Monday, 4 December 2017

অ-সম মোৰ  "আচাম" দেশ

ওখোৰা-মোখোৰা নহয় কেৱল
কোনো দেশ সমকক্ষ নহয়
মোৰ দেশৰ স'তে ৷
ঐস্বৰ্য্য-বিভূতি
না-না জাতি
অনেক ধৰ্ম
মেটমৰা সম্পদ
আৰু
উদাৰতা সাৱটি
মহিমামন্দিত
বিশ্ব বন্দিত
মোৰ অ-সম
অসম দেশ ৷

অসম মাটিৰ স্বৰ্গ
অসম অভেদ্য দূ্ৰ্গ
ভাৰতৰ পূৱত জিলিকিছিল
অপূৰ্ব জ্যোতিৰে
প্ৰাগজ্যোতিষপুৰ হৈ
পিতা ব্ৰহ্মপুত্ৰৰ
পলসত গজা
সভ্যতাৰ পুলিটো
বাঢ়ি গৈয়েই আছিল
লহ-পহ কৈ ৷

"ঘটোৎকচ" "ভগদত্ত" কিম্বা "নৰক"ৰ
দূৰ্জেয় শকতিৰে জিলিকি আছিল
অ-সম,  তুলনাবিহীন দেশ ৷

আহিছিল স্বৰ্গদেও পাহাৰটোৰ পাৰ হৈ
সোণৰ জখলা বগাই
 সোণালী শস্যৰ দেশ
"ম্যুংদুন চ্যুনখাম"লৈ ৷

সাজিছিল নগৰ
গঢ়িছিল
গঢ়িছিল দেশ
খেদিছিল মোগল ৷

শংকৰ-মাধৱে জুৰিছিল
বৰগীত
আজানদেউ চাহেৱে জিকিৰ ৷

যদিও অসমান পাহাৰ-পৰ্বতেৰে
তথাপি সাৱটি সকলোকে সমানে
বৈ আছিল চিৰিলুইত
অ-সম মৰম বিলাই
মোৰ অসম দেশত ৷

আহিছিল না না জন
না না বেশত ৷
আমি উদাৰ জাতি
বহুৱালো সকলোকে
বৰঘৰত
বৰপীৰা পাৰি ৷

বদনৰ আহ্বানত
আহিল মান
শেষ হ'ল দেশৰ সন্মান
মাৰ গ'ল পূৱৰ বেলি
পশ্চিমৰ ক'লা আন্ধাৰে
ধৰিলে চানি ৷
আছিল স্বাধীন মোৰ দেশ
হ'ল পৰাধীন ৷
মৈদামৰ শেষ সম্পদকণো
লৈ গুছি গ'ল বৃটিছ
দি গ'ল
গণনতন্ত্ৰৰ "পলিটিক্স"
ভাৰতৰ মানচিত্ৰত
কুকুৰাৰ ডিঙিটো লগাই
কোনো মতে ওলমি থাকিল
মোৰ দেশ ৷

আছিল সাত
সাতভনী মিলি-জুলি
ছ জনীক খেদিলে
চুলিত ধৰি ৷

আৰম্ভ হ'ল কেৱল
কামোৰা কামোৰা কামোৰি
প্ৰাগজ্যোতিষপুৰ
কিম্বা অসম
হৈ পৰিল " আচাম"
আহ
যি যেনেকৈ পাৰ সোমাই আহ
আমি বৰ উদাৰ
সকলোকে চাম ৷
কাৰণ
এই খন "আচাম"

অ-সম নহয় আৰু মোৰ দেশ
স্বজনৰ ৰূপত সকলোৰে চদ্মৱেশ ৷

আহ কোন ক'ত আছ?
সকলোকে চাম
বৰ পীৰা পাৰি বহুৱাম
এইখন 'আচাম"
৫ ডিচেম্বৰ ১৭

Friday, 1 December 2017

জোন বাই এ -ঘৰ এটি দিয়াঁ

"হাতীত উঠি পানীৰাম
ঘৰলৈ যায়
আলি বাটৰ মানুহে ঘূৰি ঘূৰি চায়?"
অঁ, আমিও চাইছিলো
ডিঙি মেলি
কাণ উণাই শুনিছিলো
আহিছে নেকি
বগলী ডিঙীয়া গাড়ী
আহিছে নেকি হাতী
কৰ্টৰ নটিচ খন পাবৰ দিনাৰ পৰাই ৷

আহিল আহিল ঔ পিতাই
খাঁকী, পখৰা পিন্ধা এজাকে
গাওঁ খন ফুৰিছে পিট পিতায় ৷
হাতীৰ পিঠিত উঠি
পানীৰাম অহা নাই
যোৱা  নাই বুকুফিন্দাই
সিয়ো বোলে আমাৰ দৰে
সৰু মানুহেই পিতাই
ভাঙিছে ঘৰবোৰ আমাৰ
তাৰ পেটৰ তাড়নাতে
তাক হেনো শাও দিব নাপায় ৷

ইয়াত এখন হাবি আছিল হেনো?
আমাৰ ঘৰবোৰ ভাঙি
কংত্ৰিটৰ দালানৰ পুলি লগাব
হেনো কোনো ধনী পেটুৱাই?

