয় ৷"
"ম-ই বোলে মুচলমান হিন্দুও একেই
গান্ধীজীয়ে কৈছিল বাৰে বাৰে তাকেই ৷" বুলি
শিকাব খুজিছিলা সৰ্বধৰ্ম সমানহঃ ৷

নাই ভূপেন মামা নাই ৷
তুমিও নাই
নাই আমাৰ জাতি ৷
দখল কৰিলে আমাৰ মাটি
দখল কৰিলে ভেটি
অসমৰ মাটিতে নিজেই মগনীয়া আমি আজি ৷
তোমাৰ শদিয়ালৈ যাবলৈ দলং হ'ল
পিছে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ থকা সাঁকোবোৰ ভাগি পৰিল ৷
মোৰ আইক ভাল পাওঁ বুলিলে
বহিৰাগতই গোচৰ তৰে আজি ৷
হয় ধৰ্ণা, হয় প্ৰতিবাদ
সৱ নিমাত ৷
সকলোৰে মনত বিচ্চিন্নতাবাদ
কোনেও নাগায়
"অসম আমাৰ ৰূপহী"
গায় ৰাজনীতিৰ গান
যদিও ব্ৰহ্মপুত্ৰ বহ্নিমান
শতৰুৱে বৰঘৰতে
বুকুত মাৰি থৈ যায় হান ৷

কোনেও নাগাই গভীৰ আস্থাৰ গান ৷
কথাবোৰ শুনি চাগে ভাবিছা
সৰগৰ পৰাই
"কি বিচাৰি ওৰে জীৱন
কেনি আগুৱালো!?"
একো লাভ নাই অ' ভূপেন মামা
বুভূক্ষ শিশুৰ আৰ্তনাত শুনি
নাকান্দে কোনেও ইয়াত ৷
বধিবলৈ ওলাই নাহে ৰামৰ দেশৰ ৰাৱণ ৷
কেৱল জন্ম আৰু মৃত্যুত তোমাক সোঁৱৰণ ৷
তাতো প্ৰতিযোগিতা
প্ৰচাৰৰ ৷
শুই থাকা ভূপেন মামা
অসমত এতিয়া গভীৰ নিশা
গভীৰ নিদ্ৰাত জাতি
শতৰুৰ দখলত ভেটি
কি লাভ সাৰে থাকি
শুই থাকা সমাধিতে
এৰা ইয়াত এতিয়া বৰ জয়াল ৰাতি ৷

Wednesday, 15 November 2017

Assamese poem

বুদ্ধিজীৱি

"ওলতি চোৰে গিৰিক বান্ধে
আৰু চাৰিকিল গিৰিকেই সাধে ৷"
তথাপি ইহঁতৰ চেতন নাহে ৷
জড় নে চৈতৈন্য ধৰাতো টান
বুদ্ধিজীৱি হেনো ইহঁতৰ নাম ৷

কলমৰ মোহ এৰি
ক্ষমতাৰ সপোনৰ পাছত দৌৰা এমুঠি মানুহ
চিন্তা চেতনাত স্বাৰ্থপৰতাৰ
ভেকেটা গোন্ধ ৷
যাওক ৰসাতলে দেশ
সাতোখন পাতালত পৰি ৰওক জাতি
বহিৰাগতই দখল কৰক মাটি
কিহৰ আপত্তি?

লাগে মান
লাগে সন্মান
যাওক লাগিলে কটা
স্বজাতিৰ নাক-কাণ
লৈছে ঠিকা বচাব দেশ
লাভ নহ'লে কিহৰ ঠিকা
নাবাচে ইহঁতে কেঁচা-পকা ৷
সুবিধা য'ত হয়
মূৰটো তাতেই থয়
জনতাই চাৰ চাৰ বুলি
চৰণৰ ধুলি লয় শিৰত তুলি
পিছে নহয় পবিত্ৰ পদ ধুলি
স্বাৰ্থ মিহলি লেতেৰা মলি ৷

দেখাত কি চাবা
সন্ত-মহন্ত ৷
অভিসন্ধিৰ নাইয়েই যে অন্ত
ধুৰন্ধৰৰ শিৰোমনি
উমনিৰ বাও কণী
সময়ে সময়ে টুকে
ঘঁৰিয়ালৰ চকুপানী ৷

তোষামোদ আৰু ক্ষমতাৰ দূৰন্ত আশা
জনতাক বন্দী কৰি
খেলে সৰ্বনাশী পাশা
কি কৰিবা ইহঁতৰ ওপৰত আশা ৷

নীলৰ পানী গাত সানি
আৰু কিমান দিন শিয়াল ৰজা?
জনতা সিংহৰ বজ্ৰ কণ্ঠ
কিমান পৰলৈ বাধা?
সময় থাকোঁতে পোচাক সলা
কৃষ্ণই কৰিলে লীলা বুলি
হাত সাৱতি নৰয় কোনেও
ক'ব -
ধৰ ধৰ ইহঁতক
ধৰি বান্ধি কিলা ৷৷

