Wednesday, 12 December 2018

মোৰ ঠিকনা বিচাৰিছে তেওঁ।

হেল্ল,
শুনা,
তোমাৰ ঠিকনাটো দিয়া।
অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত।
-হুমম..
কোন?
কোন বাৰু তুমি?!
-অহঃ পাহৰিলা মোক?
মোৰ মাতটোও অচিনাকি এতিয়া তোমাৰ বাবে..
-মাফ কৰিবা ।
মই যে হৃদয় জয় কৰিবলৈ নিশিকিলো।
-প্লিজ ঠিকনাটো দিয়া।
-তুমিচোন হৃদয়ত লিখিছিলা মোৰ নাম
তেজত আঁকি থৈছিলা
মানচিত্ৰ।
আজি ঠিকনা বিচাৰি ফ'ন কৰিছা।
হাঃ হাঃ হাঃ
নৰক নগৰৰ শেষটো বাইলেনৰ
জৰাজীৰ্ণ ঘৰটো মোৰ ঠিকনা।
অহৰ্নিশে খোলা থাকে বুকুৰ জপনা।

(ঠিকনা বিচাৰি ফ'ন কৰা এসময়ৰ এগৰাকী  সুহৃদৰ হাতত)

Monday, 10 December 2018

হৃদয় এক ৰণক্ষেত্ৰ।

যুদ্ধ আৰু হৃদয় যদিও পৃথক
দুয়োটাকে জীনিবলৈ টান।
কিছুমান মানুহে যুদ্ধ জয় কৰে
কিছুমানে হৃদয়।
কিন্তু যাৰ হৃদয়েই নাই তেওঁৰ কি জীনিবা! শৰীৰৰ? যুদ্ধ জিকিবলৈ যুদ্ধ ক্ষেত্ৰত নামিব লাগিব। হৃদয় জিকিবলৈ?
হৃদয় শৰীৰত থাকে।
সকলো শৰীৰত কিন্তু হৃদয় নাথাকে।

পুনঃ হৃদয় জয় আটাইতকৈ সহজ। কিন্তু হৃদয় বিচাৰি পোৱাটো দুৰুহ। দূৰ্লভ। কঠিন।
দুখ বোৰ মোক দিয়া
ভালপোৱাবোৰ তুমি লোৱা।

তেওঁ সুধিলে -
"সুখী নে তুমি?"
মই ক'লো-
তোমাৰ দুখ বোৰ মোক দিয়া আৰু সুখী হোৱা।
তেওঁ সুধিলে -
"হাঁহি আছা নে?"
মই ক'লো-
চকুপানী বোৰ মোক দিয়া
তুমি হাঁহি থাকা।

প্ৰায়ে তেওঁৰ স'তে আলাপত বহোঁ
তেওঁৰ নিসংগতাবোৰ মোক দিয়ে
মই একাকীত্বৰ বিষাদত মগন হওঁ।
তেওঁক বিশ্বাস দিব পৰাকৈ বিশ্বাসী হ'ব খোজোঁ।
বিষাদ বোৰ পাণ কৰি
নীলকণ্ঠী হওঁ।

এদিন তেওঁ ক'লে
অলপ শান্তি দিয়া।
মই ক'লো-
 বিনিময়ত যুদ্ধ নকৰিবা।

১০ ডিচেম্বৰ ২০১৮

Wednesday, 19 September 2018

।। এই বাটেৰে আজি তেওঁ আহিব ।।

এই বাটেৰে আজি তেওঁ আহিব
এই ফুলনীত আজি ফুল ফুল ফুলিব
নুফুলা বহু কলিও
সৰি পৰিব
পছোৱা বলিব
মিছা ভালপোৱাৰ তাচ পাতৰ ঘৰ
পকা পাত সৰা দি খহি পৰিব
এই বাটেৰে তেওঁ আহিব।

এই বাটেৰে তেওঁ আহিব
পুৰণি নিয়মবোৰ
অনিয়মৰ ভৰত ভাঙি পৰিব
সম্ভাৱনাহীন এজাক বৰষুণ সৰিব
ইপাৰ-সিপাৰ একাকাৰ হ'ব
হাঁহাকাৰ বোৰ চিৎকাৰ হ'ব
এই বাটেৰে তেওঁ আহিব।

পথবোৰ মসৃণ হ'ব
পহৰিয়াবোৰ সস্ত্ৰম হ'ব
চাইৰেণবোৰ বাজি উঠিব
পথ হেৰুৱাৰ ভয় নাথাকিব
এই বাটেৰে তেওঁ আহিব
পথ হেৰুৱাবলৈ
পথেই নাথাকিব।

Tuesday, 4 September 2018

একাকীত্বৰ  গৰল পান কৰি  নীলকণ্ঠী হওঁ।

"মৃত্যু মা আমৃতং গময়"
তমসাৰ পৰা পোহৰলৈ নিয়া
জীৱনৰ পৰা!
মৰণলৈ?!

নিজৰ নিজানত
নিৰ্জনতাৰ সুৰা পান কৰি
মাতাল হওঁ
সময় নদীত দলিয়াই দিওঁ
যত দুখ, ক্লান্তি, অসুখ
সৰু সৰু শিল গুটিৰ দৰে।
ঢৌ উঠে।
ঢৌ মানে যে সোঁত নহয়
জীৱন সময় বালিত পৰি ৰয়
আৰু মই!
আত্মাৰ পৰা আত্মালৈ বন্ধা সেতু বোৰ
ঘৈয়াই যাওঁ
নিঃসংগ হওঁ
 গৰল পান কৰো একাকীত্বৰ গৰল
আৰু  নীলকণ্ঠী হওঁ।
সুৰ ভাল, সুৰা ভাল

"য়ে ইন্টেজাৰ গলত হে
কি চাম হ' যায়ে.."
অজুহাত যেতিয়া পায়েই গ'লা
সন্ধিয়ালৈ কিয় ৰ'বা
এতিয়াওতো পিব পাৰি ফটিকা
মাতাল হ'ব পাৰি
ডুৱ যাব পাৰি নষ্টালজিয়াত।
"আজ কাল ইটনি ভি নেহী মিলটি মেহখানে মে
যিটনি হাম চ'ৰ দি থি পেমানে মে..."
অৱশিষ্টকে পান কৰোঁ আহা জীৱন মদিৰা
ভীৰ কৰক স্মৃতিয়ে
কাতৰ কলিজা
নিচা কাৰোবাৰ বাবে
প্ৰেয়সীৰ চকুপানী
কাৰোবাৰ বাবে আলিংগনৰ আৱাহনি
নিচা প্ৰিয়াৰ কাজলত
নিচা বিষাদী গজলত।
সন্ধিয়া আহিবই নামি জীৱনৰ
দেৰী কিয় সখা
অজুহাত যেতিয়া পায়েই গ'লা
উদযাপনৰ।

গান ভাল
সুৰ ভাল
সুৰা ভাল
মলমৰ দৰে পূৰাই আনে ঘাঁ কলিজাৰ।

Sunday, 2 September 2018

ধনীৰামৰ কুকুৰা পাম
-বিনয় কৃষ্ণ তামুলী ফুকন ।

নব্বৈ দশকৰ ঘটনা। সেই সময়ত বেলি থপিয়াবলৈ যোৱা বহু ককাইদেউ "মূল সূঁতি" মানে "চেন্ট্ৰেল ইষ্ট্ৰিম" লৈ ঘূৰি আহিছে।
৪০৭ নামৰ যমৰ ফোন নম্বৰ বুলি খ্যাত হোৱা যাত্ৰীবাহী সৰু বাছ লৈছে, আত্মসংস্থাপনৰ নামত। দুই লাখ টকাকৈ দিছিল চৰকাৰে। চাৰি চকা যুক্ত এনে বাহন দূৰ্ঘটনা গ্ৰস্ত হৈ বহুলোকৰ নাম আগৰ শ্ৰী ডিলিট হৈ চন্দ-বিন্দু নামৰ প্ৰেমিক যুগল বহি গ'ল বাবে ৰাইজে পিছলৈ এই ৪০৭ নম্বৰটোক যমৰ ফোন নম্বৰ বুলি অভিহিত কৰিলে। সেই সময়ৰে ঘটনা। "প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনা" (PMRY) বুলি বহু অসমীয়া যুৱকক উদ্যোগিক ঋণো দিছিল অসম চৰকাৰৰ উদ্যোগ বিভাগে। পৰিমাণ এক লাখ। আমাৰ ধনীৰামেও আৱেদন কৰিলে। বিভাগীয় কণিষ্ঠ অভিযন্তাৰ দ্বাৰা আঁচনি প্ৰস্তুত কৰোৱালে। পশু পালন আৰু চিকিৎসা বিভাগৰ অধীনত কণী পৰা কুকুৰাৰ পাম খুলিব। সাক্ষাৎকাৰত উতৃৰ্ণ হ'ল। প্ৰশিক্ষণলৈ মাতিলে। গ'ল। ক'লে ব্যৱসায়ত নামিব যেতিয়া মনোবল হেৰুৱাব নালাগে। লাভ-লোকচান থাকেই। মন ভাঙিব নালাগে। দুগুণ উৎসাহেৰে কাম কৰি যাব লাগে।
   সকলো কথা সাৰোগত কৰি ধনীৰামে ঋণৰ টকাৰে কণীৰপৰা কুকুৰাৰ পাম খুলিলে।

  মাহ চেৰেক গ'ল। আই কৰ বিভাগৰ পৰিদৰ্শক গৈ ওলাল ধনীৰামৰ পামত।
বিষয়া-কাৰ কুকুৰাৰ পাম এইখন?
-মোৰে চাৰ।
-কি নাম তোমাৰ?
বুকু ফিন্দাই ধনীৰামে ক'লে
-ধনীৰাম গগৈ চাৰ।
-কুকুৰা কিমান আছে?
-চাৰ, আছে চাৰি হাজাৰ মান।
-কণী কিমান পাৰে?
-পাৰে দুই হাজাৰ মান।
-কি খুউৱা কুকুৰা বোৰক?
-চাৰ, আপেল, আঙুৰ, জাহাজী কল, বেডেনা এইবোৰকে খুৱাওঁ আৰু।
কৰ বিষয়াই হিচাপ কৰি চালে -
দিনত দুহেজাৰ কণী মানে চাৰি হেজাৰ টকা পূৰণ ত্ৰিশ দিন পূৰণ তিনিশ পয়ষষ্ঠি দিন...
আই কৰ লগালে ধনীৰামৰ ওপৰত। পাঁচ হাজাৰ টকা। উপায়ন্তৰ হৈ দিলে সি।
  তিনিমাহ মানৰ পাছত স্বাস্থ্য বিষয়া ওলালগৈ ধনীৰামৰ পামত।
একেই প্ৰশ্ন। এইবাৰ সি ভয় খালে।
স্বাস্থ্য পৰিদৰ্শক - কুকুৰা কিমান আছে?
-আছে দুশ মান।
-কণী কিমান পাৰে?
-পাৰে এশ মান?
-কি খুৱাৱ কুকুৰা বোৰক?
-চাৰ, দুখীয়া মানুহ। কি খুৱামনো!? গু, মুত, পাইখানা, যি পাওঁ দিওঁ ।
-অ, তোকে বিচাৰি আছিলো। গাঁৱত গ্ৰহণীয়ে মহামাৰীৰ ৰূপ লৈছে। তাৰ প্ৰধান কাৰণ তই। গু, মুত বোৰ গোটাই মাখি মাতিছ আৰু মাখিয়ে বেমাৰ বিয়পাইছে। ব'ল থানালৈ।
ধনীৰাম আকৌ বিপদত পৰিল। কোনোমতে টকা দহ হাজাৰ উৎকোচ দি বাচিল। আৰু মনতে ঠিক কৰিলে সি আৰু কোনো দিন কুকুৰা বোৰক কি খুৱাই নকয়। কাৰণ এবাৰ আপেল আঙুৰৰ কথা কৈ পাঁচ হাজাৰ আৰু এইবাৰ গু-মুতৰ কথা কৈ দহ হাজাৰ ভৰিল। সি শপত ল'লে। খুউৱাৰ কথা নকয়।

বছৰ চেৰেক গ'ল। লোণৰ কিস্তিও দিয়া নাই সি। বেংকৰ মানুহ ওলাল গৈ পামত।
বেংক বিষয়া-এইখন ধনীৰাম গগৈৰ কুকুৰা পাম হয় নে?
-কোন ধনীৰাম চাৰ? ধনীৰাম মৰিল নহয়। বাটত আহোঁতে যে তামোলৰ পুলি ৰুই থোৱা মৰিশালিটো দেখিছিলে সেইটোৱেই ধনীৰামৰ মৰিশালী।
বেংক বিষয়া -
নহয় ঔ। সি PMRY লোণ লৈছিল। দ্বীতিয় কিস্তি লোণৰ চেক এখন আহিছিল।
-অ' চাৰ, তাকে কোৱা নাই কেলৈ!?
মই আকৌ ডাঙৰটো ধনীৰাম বুলি ভাবিছিলো। লোণ লোৱাটো ময়েই।
বেংক বিষয়াই তাক চিনাক্ত কৰাৰ লগে লগে ক'লে -
লোণৰ কিস্তি দিয়া নাই কিয়?
কুকুৰা কিমান আছে?
-আছে এশ মান চাৰ।
-কণী কিমান পাৰে।
-পাৰে পঞ্চাশটা মান।
-কি খুউৱা কুকুৰা বোৰক?
-ক'ব নোৱাৰিম চাৰ।
-কিয়?
এবাৰ খুউৱাৰ কথা কৈ পাঁচ হাজাৰ আৰু এবাৰ দহ হাজাৰ ভৰিলো চাৰ।
বেংক মেনেজাৰৰ উৎসুকতা বাঢ়িল । নেৰা নেপেৰাকৈ ধৰিলে ।
উত্তৰত ধনীৰামে ক'লে-
চাৰ, আমাৰ গাঁৱলৈ আহোঁতে বাটত কেঁকুৰি এটা পাইছিল নে?
-পাইছিলো। তাতে কি হ'ল?
-সেইটোৱেই কথা চাৰ।
-ঐ চিধা ক।
-কৈছোঁ চাৰ। তাতে মাৰোৱাৰীৰ গোলা এখন দেখিছিল নে?
-অঁ, দেখিছিলো ।তাৰ লগত কুকুৰাৰ কি ৰিলেশ্ব্যন!?
-আছে চাৰ।
-কি??
-চাৰ, মোৰ পামৰ দুৱাৰ মেলি যি কেইটা কণী পাওঁ সেই কেইটা মোনা এটাত ভৰাই গাঁৱৰ ধনী মানুহ, মানে গাঁও বুঢ়া, কেৰেনী দৌতা, বায়ন দাইটি আদিৰ ঘৰত দি যি কেইটা টকা পাওঁ তাকে খোচনাত লৈ সেই কেঁকুৰিৰ মাৰোৱাৰী গোলালৈ লৰ মাৰোঁ। মুনিমটোক টকা কেইটা দি খুচুৰা কৰি লওঁ। আৰু ঘৰলৈ আহি কুকুৰাৰ গঁৰাল খুলি পঁচিশ, পঞ্চাশ পইচা কুকুৰাৰ ঠোঁটত গুজি দিওঁ, সিহঁতে কি কিনি খাই মই খবৰ নাৰাখোঁ আৰু চাৰ।।।

😂😂😂😂😂😂
ৰস বচন- ১

শিৱসাগৰৰ পৰা গোগামুখ লৈ আহি আছো। চন ১৯৯৯।
দিচাং ঘাটত ফেৰীত উঠি
টেকেলি ফুটা ঘাট, তাৰ পাছত ঢকুৱাখনা, ঘিলামৰা হৈ আৰু গোগামুখ পাম হি। তিনি বন্ধু একেলগে। বিশাল ব্ৰহ্মপুত্ৰৰ ৰূপ অনুভৱ কৰি, গৰিমা সোঁৱৰি এইপাৰ অৰ্থাৎ টেকেলীফুটা ঘাট পালো হি। জীপ গাড়ী চলে তাৰ পৰা ঢকুৱাখনালৈ । ফেৰীৰ পৰা নমাৰ লগে লগে টনা আঁজোৰা। একেবাৰে বৃটিছ যুগীয়া জীপৰ চালকে নিজৰ আসনতো মানুহ বহুৱাই লয়। নিজে টিকাটোৰ এফাল কোনোমতে থাপি যাত্ৰীৰ ঠেঙৰ ফাঁকেৰে হাত ভৰাই গিয়েৰ সলনি কৰে। আমি তিনি বন্ধুৱে এই টনা আঁজোৰা আৰু ঠেলা হেঁচাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ফেৰীৰ পৰা পোনে পোনে নামি জীপত নুঠি অলপ ৰৈ লাহে ধীৰে যোৱাৰ সিদ্ধান্ত ল'লো।
হৈ চৈ কৰি জীপ কেইখন গ'ল । ঘাটতে এজন জনজাতীয় লোকে সাঁজ  (পিৰিং পানী) বেচিছে।
তিনি বন্ধু বহি গ'লো। সময় কটোৱাও হ'ব। গা জুৰ কৰাও হ'ব। সাঁজৰ লগত পাভ মাছ। বিল হ'ল গৈ পয়সত্তৰ টকা।
মই বোলো সত্তৰ টকা ল । পাঁচ টকাটো এৰি দে।
জনজাতীয় ভাইটোৱে বোলে নহ'ব। পুৰাই লাগিব।
মই বোলো ব্ৰহ্মপুত্ৰৰে মাছ। টকা পাঁচটা এৰি দিব নোৱাৰ নে?
সি কি ক'লে জানে?
"ককাই ৰিজাৰ্ভ বেংকৰ কাষত তোৰ ঘৰটো বনাই ললে টকাবোৰ তোৰ হৈ যাব নে??"

