Tuesday, 14 November 2017

শিপাহীন

"অলং দলং কৰিছে
ৰজাৰ ৰাণী আহিছে…"
"ইৰিকতি মিৰিকতি বাঁহৰ শলা
মোমাইদেউৰ পদুলীত বান্ধিলো ঘোঁৰা…
"বেঙেনা গছত কাপোৰ থৈ
দেও দি আহ… ৷"

নাই
বুলবুল, টুটুলহঁত
নিতাল চুবুৰী
পাতাবাহাৰ গছ অাছে
বেই সাজি তাৰ পাতেৰে
নেখেলে সিহঁতে দৰা-কইনা ধেমালী ৷
কোৰোকাৰ দুনৰি সজাই
পানীৰপোতাত কোনেও নোতোলে পানী

হৈ-গুডু  টাং গুটি
বাঘ-গৰু
লুকা-চুৰি
ৰৱাবৰ বল-মাৰ্বল
লোকৰ বাৰীৰ বগৰী চুৰি
নৰানীৰ মাজৰ নিগনি গাঁতৰ ধান
অথবা লেচেৰী
চৌ-ফলীয়া ৰ'দত
চেঙেলি টোপোৱা বৰশী
নৰাৰ পেঁপা
খোচনাৰ জলফাই-শিলিখা-আমলখি
নিমখ অকণ চুৰি কৰি
নদৌৰে সিহঁত এৰাবাৰীলৈ বুলি ৷
চেংমৰা অথবা নিমৰ গুটি
বাহঁৰ চুঙীৰ বন্দুক সাজি
বাহঁ ঢকুৱাৰ মুকুট সাজি
ভাওনাৰ খোল মুখত বজাই
কোনে নাচে আজি?

পিঠিৰ ঘামচি ভাঙি
আইতাৰ সাধু কথা
ঢকুৱাৰ বিচনিৰ বা
নৰাই কটা ভৰিৰ পিটৰ
চেক্ চেকনি
অকণমান গৰম পানী…
পঢ়াৰ টেবুলৰ ওখনা ওখনি
আৰু দেউতাৰ ধমকনি
ফিটা বাঢ়ি গৈ ক'লা পৰা
"লেমৰ চিম্নি"
চাকিৰ শলাকানীৰ এঙেৰুৱা
খৰিৰ ধোঁৱাৰ মাজত
আইৰ চকুপানী
ৰিংকি, পিংকি চিংকি হঁতে
একোকে নাজানে ৷

ঢেকীৰ নেজত বহি
ঝুলনা ঝুলা দি ঝুলি
কি যে মহা সুখ
ক'ত একলেনৰ বন্ধ পানী
ৰকি, জকি, পাংকি হঁতে
নুবুজিবই কাহানি ৷

দৌৰ দৌৰ মাথো কেৱল দৌৰ
পুৱা বিচনাৰ পৰা টানি
টুথপেষ্ট চাবোন সানি
টিফিনত পাওৰুটি
চেণ্ডুইচ, চিজ,
নহ'লে দুখনমান বিস্কুট জেলী সানি
দৌৰাই সিহঁতক ৷
দৌৰ নম্বৰৰ পিছত
দৌৰ "ছাকচেছ"ৰ আগত ৷
গানত, নাচত, খেলত
সকলোতে হ'বই লাগিব পাৰ্গত ৷
নহ'লে নাক যাব সমাজৰ আগত ৷
'ডৰিমন', নতুবা "ডব্লিও ডব্লিও"
"ম'বাইল গেম" আৰু "ভিডিও"
কেটবেৰিজৰ চকলেট নতুবা
আংকল চিপচ্
টিভিৰ বিজ্ঞাপন
পুতলা পিষ্টল
বাৰ্বী পুতলা
সিহঁতৰ খেলৰ লগৰী ৷
চৌহদৰ দেৱাল
কোঠালিৰ চাৰিবেৰ
"টিউচন" আৰু "কম্পিটিচন"ৰ
সীমিত পৰিধি ৷
সংকৃৰ্ণতাৰ খোলাত বন্দী ৷

মুকলি আকাশ
বনাই থকা চিলনী
কমোৱা তুলা চাই
উদাৰতাৰ পাঠ শিকিবলৈ
নাই সিহঁতৰ আহৰি ৷

মানুহ গঢ়িছে সৱে
মানুহ ৷
যি মানুহে
এদিন বন্দী কৰিব আমাক
বৃদ্ধাশ্ৰমৰ বন্ধ কোঠালিত
আমি যে নিশিকালো সিহঁতক
শিপা কি ৷

(শিশু দিৱস উপলক্ষ্যে)
১৪ নৱেম্বৰ ১৭

No comments:

Post a Comment

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...