১৫ নৱেম্বৰ ১৭

Tuesday, 14 November 2017

শিপাহীন

"অলং দলং কৰিছে
ৰজাৰ ৰাণী আহিছে…"
"ইৰিকতি মিৰিকতি বাঁহৰ শলা
মোমাইদেউৰ পদুলীত বান্ধিলো ঘোঁৰা…
"বেঙেনা গছত কাপোৰ থৈ
দেও দি আহ… ৷"

নাই
বুলবুল, টুটুলহঁত
নিতাল চুবুৰী
পাতাবাহাৰ গছ অাছে
বেই সাজি তাৰ পাতেৰে
নেখেলে সিহঁতে দৰা-কইনা ধেমালী ৷
কোৰোকাৰ দুনৰি সজাই
পানীৰপোতাত কোনেও নোতোলে পানী

হৈ-গুডু  টাং গুটি
বাঘ-গৰু
লুকা-চুৰি
ৰৱাবৰ বল-মাৰ্বল
লোকৰ বাৰীৰ বগৰী চুৰি
নৰানীৰ মাজৰ নিগনি গাঁতৰ ধান
অথবা লেচেৰী
চৌ-ফলীয়া ৰ'দত
চেঙেলি টোপোৱা বৰশী
নৰাৰ পেঁপা
খোচনাৰ জলফাই-শিলিখা-আমলখি
নিমখ অকণ চুৰি কৰি
নদৌৰে সিহঁত এৰাবাৰীলৈ বুলি ৷
চেংমৰা অথবা নিমৰ গুটি
বাহঁৰ চুঙীৰ বন্দুক সাজি
বাহঁ ঢকুৱাৰ মুকুট সাজি
ভাওনাৰ খোল মুখত বজাই
কোনে নাচে আজি?

পিঠিৰ ঘামচি ভাঙি
আইতাৰ সাধু কথা
ঢকুৱাৰ বিচনিৰ বা
নৰাই কটা ভৰিৰ পিটৰ
চেক্ চেকনি
অকণমান গৰম পানী…
পঢ়াৰ টেবুলৰ ওখনা ওখনি
আৰু দেউতাৰ ধমকনি
ফিটা বাঢ়ি গৈ ক'লা পৰা
"লেমৰ চিম্নি"
চাকিৰ শলাকানীৰ এঙেৰুৱা
খৰিৰ ধোঁৱাৰ মাজত
আইৰ চকুপানী
ৰিংকি, পিংকি চিংকি হঁতে
একোকে নাজানে ৷

ঢেকীৰ নেজত বহি
ঝুলনা ঝুলা দি ঝুলি
কি যে মহা সুখ
ক'ত একলেনৰ বন্ধ পানী
ৰকি, জকি, পাংকি হঁতে
নুবুজিবই কাহানি ৷

দৌৰ দৌৰ মাথো কেৱল দৌৰ
পুৱা বিচনাৰ পৰা টানি
টুথপেষ্ট চাবোন সানি
টিফিনত পাওৰুটি
চেণ্ডুইচ, চিজ,
নহ'লে দুখনমান বিস্কুট জেলী সানি
দৌৰাই সিহঁতক ৷
দৌৰ নম্বৰৰ পিছত
দৌৰ "ছাকচেছ"ৰ আগত ৷
গানত, নাচত, খেলত
সকলোতে হ'বই লাগিব পাৰ্গত ৷
নহ'লে নাক যাব সমাজৰ আগত ৷
'ডৰিমন', নতুবা "ডব্লিও ডব্লিও"
"ম'বাইল গেম" আৰু "ভিডিও"
কেটবেৰিজৰ চকলেট নতুবা
আংকল চিপচ্
টিভিৰ বিজ্ঞাপন
পুতলা পিষ্টল
বাৰ্বী পুতলা
সিহঁতৰ খেলৰ লগৰী ৷
চৌহদৰ দেৱাল
কোঠালিৰ চাৰিবেৰ
"টিউচন" আৰু "কম্পিটিচন"ৰ
সীমিত পৰিধি ৷
সংকৃৰ্ণতাৰ খোলাত বন্দী ৷

মুকলি আকাশ
বনাই থকা চিলনী
কমোৱা তুলা চাই
উদাৰতাৰ পাঠ শিকিবলৈ
নাই সিহঁতৰ আহৰি ৷

মানুহ গঢ়িছে সৱে
মানুহ ৷
যি মানুহে
এদিন বন্দী কৰিব আমাক
বৃদ্ধাশ্ৰমৰ বন্ধ কোঠালিত
আমি যে নিশিকালো সিহঁতক
শিপা কি ৷

(শিশু দিৱস উপলক্ষ্যে)
১৪ নৱেম্বৰ ১৭

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...