আমি ক'লৈ যাম অ' পিতাই
বগলী ডিঙীয়া গাড়ীৰ হাতোৰাই
মোৰ কুঁহিপাঠ খনো
ফালি পেলালে আই ৷

পিতাই, পিতাই
চা -
তই যে চহৰত হাজিৰা কৰি কৰি
সাজিছিলি আমাৰ ঘৰ
আয়ে টিন পাত আনিবলৈ
হাঁহ বেছি গোটাইছিল পইচা
কেনেকৈ মহতিয়াই পেলালে পিতাই ৷

হাবিতো আৰু বহুত আছে ৷
চৰ আছে, চাপৰি আছে
য'ত ভোটৰ পুলি ৰুইছে
ৰজাই
দিনে নিশাই ৷
দিছে ধৰ্মৰ দোহাই
"শৰণাগতক খেদাব নাপায় ৷"
আমাৰ ঘৰবোৰ ভাঙি
অঘৰী কৰাতো
কোন ধৰ্মৰ নিয়ম পিতাই?

চৰ-চাপৰি, গ্ৰেজিঙৰ মাটি
চানি ধৰিছে ৰঘূমলাই
সিহঁতৰক কিয় ওভালি নেপেলায়?
ৰঘূমলাও অৰণ্যৰে অংশ
সেই বাবে চাগে
ন পিতাই ৷

কালিলৈ পৰা পৰা
আমাৰ ঠিকনা হ'ব আকাশৰ তল ৷

চিঞৰি চিঞৰি পঢ়িম
ফটা কুঁহিপাঠ
"জোনবাই এ ঘৰ এটি দিয়াঁ ৷"
জোন বাই
জোন বাই
আমাৰ যে ঘৰ নাই ৷

২৯ নৱেম্বৰ

বন্ধ বন্ধ খেলোঁ আহাঁ

এনেয়ে কিমান থাকিবা আৰু
খেলিব পৰা হ'লে বন্ধ বন্ধ এক গেইম ৷
জ্বলাব পৰা হ'লে টায়াৰ
ভাঙিব পৰা হ'লে গাড়ীৰ গ্লাচ
হাত খনো খজুৱাই আছে বহু দিন
লপা থ'পা দিব পৰা হ'সে বন্ধ নমনা কেইটাক ৷

চেঃ ইছ্যু এটাৰেই আকাল
ভঙা হ'লে ক'ৰবাত বুলড্ৰেজাৰে ঘৰ
বন্ধ দি সাজি দিলো হেতেন সিহঁতক বাৰ, চৌব্বিশ, পয়সত্তৰ কিম্বা এশ ঘন্টাত ৷

বঢ়া হ'লে সামগ্ৰীৰ দাম
দিব পাৰিলো হেতেন বন্ধকে এটা ৷
বন্ধৰ শেষত খাব পাৰিলো হেতেন মদে-ভাতে পাৰ্টি এটা ৷
চেঃ ওলোৱাই নাই বহু দিন ইছ্যু এটা ৷

আমি বৰ মতা
বুজোঁ গণতান্ত্ৰিকতা
কাৰোবাৰ চৌকাত জ্বলক
নজ্বলক জুই
তাত কি কথা?
মৰক ৰোগী নৌ পাওঁতেই গৈ
হস্পিটাল
মৰিলেইচোন শেষ সংসাৰৰ য'ত জঞ্জাল ৷
থেলাৱালা, ৰিক্সা ৱালাৰ নুঘূৰক চকা
আমাৰতো নহয় আহুকাল ৷
দেউতাৰ ভঁৰালত ধন ধানৰ কিহৰ আকাল?

