Friday, 24 November 2017

শুই থাক অ' ভূপেন মামা

"কুসুম্বৰৰ পুত্ৰ
শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান" বুলি
গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা
লুইতৰ পৰা মিচিপি হৈ ভল্গাৰ
বৰ্ণময়  যাত্ৰা ৷
তোমাৰ গীতৰ হেজাৰ শ্ৰুতাক
মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে
মোহাচন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷
শীতৰ সেমেকা ৰাতিবোৰত যিদৰে
বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা
কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত
উচুপি উঠিছিলা তুমি ৷
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰি ফুৰিছিলা যদিও
সূৰ্য্য উঠা দেশৰ
ৰ'দ পুৱাৰ কাৰণে মাতিছিলা আমাক ৷
একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷
মূৰ ফুলাম গামোচা খনি
ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা
কোনে কি ভাও লয় দেশৰ বাবে
মাতিছিলা সৱকে ৷
বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ
পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা
জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই
মনত পেলাই দিছিলা 
সাগৰ সংগমত সাঁতুৰি
ক্লান্ত নোহোৱা মানুহ জনো
তুমিয়েই আছিলা ৷
জিৰাবৰ তৰু-তৃণহীন
উৰণীয়া মৌ জাকৰ এটা
মৌ মাখি আছিলা তুমি
বিমূৰ্ত নিশা বোৰত
মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷
 মহানগৰীৰ যক্ষ হৈ
মিছলীয়া মৰমত কাৰাৰূদ্ধ
হোৱা নাছিলা জানো তুমি?
যৌৱন বাসনাৰ
উপকূল ৰিক্ত কৰি
বিৰহৰ গীত
নতুবা
সূৰ্যোদয় যদি লক্ষ্য
সূৰ্যাস্তৰ পিনে ধাৱমান কিয় বুলি কৰা প্ৰশ্ন
জুয়ে পোৰা তিৰাশীত হেৰাই যোৱা ভাইটোৰ সন্ধান,
তিমিৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষলৈ পোহৰৰ ঢল,
অথবা দিচাং মুখৰ মিচিং ডেকাটোৰ সোণৰ গেংগোঙৰ সুৰ
শ্বিলঙৰ মনালিছা লিংডোৰ গীতাৰৰ ঝংকাৰ
খাঁচী গৰখীয়াৰ শ্বৰাটিৰ সুৰ
এই আটাইবোৰতে আছিলা তুমি ৷
অগ্নি যুগৰ ফিৰিঙতি হৈ
সৰ্বহাৰৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ সংকল্প আছিল তোমাৰ ৷
প্ৰচণ্ড ধুমুহাক নিৰ্ভিক ভাৱে
খুজিছিলা শক্তি
পাহাৰটো সিপাৰে প্ৰতিধ্বনি শুনিছিলা
কোনো গাভৰুৰ শোক ভৰা কথা ৷
পৰহি পুৱাতে মাছলৈ গৈ
ওভটি নহা ৰংমনৰ বিৰহত
কান্দিছিলা তুমি ৷
দেশৰ চন্দ্ৰমা
কাল  আন্ধাৰেৰে আৱৰিল বুলি চিঞৰিছিলা তুমি…

কোনেও নুশুনিলে ভূপেন মামা
কোনেও নবুজিলে ৷
জীৱনটো
মৰণতো ৷

গীতেৰে নোৱাৰি ভাবিছিলা শাসনেৰে কৰিম
নাওবৈচাৰ সেই সোণালী দিন
জালুকবাৰীত শেষ হৈ গ'ল ৷

সংগীহীনতাকে সংগী কৰি
ছাঁকেই লগৰীয়া কৰি
তুমি যুঁজি গ'লা আমৰণ ৷

পাঠশালাতেই শিকাবলে
জাতীয়তাবোধৰ পাঠ
লিখিছিলা
"জ-ই বোলে জয় জয় অসমৰ জয়
অসমৰ জয় হ'লে ভাৰতৰো জয় ৷"
"ম-ই বোলে মুচলমান হিন্দুও একেই
গান্ধীজীয়ে কৈছিল বাৰে বাৰে তাকেই ৷" বুলি
শিকাব খুজিছিলা সৰ্বধৰ্ম সমানহঃ ৷

নাই ভূপেন মামা নাই ৷
তুমিও নাই
নাই আমাৰ জাতি ৷
দখল কৰিলে আমাৰ মাটি
দখল কৰিলে ভেটি
অসমৰ মাটিতে নিজেই মগনীয়া আমি আজি ৷
তোমাৰ শদিয়ালৈ যাবলৈ দলং হ'ল
পিছে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ থকা সাঁকোবোৰ ভাগি পৰিল ৷
মোৰ আইক ভাল পাওঁ বুলিলে
বহিৰাগতই গোচৰ তৰে আজি ৷
হয় ধৰ্ণা, হয় প্ৰতিবাদ
সৱ নিমাত ৷
সকলোৰে মনত বিচ্চিন্নতাবাদ
কোনেও নাগায়
"অসম আমাৰ ৰূপহী"
গায় ৰাজনীতিৰ গান
যদিও ব্ৰহ্মপুত্ৰ বহ্নিমান
শতৰুৱে বৰঘৰতে
বুকুত মাৰি থৈ যায় হান ৷

কোনেও নাগাই গভীৰ আস্থাৰ গান ৷
কথাবোৰ শুনি চাগে ভাবিছা
সৰগৰ পৰাই
"কি বিচাৰি ওৰে জীৱন
কেনি আগুৱালো!?"
একো লাভ নাই অ' ভূপেন মামা
বুভূক্ষ শিশুৰ আৰ্তনাত শুনি
নাকান্দে কোনেও ইয়াত ৷
বধিবলৈ ওলাই নাহে ৰামৰ দেশৰ ৰাৱণ ৷
কেৱল জন্ম আৰু মৃত্যুত তোমাক সোঁৱৰণ ৷
তাতো প্ৰতিযোগিতা
প্ৰচাৰৰ ৷
শুই থাকা ভূপেন মামা
অসমত এতিয়া গভীৰ নিশা
গভীৰ নিদ্ৰাত জাতি
শতৰুৰ দখলত ভেটি
কি লাভ সাৰে থাকি
শুই থাকা সমাধিতে
এৰা ইয়াত এতিয়া বৰ জয়াল ৰাতি ৷

No comments:

Post a Comment

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...