টকা এশ গোটে গোটে দি
ঘূৰাই নুখোজিলো আৰু
আৰু দুবটল টানি গুছি আহিলো ।
লথৌ বুঢ়া, আঠফুটিয়া টিন পাতৰ সমান পুঠি মাছ ইত্যাদি।।

 - বিনয় কৃষ্ণ তামুলী ফুকন

ল'ৰাহঁতে বুঢ়াৰ পিছ নেৰেই। বুঢ়াৰ পিছত ল'ৰাহঁত লাগি থকা দেখিলে
খগেন মহন্ত দেৱৰ 'তলৌ খুড়াৰ হলৌচোলা' গীতটো মনত পৰে। বুঢ়াৰ নাম কি আছিল জনা নাযায়। এই গাঁওখনলৈ 'লথৌ' নামৰ ঠাই খনৰ পৰা উঠি আহিছিল বাবে সৱেই 'লথৌ বুঢ়া' বুলিয়েই মাতে। ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৰে লথৌ বুঢ়া। বুঢ়া সকলোৰে মাজত জনপ্ৰিয় হোৱাৰ কাৰণ আছে। মিছা কথা কৈয়ো যে মানুহ জনপ্ৰিয় হ'ব পাৰি লথৌ বুঢ়া তাৰ উদাহৰণ। নিৰ্দোষ মিছা কথা বোৰ বৰ ৰসাল ৰূপে কয় লথৌ বুঢ়ায়।
   কনপিতৌৱে বাটৰ কাষৰ খালত বৰশী টোপাইছে।
-কণপিতৌ, পাইছনে। চাওঁ খালৈটো?
লথৌ বুঢ়াই কণপিতৌৰ খাৱৈতো চাই মাত্ৰ চেঙেলি মাছ এটা দেখি কয় -
ও এইটো মাছেই নে? মই লথৌত থাকোঁতে মাছ ধৰিছিলো। কিমান ডাঙৰ জান?
কণপিতৌঃ কিমান ডাঙৰ বা?
-ক'লে জানো বিশ্বাস কৰিবি? পুঠি মাছ জনীয়েই আঠ ফুটিয়া টিনপাত চলাৰ মান হ'ব।
-হেই । মিছা ক'বলৈ আৰু ঠাই নাপালি লথৌ বুঢ়া।
-হেইয়া। জানো বিশ্বাস নকৰ। এবাৰ কি হ'ল জান?
কণপিতৌৱে জানে বুঢ়াই মস্ত গাজা এটা মাৰিব। তথাপি সময়ো পাৰ হওক, বৰশীতো মাছে খুতক বুলি ক'লে।
-কচোন কি?
-মই তেতিয়া চফল ডেকা। নৈ পাৰ হৈ সিপাৰত ভাওনা চাবলৈ গ'লো। মাতৃভাষাৰ ভাওনা বুলি গৈছিলো। পিছে অংকীয়া। কি চাবি আৰু। ৰাতি দুইমান বজাত গুছি আহিলো। অ' তেতিয়াৰ দিনতে মই এইছ এম টি ঘড়ী পিন্ধা মানুহ দেই। তেতিয়াৰ দিনতে এভাৰেডি তিনিবেটেৰীৰ টৰ্চ লৈ ঘূৰা মানুহ। বাকীবোৰৰ বহুতৰ ঘৰত সেই সময়ত হাৰিকেন এটাকে নাথাকে। গুছি আহিলো বাপ্পেকে। নৈৰ ঘাটত আহি দেখোঁ ঘাটৈ নাই। নাৱত তলা মাৰি গ' ল গৈ। চেঃ কি কৰা যায়!?
নৈৰ পাৰে পাৰে খোজ কাঢ়ি আহি আছো। বোলো গাঁৱৰ ফোন পালেই সাঁতুৰিয়েই  পাৰ হ'ম। হেৰ' ধম ধমাই আছে নহয়।
-কিহে?
-কৈছো ৰহ। কোনোবাই খুঁটি বৰশী পাতিছিল। টৰ্চচো মাৰি চালো গৰুৱা মাছ এটা লাগি আছে।
-কিমান ডাঙৰ।
-হেই কেপ কেপাই নাথাকিবি। কৈছো ৰহ।
বুঢ়াই ওঁঠৰ চেঁপত লৈ থকা মান চাধাৰ পিক এলেপা পেলালে। আৰু কৈ গ'ল -
ডেকা মানুহ কঁকালত চামৰাৰ ফাঁক লগোৱা নেপালী খুকুৰি এখন থাকেই আৰু। সেইখন বালিতে গোজ মাৰি মাছটো পাৰলৈ উঠাবলৈ চেষ্টা কৰিলো। নাই সি টানে এফালে মই টানো এফালে। লাগি-যুঁজি তাক উঠাওঁ মানে এইচ এম টি ঘড়ীটো চাৰি বাজিছে। উঠালো যেতিয়া আৰু ৰইখা নাই।
নেপালী খুকুৰি খনেৰে তাৰ পেটটো ফালিলোঁ।
পেটু-ভুঁৰ বোৰ পেলালোঁ।
মাছটো লুটিই পানীত পেলালো। সেই যে খুটি বৰশীৰ চিপটো সেইটোকে ডাঁৰ মাৰি বনাই তাৰ পেটত উঠি নাও বোবাদি বাই ইপাৰ পালোহি। বুজিলি নে কিবা?

কণপিটৌৱে খালৈৰ চেঙেলিটোলৈ এবাৰ আৰু এবাৰ বুঢ়াৰ চকুলৈ চালে।

   স্থান গাঁৱৰ মথাউৰিৰ কাষৰ বৰ গছৰ তল। লথৌ বুঢ়াক বেৰি গাঁৱৰ ল'ৰা জাক। বুঢ়াৰ কথাবোৰ মিছা বুলি জানিও ৰসাল কথাবোৰ শুনিবলৈ ল'ৰা মখাই বুঢ়াক হেঁচা মাৰি ধৰে।
দ'তি কওকচোন।লথৌৰ কাহিনী।
-ৰঙ। মনত পৰিছে কথা এটা। মই তেতিয়া মোৰ লথৌত বাইচকল মেৰামতি কৰা দোকান এখন আছিল। ৰাতিপুৱা হাল বাই দিনত দোকান কৰোঁ। মোৰ মনিপুৰী গৰু। পথাৰত এৰাল দি আহোঁ। শিঙেই ছাহাট। বুঢ়িয়ে দানা পানী দিয়ে। সেইদিনা দেখোঁ গৰুহালে হেম্বেলীয়াই আছে। মই বোলো বুঢ়ী তই গৰুক ঘাঁহ নিদিলি হ'ব পায়। বুঢ়িয়ে বোলে কঁকাল বিষত উঠিব পৰা নাই ঘাঁহ কেনেকৈ দিওঁ। টিকিচ কৈ খংটো উঠিল।
মই বোলো দে কাঁচিখন। ৰচী এডাল আৰু কাঁচি খন লৈ হাবিত সুমালো। কানি-মুনি পৰ। গাৰ নোম নেদেখা আন্ধাৰ। ঘচ্ ঘচ্ কৈ ঘাঁহ এমুঠা কাটি আনি গৰু হালৰ মুখত পেলাই দিলো। আচৰিত। গৰু হালে ঘাঁহ নাখায়। মই বোলো নিমখ পানী অলপ দে বুঢ়ী। চ'টিয়াই দিলো নিমখপানী । নাই গৰুহালে শুঙি চাই নাখায়। আকৌ বুঢ়ীক চিঞৰিলো। হাৰিকেন লেম্পটো লৈ আহ। হাৰিকেন পোহৰত ঘাঁহ মুঠা মেলি চালো। হেৰ' বাঘৰ নেগুৰ এডাল কাট  খাই আহিল। গৰুৱে বাৰু বাঘৰ গোন্ধ পালে ক'ত ঘাঁহ খাব!!??


ধাৰাবাহিক





অনিমন্ত্ৰিত

গৈ আছিলো জীৱনৰ বাটে বাটে
প্ৰাপ্তি অপ্ৰাপ্তিৰ হুহুৰি বজাই ৷
কেইবাটাও আলিকেঁকুৰি পাৰ হৈ হৈ
ৰৈ গৈছিলো এটা দীঘল পদূলিত ৷ দুপৰ আছিল
ৰ'দ আছিল ৷ তেওঁৰ পদুলি মুখ ডালিয়া ফুলি আছিল ৷
মই থৰ হৈ গৈছিলো ৷ তেওঁ চোতালত বহি দুখৰ কলিয়া চুলি মেলাই আছিল ৷ মন্ত্ৰমুগ্ধৰ দৰে মই আগবাঢ়িছিলো ৷ তেওঁ ভিতৰলৈ দৌৰ মাৰিছিল ৷ হয়তু অবিন্যস্ত চুলিৰ বাবে লাজ পাইছিল ৷
অলপ পৰ ৷ ওলাই আহিছিল সাজি কাচি ৷ কঁপালত জোন জ্বলিছিল ৷ চকুত কাজল নে বিষাদ আছিল জানো ৷
বৰ কোমল মাতেৰে কৈছিল - "আহক" ৷
দুৱাৰ মেলি দিছিল বুকুৰ আলহি ঘৰৰ ৷
চোফাখনত এটা চাপ আছিল ৷ কোনোবা অভ্যাগত অলপ আগতে বহিছিল ৷ হয়তু মোক দেখি তেওঁৰ বুকুৰ মাৰল ঘৰলৈ সুমাই গৈছিল ৷ হয়তু তেওঁৰ স'তে তেওঁৰ বিষাদ আলাপ হৈছিল ৷ যাৰ দাগ কাজল হৈ চকুত বি‍‍য়পি আছিল ৷

চাৱনিত তেওঁৰ কাতৰতা ৷ মোৰ বুকুত আকুলতা ৷ যেন ৰ'দৰ ফুল ফুলাম ৷ মই কৈছিলো ৰ'দৰ দেশলৈ যাবা ৷ তেওঁ সুধিছিল - "নিবা"? কৈছিলো - জোনাকত বহিম ৷ সুখৰ আপং পিম ৷ সৰলৰ ছাঁত জিৰাম , পোহৰৰ গান গাম ৷
তেওঁ মুৰ দুপিয়াইছিল ৷ চকুত বিষন্ন কাজলবোৰ লাগিয়েই আছিল ৷ হ‍য়তু মাৰল ঘৰত থকা জনে ৰিঙিয়াইছিল ৷
মই অনিমন্ত্ৰিত আছিলো ৷ তেওঁৰ সময় বোৰ নিজৰ কৰিব খোজিছিলো ৷ তেওঁ বাৰে বাৰে মাৰল ঘৰলৈ কাণ উনাইছিল ৷
সময়বোৰত আউল লাগিছিল ৷ আঁত হেৰাইছিল ৷ বুকু উজায় শোকৰ সৰীসৃপ এটা বগাই আহিছিল ৷ সময় বোৰ বন গুঁই এটাৰ দৰে
পেট পেলাই পৰি ৰৈছিল ৷
অলপ ৰ'বা ৷ তেওঁক অলপ সময় দিওঁ ৷ মই কৈছিলো - দিয়া ৷ সুখময় সময় দিবা ৷
যাওঁ বুলি নোকোৱাকৈ ওভটিব খোজিছো ৷ তেওঁৰ পদূলিৰ ডালিয়াবোৰে হাত বাউল দিছে ৷ সুধিছে- ক'লৈ যোৱা অনিমন্ত্ৰিত অভ্যাগত ?
মই ক'লো - অক্ষমতাক ক্ষমা কৰিবা হে ৰ'দৰ ফুল ৷ বন্ধ যে তেওঁৰ বুকুৰ মাৰল ঘৰ ৷
( আগলৈ )

অনিমন্ত্ৰিত
( দুই)

সিদিনা যে তোমাৰ পদূলিৰ সুৰুযমুখী
ফুলবোৰে যে উপহাস কৰিছিল ৷
মোৰ অক্ষমতাক ক্ষমা কৰিবলৈ কৈ আহিছিলো ৷ সিদিনাৰ পৰাই মোৰ অসুখ ৷ হয়তু কলিজাটো থাকি আহিল তোমাৰ চ'ৰা ঘৰতে ৷ মাৰল ঘৰত থকা জনক হয়তু ৰান্ধি-বাঢ়ি খোৱালা ৷ মোৰ পুৰণি সাধুকথালৈ মনত পৰিল ৷ কুটূমে ৰান্ধনিলে ,কুটুমে বাঢ়িলে
কুটুমে কুটুমক খালে ……
মই তুলা তেজা সাধুৰ
তেজা হ'লো ৷ মূৰত মন্ত্ৰপূত শাল লৈ শালিকা হ'লো ৷ গুটিয়া শালিকা ৷
তোমাৰ চোতালৰ ডালিম জোপাত পৰি নিতৌ যেন চাই ৰ'লো তোমাৰ লাৱনী মুখ ৷

কলিজা হীন বুকুখনত এটা পোতা পুখুৰী হ'ল ৷
তোমাৰ প্ৰেমৰ দৰিকণা মেলি দিলো ৷ তেজৰ টোপ দিওঁ ৷ টপাটপে গিলে ৷ বৰ নোদোকা হৈ পৰিছে জানা ৷ সিহঁতৰে কোনোবা দুটা প্ৰেমত পৰিছে হ'বলা ৷ মোৰ হাঁহি উঠে সিহঁতক দেখিলে ৷ বেচেৰাহঁতে গমেই পোৱা নাই প্ৰেমৰ যাতনা কিমান ৷ পকা বগৰীৰ দৰে ৷ চোবাই থাকিবৰ মন যায় ৷ পিচলৈ দাঁত টেঙায় ৷ একো মুখত দিব নোৱাৰি ৷

আচলতে কি জানা ৷ আমাৰ প্ৰেম দৰিকণা হালৰ দৰে নাছিল ৷ আমিতো সাঁতুৰিবলৈকে নাপালো প্ৰেমৰ একুৰিয়ামত ৷ চাকৈ হেৰুৱা চকোৱা এটা হে হ'লো ৷ চাতক হ'লো ৷ তোমাৰ প্ৰেমৰ বৰষুণৰ অপেক্ষাত ৷

অ' শুনা , তোমালোকৰ ঘৰ এৰি ওভটি আহোঁতে বাটতে বৰষুণে পালে ৷ বৰ নামঘৰটোৰ কাষৰ মানুহ ঘৰতে দৌৰি সুমালো ৷ নাই সিহঁতৰ বাৰান্দাখনো উৰুখিছে ৷
তিতিলো গোটেই ৷ বুজিছা দূৰ্কপলীয়া মাছলৈ গ'লে বাঁকে পিছ লয় ৷ যিকি নহওক বিহুৰ বতৰ ৷ হুচৰি এযোৰা সুমাল হি ৷
" দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ
কৰতে কাটিলে ৰুৱা ঐ
গোবিন্দাই ৰাম ৷"
মোৰ হাঁহি উঠি গ'ল ৷ উৰুখা বাৰান্দাত ৰৈ গোটেই তিতিলো ৷ সিহঁতে বৰ ঘৰ দেখিছে ৷
চেঙেলিয়া ঢুলীয়া দুটাই ঢোলত চাপৰ দিলে ৷ বাকী মখাই হৈ ধ্বনী দিলে ৷ জয় অ' ৰাম বোলা……
হেই হে হেয়া
হেই হে হেয়া
হেই হে হেয়া হেই ৷৷

মনটো নৰা পথাৰলৈ উৰি গ'ল ৷ সৰুতে আইৰ লগত পথাৰলৈ যাওঁতে বিড়িয়া দুপাত কেৰেচিয়াকৈ গোজ মাৰি পিতায়ে চাদৰ এখন তৰি দিছিল ৷ ছাঁত জিৰাবলৈ, জলপান খাবলৈ, বৰটেঙা চকলিয়াবলৈ ৷ ধান দাই ভাগৰ লাগিলে এপলক বহি হাঁচতি মেলি খনীয়া তামোলৰ পাগ তুলিবলৈ ৷
আমি নৰা পেঁপা বজাইছিলো ৷ কিছুমান নাবাজিছিল ৷ খঁৰিকা এডাল সুমুৱাই খুঁচৰি লৈছিলো ৷ মাত ওলাইছিল ৷ তোমাক কিহেৰে খুঁচৰি মৰা প্ৰেম জীয়াওঁ ৷

পিতাইৰ সপোন আছিল চ'থৰিয়া ডাঙৰিৰ জোন বিড়িয়াত ৷ আয়ে দাই যোৱা ঘিলা চকলীয়া মুঠিবোৰ আঙুলিৰ কেঁপত সুমুৱাই ফিলিওৱা তৰাৰে ডাঙৰি বান্ধিছিল ৷ বৰ সীমিত সপোন ৷ লোণ-তেল কণ ধান বেচি কিনিব পাৰিলে , মুগা চোমনিতত কাউৰী, কলাখাটি , মেজালি নালাগিলে, এৰি পলুৰ বাঁহত মাখিয়ে কণী নাপাৰিলে আই-পিতাই সন্তুষ্ট ৷
মোৰ যে সপোনে আকৌ পোখা মেলে ৷ নোপোৱাতো পাবলৈহে মনে জেদ ধৰে ৷ আইৰ সপোন ছ'হতীয়া
বৰ কাপোৰ ৷ মোৰ সপোন তোমাৰ নোপোৱা মৰম ৷
ছন্দোবদ্ধ খোজত জোন বিড়িয়াত
ছ'থৰীয়া ডাঙৰি লৈ পিতায়ে ঘৰলৈ খোজ দিয়ে ৷ দূৰৈত কোন জানো সেইটো ৷ উকিয়াই বিহু নাম জোৰে -
"বামে পায় লাখুটি
যেনেকৈ এৰিলি
তেনেকৈ এৰিলি মোক ৷"
( আগলৈ )

অনিমন্ত্ৰিত
(৩)

নৈ খন বাঢ়ি আহিছে ৷ খৰালি ৰাইজে সাঁকো এডাল দিয়ে ৷ সোঁতে তাকো উটুৱাই নিলে ৷ তোমাৰ পাৰৰ পৰা মোলৈ সজা মনৰ সাঁকো ডালৰ দৰে ৷ মোৰ সিপাৰত ঘৰ ৷ কেনেকৈ যাওঁ ? ক'ত বঞ্চো বৰষাৰ ৰাতি ? দূৰৈত ঢোলৰ মাত ৷ মাতটো ঢেপা ৷ হয়তু বৰষুণত তিতিল ৷ তিতিলে সেমেকে ৷ ময়ো বৰ বেয়াকৈ তিতিলো তোমাৰ প্ৰেমত ৷ বৰ চেঁচা লাগিছে এতিয়া ৷ গা-তপতাবলৈও পুৱালৈ ৰ'ব লাগিব ৷ কাইলৈ বা ৰ'দ দিয়েনে নিদিয়ে !

ঢল ফাট দিছে ৷ বুকুৰ উদং পথাৰৰ টঙি ঘৰটোতে কটালো ৰাতি ৷
আকাশত ডাৱৰ ৷ বেলি ওলোৱাৰ কোনো সম্ভাৱনা নাই ৷
"দাম সুদামে ডাকে
তেৰি লয়ো নাম …"
হৰি দাইটি ৷ কজলা আৰু পখৰা গৰুহাল আগে আগে লৈ বৰগীত এটা গুণ গুণাই হাললৈ আহিছে ৷ মুখৰ বিড়িটো জোনাকী এটা হৈ এবাৰ জ্বলিছে ৷ এবাৰ নুমাইছে ৷ "খেকেৰ্ খেকেৰ্ থু" ৷ বৰগীত নিফাট মাৰিছে ৷ দাইটিক কফে আমনি কৰিছে ৷ মোৰ সপোন বোৰ তোমালৈ উৰা মাৰিছে ৷ দাইটিৰ বিড়িটোৰ দৰে এবাৰ জ্বলিছে ৷ এবাৰ নুমাইছে ৷ আৰু বিড়িটোৰ দৰে যেন মই জ্বলি শেষ হৈ আহিছো ক্ৰমশঃ ৷

"হ হ হ ৷" যুঁৱলি খন গৰু হালৰ কান্ধত লগাই শ'ল মাৰি কেইডাল পোনাই দাইটিয়ে আওঁচ জুৰিলে ৷ হাতৰ এচাৰি ডালেৰে নাঙলৰ ডিলাটোতে টিক টিকাই হাতত যে এচাৰিডাল আছে তাকে গৰু হালক উমান দিলে ৷ গৰু হাললৈ দাইটিৰ মৰম ৷ সতকাই নোকোবাই ৷ বেলি দুপৰ হ'লে ৷ খুড়ীয়ে জলপান আনোতে দেৰি কৰিলে তাতে চেৰেপাই কামোৰি
অস্বস্তি দিলে উৰহৰ খং ভগা ঢাৰিত জৰা দি গৰু হালৰ টিকাতে লাহেকৈ কোব চেৰেক মাৰে ৷ দাইটিৰ সপোনবোৰ নাঙলৰ ফালত পাক ঘূৰণি খায় ৷ উভলি মূৰত হাল ৰখাই বিড়ি এটা জ্বলাই আওঁচ পেলাই ৷ নতুন আঁওচ জোৰে ৷
মোৰ আকৌ ভাৱনাবোৰ একে ঠাইতে পাকঘূৰণি খাই ঘূৰে ৷
দ' মাটি ককোৱা বাও আগতিয়াকৈ সিঁচিব লাগিব ৷ বাও নমৰে ৷- দাইটিয়ে ভাবে ৷ পানীত তল গ'লেও অলপ উশাহ পালেই আকৌ ঠন ধৰি উঠে ৷ মোৰ হে সপোন বোৰ অটলত ডুব যায় ৷ জী নুঠে কোনো দিন ৷

নৈখন বাঢ়িয়েই আছে ৷ পাহাৰত বৰষুণ দিছে হ'বপায় ৷ উজনিত ক'ৰবাত গৰাও খহাইছে নেকি ৷ বগা বগা ফেনবোৰ উটি আহিছে ৷
হ'লেও নৈ খনলৈ আটাইৰে মৰম ৷ এই নৈতে বৰ বৰ মাছ আহে , খৰি আহে , নৈয়ে মথাউৰি চিঙি গাওঁ ফুৰিবলৈ যায় ৷ দ' মাটি বাম কৰে ৷ পলস পেলাই যায় ৷ খেতি ভাল হয় ৷ বাও তলি শালি তলি হ'য় ৷ নৈখনক কোনেও বেয়া নাপায় ৷ ময়ো ৷ খৰালি এই নদীৰে পানী স্ফটিক ধাৰ যেন হ'য় ৷ নৈৰ তলি লৈকে দেখি ৷ মাছবোৰে ৰূপোৱালী পেটটো ওলিয়াই নৈৰ তলিত লুটি বাগৰ মাৰে ৷ বুকুৰ নৈ খন হে একে ধাৰে বয় ৷ আবেগবোৰ ফেনে ফুটুকাৰে বাঢ়ে ৷ নক'মে ৷ মথাউৰি ভাঙি বলিয়া হৈ ব'ব খোজে ৷