পচি যাওত পাচলি বেপাৰীৰ শাক
গেলক মাছ
শুদা হাতে ওভতক দিন হাজিৰে  পেট পোহা
নদাই -ভদাই
সিহঁতৰ কথাটো আৰু ভাবি লাভ নাই ৷

আমি নেতা
আছে আমাৰ সংগঠন
এদিন কৰিম ৰাজনীতিলৈ গমন
আমাৰ বিৰুদ্ধেও বন্ধ দিব কোনোবাই
তেতিয়াও আমাৰ চিন্তা নাই
গুছি যাম ৰঙা লাইট ঘূৰাই ঘূৰাই ৷

চেঃ বহু দিন বন্ধ দিব পৰা নাই
আহাঁ ইছ্যু নোহোৱাৰ প্ৰতিবাদতে
বন্ধ এটা দি
এক গেম
বন্ধ বন্ধ খেলোঁ ভাই ৷

২৯ নৱেম্বৰ ১৭
৷৷ বন্য আদালতত মানুহ ৷৷

"অৰ্ডাৰ অৰ্ডাৰ
অৱজেকশ্যন  ইজ অভাৰোল্ড ৷৷"
(objection is overruled)

অৰণ্যৰ আদালতৰ মহামান্য
বিচাৰপতি জনে
গম্ভীৰ কণ্ঠৰে শুনালে ৰায় ৷

মানুহ আৰু বন্যৰ দুয়ো পক্ষৰ
অধিবক্তাৰ যুক্তি শুনাৰ অন্তত
ৰায় গ'ল বন্যৰ ফালে ৷

আপুনি চাগে ভাবিছে
হয়তু মহামান্য বিচাৰপতিয়ে ক'লে -
"অমুক অভয়াৰণ্য বে-দখল কৰা সকলো পথালি চকুৱাক
অমুক তাৰিখে বনজ চৰকাৰে উচ্ছেদ কৰিব,
আৰু সিংহৰ নেতৃত্বত গজৰাজে ভাঙিব সিহঁতৰ ঘৰ ৷"

ভুল ৷
নক'লে তেনেকৈ তেওঁ
ক'লে সমগ্ৰ পৃথিৱীয়েই
বে-দখল কৰিছে দুঠেঙীয়াই ৷
হাবি-বন মহতিয়াই
কৰিছে অঘৰী বন্য সকলক ৷
অনধিকাৰত ভাগ কৰিছে পৃথিৱী
অৰণ্য- অভয়াৰণ্য
মানৱ বসতি, চুবা, গাঁও,  নগৰ -চহৰত ৷
আচলতে সকলোতে বন্যক খেদি সিহঁতৰ ভোগ, দখল ৷

সাৰি যোৱা নাই কোনো
উৰণ-বুৰণ কিম্বা গজন ভ্ৰমণ ৷
কিহৰ অভয়াৰণ্য?
কাক দিব অভয়?
 বন্য  সদায় মুক্ত , নিৰ্ভীক ৷
পথালি চকুৱাই দখল কৰি বন্যৰ ঘৰ
দিবলৈ আহে অভয়ৰ আশ্বাস?
কৰিব নাপায় সিহঁতক বিশ্বাস ৷
সিহঁতৰ নিজৰ মাজতে ক'ত
ভেদ, ক'ত জাত ৷

নগৰত থকা সোপাই ভাঙিবলৈ যায়
বনত থকাৰ ঘৰ
নিজেই নিজতে পৰ ৷
বন্যই নাভাঙে প্ৰজাতিৰ ঘৰ ৷
আচলতে পথালি চকুৱাবোৰ নিধক বৰ ৷

বৰ গহীন ভাৱে দিলে ৰায় বন্য ন্যায়্যাধীশে -
ভাঙি পেলাব লাগে
পৃথিৱীৰ সকলো নগৰ-চহৰ ৷
বে-দখল মুক্ত কৰিব লাগে পৃথিৱী ৷
দহ বছৰলৈ বন্ধ্যা কৰিব লাগে
মানুহক
প্ৰাৰ্থনা কৰিব লাগে সমগ্ৰ বনজে
অৰণ্যবোৰ আকৌ গজি উঠক ৷
অভয় নালাগে মানুহৰ
নালাগে অভয়াৰণ্য
মংগলাৰ্থে সমগ্ৰ বন্যৰ
এঘৰীয়া কৰিব লাগে মানুহক ৷

ৰায় শুনি মনিচৰ জাত
পেঁপুৱা নালাগিল ৷
অৰণ্যৰ নাতি দূৰৈৰ
কংক্ৰিটৰ অট্টালিকা বোৰে
বৰ নিৰ্লজ্জ ভাৱে হাঁহি থাকিল
আৰু মানুহে নাম দিয়া অভয়াৰণ্য খনত বাস কৰা
নিজৰ প্ৰজাতিৰ হাততে
নিষ্পেষিত হোৱা
ঘৰহীন মানুহবোৰ
ঠেটুৱৈ লগা শীতত কঁপি থাকিল ৷

বিনয় ১  ডিচেম্বৰ

অ-সম মোৰ  "আচাম" দেশ ওখোৰা-মোখোৰা নহয় কেৱল কোনো দেশ সমকক্ষ নহয় মোৰ দেশৰ স'তে ৷ ঐস্বৰ্য্য-বিভূতি না-না জাতি অনেক ধৰ্ম ...