(আগলৈ)


অনিমন্ত্ৰিত
(৪)
বেলি দুপৰ যদিও ৰ'দ নাই ৷ বগা বগা ডাৱৰবোৰ তুলাৰ দৰে ওপঙি ইফাল ইফাল কৰি ফুৰিছে ৷ পাহাৰটো ফালেও উজাই গৈছে একোচপৰা শুকুলা ডাৱৰ ৷ দূৰৈত পাহাৰটোৰ কাষত পানী গছা উঠিছে ৷ কুণ্ডলী পকাই ডাৱৰ বোৰে খেৰৰ মেজি এটাৰ ৰূপ লৈছে ৷ পানী গছা উঠিলে বৰষুণ দিয়ে ৷ পানীৰে পথাৰবোৰ উপচি পৰে ৷ হৰি দাইটিহঁতৰ দৰে খেতিয়ক মানুহবোৰৰ মন উলাহে নধৰা হয় ৷ খেনোৱে পথাৰ আলিৰ পাৰ কাটি খোকা, চেঁপা পাতে ৷ পুঠি, কাৱৈ, মাগুৰ, শিঙি,
চকৰি পুঠি, মৰথি পুঠি , ভেদেংকালি তৰহ তৰহৰ মাছ ৷ কেতিয়াবা ঢোৰা সাপো সুমাই চেঁপাত ৷ গাঁৱৰ বইজাত কিছুমানে লোকৰ থোহা, চেঁপা চাই মাছ লৈ যায় ৷ গৰাকীৰ ৰং চাই ৷ নিলেও তলি উদংকৰি নিনিয়ে ৷ গৃহস্থলৈও সাজটোৰ জোখাৰে এৰে ৷ তুমি হে একো নেৰিলা মোলৈ ৷ খালিহাতে ওলটিছো
পানী গছাটো ওখ হৈ গৈ আছে ৷ কিন্তু কেতেপৰ ? অলপৰ পাচতে বৰষুণ হৈ হুৰ হুৰ কৈ সৰি পৰিব ৷ নতুবা বতাহে কোবাই পাহাৰটোত থেকেচা খুৱাই পেলাবগৈ ৷ হেঁপাহ বোৰৰ দৰে ৷

হেঁপাহ বিহ মেটেকাৰ দৰে ৷ এবাৰ পোখালে গোটেই পুখুৰি জুৰি লয় ৷
সেই যে কলিজাখন তোমাৰ চ'ৰা ঘৰত এৰি আহিছিলো , কলিজা বিহীন বুকুখনত পুখুৰী এটা হৈছিল ৷ তাতো হেঁপাহৰ বিহ মেটেকা পোখাইছে ৷ নকমে বাঢ়ি গৈ আছে ৷ দেখিবলৈ সেউজীয়া ৷ পিছে শিপাবোৰ ক'লা ৷ ওপৰ পৰা গমেই নাপাই যে বিষাক্ত শিপাই তলখন জুৰি লৈছে ৷ পানীৰ তলৰ সেন্দুৰীয়া পুঠিবোৰে উশাহ ল'ব নোৱাৰি চট-ফটাই মৰিছে ৷
ঘৰমুখী খোজবোৰ খৰ হয় ৷ মই কিন্তু আগুৱাব পৰা নাই ৷ কিহবাই যেন টানিছে পিচলৈ ৷
কেং কেং কেং পখৰা কুকুৰ এটাক আন দুটাই বগৰাই বগৰাই কামুৰিছে ৷ পখৰাটোৱে মৰণকাতৰ চিঞৰ জুৰিছে ৷ সি এই ঠাইত নতুন হ'ব পাই ৷ ইদুটাই তাক বৈশ্যতা স্বীকাৰ কৰোৱাবলৈ আক্ৰমণ কৰিছে ৷ মানুহে আত্মসমৰ্পনৰ বাবে দুই হাত ওপৰলৈ ডাঙে ৷ কুকুৰে নেজ পেলায় ৷ ফপৰাটোৱে নেজডাল দুই পাচঠেঙৰ ফাকত সুমুৱাই মূৰ তল কৰিছে ৷ সিদুটাই তাক "মাফ কৰি দিলো যা " - এনে মনোভাৱেৰে এৰি দিছে ৷ ফপৰাই অলপ দূৰ নেজপেলাই এখোজ দুখোজ কৈ আগবাঢ়ি নিৰাপদ দূৰত্ব পোৱাৰ লগে লগে নেজ ডাঙি ভিৰাই লৰ মাৰিছে৷
কুকুৰক জ্ঞাতিয়ে হিংসা কৰে ৷ মানুহক কুটুমেও কৰে ৷ বুকুৰ কুটুমেই বুকুত বাগি কুঠাৰ বহুৱায় ৷

নৈখন পাৰহৈ বহুদূৰ আহিলো ৷ গাঁৱৰ ঘৰৰ চালবোৰ জিলিকিছে ৷
খৰখোজে গৈ কেতিয়া নিজৰ শেতেলীখন পাওঁ তাকে ভাবিছো ৷ খোজবোৰ আগলৈ নাযায় হে নাযায় ৷ গ'লটো ৰাতিৰ টোপনি খতি, দুৰ্ভাৱনা সকলো মিলি দেহাটোক অৱশ কৰি আনিছে ৷ দেহাৰ বল মনে দিয়ে ৷ মনৰ বল কোনে দিব ? মনটোচোন তাতে এৰি আহিলো ৷ মেলিলে মন ঘোঁৰাৰ চুটি বান্ধিলে মন শিলৰ খুঁটি ৷ মোৰ মন তোমাত বান্ধ খালে - শিলৰ খুঁটি যেন ৷ হেয়ে হয়তু দেহায়ে বল হেৰুৱাইছে ৷ আকাশত চিলনী এটাই বনাই আছে ৷ তাৰ চকু গাঁৱৰ মানুহৰ হাঁহ কুকুৰাৰ পোৱালীত ৷ বৰ ওখৰ পৰাই দেখে সি ৷ পলকে কাঁড় যেন বেগেৰে মাটিলৈ নামি হাঁহ বা কুকুৰাৰ পোৱালী এটা নখৰে থপিয়াই উৰা মাৰে ৷ তুমিও মোৰ মনটো পলকতে চুৰি কৰি নিলা ৷ তুমি বন্ধা নাই ৷ মইহে বান্ধ খালো ৷
গাঁঠি টান ৷ জোৰ কৰিলে মাখিচাল চিগে ৷ ঘাঁ লাগে ৷ দেহৰ ঘাঁ শুকাই ৷
মনৰ ঘাঁ শুকাবলৈ টান ৷ শুনিছো সময় হেনো মনৰ ঘাঁৰ দৰৱ ৷ লাহে লাহে শুকুৱাই ৷ মই মানি ল'ব পৰা নাই কথাষাৰ ৷
যিমানে সময় বাগৰিব মোৰ বুকুৰ ঘাঁ টুকুৰা যেন বাঢ়িহে যাব ঠিক এন্দুৰীয়া ৰোগৰ দৰে ৷

-উঠ ৷ কিমান আৰু শুই নাথাক ? মই পথাৰলৈ যাওঁ ৷ বাপেৰক জলপান বাটি দি আহোঁগৈ ৷ বেলি হ'লে বাপেৰৰ খং চ'ৰিব ৷ হেৰ' হৈছে কি ? দিন নাই ৰাতি নাই বিচনাখনতে লেও লৈ পৰি থাকিবি ৷ ৰোগ হৈছে যদি ডাক্তৰৰ তালৈ যাব লাগে ৷ দেহাটো ঠিক কৰি নললে বাপেৰকো হাল খন ধৰি দি সহায় কৰি দিব নোৱাৰিবি ৷ খেতি নহ'লে বছৰটো খাবি কি ? এজনী গোটালেহে গম পাবি ৷ এনেকৈ নহ'ব বুজিছ ?
ঘূৰি ব'হাগতে তোৰ বিয়া পাতি দিম ৷ মই তলে তলে ছোৱালীও ঠিক কৰি থৈছো ৷
আইৰ মৰম সনা গালি ৷ আই সংসাৰ লগত ব্যস্ত মানুহ ৷ খেতি-খোলা কৰিব লাগে ৷ জী দিব লাগে ৷ পোলৈ আনিব লাগে ৷ নাতি-নাতিনীৰে ভৰপুৰ সংসাৰ এখন চাই চকু মুদিব পাৰিলে তেওঁ সুখী ৷
-তোলৈ মজিয়াতে ভাত ঢাকি থৈছো ৷ কালি ৰাতি ঢাকোনৰ ভাত ঢাকোনতে থাকিল ৷ তাকে আঞ্জাখিনি তপতাই থৈছো ৷ গৰৈ মাছ এটা পোৰি তেল নিমখ দি থৈছো ৷ নিজে পিটিকি খাবি ৷

গামোছা এখন মজিয়াত পাৰি তাতে কলপাতেৰে ঢকা বৰ বাটিটোত চেৱা দিয়া বৰাচাউল, কলপাতেৰে মেৰিওৱা আন এটা টোপোলা এটাত পোৰা গৰৈ এটা তেল অকন দি এজেৱা নিমখ ৷ জলপানৰ বাটিটোৰ ওপৰত দি গাঁঠি মাৰি হাতেৰে ধৰিব পৰা সুবিধা ৰাখি আয়ে গাঁঠি মাৰিলে ৷ জগ এটাত খোৱা পানী লৈ এহাতে জলপানৰ টোপোলা আন হাতে পানীৰ জগটো লৈ আয়ে পথাৰলৈ খোজ দিলে ৷

হয়ো হয় ৷ আয়ে গালি দিবৰ কথাই ৷ কালি কানিমুনি পৰত ঘৰ সুমাই চিধা বিচনাত পৰিলো ৷ ভাতো খোৱা নহ'ল ৷ বাৰে বিংকৰি চিন্তাবোৰ কৰি কৰি কেতিয়া টোপনি গ'লো গমেই নাপাওঁ ৷ বাহিৰত ৰ'দ ৷ এই হেন খেতিৰ বতৰত ডেকা ল'ৰা এটা বেলি দুপৰলৈ বিচনাত পৰি থাকিলে কোনে সহিব ৷ আইৰ কথাবোৰ
গাত লগা নাই ৷ পাৰিবই গালি ৷ পিছে এষাৰ কথাই ভবাই তুলিলে ৷ ক'ৰ ছোৱালী চাইছে মোলৈ আয়ে ৷ ঘূৰি ব'হাগত মোৰ বিয়া ? কথাটো শুনি মোৰ ভাল লাগিব লাগিছিল ৷ নাই লগা ৷ চেৰেংকৈ তোমাৰ মুখ খনলৈ মনত পৰিছে ৷ পাৰিম নে তোমাৰ বাদে আনক বুকুত ঠাই দিব ? একেখন শেতেলীতে এগৰাকী অচিনাকি নাৰী মোৰ লগত শুৱ ৷ শাৰিকৰীৰে পাব মোক ৷ মনটো দিব পাৰিম নে ?
কথাবোৰ চোন জঁট লগা কেঁচা সূতাৰ নেচা এটাৰ দৰে হৈ পৰিছে ৷ আঁত নোলায় ৷

আগলৈ-


অ-নিমন্ত্ৰিত
(পাঁচ)

জুইত তপতাই লেৰেলোৱা কলপাত খিলাত এজেৱা নিমখ, পোৰা কণ বিলাহী কেইটামান আৰু ভোট জলকীয়া এটা। ভোট জলকীয়াটো তৰ্জনী আঙুলিৰে পিটিকি ভাঙি নিমখ অকণমানেৰে পিতায়ে চেলেকি চালে।
পোৰা কণ বিলাহী কেইটাও পিটিকি লৈ মাত দিলে -
"হেৰা হৈছে যদি লৈ আঁহা হে।"
আয়ে বৰা ধানৰ ৰঙা সাজ এবাটি কাঁহৰ হাতী খোজিয়াটোত পিতাইৰ সমুখত দি থৈ গ'ল। নিজেও সৰু বাটি এটাত অকমান লৈ পিতাইৰ কাষতে
দুখৰী পীৰা এখন পাৰি বহিল।
-শুনিছেনে? এই বেলি ঔ গুৰিৰ মাটি কেইডৰাত জলপানৰ ধান লগাব লাগিব। চৰাই নখী ধানৰ কঠীয়া অলপ সিমূৰৰ দেউকনৰ ঘৰত আছে।
আমাৰ বৰা কঠিয়া সৰহ হ'ব, তাকে দি সলাই আনিব লাগিব। আমপাখী ধানো অলপ সৰহকৈ ৰুৱ পাৰিলে ভাল আছিল। জলপানৰ বাবে। " - আয়ে ক'লে ।
সাঁজৰ বাটিটো মুখলৈ নি পিতায়ে মুখ খন অলপ বেঁকা কৰি দিলে। চকু দুটাও মুদ খাই আহিল।
বৰ চোক আইৰ হাতৰ সাজৰ। সাজ ঢোক গিলি পিতায়ে কৈ উঠিল -
" তোমাৰ এইবাৰ জলপানৰ খঁক লাগিছে নেকি হে? ভূ ভাৰস্ত খন কেৱল জলপানৰ ধান ৰোৱাৰ কথা কৈছা যে? "
-" মোৰ জলপানৰ খঁক লগা নাই। দেখা নাই ঘৰখনত গজ গজীয়া ডেকা ল'ৰা এটা কেনেকৈ বিচনাত লেৰবাই পৰি থাকে। কাম বনলৈও পিঠি দিছে। তাৰে দিহা লগাওঁ বুলি ভাবিছোঁ।'
দ্বিতীয়বাৰ সাজৰ বাটিটো মুখলৈ নিবলৈ লৈ পিতায়ে নমাই আনি মজিয়াত নমাই থ'লে আৰু অপলক নেত্ৰে আইলৈ চাই ক'লে-
'কি? আকাশৰ বিয়া পাতিবা? হেৰা। বিয়া বজাৰত কিনিবলৈ পোৱা বস্তু বুলি ভাবিছানে নে কইনা সেৰ জোখে পোৱা বস্তু বুলি ভাবিছা? কোনে দিব তাৰ নিচিনা অলগৰ্ধ এটালৈ ছোলালী। হেৰ হালে-কোৰে নহ'লি নাই।
বি এ টো পাছ কৰিলি যেতিয়া এম এ টো পঢ়ি আহ। নাই, ন গ'ল । নেতা হ'ব। দেশ উদ্ধাৰ কৰিব। তাতে আকৌ কৃষকৰ নেতা। হেৰ নিজে ভালকৈ হাল খন বাবলৈ নিশিকিলে খেতিয়কৰ নেতা হৈ দেশ উদ্ধাৰ কৰিবলৈ যায়। "
পিতাইৰ কথাত খং আৰু ক্ষোভ একেলগে ফুটি উঠিল।
-ছোৱালীৰ কথা আপুনি ভাবিব নালাগে। মই তলে তলে চাই থৈছোঁ। হুহ আমাৰ দৰে মানুহৰ ঘৰলৈ ছোৱালী নিদি কলৈ দিব অ'।আমি সাত ঘৰীয়া আহোমৰ বংশৰ মানুহ। চাবা খোজা বঢ়া কৰিলে না নকৰে।
-থ হেৰ', বংশ চাই ছোৱালী দিয়াৰ দিন গ'ল। আগতে গৰুটোক কিবা এটাত মূৰটো গুজিবলৈ ক। বোৱাৰী আনি বাপেকৰ আৰ্জনত খাবলৈ তাৰ নিজৰে লাজ নালাগিবনে। হেৰ',আন নহ'লেও সেন্দুৰ কণৰ খৰচটোতো ওলিয়াব পাৰিব লাগিব।"
বাকী থকা সাজকণ একেঢোকে গিলি পিতাই সাওতকে মজিয়াতৰ পৰা উঠি গ'ল।

বিচনাৰ পৰাই কথাবোৰ মনে মনে শুনি থাকিলো। বুকুখন মোচৰ খাই উঠিল তোমাৰ কথা ভাবি । আয়ো কম নহয়। তলে তলে মোলৈ ছোৱালী চাই থৈছে অথচ কাকো ফুটকে দিয়া নাই। ইফালে পিতাইৰ খং।
হয়ো হয়। চাকৰি বাকৰি নাথাকিলে কি হ'ব। পিতাই খেতিত ধনী মানুহ। সৰুৰ পৰা মোক গাত টোপ পৰিবলৈ নিদিয়াকৈ তুলিলে। পঢ়াৰ দিনটো অকনো কষ্ট পাবলৈ নিদিলে। আন ল'ৰাতকৈ মোলৈ সৰহ পইচা পঠিয়ায়।
মই হে বৰ পাল মাৰিলো।
এম এ টোকে পঢ়ি অহা হ'লে আন নহ'লেও কোনোবা কলেজ এখনতে মূৰটো সুমুৱাই ল'ব পাৰিলো হেতেন। কি জানো ভূতে লম্ভিলে, টিভিয়ে, পেপাৰে চাকৰিৰ বজাৰ খনৰ কথা দেখি শুনি গোটেই কাৰবাৰটো ওপৰত বিশ্বাস হেৰাল। দূৰ্নীতি পৰায়ন অফিচাৰ বোৰৰ প্ৰতি প্ৰচণ্ড খং আৰু ক্ষোভ এটাৰ সৃষ্টি হ'ল।
কি কু ক্ষণত জানো খেতিয়ক উন্নতি সাধিনী সভা নামৰ সংগঠনটোত যোগ দিলো। দিন ৰাতি একাকাৰ কৰি সংগঠনৰ কামত ঘূৰিলো। ধৰ্না, অৱৰোধ, অনশন সৱতে আগ। লাভৰ মূৰত কেইজনমান নেতাৰ পকেট গৰম হ'ল। গাড়ী - বাৰী-নাৰী সকলো গোটাই নিগাজি হ'ল। খেতিয়ক ৰাইজৰ অৱস্থা একেই থাকিল। মূৰকত মোৰ দৰে বহু পালী নেতাই জীৱনৰ বহু অমূল্য সময় আৱত নষ্ট কৰি এতিয়া আই পিতাইৰ মূৰৰ কামোৰণি হ'ব লগাত পৰিছো।

ৰাতিৰ সাঁজলৈ কিছুপৰ আছে। পিতায়ে বাৰান্দাৰ আৰামি চকী খনত বহি পেপৰ কাগজেৰে বৰপাত চাধাৰ বিড়ি এটা পকাই বৰ আৰামেৰে হুপি আছে। বিড়িটোৰ ফিৰফিৰিয়া গোন্ধটো মোৰ কোঠালৈকে বিয়পি আহিছে। গোন্ধটো মোৰ ভাল লাগে। মনে মনে পিতাইৰ টোপোলা মেলি ময়ো তেনেদৰে বিড়ি পকাই হুপাৰ চেষ্টা নকৰা নহয়। বিড়িৰ পাকটো দিবলৈকে বৰ টান। যেনেতেনে এটা পকাই দুহুপমান মাৰি চাইছিলো। বৰ কাঢ়া। ডিঙি চেৰ চেৰাই যায়।
কাঁহে হেঁচি ধৰে। বাদ দিলো সেই অপচেষ্টা। কলেজীয়া দিনত লগৰীয়াৰ লগত পৰি চিগাৰেটত দুই এহোপা নমৰা নহয়। কিন্তু অভ্যাসত পৰিনত নহ'ল।
-"হেৰি ভাত বাঢ়িছো। আহক।"আয়ে আখলৰ পৰা মাত লগালে।
তোকো দিছো। উঠি আহ। মৰকেলেপটো হৈ বিচনাত লেৰবাই পৰি থাকিব নালাগে। খাই ল হি। - মোক উদ্দেশ্যি আয়ে ক'লে।
অনিচ্ছা স্বত্বেও ভাতৰ পাতত বহিলোগৈ। ভেদাই লতাৰে সৰু মাছৰ জোল, সৰু সৰু আলুৰ লগত ঢেকীয়াৰ ভাজি, পোৰা বেঙেনা আৰু আলুৰ পিটিকা, কাঁহিৰ দাঁতিত পানীটেঙা, নিমখ আৰু জলকীয়া এটা। বহু ঠাইত ভাত খাইছো। আইৰ হাতৰ মুঠিৰ সমান হ'ব নোৱাৰে। তথাপি পেটলৈ ভাত যোৱা নাই। কিবা এটাই যেন বুকুত হেঁচা মাৰি ধৰিছে। হয়তো সেই হেঁচাৰ নাম
-তোমাৰ ভাৱনা।



অ-নিমন্ত্ৰিত
(ছয়)
'বৰপোনাৰ মাক অ'। অ' বৰপোনাৰ মাক। ক'ত নো সুমাই থাক অ', মৰচিঞৰ মাৰিলেও নুশুন যে। "
কনপুনি পেহীয়ে দুৱাৰ মুখত ৰৈ আইক চিঞৰিছে। মোক গাঁৱৰ মানুহে' বৰপোনা" বুলি মাতে। গতিকে আই হ'ল "বৰপোনাৰ মাক। " এইটোৱেই নাম আইৰ। অসমীয়া তিৰুতাই বিয়াৰ লগে লগে হেৰুৱাব লগা অন্যতম বস্তুটো হৈছে নিজৰ নামটো। আই-বোপায়ে দিয়া ধুনীয়া নামতোৰে অসমীয়া বোৱাৰীক কোনেও নামাতে। কি নাম আছিল জনা প্ৰয়োজনবোধো নকৰে।
স্বামীৰ নাম, ল'ৰা বা ছোৱালীৰ নাম, মাকৰ ঘৰ থকা ঠাই খনৰ নাম আদিয়েই মহিলা গৰাকীৰো নাম হৈ পৰে।
সৰুপোনানী, কণৰ মাক,
লখিমপুৰীয়ানী ইত্যাদি।
কনপুনি পেহীৰ চিঞৰত আই ওলাই আহিল। আখলত পিতাইৰ বাবে মৰাপাতৰ
শুকতি ৰান্ধি আছিল। পিতাই নিয়মত চলা মানুহ। মাহটোত তিনিবাৰ মান কলাখাৰ দিয়া অমিতা বা মাটিমাহ, এবাৰ শুকতি,
সপ্তাহটোত টেঙাৰ আঞ্জা খাবই। শুকতি পেলু নাশক। খুদু চাউল কেইটামান সৰহ কৈ পানী দি তাতে শুকুৱাই থোৱা মৰাপাতৰ আগবোৰ হাতেৰে মোহাৰি গুৰি কৰি নিসনিয়াকৈ ৰান্ধিছে।
ওতল আহিছিল হে তেনেতে কনপুনি পেহীয়ে
চিঞৰ জুৰিছে। কনপুনি পেহী সদায় অহা মানুহ বাবে আয়ে বৰকৈ গুৰুত্ব নিদি নিজৰ কামটো শেষ কৰিহে উঠি আহিল। বাৰান্দাতে আউজাই থোৱা পীৰা এখন আগবঢ়াই দি ক'লে -
' বহ, কি সকামত বা আহিলি? '
-সকাম বুলি একো নাই। দৌকণৰ ঘৰলৈ গৈছিলো। এৰি পলুৰ সঁচ আনিবলৈ। বোলো তোৰ তাতো পাক এটা মাৰি যাওঁ।
আয়ে তেতিয়াহে মন কৰিলে কনপুনি পেহীৰ হাতত এৰি পলুৰ খোলাৰ এধাৰ মালা। নোদোকা দুটাৰ মাজত একোটা খীণ খোলা। পলু পোহা মানুহে জানে - খীণ কেইটাৰ পৰা চকৰা আৰু শকত কেইটাৰ পৰা চকৰি জগিব।
বুঢ়া তামোলটোৰ বাকলি গুচাই হ'লত
আয়ে খনিয়াই বঁটাটোত চূণে-পাণে কনপুনি পেহীলৈ আগ বঢ়াই দিলে। পেহীয়ে পাণত সৰহ কৈ লাগি থকা চূণ কণ তৰ্জনী আঙুলিত লগাই ৰাখি মধ্যমা আৰু বুঢ়া আঙুলিৰে চেপি তামোল খন মুখত ভৰালে। পেহী তামোলতী মানুহ। পাগ উঠাই তামোল খায়। বঁটাটোত থকা কাক বাঁহৰ গুটিত ভৰাই থোৱা অঁকৰা ধপাত এলাঙো মুখত ভৰালে।
-বৰপোনাৰ মাক! কথা কিমানলৈ আগবাঢ়িছে?
-কি কথা অ' কনপুনি বাই?
-সেই যে বৰটোলৈ ছোৱালী এজনী চোৱাৰ কথা কৈছিলি।
-নাই অ' বাই। আলেঙে আলেঙে ছোৱালী এজনী নোচোৱাকৈ থকা নাই। নৈৰ সিপাৰৰ। পৰিয়ালটোও ভাল। ছোৱালীও গঢ়িয়ত।
বৰণটো সিমান বগা নহয়। মিঠা বৰণীয়া।
আইৰ কথাৰ মাজতে পেহীয়ে আঙুলিত লগাই থোৱা চূণকণ তলপাৰি দাঁতত লগাই তামোলৰ পাগ তুলিলে। আয়ে যিটো বৰ্ণনা দিছে - মোৰ বুকুত ধান বনাদি বানিলে। তুমি নহয়তু!
মিঠাবৰণীয়া, গঢ়িয়ত, ভাল পৰিয়ালৰ...নৈৰ সিপাৰৰ..
কথাবোৰ পাকঘূৰণি খাবলৈ ধৰিলে।
-বাই, তই বহ। তোলৈ চাহ তপতাওঁ গৈ।
-এহ নহ'লেও হ'ল হেতেন চাহ।
একে বাৰে না নুবুলিলে পেহীয়ে। পেহীৰ কামেই এইটো। ইঘৰ সিঘৰত সুমাই চাহ তামোলৰ জুতি লৈ অ'ৰ কথা ত'ত কৈ ফুৰাই পেহীৰ কাম। গাঁও খনৰ প্ৰত্যেকৰে ঘৰত কি ঘটি আছে পেহীৰ মুখস্থ।
আয়ে কাঁহৰ বাটি এটাত এবাটি ৰঙা চাহ আৰু কল পাতত এলডা গুৰ আনি পেহীৰ মুখৰ আগত থ'লে। পেহীয়ে চাদৰৰ আগেৰে তপত বাতিটো ধৰি চাহ পিবলৈ লাগিল। গুৰ অকণ মুখলৈ নি পেহীয়ে ক'লে।
-ওলা নহলে এদিন সিপাৰলৈ। দুই জনীয়ে সিহঁতৰ ঘৰত পাক এটা মাৰি আহোঁ। ছোৱালীৰো পেট লৈ আহিম। তইহে ভাবিছ তাইক বোৱাৰী কৰাৰ কথা। তাই বা তলে তলে কাক ঠিক কৰি থৈছে। আজি কালিৰ ছোৱালী তলে পুতল। গতিকে মনে মনে পেট লোৱা ভাল।
মই মনে মনে ঈশ্বৰক খাটিলোঁ - পেহীৰ কথাত সৈমান হ'লেই হয়। তেহে পেহীৰ মুখৰ পৰা জানিব পাৰিম কোনজনী ছোৱালী চাইছে আয়ে মোলৈ।
-যাম এদিন ৰহ। খেতি খোলা সামৰি লওঁ। খা- খৰালি হওক।
-এৰা ওলাবি ময়ো যাম।
কতৰ বিয়া পাতি দিলো ঘটকালি কৰি। তোৰ ল'ৰালৈ নোৱাৰিম নে?
বঁটাৰ পৰা আন এখন তামোল মুখত সুমুৱাই পেহী উঠিল। পীৰা খন বেৰত আউজাই আয়ে
চাহৰ বাটি সামৰি ভিতৰ সুমাল। পেহীয়ে জপনাৰ মুখত পিৰিক কৈ হেলেঙি লগা তামোলৰ পিক্ এসোপা পেলাই গ'ল গৈ। ৰঙা পিক্।

মোৰ মনতো ৰঙা সপোনে অগাদেৱা কৰিবলৈ ধৰিলে। কোন ছোৱালী বাৰু? তুমি নহয়তু? এইবাৰ বাৰিষা দীঘল হ'ব। অপেক্ষাৰ দিন দীঘল হয়। খৰালি বা কেতিয়াকৈ আহে।
মনটো তোমালৈ উৰা মাৰিলে।


(সাত)

আকাশে জুই বৰষিছে।
জেঠৰ ৰ'দ। তাতে যোৱা একাদশীৰ পৰাই ধাৰাষাৰে সাদিন বৰষুণ।
আজি ডাৱৰৰ মুখৰ ৰ'দ। ডাৱৰৰ মুখৰ ৰ'দ চোকা। তোমাৰ ভাৱনাৰ দৰে। দেই নিয়ে।
হ'লেও খেতিয়ক মানুহৰ গাত ৰ'দ নালাগে। বৰষুণ নপৰে। জেঠৰ চৌফলীয়া ৰ'দতো পিতায়ে মৈ দিছে। আজি হাৰিয়া মাতিছে। গাঁৱৰ ইঘৰ ইঘৰৰ খিয়লা খিয়লী থাকিলেও কামৰ পৰত সৱ একগোট। ঘৰ চাওনি কৰিবলৈ, সৰহীয়াকৈ ধান দাৱলৈ, ভূঁই ৰুৱলৈ, খেৰ কাটিবলৈ হাৰিয়া মতাৰ নিয়ম। হাৰিয়া মানে বিনামূলীয়াকৈ, সমূহীয়াকৈ কৰা শ্ৰম দান। গৃহস্থৰই কাম কৰা মানুহ খিনিক সাঁজে ভাতে খুৱালেই হ'ল।
সেই দৰে গাঁৱৰ গৰু জাকো পাল চৰায়। গাঁৱৰ সকলোৰে গৰু দুঘৰ বা তিনি ঘৰৰ গৰখীয়াই দিনটো চৰায় গধূলি ঘৰে ঘৰে দি যায়।
দি যায় মানে পদুলিৰে খেদি নিলেই হ'ল। গৃহস্থই নিজৰ নিজৰ কেইটা আগচি গোহালিত সুমুৱায় । প্ৰতি ঘৰ মানুহৰে এদিন পাল পৰে।
আজি সাতডৰা মাটি বোকা দিছে । হাল চাৰিখন । ৰুৱনীও দহ জনী । দুগৰাকী বোৱাৰী
বাকী কেইগৰাকী জীয়ৰী । সিহঁতৰ তামোলৰ পিক ৰঙা হাঁহিয়ে পথাৰ ৰজন জনাই গৈছে। মই আলি দিছোঁ। ইডৰা পানী সিদৰালৈ যাব নোৱাৰাকৈ। মনটোহে বান্ধিব পৰা নাই। ৰুৱনী কেইজনীৰ খিল খিল হাঁহিয়ে মনটো উৰুৱাই নিছে তোমালৈ।

"ঐ জেতুকী। তোৰ কথা এটা শুনিছোঁ? সঁচা নেকি?
-কি শুনিলি ঔ?
জেতুকী বোলা জনীয়ে বাওঁ হাতৰ ভুঁই মুঠিৰ পৰা সোঁ হাতৰ বুঢ়া, মধ্যমা আৰু তৰ্জনী আঙুলিৰ চেঁপাত লৈ বোকাত গুজিবলৈ লৈয়ো ৰৈ দিলে।
সিজনীয়ে বেঁকা হাঁহি এটা মাৰি ক'লে
- ব'হাগত ৰংপুৰৰ কোনোবা এটাৰ লগত বোলে তোৰ বিয়া ঠিক হৈছে। তই মত দিছ?
জেতুকী মনে মনে থাকিল।
সিজনীয়ে আকৌ ক'লে
-তই যদি মত দিলি প্ৰভাতৰ কি হ' ব?

মই সিহঁতৰ কথাবোৰ শুনি থাকিলো। সঁচাই নাৰীৰ মহিমা হেনো দেৱতায়ো নুবুজে। জেতুকীক মই সৰুৰে পৰাই চিনি পাওঁ। তাই গাঁৱৰে প্ৰভাতক লৰালিৰে পৰা ভাল পায়। গাঁৱৰ সৱেই জানে । বিহুৰ দলটোত প্ৰভাত ঢুলীয়াৰ ঢোলৰ চাপৰত জেতুকীৰ চিঞা কঁকাল টাকুৰি ঘূৰাদি ঘূৰিছিল। পানী ঘাটত, বৰৰ তলত সিহঁতে গোপনে মিলা মিছা কৰে যদিও ডেকা মখাৰ চকুত সাৰিব নোৱাৰে। প্ৰভাতৰ পঢ়া শুনা কম যদিও খামিডাঠ ল'ৰা। খেতিখোলাত পাকৈত। বাপেকৰ মাটিও সৰহিয়া। জেতুকীক খুৱাবলৈ তাৰ আকাল নহ'ল হেতেন। এতিয়া জেতুকীয়ে বাপেকৰ কথা মতে নগৰৰ কোনো ধনী চাকৰি কৰা ল'ৰাৰ লগত বিয়াত বহিবলৈ মত দিছে। নিদিবনো কিয়। ছোৱালীয়ে বোৰ এনেকুৱাই। স্বাৰ্থপৰ। ক টোৰ চুক কেইটা নাজানিলেও বিয়াৰ বলেৰে ৰাতিটোতে পৰিচয় সলাব পাৰে । মাষ্টৰ এটালৈ বিয়া হ'লে মাষ্টৰনী, ডাক্তৰলৈ হ'লে ডাক্তৰনী ইত্যাদি। সিহঁতৰ কথাবোৰে কাণত শেলে বিন্ধা দি বিন্ধিলে।

বেলি দুপৰ হ'ল। আয়ে বৰ ৰতনৰ কান্ধত ভাৰ দি পৰুৱাৰ বাবে ভাত আনিছে। কলহ এটাত চেকা সাঁজ, ভাৰ পাচিৰ এফালে কলৰ পাত, নিমখ জলকীয়া, দুগজ পানী সমষ্ট বস্তু লৈ আগে আগে ৰতন পিছে পিছে আই।

হালোৱাই হাল ৰখাই, ৰুৱনীয়ে হাত পাত ধুই পথাৰ আলিতে বহি কলৰ পাতত ভাত খালে । আয়ে কাঁহৰ বাটিত ভাগে ভাগে এবাটি কৈ বৰা চাউলৰ ৰঙা সাঁজ দি গ'ল। গাঁৱৰ মানুহে সাঁজ নিচা হ'বলৈ নাখায়। জুৰণি হিচাবে খায়। ভাগৰ জুৰ পৰে। মোৰ ভাত খাবলৈ মন নগ'ল। হাঁহৰ মাংসৰ লগত কোমোৰাৰ আঞ্জা, থপথপীয়া কৈ ৰন্ধা। তাৰে দুবাটি সাঁজে খালো। পথৰুৱা ভাতৰ বাবে বিধে বিধে আঞ্জা নাৰান্ধে। ৰাইজেও বেয়া নাপায়। পেট ভৰিলেই হ'ল। মোৰ হে পেটটো আজিকালি নাখালেও ভৰি থাকে। মনত তোমাৰ ভাৱনা। হয়তু সেই ভাৱনাই ভোক গুচায়।

আকাশ, আকাশ ।
পথাৰৰ পৰা আহি আইৰ দাৱীত ভাত দুটামান খাই বিচনাত পৰিছিলো হে। টোপনিটোৱে হেঁচি নিছিল। মোৰ নামটো ধৰি মৰা চিঞৰ কেইটাত সাৰ পাই গ'লো। অনিচ্ছা স্বত্বেও উঠি আহিলো। অগ্নি। অগ্নি গগৈ। গাঁৱৰ সিমূৰত তাৰ ঘৰ। নাট, ভাওনা, থিয়েটাৰ কৰি ঘূৰি ফুৰা ল'ৰা সি। মোৰ ওচৰলৈ বা কি সকামত আহিল!
মই নোকোৱাকৈয়ে সি মোৰ বিচনা দখল কৰি বিচনাৰ ধাম ডালত গাৰুটো আওজাই হেলান দি বহিল। মই টোপনিয়াই টোপনিয়াই কাষৰ চকীখনতে বহিলো।
ঐ, বৰ ডাঙৰ কাম এটাত তোৰ ওচৰলৈ আহিলো। ভাদত গাঁৱৰ ৰাইজে ভাওনা বৰ সবাহ পাতিবই। আমি ডেকা মখাই খা-খৰালিলৈ নাটক এখন কৰাৰ কথা ভাবিছোঁ। গাঁৱৰ আটাইবোৰ ল'ৰা ছোৱালীকে কথাটো ক'লো। সকলোৱে হয়ভৰ দিছে। পিছে হিৰইন কৰিব পৰা স্মাৰ্ট ছোৱালী গাঁৱত নোলাব বুজিছ। মই নুসোধোকৈ সি অনৰ্গল বকি গ'ল। বাগ্মিতা তাৰ স্বভাৱ। তথাপিও মই মাজতে মাত মাতিলো।
-মই কি কৰিব লাগে ক।
-সিপাৰৰ যে ছোৱালী জনী। তোৰ লগত যে ভাল। নীলাক্ষি নে কি। তাইৰ কথা ভাবিছোঁ। তই মাতিলে আহিব চাগে। পাৰিবিনে মাতি দিব?
তোমাৰ নামটো শুনাৰ লগে লগে গাটো যেন বিজুলী এচাটিয়ে চুই গ'ল। কোনোমতে উৎকণ্ঠা ঢাকি ক'লো
-মই, মই মাতিলে আহিব জানো?তাতে সিপাৰৰ ছোৱালী। মাক বাপেকে বা পঠিয়াই নে নপঠিয়াব নে নপঠিয়াব।
-ধুৰ। তোৰ লগত ভাল বুলি হে কৈছো। তই ক'লে বুজিবও আহিবও।
হে হৰি। কি পাল্লাত পেলাইছা। মই অগ্নিক কেনেকৈ কওঁ যে মই সিদিনা শূন্য হাতেৰে তোমাৰ ঘৰৰ পৰা ওভটি আহিছোঁ। মনটো ভালো লাগিছে। তুমি আমাৰ গাঁৱত নাটক কৰিবলৈ আহিলে সকলোতকৈ লাভ মোৰেই হ'ব। তুমি মোক ভাল পোৱা নে নোপোৱা সেয়া ডাঙৰ কথা নহয়। অন্তত নাটক শেষ নোহোৱালৈকে তোমাক দেখি থাকিম। দৰ্শকৰ শাৰীৰ পৰা চাম।
-অগ্নি। মই মতাত কৈ আমাৰ ক্লাৱৰ পেডত এখন চিঠি লিখি তাইক নামাত কিয়? চিঠিখন দিবলৈ যাওঁতে ময়ো বাৰু লগত গৈ দিম।
-এৰা। ঠিক কথা কৈছ। এই আইডিয়াটোকে মূৰলৈ অহা নাছিল নহয়। এম্পটি ব্ৰেইন চাল্লা।
কথাই কথাই ইংৰাজী শব্দ মতা আগ্নিৰ পুৰণি অভ্যাস।
-ঠিক আছ। আহিন-কাতি মানত হে নাটক হ'ব। দিন আছে। তই চিঠি খন লিখি একেবাৰে সভাপতি সম্পাদকৰ চহী কৰোৱাই ল'বি। সুবিধাজনক দিন এটা চাই দি আহিম গৈ।
-হব দে। পিছত হেহোঁ নহোঁ নকৰিবি।
গিৰিপ কৈ উঠি অগ্নি যাবলৈ ওলাল। চাইকেল খনত লাপ মাৰি উঠিবৰ পৰত কৈ গ'ল
-বাই দি বাই তই ৰেডি হৈ থাকিবি। নাটকলৈ দেৰী আছে যদিও ৰিহাৰ্চেলটো এমাহ মান আগৰে পৰা কৰোৱাব লাগিব। সৱ কেৰেক্টাৰকে আগতিয়াকৈ খবৰ দিবই লাগিব।

মই আকৌ বিচনাত পৰিলো। গাঁৱত নাটক আগে পিছেও হয়। মই ভাও নলওঁ। মিউজিক বক্সত ইটো সিটো বজাই সহায় কৰি দিওঁ। এই বেলি কিন্তু ৰোল এটা কৰিবলৈ মন গৈছে। যদি তুমি নায়িকা হোৱা মই নায়ক। আসঃ ভাবিয়েই ভাল লাগি গৈছে। হ'ব নে আলচা কথা সিদ্ধি!!
আহিবানে তুমি আমাৰ গাঁৱত নাটক কৰিবলৈ।
ভাৱনাই চকুলৈ তন্দ্ৰা নমাই আনিছে। চকু দুটা আপোনা আপুনি মুদ খাই গৈছে।

(আগলৈ)
অ-নিমন্ত্ৰিত
(৮)

"ৰূপালীম্! নেমাতা? নেহাঁহা? তুমি মোৰ অন্তৰত কথাখিনি শুনিবই লাগিব ৰূপালীম্।........"
-হেই এনেকৈ নহয়। অলপ কোমলকৈ। শৃংগাৰ ৰসৰ বাক্য। এনেকৈ খঙকৈ ক'লে কোন প্ৰেয়সীয়ে অন্তৰৰ কথা শুনিব? শুনাতো বাদ, পলাই নিফাট মাৰিব।
পূৰ্ণ গতিত নাটৰ আখৰা চলিছে। গাঁৱত নাটক কৰাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মনঃপুত নাটক এখন যোগাৰ কৰা। কোনোবা ভ্ৰাম্যমাণ নাটৰ পুৰনি নাট কেইখন মানকে ইখন সিখন গাওঁ বগাই থাকে। "ৰাতিপুৱাল সূৰ্য নোলাল", "মোক সেন্দুৰ দিব কোনে" ধৰণৰ নাটক বোৰ। নাটকৰো অৱস্থা তথৈবচ হয়। নকল কপি লিখোঁতাই মনৰ ইচ্ছা মতে বাক্যৰ ইফাল সিফাল কৰোঁতে কৰোঁতে মূল নাট খনে যি ৰূপ লয় গৈ - প্ৰকৃত নাট্যকাৰে দেখিলে বেহুচ হৈ যাব। তাতে নকল কপি কৰোঁতাই নাট্যকাৰৰ নাম লিখাতো বাধ্যতামূলক বুলি নভৱাৰ বাবে কোনে সেইখন লিখিছিল গম নোপোৱাকৈয়ে মঞ্চায়ন হৈ থাকে। ল'ৰাহঁতে অতুল চন্দ্ৰ হাজৰিকা ৰ "জয়মতী" কৰিবলৈ লৈছিল। কলেজীয়া কৰ্চৰ ভিতৰত পৰে বাবে নাট খন পাবলৈ সহজ।
মইহে ৰূপকোঁৱৰৰ "ৰূপালীম" কৰাৰ কথা ওলিয়ালো। তাতে অগ্নি গগৈয়ে নগৰত পঢ়িবলৈ গৈ নগৰীয়া অ-পেচাদাৰী
দল এটাৰ লগত নাটক কৰি বহু কথা শিকি আহিছে। সিও ৰূপালীমতে হয়ভৰ দিলে। অগ্নি গগৈয়েই ডাইৰেক্টৰ। মণিমুগ্ধ ৰ ভাও লোৱা হেমন্তই শৃংগাৰ ৰসৰ বাক্যটো শান্ত ৰসত কোৱাৰ বাবে
অগ্নি গগৈৰ খং উঠিছে।

...... ৰূপালীম্‌! তোমাৰ বুকুৰ থলত মোক ঠাই দিয়া। মোক জীৱলৈ এটুপি মৌ দিয়া। পিবলৈ এটুপি মৰম দিয়া। হাঁহিবলৈ, মোক ফুলিবলৈ তোমাৰ কোলাত মৰণ লভিবলৈ একণি জিৰাবলৈকো ঠাই নিদিবানে? ৰূপালীম্‌! তোমাৰ ওচৰলৈ মোক এখন্তেক যাবলৈ দিয়া ৰূপালীম্‌!.....

ওঁ, আৰু কোমল হ'ব লাগিব। ঘৰত আইনা খনকে ৰূপালীম্ বুলি ভাবি ডাইলগ বোৰ মাতি থাকিবি হেমন্ত।
অগ্নিয়ে ক'লে।
নাটক আগবাঢ়িল। তুমি ৰূপালীম। আমি মাতি আনিছো সিপাৰৰ পৰা। তোমাৰ ৰূপৰ জেউতী, কণ্ঠৰ মাধুৰ্য্যৰ তুলনাত আমাৰ গাঁৱত ৰূপালীমৰ ভাও কৰিব পৰাকৈ ছোৱালী নাই। মই "মায়াৱ"ৰ ভাও গাম বুলি ভাবিছিলো। নিদিলে। মোক বোলে ষ্টেজত তুলিলে তলত অসুবিধা হ'ব। ৰাইজৰ সিদ্ধান্ত মানিবই লাগিব। তাতে নাটৰ বেলিকা অগ্নিৰ মুখত কোনেও মাত নামাতে। গতিকে মই সেই মিউজিক বক্সতে থাকি গ'লো। হ'লেও মই সফল। তোমাক যে আমাৰ গাঁৱলৈ নাটক কৰোবলৈ আনিব পাৰিলো তাতেই মোৰ সফলতা। মোক ৰোল নিদিলে ভালেই হ'ল। এতিয়া নয়ন জুৰাই তোমাক চাব পাৰিম।
মই কব নোৱাৰোঁ।

........ খুব ভাল পাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে, শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে... তিমান....
জাউৰীয়ে জাউৰীয়ে হাত চাপৰি। অগ্নি গগৈ সন্তুষ্ট। তোমাৰ মাতত যাদু আছে। আসঃ সংলাপটো যেন মনিমুগ্ধক নহয় মোকেই কৈছা তুমি। এৰা ময়ো ভাল পাওঁ। বুকুৱে নধৰা ভালপোৱা তোমালৈ। পিছে তুমিহে নুবুজা।
আয়ে হেনো মোলৈ ছোৱালী চাইছে। সিপাৰৰ ছোৱালী। তুমি নোহোৱাতো! হ'লেও জানো মোৰ লগত বিয়াত বহিবলৈ মত দিবা তুমি।
-ঐ আকাশ। বাঁহীটো বজা। কি ভাৱত বিভোৰ হৈ আছ?
অগ্নি ৰ মৃদু ধমকনিত পুনৰ বাস্তৱলৈ ঘূৰি আহিলো।
গাঁৱত নাটক বুলি ক'লেই ডেকা মখাৰ কামৰ অন্ত নাথাকে। মঞ্চ সজা, মিউজিক বক্স সজা, পেট্ৰমাক্স বিচৰা আদি কামবোৰ নাটৰ আখৰা আৰম্ভ কৰাৰ দিনাৰে পৰাই আৰম্ভ হয়। মঞ্চনো আৰু কি। গাঁৱৰ প্ৰাইমেৰী স্কুলৰ এটা মূৰত তোলা মাটিৰ ভেটি এটা। ভেটিটো তোলোতে হোৱা খালটোকে মিউজিক বক্স ৰূপে ব্যৱহাৰ কৰা হয়। ডেকাহঁতৰ সময় নাথাকে। অগ্নি গগৈয়ে কেইটামানক লগত লৈ মঞ্চ সাজিবৰ বাবে কাৰোবাৰ ঘৰত বাঁহ, কাৰোবাৰ ঘৰত তিৰপাল, হেজেক আদি তুলি ফুৰে। আমাৰ গাঁৱলৈ বিজুলী অহা নাই। নাটকৰ দিনা জেনেৰেটৰ আনিব। পিছে আখৰাৰ বাবে পেট্ৰমাক্স অপৰিহাৰ্য্য।
এই পেট্ৰমাক্স জ্বলোৱাৰ দায়ীত্বত থাকে মহিম ফুকন। কেওঁচ কেওঁচ কৈ পাম্প কৰি হেজেকটোৰ মেন্থলটোত জুই লগাই পুনৰ পাম্প এৰি দিয়ে।
মেন্থলটো ৰঙা হৈ উঠিলে আকৌ পাম্প কৰে। মুখেৰে মেন্থলটোৰ এক নিৰ্দিষ্ট অংশত ফুঁ দিয়ে।
ফ'কাচ কৰে। তীব্ৰ পোহৰ এটা লৈ পেট্ৰমাক্স জ্বলি উঠে। মোৰ ভাৱনাবোৰো উজলি জ্বলে তোমালৈ।

আখৰাৰ প্ৰাইমেৰী স্কুলৰ কোঠাতে চলে। মহিমে পেট্ৰমাক্সটো ওলোমাই দিয়াৰ লগে লগে আগ্নিয়ে আখৰা আৰম্ভ কৰে। কোনোটো চৰিত্ৰ নাহে। কোনোটো দেৰীকৈ আহে। অগ্নিয়ে নিজেই প্ৰক্সি মাৰে। সি প্ৰক্সি মাৰিলে নাটখন মই প্ৰম্ট্ কৰিব লাগে।
আজিও পৰিল পাল

... মণিমুগ্ধ কোঁৱৰ! তুমি মোক ইয়াত অকলে থাকিবলৈ দিয়া মণিমুগ্ধ কোঁৱৰ! মায়াব’ই মোৰ জীৱন জুৰি আছে। মণিমুগ্ধ! মোক মায়াব’ৰ ওচৰত থৈ আহাঁগৈ।....

তোমাৰ সংলাপ। আসঃ তুমি যেন সঁচাকৈয়ে কৈ আছা। কোন মায়াব?
কোন তোমাৰ মায়াব??
মই? মই মনিমুগ্ধ নেকি?

মূৰটো অচন্দ্ৰাই কৰি আনিছে।

(ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ ক্ষমা প্ৰাৰ্থনাৰে।)

(আগলৈ, অহা শুক্ৰ বাৰে
(৯)

-হেই কি চাই আছ। চিপ মাৰ। নিলে নিলে।
কালি নিশা বহু দেৰি হ'ল আখৰাতে। আজি বেলি দুপৰলৈ শুলো। আয়ে মজিয়াত ঢাকোন দি খোৱা ভাত কেইটা খাই কাম বন নথকাত বাৰীৰ পিছফালে থকা পুখুৰীটোত বৰশী টোপাই আছিলো। নাটকৰ কথা, তোমাৰ কথা ভাবি থাকোঁতে বৰশীৰ পুঙা নি তল পোৱালেগৈ। অগ্নি গগৈৰ মাতত হে গম পালো। সি চাগে বহুপৰ আগতে আহি মোৰ বৰশীৰ পুঙাটো তল-ওপৰ কৰা চাই আছিল।
চিপ মাৰিলো। নাই সুদা বৰশীটো উঠি আহিল।
টোপ নিলে। বৰলৰ বাঁহ টোৰ পৰা টোপ এটা চিলাই বৰশীটো আকৌ পেলালো। এইবাৰ ভোগটো অলপ দীঘলকৈ দিলো। বৰশী ওপৰত থাকিলে সৰু সৰু চকৰি পুঠি এ টোপ খুটি খাই শেষ কৰে। বৰশীৰ পুঙা চায়েই ক'ব পাৰোঁ কি মাছে খুটিছে। কাৱৈ এ দুটিমান মাৰিয়েই একেকোৱে পুঙা নি তল পোৱাই গৈ। চেঙেলী চয়তান জোৰেৰে টানি নি আকৌ এৰি দিয়ে।
একে কোৱে চিপিয়াই বামত পেলাব লাগে। কাৱৈৰ চিপ মৰাৰ কায়দা আছে। লেহুকা বৰশীৰ ডাঁৰ ডালৰ আগটো চেটেপ কৈ মাৰি চিলাই লোৱাৰ পাছত কাৱৈ এৰি নাযায়। চেনী পুঠি কেইজনীয়ে বৰ গপচত পুঙাটো টিপিয়াই তললৈ টানি নিয়ে। চিপ মাৰিবলৈও ভাল। কান্দুলি কেইজনী আকৌ উঠি আহিবলৈ মন নকৰে। পথালি দি ধৰে। বৰশীৰ ডাঁৰ ভিৰাই নিয়ে। তুমি কান্দুলি হোৱা হ'লে কষ্ট কৰি হ'লেও তুলিলো হেতেন।
লাগিলে বৰশীৰ ডাঁৰকে ভাঙক। তুমি যে গঙাটোপ হৈ ওপঙি আছা। গঙাটোপ বৰশী নাখায়।
-হেই। কি ভাবি আছ?
অগ্নিয়ে সুধিলে ।
-হাঁ একো নাই।
অগ্নি নো কেতিয়া মোৰ কাষতে বহি বৰশী বোৱা চাই বিভোৰ হ'ল মই মনকে নকৰিলো।
-অই তাই নাটকলৈ নাহোঁ বুলিছে।
-কি? কিয়?
বুকুখন ধামুৰ কৈ মাৰিলে।
আকৌ সুধিলো
-কিয় নাহে অগ্নি?
-আমাৰ গাঁৱৰ সিমূৰৰ তৰৱৰী যে, তাই হেনো কিবা ক'লে। তোৰ কথাও কিবা কৈছে। তই বোলে নাম লিখা গগনা এডাল সাজি দিছিলি তাইক। সেইডাল দেখুৱাই তাই কিবা কাহিনী ওলিয়াইছে তাইৰ আগত।
-কি? কৈছে তৰৱৰীয়ে মোৰ কথা তাইৰ আগত?
-তই হে জানিবি ভাল কৈ। তই বোলে তাইক ভাল পাৱ?
মই থৰ হৈ গ'লো। মই তৰৱৰীক ভালপাওঁ!?
নিজকে প্ৰশ্ন কৰিলো।
তৰৱৰী। তাইক সৰুৰে পৰা মৰম কৰোঁ। মোতকৈ বয়সত সৰু।
খেলৰ লগৰী আছিল তাই। মনে মনে কেতিয়ানো গাভৰু হ'ল গমকে নাপালো। ভাল নাচনী তাই। হয়। মই তাইক এডাল গগনা সাজি দিছিলো। তাই কৈছিল তই যে গগনা ডাল সাজিছ কি প্ৰমাণ থাকিব? গতিকে তোৰ নামটো লিখি দে। লিখি দিছিলো কটাৰীৰ আগেৰে খোদাই কৰি।
মোৰ নামটো লিখি হোৱাত তাই কৈছিল।
-এইডাল মোৰ। গতিকে সিটো পিঠিত মোৰ নামটোও লিখি দে না।
হয়তু। কেনেবাকৈ হেৰালে, চোৰে নিলে তাই গগনা পাত ঘূৰাই পোৱাৰ থল থাকিব। সহজ কৈ কথাষাৰ ভাবি লিখি দিছিলো
তৰৱৰী। সেই গগনাক লৈ তাই কাহিনী সাজিছে। নাৰী সঁচাকৈয়ে ছলনাময়ী!?
মূৰটো ঘূৰাই গ'ল।
কাহিনী কিয় ওলিয়াইছে তাই। তাকো তাইৰে মোৰে প্ৰেমৰ কাহিনী। তোমাক কৈছে?
কিয় কিয়? বুজিবলৈ বাকী নাথাকিল। তাইক মৰম কৰো বুলিয়েই তাই ধৰি ল'লে মই তাইক ভালপাওঁ। আৰু তুমি নাটকলৈ অহাত হয়তু তাইৰ চকুত তোমাৰ প্ৰতি থকা দূৰ্বলতা ধৰা পৰি গ'ল। ভাবিলে মই তাইৰ হাতৰ পৰা সৰকিব ধৰিছো। ঈৰ্ষা। ঈৰ্ষাত জ্বলিল তাই।
আৰু তুমি? তুমি তাইৰ কথা শুনি নাটকলৈ নাহো বুলিলা কিয়?
তুমিতো মোক ভাল নোপোৱা। তেনে কিয়?
-হেই এইডাল। তোক নিবোকা চামোনে পালে নে কি ঔ। মাতবোল নাই। বৰশীৰ চিপ মাৰিবলৈও পাহৰিলি ।
ডাঙ বৰশী। টোপ শেষ চাগে। - অগ্নিয়ে ক'লে ।
ডাঙিলো। হয় টোপ নাই।
চকৰী পুঠিৰ ভয়ত ভোগ দীঘলাই দিছিলো। এইবাৰ ঘটিয়া শিঙৰাই নিলে। আৰু এটা টোপ চিলালো। থু থু থু। তিনিবাৰ থু পেলাই বৰশী
পানীত পেলালো। বৰশীৰ ডাঁৰ ডালৰ আগেৰে টুবুক টুবুক কৈ তিনিটা কোৱ মাৰিলো।
এনেকৈ কৰিলে মাছে খুঁটে।
-ঐ বাদ দে ব'ল। আঠুৱা জাল আছে? দৰিকণা মাছ ধৰোঁ ব'ল।
-দৰিকণা মাছ? কি কৰিবি?
-কাইলৈ নৈত বচা মাছৰ বৰশী বাম। বচাই দৰিকণাৰ টোপত খুঁটে।
অগ্নিৰ প্ৰস্তাৱ।

বিভিন্ন মাছ ধৰিবলৈ আমি বিভিন্ন টোপ ব্যৱহাৰ কৰোঁ। একেবাৰে সহজলভ্য টোপ জলকীয়া কেঁচু। কলৰ গেলা, কঠালৰ গেলা, গোৱৰৰ দ'মত পায়। বোন্দা কেঁচু চেঙেলী ধৰিবলৈ ভাল। চেঙেলী ধৰিবলৈ বৰশী নোহোৱাকৈও হয়। পাতল ফটাকানি বান্ধি বোন্দা কেঁচু ৰ'দত শুকুৱাই ল'ব লাগে। টোপোলাটো বৰশীৰ দৰে বান্ধি বালেই হ' ল। চেঙেলীয়া ওপৰলৈ জপিয়াই আহিও ধৰে। বিজুলী সঞ্চাৰে চিপ মাৰি বামত পেলাব লাগে। ফটাকানিৰ আঁহতে দাঁত লাগি উঠি আহে।, ইয়াক থোপা বোৱা বোলে। ডাঙৰ থোপা বাই শ'ল মাছো ধৰিব পাৰি। শ'ল ও একেই ৰাক্ষস। আমৰলি টোপ কাৱৈৰ বাবে উত্তম।

অ-নিমন্ত্ৰিত

(১০)

-ঐ হ'ল নে তহঁতৰ। বাহিৰত মানুহে হৈ-হাল্লা আৰম্ভ কৰিছে। মেকআপ কৰিবলৈতো সিখন গাঁৱৰ মনেশ্বৰকো মতোৱাইছিলো। বইনাও দি পঠাইছিলো কণ্ঠিৰ হাতত। কণ্ঠ, ঐ কণ্ঠি..
খঙেৰে চিঞৰিলে অগ্নি গগৈয়ে। ছোঁ ঘৰত ভাৱৰীয়াৰ মেকআপ সম্পূৰ্ণ হৈছে নে নাই চাবলৈ হৈ অগ্নিৰ মূৰ গৰম হৈ গ'ল। নাই "জুনাফা" ৰ ভাও লোৱা গগনক পকা দাঢ়ি লগোৱাই নাই। ছোৱালী কেইজনীয়ে নাটকত পিন্ধিব লগা কাপোৰ পিন্ধিয়েই আহিছে। মেকআপ লোৱা নাই। কৈলাশে "ৰেনথিযাঙ"ৰ মুখত ফাউণ্ডেছন মাৰি শেষ কৰি ৰ'জ পাউডাৰ পেডটো ঘঁহাই আছে । তাকো মংগোলীয়ান আৰ্হিত দুডালমান দাঢ়ি লগাব লাগিব।
-কণ্ঠি
খঙত অগ্নিশৰ্মা হৈ অগ্নি গগৈয়ে চিঞৰিলে।
ক'ৰবাৰ পৰা কণ্ঠি আহি ওলাল।
-তই মনেশ্বৰক মাতিছিলি নে নাই?
-গৈছিলো। সি নাছিল। ৰংপুৰীয়াত ভাওনাৰ মেকআপ কৰিবলৈ গৈছিল।
-বইনাৰ টকা শ কি কৰিলি?
-ৰূপমে ক'লে ইমান দূৰ চাইকেল মাৰি আহি মনেশ্বৰক লগ নাপালো। যেতিয়া ৰহেশ্বৰী বাইৰ তাতে সুমাই অলপ ভাগৰ পলোৱা যাওক।
মই টকা শ তাক দি দিলো।
  ভয়ে ভয়ে কণ্ঠিয়ে ক'লে।
অগ্নিৰ খং যজ্ঞৰ পূৰ্ণাহুতিৰ জুই হৈ উঠলি উঠিল যদিও সি একো নকলে । এই সময়ত খং কৰিলে নাটক পণ্ড হ'ব । সামাজিক অনুষ্ঠান চলাই, চলাই অগ্নিৰ এই অভিজ্ঞতা বাৰুকৈয়ে হৈছে।
-কি কৰিবি এতিয়া? এটা মানুহে ইমানসোপা কেৰেক্টাৰৰ মেকআপ কৰিব পাৰিব নেকি? বাহিৰত মেকআপ কৰিব পৰা কোনোবা আহিছে নেকি চা। আকাশকো মাতিবি।
মই মিউজিক বক্সত গীতাৰ খন টিউন কৰি আছিলো। কণ্ঠিয়ে মতাত
গ্ৰীণ ৰূমলৈ আহিলো । কণ্ঠিয়ে মুছলমান গাঁৱৰ
আফটাৰকো মাতি আনিলে। সিও ভাল মেকআপ কৰে। বিশেষ কৈ "ক্ৰেভ হেয়াৰ " লগোৱাত সি ভাল। সি ৰূক্মিমী ৰজাক দাঢ়ি লগোৱাত লাগিল।
-আকাশ, তই ছোৱালী কেইজনীক মেকআপ কৰি দে না।
অগ্নিয়ে মোক ক'লে।
গাঁৱত নাটক কৰা বৰ জটিল কাম। কিমান যে জোৰা টাপলি মাৰিব লাগে আয়োজন কৰা কেইটাই জানে। অভিনয়ৰ বাবে মানুহ বিচৰা, মঞ্চ সজা, মঞ্চ সজ্জা, লাইট, চাউণ্ড, লাল চাহ, মেকআপৰ পৰা ধৰি ছোৱালীৰ চেফটি পিনলৈকে। আগ্নিয়ে সদায় কৈ আহিছে
"নাটক টিম ৱৰ্ক বুজিছ। ইয়াত সৰুবৰ নাই। হিৰ ভিলেইন বুলি একো নাই। হিৰ' বুলি বুকু ফিন্দাই থাকোঁতে যদি চিন কাপোৰ টনা টোৱে কাপোৰ খন পেলাই দিয়ে!? লাইটৰ বৰ্ডত থকাটোৱে যদি লাইটটো নুমুৱাই দিয়ে? তোক কোনে দেখিব? গতিকে সৱ মিলি কাম কৰিব লাগিব বুজিছ।"
নাই অগ্নিৰ কথা বুজিব পৰাকৈ গাঁও খনত নাটৰ ল'ৰা -ছোৱালী নাই। সৱেই নিজক লৈ ব্যস্ত। ভাল ভাল ভাও লাগে কিন্তু আখৰালৈ নাহে। সংলাপ মুখষ্ঠ নকৰে।
ভাল ভাও পোৱা কেইটাৰ মনত নায়ক নায়ক ভাৱ। যেন এইখন নাটক কৰয়েই কাললৈ খ্যাতি আৰ্জিলে। ৰূপ সজ্জা ও যে নাটকৰ অপৰিহাৰ্য অংগ ইয়াকো শিকিব লাগে সেই কথাত কোনোৱে গুৰুত্বই নিদিয়ে। মই যেনিবা কাণ চকু খোলা ৰাখোঁ বাবে কথা বোৰ চাই চায়েই শিকি লওঁ। সকলোৰে কিঞ্চিত কিঞ্চিত জানো। কোনোটোতে ওস্তাদ নহয়।
অগ্নিৰ দাৱীত মেকআপৰ সামগ্ৰী সজাই থোৱা বেঞ্চ খনৰ কাষ পালো গৈ।
-আঁহা। কোনে কোনে মেকআপ লোৱা নাই মই কৰি দিওঁ।

ভাবিছিলো তুমি আহিবা। তোমাক সুবিধা নিদি তৰৱৰি আহি ঘপহকৈ প্লাষ্টিকৰ চকীখনত বহি ল'লে।
অগত্যা ফাউণ্ডেশ্যন টিউৱ টোৰ পৰা অলপ পেষ্ট ওলিয়াই তাইৰ গালত সানি দিলো। তাইৰ চকু মোৰ চকুত। মই কিন্তু তাইৰ চকুলৈ চাব পৰা নাই খং উঠিছে। তাইৰ বাবেই তুমি বেয়া পালা। অগ্নিয়ে তোমাক কাবৌ কৰি পুনৰ মাতিব লগা হ'ল।
হেৰ' গগনা ডাল দিলো বুলিয়েই মই তাইক ভাল পোৱা হ'ল! তাই যদি ভালেই পাই মোক মোৰ বিষয়ে তোমাৰ আগত বদনাম ৰতিলে কিয়। ভালপোৱা জনৰ বদনাম ৰতিব পাৰে নে কোনোবাই। মন গৈছিল তাইক বান্দৰীৰ দৰে মেকআপ কৰি দিওঁ। নাপায়। নাটকক অপমান কৰা হ'ব। যিমান পাৰোঁ সাধ্য অনুসৰি তাইৰ চৰিত্ৰটোৰ লগত ৰজিতা খোৱাকৈ মেকআপ কৰিবলৈ যত্ন কৰিলোঁ।
তোমাক মেকআপ কৰিব পৰা হ'লে ভাল আছিল। চকুৱে চকুৱে চাব পাৰিলো হেতেন। কোমল
গালখন চুই চাব পাৰিলো হেতেন। নাই বিধিয়ে দিলেও বিধাতাই নিদিয়ে। তুমি আফটাৰৰ ওচৰ পালাগৈ।

-অই! অকলে অকলে আন্ধাৰত কি কৰি আছা?
কিবা কাৰণত জেনেৰেটৰটো বন্ধ হৈ গৈছিল। মই গ্ৰীনৰূমৰ এচুকত বহি আছিলো। মনত তোমাৰ ভাৱনা ।
মাতষাৰে চক খুৱাই দিলে। তোমাৰ মাত যেন লাগিল। আসঃ তুমি মাতিছা? বুকুৱে ধান বানিলে। লাইটটো ঘপকৈ জ্বলি উঠিল। ধুৰ
তৰবৰি। তাইতো মোক তই বুলি মাতে । আজি কিয় তুমি বুলিলে। নে মোক বেলেগ কোনোবা বুলি ভাবিলে। এই ছোৱালী বোৰৰ কথা ধৰিব নোৱাৰি। তাই পোহৰ হোৱাৰ পাছতো মোৰ কাষতে থিয় হৈ থাকিল । মই অস্বস্তিত পৰিলো।
-তোৰ ৰোল কেই নম্বৰ চিনৰ পৰা আছে?
-দুই নম্বৰ।
-তেনে ইয়াত কি কৰি আছ? যা। ডাইলগবোৰ মনত পেলা।
মই তাইক আঁতৰাই পঠাবৰ বাবে ক'লো। মনটো তোমাৰ ভাৱনাৰে ভৰি আছে। ভৰি আছে। মিঠা ভাৱনা। এই জনীয়ে
আহি চিন্তাবোৰত আউল লগাই দিলে।
-হেই। ডাইলগ। ডাইলগ বাদ দে। তোক এটা কথা ক'বলৈ আছে।
এইবাৰ মোক তই সম্বোধি তৰবৰিয়ে ক'লে।
-ক কি কথা।
-বেয়া নাপাৱতো? ভুল নুবুজতো?
কি ক'ব খোজিছে এই। ভয়ো লাগিল। তথাপি সাহ কৰি ক'লো।
-ক। নাপাওঁ।
-তই কাৰোবাক ভাল পাৱ নেকি? এই কেইদিন মন কৰিছো তই কিবা ভাৱনাত ডুৱি থাক।
-হু? নাই। নাই।
মই জোখত কৈ বেছি জোৰেৰে কৈ উঠিলো।
-জানো দে তই সিপাৰৰ সেইজনীৰ প্ৰেমত পৰিছ।
-হাঁ?
মই নিৰ্বাক হৈ গ'লো। কেনেকৈ কওঁ পৰিছো বুলি। মইহে পৰিছো। তুমিতো নহয়।
-ধুৰ। পাগল হৈছ নেকি?
নহয় যা।
-মিছা নামাতিবি আকাশ দা। মই তোক জানো। আৰু কি জান?
-কি?
-তোক মই বিচাৰোঁ। নিজৰ কৈ। একেবাৰে নিজৰ কৈ।
কথাষাৰ কৈ তাই এপলকো নৰ'ল। দৌৰি আঁতৰি গ'ল। মই থৰ হৈ গ'লো। ইমান নিসংকোচে কোনোবাই ভালপোৰ কথা ক'ব পাৰে নে? মইচোন পৰা নাই তোমাক ক'ব। আৰু তৰবৰি! তাই মোক সঁচাকৈয়ে ভাল পায়!
কথাবোৰ নাটকীয় ভাৱে সলনি হৈছে। মই একো ভাবিব পৰা নাই।
"শ্ৰদ্ধাভাজন দৰ্শক ৰাইজ। আমি সেউজীপাম গাঁৱৰ যুৱ সমাজে আজি প্ৰদৰ্শন কৰিবলৈ লোৱা ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা ৰূপালীম নাট খন খন্তেক পিছতে আপোনালোকলৈ আগবঢ়াম।......

অগ্নিৰ ঘোষণা। ল'ৰা লৰিকৈ মিউজিক বক্সত বহিলো হৈ।

"বন্দে শম্ভূ মহেশ্বৰম
বন্দে গৌৰি মনোহৰম
বন্দে হৰ হৰ পৰস্পদম
বন্দে বন্দে নটৰাজন।"

নটৰাজ বন্দনাৰে নাট আৰম্ভ হ'ল।

আগলৈ

Sunday, 19 August 2018



।। ৰ'দ চাৰিওফালে ।।




ৰ'দ মোৰ চোতালত

ৰ'দ মোৰ পথাৰত

লাৱনী ৰুৱনীৰ কলাফুলত

ৰ'দ পাৰঘাটত

পানী ঘাটত

পানীৰ কলহত

গৰ্ভৱতী ৰ'দ।

শইচ সম্ভাৱনাময় ৰ'দ।

ৰ'দ চাৰিওফালে

উত্তৰে দক্ষিণে

নৈঋতে ঈশানে

দূৰৈত ক'লা মেঘ

বুকুৰ গোপনে গোপনে।




©বিনয়


।। ৰ'দৰ কবিতা।।




(১)




ৰ'দত ফুল

ৰ'দালীত সোনালী পখিলা

বুকুৰ বকুল জোপাৰ পৰা

নিৰৱে সৰি পৰিল

হালধীয়া পাত এখিলা।।




(২)

তামসিক ৰাতিটোৰ শেষত

বন পক্ষীৰ কলৰৱ

ৰৌদ্ৰস্নানেৰে এঙামুৰি দিলে

কাঁইটীয়া গোলাপ।

ভালপোৱাবোৰ সুহুৰি বজাই

ৰ'দৰ বাটেৰে গুছিযায়

পৰ্যটক প্ৰেমিক

তৰ ঘামে ধোৱা কামিজৰ তলত

ভালপোৱাৰ ৰ'দে পোৰা কলিজা

মৌন নিৰ্বাক।




(৩)

এইটো ৰ'দৰ বাট

এই বাটেৰে গ'লে পাব পাৰি

প্ৰেমৰ পাৰঘাট

মাজত পঁচা মদাৰৰ সাকোঁ

হিংসা, প্ৰতি হিংসা আৰু বিশ্বাসঘাটকতাৰ।




(৪)

ৰ'দ সৰি পৰে

ডাৱৰৰ ফাঁকে ফাঁকে

শাওঁনীয়া পথাৰত

ৰ'দে সম্ভাৱনাৰ ছবি আঁকে।

চৌফলীয়া ৰ'দত

বুকুৰ সোৱণশিৰিত

সোণালী পিঠিয়াই

জলকেলি কৰে

ৰ'দে গানো জানে

ঘামো আনে।




©বিনয়

Friday, 17 August 2018

বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি।।

-বিনয় কৃষ্ণ তামুলী ফুকন ।

শিৰোনামাটো দেখি নাভাবিৱ যে এই লেখাটো কোনোবা গৱেষক ছাত্ৰৰ গৱেষণা পত্ৰ। নিমাখিত, সাধাৰণ মানুহ এটাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কিছু অপ্ৰিয় সত্য। 'সঁচা ক'বা। কিন্তু অপ্ৰিয় সত্য নক'বা।' বোলা কথাষাৰৰ মই পৰী পন্থী।
ক'ম এশবাৰ ক'ম। হাজাৰ বাৰ ক'ম। মহাত্মা গান্ধীয়ে কেৱল এইষাৰ কথা কোৱা নাছিল। ভাৰত বৰিষৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে হৰিজন সকলক চুৱ পৰা কৰি থৈ যাব খুজিছিল। নোৱাৰিলে। হৰিজন শব্দটোৰ ঠাইত চাফাই কৰ্মী শব্দৰ প্ৰচলন হ'ল। অসমৰ ডিব্ৰুগড় চহৰত "পৌৰ সভাৰ চাফাই কৰ্মীৰ কলনি বুলি" যিটো  আৱাসীক এলেকা আছে , তাক জন সমাজত আজিও "চুইপাৰ কলনি" বুলিয়েই জনা যায়। লখিমপুৰতো একেই কথা। "মেটৰ পট্টী"। তাতোতকৈয়ো ডাঙৰ কথা অসমত এই অস্পৃশ্যতা অক্ষুন্ন ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ জীয়াই ৰখা বুলি দাৱী কৰা সত্ৰ সমূহে। সত্ৰ নগৰী মাজুলী কে ধৰি বৰপেটা সত্ৰ, বা অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সত্ৰ সমূহতে অস্পৃশ্যতাৰ প্ৰভাৱ আটাইতকৈ বেছি। আজিও সত্ৰৰ গোঁসায়ে কোনো শুদিৰক স্পৰ্শ কৰাৰ নিয়ম নাই। প্ৰত্যেক ধৰ্মৰে এজন গুৰু থাকে। বুদ্ধ ধৰ্মত বুদ্ধ দেৱ, ইছলামত হজৰত মহম্মদ, খ্ৰীষ্টত যিচু ইত্যাদি । কিন্তু শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ সমূহত গোঁসায়েই গুৰু। হ'ব লাগিছিল শংকৰী ধৰ্মৰ প্ৰচাৰক। কিন্তু ৰাজ আতিথ্য, শিষ্যৰ আনুগত্য, দান, দক্ষীণাৰ মোহত নিজকে গুৰু বোলাই আজিও সত্ৰাধিকাৰ সকলে স্বয়ম্ভূ প্ৰভূৰ ৰূপত বিৰাজমান হৈ আছে। মই মাজুলীৰ কেও খন সত্ৰ আঁতিগুৰি মাৰি চাই অহাৰ উপৰি বৰপেটা সত্ৰ, ঢকুৱা খনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ইত্যাদিৰ নীতি নিয়ম স্ব স্বক্ষে প্ৰত্যক্ষ কৰিছোঁ। অস্পৃশ্যতা আজিও সত্ৰ সমূহত বিৰাজমান। গোঁসায়ে আন কূলৰ লোকক স্পৰ্শ নকৰে। এহাত আঁতৰৰ পৰা নিৰ্মালী দিয়ে।

এতিয়া আহোঁ ধৰ্মান্তকৰণ প্ৰসংগলৈ। দিনচেৰেক পূৰ্বে শুনিলো
বৰপেটা সত্ৰৰ ভকত খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। সত্ৰ খনৰ বুঢ়া গোঁসায়ে কাবৌ কৰিছে পুনৰ ঘূৰি আহি শংকৰদেৱৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ। মাজুলীত কেইবাটাও গীৰ্জা স্থাপিত  হ'ল। থলুৱা মিচিং ভাই সকলৰ বহু খ্ৰীষ্টধৰ্মী হ'ল। কাৰ দোষত। মিৰিটো, আহোম টো, ডোম টো, কৈৱৰ্ত টো বুলি কোনে ঘৃণাইছিল? সত্ৰৰ স্বয়ম্ভূ প্ৰভূ ঈশ্বৰ সকলে নহয় জানো? গীৰ্জা লৈ গ'লে কৰমৰ্দন কৰে, আলিংগন কৰে ফাদাৰে। সত্ৰত ঘৃণা কৰে। এহাত ওপৰৰ পৰা নিৰ্মালি দিয়ে। কোন যাব সত্ৰলৈ? বৰপেটা সত্ৰ তাতকৈ এখোপ চাৰ। আজিও মহিলাৰ প্ৰৱেশ নিষিদ্ধ। আৰ্জিলে ফল ভূঞ্জিবে। ভূঞ্জিছে। এতিয়া হামৰাও কাঢ়ি মৰিলে কি হ' ব!?
 শংকৰ দেৱে "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।" বুলি গাঢ়োৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাই কে ধৰি সকলোকে এক কৰি আঁকোৱালি লৈছিল। পৰবৰ্তী সময়ত সত্ৰৰ সত্ৰাধিকাৰ সকলে কৰিলে কি!?
আহোম ৰজাৰ পৃষ্ঠপোষকতা পাই নিজকে ৰজাৰো ওপৰত বুলি ভাবিলে। মাজুলীৰ দক্ষিণপাট সত্ৰত আজিও যিবোৰ ৰজা দিনীয়া কৌটি কৌটি টকীয়া অমূল্য সম্পদ জৰাজীৰ্ণ অন্ধকূপত অৱহেলিত হৈ পৰি আছে দেখিলে বুকু কঁপি উঠে।

"ধিক অসমীয়া মানুহ নহয় অসম শ্মশান নোহে কোনে কয়। "বুলি  চিঞৰি দিবৰ মন যায়।

মই ধাৰ্মিক নহয়। কিন্তু ধৰ্মীয় গোৰামি ও মানি নলওঁ। সময় আছে। অসমক বচাওক।


নুপূঋনাৰ চহৰত




তোৰ চহৰলৈ আহিছিলো নুপূঋনা

তোক বিচাৰি

তই দিয়াৰ কথা আছিল

হৃদয়ৰ ঠিকনা

গোৱাৰ কথা আছিল

প্ৰেমৰ বন্দনা।




আহিছিলো

এখন নৈ

দুটা পাৰঘাট পাৰ হৈ হৈ

ডাৱৰৰ নিচান চাই

নোগোৱা গানৰ সুহুৰি বজাই।




মনত আছানে নুপূঋনা !

আমি বাট হেৰুৱাৰ কথা আছিল

কৃষ্ণচূড়াৰ অৰণ্যত

হেৰাই যোৱাৰ কথা আছিল

হৃদয় অভয়াৰণ্যত।




মই চিনি পাইছিলো তোৰ হৃদয় চহৰৰ প্ৰতিটো গলি

এপাৰ্টমেন্ট

নাম ফলকহীন

যদিও ঠিকনা বিহীন

উৰি আছিল প্ৰেমৰ

তেজ ৰঙা পতাকা

তোৰ ৰাধাচূড়া পদূলিত।




আমি তিতাৰ কথা আছিল

এজাক ভালপোৱাৰ বৰষুণত

উজাই যোৱাৰ কথা আছিল

আকূলতাৰ নৈ খনত।




এটা লং ড্ৰাইভ

আৰু মেহদি হাচানৰ গজল দুপিয়লা ক'ল্ড ক'ফিৰ মাজত

অনন্ত নিৰৱতাৰ সাগৰ

মনত পৰেনে নুপূঋনা ?




নুপূঋনা,

নুপূঋনা..




নাজানো ক'ত শেষ এই যাত্ৰাৰ

কি নাম

কি নাম

এই আকূলতাৰ!!




মই গুছি আহিলে

বে ৰঙী হৈ পৰিবনে তোৰ চহৰ।

স্তব্ধ হৈ পৰিবনে প্ৰহৰ?

উচুপিবি নে মোৰ সোঁৱৰণত!!




নুপূঋনা,

এৰি থৈ আহিলো তোৰ চহৰ

অতীত হৈ গ'ল সেই নিৱিড় প্ৰহৰ

ৰৈ গ'ল কোনো অচিনাকি জাহাজ

সাৱটি উদাস বন্দৰ।




নুপূঋনা,

গুচি আহিলো তোৰ চহৰ এৰি

নহ'লে যে বদনামী হৈ পৰিব চহৰ

গলি, বাইলেন

মানুহে ওলিয়াব বু বু বা বা

নুপূঋনাক বদনামী কৰি।

মই ঘূৰি আহিলো।

ঘূৰি।।

বিষাদী বিষাদৰ বৰষুণ জাকত

উটি বুৰি।।




ওভোটনি যাত্ৰা মোৰ

তোৰ পৰা মোলৈ

নাই নুপূঋনা

এই যাত্ৰা

আত্মাৰ পৰা আত্মালৈ

স্মৃতিৰ সেউজী পাতৰ পৰা

অনুভৱৰ মূললৈ।

Thursday, 16 August 2018



মৌন মুক স্তব্ধ অন্ধ

বন্ধ বন্ধ বন্ধ

দ্বন্দ্ব দ্বন্দ্ব

হৃদয় দুৱাৰ আজি বন্ধ।




ভুল ভুল, হুল হুল

আকূল আকূল আকূল

পাগল পাগল

প্ৰতিটো প্ৰহৰ, উশাহ কাতৰ

নিস্তব্ধতাতো বহু কোলাহল।




কঠিন কঠিন

পাথৰ পাথৰ

আকাল আকাল

মৰমী মাতৰ

সমাধি সমাধি

সৰাফুল যেন সপোনৰ।




আকাশ জঠৰ

ডাৱৰ নিথৰ

নিশাবোৰ হ'ল উজাগৰ

জীৱন যুঁজৰ অনন্ত ভাগৰ

সুখৰ নহয় শোকৰ সাগৰ

শামুকৰ খোলা যেন মন

ত্যক্ত, বৰ্জিত উপকূলৰ।




মৃত মৃত, সময় আহত

কূটিল জটিল কাল অনাগত

মৃত কায়া, নাই ছাঁয়া

সেউজী সেউজী পাতৰ।




মৌন মুক স্তব্ধ অন্ধ

বন্ধ বন্ধ বন্ধ

দ্বন্দ্ব দ্বন্দ্ব

হৃদয় দুৱাৰ আজি বন্ধ।

অমৃত্যু

জীৱনৰ বাট।
 জটিল
কূটিল
মৃত্যুৰ বাট মসৃণ
ৰাখি যাব যি সময় বালিত
খোজৰ চিন
দূৰ্ভিক্ষ, দূৰ্দিন
ইপাৰতে শেষ
নাজানো সিপাৰ
মৃত্যুত মাথো নহয় শেষ
সৰা ফুলৰ সৌৰভেও
পুলকিত কৰে মন
সৰিলেই মাথো নহয় শেষ।

Wednesday, 4 July 2018



শেষ দৃশ্য



                                                                        - বিনয় কৃষ্ণ তামুলী ফুকন ।

বেৰত ঢেপেলা মুখীয়া মানুহজনৰ ফটোখন ওলমি আছে। বিষ্ণু ৰাভা তেওঁৰ নাম। ফটোখনৰ ফ্ৰেমটো ঘূণ পোকে খাইছে হ'ব পাই। য'তে ফটোখন ওলমি আছে তাৰ তলতে একেবাৰে মিহি ঘূৰণীয়া, চুজিৰ দৰে গুৰি, গুৰি অলপ পৰি থাকে। এনেকৈয়ে গুৰি গুৰি বোৰ সদায় সৰি থাকিলে এদিন ফটোখন সৰি পৰিব। হয়তু ফটোখন বন্ধাই থোৱা গ্লাছ খনো ভাগি থান বান হ'ব। ফ্ৰেমৰ পৰা ওলাইপৰা ফটোখন অ'ত ত'ত পৰি এদিন উঁৱলি যাব। ঠিক শশাংক ফুকনৰ দৰে।এৰা ফ্ৰেমৰ পৰা বাহিৰ হৈ গৈছে শশাংক ফুকন। লাহে লাহে উঁৱলি গৈছে তেওঁৰ জীৱন। ঘৰটো সাৰি সাৰি কথাবোৰ ভাবিলে শশাংক ফুকনে। পত্নী শয্যাশায়ী হোৱাৰে পৰা ঘৰ সৰা, বাচনধোলৱা, পত্নী মধুমিতাৰ আল পৈচান ধৰা এই আটাইবোৰ ফুকনে নিজেই কৰি আহিছে। গুৰি গুৰিবোৰ ফুল ঝাৰু ডালেৰে জাৱৰ পেলোৱা খনত উঠাই ফুকনে দীঘল হুমুনিয়াহ এটা পেলালে।


-শুনাছোন।


বিচনাত পৰি থকা পত্নীৰ দূৰ্বল আহ্বানত হাতৰ কাম তাতে পেলাই ফুকন মধুমিতাৰ বিচনাৰ কাষ পালেহি।


-মোক অলপ আওজাই দিয়াচোন। একে কাটিয়ে পৰি থাকি এফাল জঠৰ হৈ গৈছে। ফুকনে গাৰু এটা দি পক্ষাঘাত আক্ৰান্ত পত্নীক বেৰত হেলান দি বহুৱাই দিলে।


-অলপ গৰম পানী দিবা?


একেই দূৰ্বল কণ্ঠৰে মধুমতীতাই ক'লে। ফুকন পাক ঘৰলৈ গৈ গেছৰ চুলাটোত পানীৰ চচপেনটো বহাই দি জুইশলাটো মাৰিলে। লাইটাৰটো কাহানিবাই বেয়া হ'ল। আনিব পৰা নাই। পত্নীৰ দৰৱৰ বাবেই পইছা নুজোৰে। লাইটাৰ এটা কিনাটো ফুকনৰ বাবে এই সময়ত বিলাসীতাহে হ'ব বুলি ভাবি জুইশলাৰেই কাম চলাই আছে। তিনিটা জুইশলা কাঠি মাৰিলে। নাই গেছটো জ্বলা নাই। চিলিণ্ডাৰটো জোঁকাৰি চাৰি নম্বৰ কাঠিটো মাৰিলে। নাই নজ্বলিল। গেছ নাই। অগত্যা ঘৰৰ পিছ ফালে থকা চালিখন পালেগৈ ফুকন। তাতে জুইৰ চৌকা এটা আছে। হস্কিলে-মস্কিলে, গেছ নহ'লে তাতে কাম চলাই। নাই। তাতো খৰি নাই। ঠাণ্ডা পানী এগিলাচকে পত্নীৰ হাতত তুলি দিলেহি ফুকনে।


এসময়ত মঞ্চ, পৰ্দাত দপদপাই থকা শশাংক ফুকনৰ লগত সেই সময়ত আলধৰা মানুহেই আছিল কেইবাটাও। তাৰকা শিল্পী আছিল। যিবোৰ চিনেমাত ফুকন আছিল সেইবোৰ একেৰাহে কেইবা সপ্তাহ চলিছিল। হিট মাৰিছিল বক্স অফিচত। থিয়েটাৰ বোৰৰ দুটাকৈ দৰ্শনী হৈছিল। শ্বোৰ শেষত অনুৰাগীৰ ভীৰ লাগিছিল গ্ৰীণ ৰূমত। এনেকুৱা কোনেবা এটা শ্বোৰ শেষত অটোগ্ৰাফ ল'বলৈ অহা ছোৱালী এজনীৰে নাম আছিল মধুমিতা। পুৰনি বহু ছবি চিনেমাৰ ৰীলৰ দৰেই এখন এখন কৈ পাৰ হৈ গৈছে ফুকনৰ মনৰ চকুৰে। আৰু এই মূহুৰ্তত হাতৰ ঠাণ্ডা পানীৰ গিলাচটোত সৰি পৰিছে দুটোপাল তপত চকুপানী।






ক্লজ আপ, মিড শ্বট, লং শ্বট...


আৰু ক্ৰমশঃ ফ্ৰেমৰ পৰা বাহিৰ হৈ গৈছে শশাংক ফুকন।






ক্লজ আপত শশাংক ফুকনঃ


উজ্বল মুখ। চকুত আনন্দ। আন এটা ফ্ৰেমত এটা দেৱ শিশুৰ হাঁহি থকা মুখ। ফুকনে আনন্দতে গুণ গুণাইছে


"জ্যোতিক শিৰত তুলি


যাওঁ মই নতুন দিগন্ত লৈ


হাঁহি মুখে...


সময়ৰ অগ্ৰগতিৰ পক্ষী ৰাজত উঠি..।"






মিদ শ্বটঃ ফ্ৰেমত তিনিটা চৰিত্ৰ। শশাংক ফুকন, মধুমিতা, ১৮ বছৰীয়া ল'ৰা এটা সময় ফুকন। সময়ৰ পিঠিত এটা বেগ, শশাংকৰ হাতত গাড়ীৰ চাবি, মধুমিতা "অফ বডি" ৰ ভংগিমাত। হাত ডাঙি সময়ক বিদায় দিছে।






সময় গ'ল গৈ । সি উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগেই নহয়। ডিষ্টিংচন সহ। উচ্চ শিক্ষাৰ বাবে সি আজি ঘৰ এৰিলে। মধুমিতা উচুপি উচুপি বাৰান্দাৰ আৰ্ম বেঞ্চ খনতে বহি পৰিল।


কে.. ৰে.. ৰে.. ঘেঁউচচচ.... গোঁ.. ওঁ.. গোঁ... পেট্ৰলৰ গোন্ধ এটা চৌহদত এৰি শশাংকৰ গাড়ীত উঠি গুছি গ'ল সময়।


আকৌ মিদ শ্বটঃ


এইবাৰ চাৰিখন মুখ। শশাংক, মধুমিতা, সময় আৰু সাক্ষী। পঁয়ত্ৰিছ বছৰীয়া সময়ৰ লগত পত্নী সাক্ষী আহিছে। শশাংকৰ ঘৰলৈ। সেই যে সি উচ্চ শিক্ষাৰ বাবে গুছি গৈছিল। তাৰ পাছত আৰু ঘৰত থাকিবলৈ নাপালেই। চাকৰি পালে সি। বিদেশত। পাছৰ খিনি হিন্দী চিনেমা বোৰৰ দৰেই গতানুগতিক। লগত পঢ়া ধনীৰ দুলালী এজনীক বিয়া পাতিলে সময়ে। নাম সাক্ষী। দুয়োৰে একে বিভাগতে চাকৰি।একে ঠাইতে। ঘৰলৈ। মানে শশাংকৰ ঘৰলৈ বিহুৱে, সংক্ৰান্তিয়ে আহে। পিছলৈ বছেৰেকীয়াৰ সলনি দুই তিনি বছৰৰ মূৰত অহা কৰিবলৈ ল'লে। আৰু এইবাৰ আহিছে সম্পূৰ্ণ ছয় বছৰৰ মূৰত।






-তহঁতে নাতি এটাৰ কথা ভৱাই নাই?


সাক্ষীৰ মুখলৈ চাই মধুমিতাই ক'লে।


-নাই মা। নিজাকৈ ফ্লেট এটা কিনি লওঁ। বিদেশত


কোৱাটাৰত থাকি ল'ৰা ছোৱালী তুলিবলৈ দিগদাৰ।


সাক্ষীৰ মুখৰ কথা কাঢ়ি নি সময়ে ক'লে।






মধুমিতাই ক'ব খোজিছিল নাৰীৰ মাতৃত্বৰ সময় থাকে। সকলো বস্তু সকলো সময়তে বিচাৰিলে নাপায়। নক'লে মধুমিতাই। শিক্ষিতা বোৱাৰী। জানে সিহঁতে সৱ। নিজৰ সিদ্ধান্ত নিজেই ল'ব। আজিকালি ফিগাৰ বেয়া হ'ব বুলি সন্তানক দুগ্ধপান নকৰোৱা বোৱাৰীৰ কথাও শুনিছে মধুমিতাই। এইবোৰ নাৰীয়ে নুবুজে মাতৃত্বৰ আনন্দ কি।


শশাংক? সিটো একো নকয়। বুকুৰ সমষ্ট দি পুতেকক মানুহ কৰিবলৈ যত্ন কৰিছিল। নাই সময় যি হাতৰ পৰা ওলাই গ'ল, আৰু ঘূৰি নাহিল।একো নকয় শশাংকই।ভাবিবলৈ বাদ দিলে সি। শিল্পী মানুহ সি। কোনো ভবিষ্য নিধি নাছিল, পেন্সন নাই তাৰ। ভ্ৰাম্যমাণৰ পৰা অৱসৰ ল'লে দুবছৰ আগতে। মাজে মাজে টি ভি চিৰিয়েলত সফল দেউতাক, আদৰ্শ শিক্ষক, মৰমীয়াল শহুৰ আদিৰ সৰু সৰু চৰিত্ৰত অভিনয় কৰি। যি দুপইচা পাই তাৰে চলি আছে সিহঁত।






আকৌ ক্লজ আপঃফ্ৰেমত মধুমিতাৰ মুখ।বাওঁ ফালে অলপ বেঁকা হৈ পৰিছে। মুখেৰে লেলাৱতী বৈ আছে। চকুত পানী।


পক্ষাঘাটত আক্ৰান্ত হ'ল মধুমিতা। বিচনা খনেই লগৰীয়া। বয়সে গৰকা শশাংকৰ চুলিত ৰূপালী ৰং। টিভি ছিৰিয়েলৰ প্ৰযোজক বোৰেও নামাতে আজিকালি। মতা হ'লে মেকআপ নকৰাকৈয়ে এজন সফল বৃদ্ধ দেউতাৰ ভাও দিব পাৰিলে হেতেন শশাংকই।






লং শ্বটত শশাংক ফুকনঃফ্ৰেমত শশাংক ফুকনৰ ঘৰ। চোতালত মানুহৰ জুম। বগা কাপোৰেৰে ঢকা এটা মৃতদেহ।


ঝুম ইনত - শশাংক ফুকনৰ ভাৱ লেখহীন মুখ।


ঝুম আউট -


শশাংকৰ পিন্ধনত ধূতি।কেইজন মানে বাঁহৰ চাৰি সাজিছে। দুজন মানে শটো চাঙিত তুলিছে। শশাংক ঘৰৰ ভিতৰলৈ সুমাই গৈছে।






ক্লজ আপত শশাংকঃ


ভাৱ লেখহীন মুখ। বুকুত গাৰু এটা লৈ পৰি আছে।


মিড শ্বটঃ


মধুমিতাৰ খালি বিচনা। ঢাৰীয়ে-পাতিয়ে ৰাইজে লৈ গ'ল। ধেপেলা মুখীয়া ফটোখন মজিয়াত পৰি থান বান কৈ ভাগি থাকিল। ফ্ৰেমৰ বাহিৰ হৈ যোৱা ফটোখন সাৱটি শশাংক মজিয়াত বহি পৰিল । বুকুত যেন এসোপা তেজৰ কণিকাই ভীৰ লগালে । বুকুখনত হেঁচি ধৰিলে তেওঁ। তেজৰ কণিকাবোৰৰ তীব্ৰ গতি তেওঁ চম্ভালিব নোৱাৰিলে । অস্ফূট আৰ্তনাদ কৰি মজিয়াত বাগৰি পৰিল শশাংক । বুকুত তেওঁলোকৰ যুৰীয়া ফটোখন। কোনোবা এজনে শশাংকৰ নিথৰ দেহটো বগা কাপোৰ এখনেৰে ঢাকি দিলে। যেন চিনেমাৰ শেষত বগা পৰ্দাখন সমুখৰ শাৰী শাৰী চকী বোৰলৈ চাই ৰৈ ৰ'ল ।


(সমাপ্ত)


২, ৩,৪ জুলাই ২০১৮

Sunday, 1 July 2018



ই-প্ৰেম

- বিকৃতাফু




"অ বিদেশী বন্ধু দূৰ্ভগীয়া...," স্মাৰ্ট ফ'নটোত সি নিজৰ পছন্দমতে লগাই থোৱা ৰিং টনটো বাজি উঠিল। স্ক্ৰীনত জিলিকি উঠা নম্বৰটোৰ বাবেই সি যোৱা আঠচল্লিশ ঘন্টা গভীৰ উৎকণ্ঠাৰে পাৰ কৰিছে। এই মূহুৰ্তত সি ফ'নটো ৰিচিভ কৰিবনে নকৰে ঠিৰাং কৰিব পৰা নাই। নাই নকৰে। ইমান অহংকাৰ তাইৰ। বিগত দুটা দিনত তাৰ এটা খবৰ ল'বলৈও আহৰি নোলাল তাইৰ। কথা খিনি ভাবি থাকোঁতেই ৰিং কৰি কৰি ফ'নটো বন্ধ হৈ গ'ল। তাইক চাগে কম্পিউটাৰাইজ কণ্ঠ এটাই ক'লে "আপ যিচ ব্যক্তিক' ফোন কৰানা চাহতে হেঁ ৱ ইচ ৱক্ত আপ কি কল লে নে কে লিয়ে তৈয়াৰ নেহী হে।

হয়। সি সঁচাকৈয়ে প্ৰস্তুত নাছিল। ভাবিছিল আঠচল্লিশ ঘন্টাৰ আগতে কৰা তাইৰ ফোনটোৱেই সিহঁতৰ দীঘলীয়া প্ৰণয় কালৰ শেষ ফোন কল আছিল।

ছেঃ কিয় নধৰিলে সি ফোনটো। তায়ো কৰা নাই। সিও সৰু হৈ দিবলৈ

বেয়া পাইছে।




টিং। মেচেঞ্জাৰটোৱে মৃদু শব্দ এটা কৰি উঠিল।

তাইৰ হাঁহি থকা প্ৰফাইল পিকচাৰ খন ঘূৰণীয়াকৈ জিলিকি উঠিল। জোন যেন লাগিছে। অলপ পৰ সেই হাঁহি থকা জোনটো চাই সি মেছেজ টো খুলিলে।

-ফোন কৰিছিলো। নধৰিলা। ব্যস্ত আছিলা চাগে।

ধুৰ তাৰ টিকিচ কৈ খং এচাটি উজাই আহিল।

তই ব্যস্ত নে মই। চাল্লা পুৰা দুদিন খবৰ নল'লি।

ইমান ঘমন্দি তোৰ।

-মৰিলো। মই মৰি গ'লো তোমাৰ বাবে।

ভাৱনাত তই বুলিলেও মুখেৰে তাইক তই বুলিব নোৱাৰে সি।

নাই সিফালৰ পৰা একো উত্তৰ নাহিল। ছেঃ ফোনটো ৰিচিভ কৰা হ'লেই ভাল আছিল। আকৌ বা কৰে নে নকৰে।




অমৰেন্দ্ৰ তাৰ নাম। তাই জনীৰ নাম বন্যা। এদিন তাই কথাই কথাই কৈছিল তাক তাই অবন্য বুলি মাতিব। অমৰেন্দ্ৰ যোগ বন্যা "অবন্য" । মানি লৈছিল সি।

এইবোৰ প্ৰায় দুবছৰ মান আগৰ কথা।




ফেচবুকলৈ আহি থকা অজস্ৰ বন্ধুত্বৰ প্ৰস্তাবৰ পৰা এই বন্যা দত্ত নামৰ ছোৱালী জনীৰ অনুৰোধত সঁহাৰি জনাইছিল অমৰেন্দ্ৰই।

অমৰেন্দ্ৰ লিখা মেলা কৰা মানুহ। তাইৰ প্ৰফাইলটো চায়েই বুজি উঠিছিল সি এইজনীও তাইৰ দৰে আৱেগিক ছোৱালী। "ৰামধেনুৰ ৰঙেৰে জীৱন বুলাই ৰ'দৰ দেশলৈ যাম"

আসঃ প্ৰফাইলত লিখা প্ৰত্যয় ভৰা বাক্যটোত ভোল গৈছিল সি। কোনো দিন তাইৰ ইনবক্স টুকুৰিয়াই চোৱা নাছিল অমৰেন্দ্ৰই। লাহে লাহে যেন তাৰ লেখাবোৰৰ ক'ৰবাত তাই সাঙোৰ খাই পৰিছিল। তায়ো বুজি উঠিছিল চাগে। আৱেগ ভৰা মন্তব্যৰে ওপচাই দিছিল তাৰ পষ্ট। আৰু সেই হালধীয়া শাৰী পিন্ধা

প্ৰফাইল ছবি খন। তাত যাদু আছিল। চকুত আকুলতা আছিল। ক্ৰমান্বয়ে ওচৰ চাপি গৈছিল সিহঁত।




হেল্ল অবন্য দৰৱ খালা নে? প্ৰেছাৰ কিমান আজি? খোৱাৰ আগত চুগাৰৰ টেবলেট ল'বলৈ নাপাহৰিবা।

হেল্ল বন্যা। ডিউটিত নে? গৰম কিমান তাত? পানী খাবা সৰহ কৈ। তোমাৰ

প্ৰস্ৰাৱৰ সমস্যাটোৰ বাবে কষ্ট পাবা নহ'লে।




সৰু সৰু কথাবোৰ জনা হৈ পৰিছিল পৰস্পৰে। মৰম আব্দাৰ ভৰা মধুৰ সময়। অমৰেন্দ্ৰই পাছত জানিছিল তাই দুটি সন্তানৰ মাক । দৃষ্টিবন্যা, আৰু কুসুমন । দৃষ্টি দহ বছৰীয়া। কুসুমনৰ চাৰি বছৰ। অাৰু অমৰেন্দ্ৰ। সিওতো বিবাহিত। পত্নী সুনয়না আৰু কন্যা কুমলীয়াৰ স'তে তাৰ সুখৰ সংসাৰ। তথাপিও সি যেন প্ৰেমত পৰি গ'ল বন্যাৰ। এৰা




জয় বা পৰাজয়

সময় অসময়

কপালত জিলিকাই

প্ৰেম নাহে

প্ৰেমে সময় নুবুজে

(প্ৰেমে) বয়স যে আৰু নুবুজে।।

ভূপেন হাজৰিকাৰ গীতটোৰ কথাই যেন সত্য।




-শুনা এটা সহায় কৰি দিবা?

প্ৰথম বাৰৰ বাবে বন্যাই মেচেজ কৰিছে।

-কোৱা।

-এটা সহায় কৰি দিবা?

-ওঁ কোৱা। তুমি ধুনীয়া লেখা। মই পঢ়ো তোমাৰ পষ্ট। গল্প, কবিতা ।

-ওঁ। জানো কি লিখোঁ নিজেই নাজানো।

-কিয় নিজৰ ওপৰত বিশ্বাস নাই?

-নাজানো। ভবাই নাই। আজি ভাবিম।

কথাবোৰ এনেকৈয়ে আগবাঢ়িছিল। ফোন নম্বৰৰ বিনিময় হৈছিল।

কি সহায় কৰাৰ কথা কৈছিল বন্যাই? ক'বলৈ থাকিয়েই গ'ল।




দুয়ো ক্ৰমশঃ লুটিয়াই গৈছিল জীৱনৰ ইতিহাসৰ পাত, মেলি ধৰিছিল ডায়েৰী। একো গোপন নাছিল। হয় সিহঁতৰ প্ৰেম হৈছিল। শৰীৰ নাছিল তাত। লগেই পোৱা নাছিল শাৰিৰীকে দুয়ো। অমৰেন্দ্ৰই ভাবিছিল

"কোনে কয় প্ৰেমক স্পৰ্শৰ প্ৰয়োজন?"

সিহঁতৰ আত্মাই স্পৰ্শ কৰি গৈছিল পৰস্পৰক।




-কি কওঁ…ভাবৰ বুৰবুৰণি অলেখ । প্ৰেমৰ নে আন কথা পাতো । মই তোমাক নাপালে থাকিব নোৱাৰো বুলি কব পৰা দিনবোৰ পাৰ হৈ আহিছো । অত্যন্ত স্বাভিমানী হোৱা হেতুকে কিছুমান দাবী অতি ওচৰৰ জনৰ ওচৰতো নকৰো । কিছুমান অভিমান সমাধিস্থ কৰাৰ প্ৰচেষ্টা কৰিছো । মৰম পালেই গলি যাওঁ। সেই গলি যোৱা সত্তাটোকেই পুনৰাই দুগুণ কাঠিন্যৰে গঢ় দি লওঁ, যেতিয়া দেখো, সেই মৰমত ক'ৰবাত কিবা এটা বাকী ৰৈ গৈছে ।

ভয় লাগে জানা ? এই ভয়েই মোক আবেগিক সম্পৰ্কবোৰৰ পৰা এমাইল দূৰত অৱস্থান কৰায় । এদিন কৈছিলো বৈৰাগিনী মই । একো দাবী নোহোৱাকৈ জী আছো । কিন্তু কোনোবাহীনতাত ভোগোঁ প্ৰায়ে । সমস্যাবোৰৰ লগত যেতিয়া অকলে যুঁজি থাকো, দেউতাৰ অভাৱ অনুভৱ কৰো বাৰুকৈ । ঘৰৰ সৰু ছোৱালী আছিলো । কিন্তু বয়সতকৈ ডাঙৰ ডাঙৰ কথাত যুঁজিছো । এই প্ৰথম কোনোবাই মোক সৰু ছোৱালীৰ দৰে আচৰণ কৰিছে ।

চকুপানী ওলাইছে অ । লিখিব পৰা নাই । তুমি মোৰ হয় কোন ? মোৰ প্ৰতিটো অনুভৱ, তোমাৰ কাষত টুকিবলৈ তুমি মোৰ হয়নো কোন ? সেই নিগাজী পামৰ বাসিন্দা ? ওহো নহয়,তোমাৰ অট্টালিকাৰ ৰাণী । ঊফ ! শেষ ক'ত ইয়াৰ ? তাজমহলত নে ? নাঃ ইমান আশা নকৰো । মৃত্যুৰ সময়লৈকে হাতখন ধৰি থাকিবা, এই প্ৰতিশ্ৰুতি দিলেই মই ধন্য । এই সম্পৰ্কৰ কোনো নাম নাই । নালাগে ।

বন্যাই লিখিছিল।

-নালাগে একো নাম এই সম্পৰ্কৰ ৷ যদি মই আগত মৰোঁ? আমি যৌনৱ পাৰ কৰি আহিলোঁ ৷ প্ৰেমৰ সংজ্ঞা বেলেগ আমাৰ বাবে ৷

কথা দিলো ৷ মই কোন মই নিজেও নাজানো ৷ মই মাথো জানো মই তোমাক ভাল পাই পেলালোঁ, ক'ব নোৱাৰাকৈ ৷ প্ৰতিদান একো দিব নালাগে ৷ বুকুত থাকা ৷ বচ ৷ শেষ উশাহটোলৈকে ৰাখিম বুকুত ৷ যদি মৰণৰ সিপাৰে এখন দেশ আছে তাতো লগপাম বন্যা।

অমৰেন্দ্ৰই ক'ব নোৱাৰাকৈ টাইপ কৰি গৈছিল।

অমৰেন্দ্ৰই বিচনাখনত হেলান দি হেডফোনত

পাপনৰ গীত এটা শুনি আছিল। উজায়ে যা নৈ

বেলিটিক ক গৈ নীলিমা মোৰ ধূসৰ

..... কি মলিন পোচাকে হাঁহে ঐ আৱৰি উকা মন..

এৰা হেজাৰ দামী পোছাকেৰে নিজক ঢাকিলেও উকা মনটো কিহেৰে ঢাকিব পাৰি?

যোৱা আঠচল্লিশ ঘন্টাৰ

নিৰৱতাই যেন উকা কৰি পেলাইছে অমৰেন্দ্ৰৰ মন।

-হেৰা, ভাত নোখোৱাকৈয়ে শুৱা নেকি? সুনয়নাৰ মাতত তাৰ তন্ময়তা ভাগিল।

-হুঁ..

বাঢ়া।

-অথনিৰে পৰা ভাত বাঢ়ি চিঞৰি আছোঁ। তুমিহে কাণত সেইডাল লগাই টোপনিয়াই আছা।

-নাই। গান শুনি আছো।

ব'লনা। গৈ আছো।

-উঠা।

এক প্ৰকাৰ সুনয়নাই টানি উঠাই লৈ গ'ল অমৰেন্দ্ৰক।

আসঃ ইমান মৰম। ইমান আৱদাৰ। তথাপি কিয়?

কিয় নাই সি তাইৰ কাষত। কোনোদিন নেদেখা নাৰী এগৰাকীৰ চিন্তাত মগন??

আচলতে ক'ৰবাত ফাঁক এটাৰ সৃষ্টি হৈছে। শৰীৰৰ প্ৰয়োজনীয়তাকণ, মৰম, আবাদাৰৰতে যেন সীমাবদ্ধ নহয় বৈবাহিক জীৱন। সকলো থকাৰ পাছতো ক'ৰবাত যেন কিবা এটা শূন্যতা। হয়তু সেইবাবেই কৌতুক, ৰগৰ, কাৰ্টুন বোৰত পতী-পত্নীৰ চৰিত্ৰ দুটা ব্যংগাত্মক হ'লেও পৰস্পৰৰ বিৰোধী চৰিত্ৰ ৰূপে তুলি ধৰা হয়। আচলতে প্ৰতিজন পুৰুষৰ মনত লুকাই থকা শূন্যতাৰ প্ৰতীক এয়া। পুৰুষ বুলি ক'লে ভুল হ'ব। নাৰীৰো থাকে এই শূন্যতা। বন্যাই প্ৰকাশ কৰিছে, সুনয়নাই কৰা নাই। হয়তু কৰিছে তাৰ অলক্ষিতে কাৰোবাৰ ওচৰত।

-এই কি হ'ল অ', একদম দেৱদাস দেৱদাস ভাৱ দি আছা যে। খোৱা সোণকালে। মই কাঁহী-বাটি ধুই আজৰি হ'ব লাগে। কাইলৈৰ পৰা কুমলীয়াৰ পৰীক্ষা। ৰাতিপুৱা সোনকালে উঠি তাইকো চাই দিব লাগে।

এৰা। সুনয়না পুৰা সাংসাৰিক হৈ গৈছে। প্ৰেক্টিকেল হৈ গৈছে। প্ৰেম, ৰোমাঞ্চ এইবোৰ এতিয়া তাইৰ বাবে বাজে কথা। কোনোবাটো নিশা অমৰেন্দ্ৰই প্ৰয়োজনত তাইক গাৰ কাষলৈ টানি আনিছে, তাই নিজকে নিৰ্জীৱ পুতলাৰ দৰে অৰ্পন কৰিছে..।

নাই কথাবোৰ অমৰেন্দ্ৰৰ ভাল নালাগে। হয়তু এই ভাল নলগাখিনিৰ নাম ফাঁক। শূন্যতা। আৰু বন্যা? বন্যাওতো সুখী নহয়। অৱশ্যে সি এই বিষয়ে সিমান খুঁচৰা নাই । ধৰিহে লৈছে। নহ'লে এজন সুঠাম স্বামী থকাৰ পাছতো তাই কিয় সুমাই আহিল তাৰ বুকুৰ জপনা ঠেলি।




নিশা দুপৰ হ'ল । নাই। না তাইৰ ফোন আহিল না মেচেজ। অনলাইনতো নাই তাই।

ফোন লগালে সি। চুইচ অফ। আন এটা নম্বৰ নট ৰিচেবল।

ছেঃ কিবা বিপদত পৰিল নেকি তাই?




"আমাৰ গৃহৰ নতুন অতিথি।"

এটা দেৱ শিশুৰ ফটো। কাষত বন্যা। হাতত চেলাইন ।

কাষত এজন পুৰুষ। হয়তু তাইৰ স্বামী।

-ফেচ বুকত বন্যাৰ আপডেট। দুটা সন্তান থকাৰ পাছতো তৃতীয় এটা সন্তান। পাগল হৈ গ'ল অমৰেন্দ্ৰ। তাকতো কোনোদিন কোৱা নাছিল তাই।




-টিং। মেছেজ। একেই হালধীয়া জোন। খুলি দিলে সি।




-অবন্য, তুমি খুউৱ কষ্ট পাই আছা ন? কি হ'ল জানা? সিদিনা অফিচলৈ যাওঁতে পথৰ কাষত এটা

কাগজৰ বাকচ পৰি থকা দেখিলো। লগত এৱোঁ আছিল। নামি গৈ বাকচটো চালো। কি আছিল জানা। এজনী দেৱ কন্যা। খবৰটো দিবলৈ তোমালৈ ফোন কৰিছিলো। তুমি নধৰিলা। আমি চিনাকি নাৰ্চিং হম এখনত সুমাই দিলো। মাতৃ সত্বাটো সাৰ পাই উঠিল। অলপ নাটক কৰিলো। পৃথিৱী খনক ঠগিবৰ বাবে।

মই তাইক মানুহ কৰিম। তিনিটা সন্তান হ'লে চৰকাৰী সুবিধা খিনি নাপাম। নালাগে। কিন্তু তোমাক পাম। কাৰণ তাইৰ নাম ৰাখিছো "অবন্যা"। ধৰিলোৱা তুমি তাইৰ দেউতাক। ফটোত চেলাইন লৈ থকা দেখি ভয় নাখাবা। সেইটো খোঁচা নাই। এনেয়ে প্লাষ্টাৰ লগাই থোৱা আছে। ফটো উঠিবৰ বাবে।




(সমাপ্ত)

৩০ জুন ১জুলাই ২০১৮

Thursday, 3 May 2018



মৰা মানুহৰ দেশ




বুৰঞ্জীৰ পাতত ডুৱ যাব ধৰা

এখন দেশ ৷

ইতিহাস হ'ব খোজা এটা জাতি

এৰি দি মাটি

এৰি দি ভেটি

এৰি দি পুলিন -পুথাওৰ সমাধি

অথবা ৰংগভূমি

মাৰিছে দীঘল হামি

এক অনন্ত শয়নৰ প্ৰস্তুতিত ৷

কণ্ঠ ৰূদ্ধ প্ৰতিবাদৰ

মৰা শৰ দৰে নিৰুদ্দেগ

এখন মৰা মানুহৰ দেশ ৷




যাওক দেশ

যাওক মাটি

যাওক ভেটি

সাত পাতালৰ

অতলত পৰি ৰওক জাতি

কাৰ কি ক্ষতি ?




ঘটিব লাগে ধন

গোটাব লাগে মান

বনাব লাগে সন্তান

গঢ়িব লাগে ঐশ্বৰ্য্যৰ পাহাৰ

লাগিলে সেই পাহাৰ তলত

পোত যাওক

সাতামপুৰুষীয়া গৰ্ব

স্বদেশ- স্বজাতিৰ অহংকাৰ ৷




এখন মৰা মানুহৰ দেশ

পিন্ধি প্ৰগতিৰ ভেশ

গাই গোটে পেটে ভঁৰাল

সাজি যায় অহৰ্নিশ

এখন মৰা মানুহৰ দেশ

শ শ প্ৰজা শ হৈ নতশিৰ

নোহে , নোপজে আৰু বীৰ

আত্মকেন্দ্ৰিকতাৰ

তপত মৰুৱে গ্ৰাস কৰি আনে ক্ৰমে

এখন নিলাজ মানুহৰ দেশ ৷

Tuesday, 1 May 2018

সুখী মই

আছে নে সুখী হোৱাৰ
কিবা নিয়ম
ব্যাকৰণ,
নীতি, নিয়ম?
কিমান ঐশ্বৰ্য্যৰে
সম্পদশালী হ'লে
সুখী হ'ব পাৰি ?
কিমান পালে ?
কিমান দামী পোচাকেৰে
কি অলংকাৰেৰে সজালে নিজক
সুখী হ'ব পৰি ?
কিমান থাকিব লাগিব
বেংক বেলেঞ্চ?
কিমান বিলাসী হ'ব লাগিব গাড়ী ?
কিমান ওখ হ'ব লাগিব অট্টালিকা ?
নাথাকিলে ও চলিবনে
এখন হৃদয় ?
কুশল বাৰ্তা সুধিব পৰাকৈ ?
অলপ মৰম
ডুবি থাকিব পৰাকৈ
ডুবাই ৰাখিব পৰাকৈ
অকণি ভালপোৱা
বুকু জুৰ পেলোৱাকৈ
অলপ আবেগ
কান্দিব পৰা কৈ
কিঞ্চিত সহানুভূতি ?
আনক দিব পৰাকৈ

ঈৰ্ষা আৰু হিংসা,
কপট আৰু  আকাঙ্খা,
প্ৰাপ্তিৰ হেঁপাহ আৰু নোপোৱাৰ হাঁহাকাৰ
দুখৰ অনন্ত প্ৰকাৰ ৷

এখন হাত
বোকামাটি খচিব পৰাকৈ
এখন হাত
আকুলতাৰে মেলিদিব পৰা কৈ
এটা মন আকাশৰ সেউজীয়া চুব পৰাকৈ
এজুৰি চকু
ধুনীয়াবোৰ চাব পৰাকৈ
এখন বহল  বুকু
অভ্যৰ্থনা কৰিব পৰাকৈ
অলপ উদাৰতা
সকলো দিব পৰাকৈ

আৰু নো কি ?

যি দিলা তাকে ল'লো
যিমান দিলা তাতকৈ নিবিচাৰিলো
সৱ লাগে বুলি এবাৰো নক'লো
মই সুখী হ'লো
মই সুখী হ'লো ৷

Thursday, 22 March 2018

তই শূন্যতাৰ স'তে ওমল কিয়?

এই উদাসী ছোৱালী জনী
শূন্যতাৰ সাগৰত ওপঙি
কিয় মেলাৱ দুখৰ কলিয়া চুলি
শোকৰ বতাহত?

হুমুনিয়াহেৰে গধুৰ কৰ কিয়
মোৰ বুকুৰ উপকূল ৷
ইমান আকুলতাৰে কিয়
হাত বাউলি মাত বিষাদী অতীতক
কিয় গুণ গুণাৱ বিষাদ কাৱানৰ সুৰ?

শূন্যতাৰ বেলুন এটা লৈ
কিয় ওমল নিজান দুপৰীয়া
অথবা জয়াল ৰাতি ৷
শূন্যতাতো এখন চিলা নহয়
যাৰ পিঠিত বান্ধি উৰুৱাই দিবি
জীৱনৰ যত দুখ, অপ্ৰাপ্তি ৷

উদাসী ছোৱালী জনী অ'
কাৰ বিৰহত উচুপি উঠ
কাৰ নুশুনা মাতত আকুল হ'ৱ
বিষাদৰ চকুলোৰে তিয়াৱ শিতানৰ গাৰু ?
তই বিষাদৰ বাঁহীটো বজাই
মোক কন্দুৱাবলৈ কিয় ভাল পাৱ বাৰু?

উদাসী ছোৱালী জনী অ'
মই চিলা হ'ব খোজোঁ
 নীলকণ্ঠী আকাশলৈ
উৰুৱাই লৈ যাব খোজোঁ
তোৰ সমষ্ট বিষাদ
গুজি দিম যেন ৰ'দ ফুল
তোৰ নেঘেৰী খোপাত ৷


আহ সামৰি বিষাদ
ৰ'দৰ দেশলে যাওঁ
আহ পোহৰৰ গান গাওঁ
বৰফৰ দৰে গলিবলৈ দিওঁ শূন্যতাৰ বল
আশাৰ জিল মিল ৰদ'ত ৷

Wednesday, 21 March 2018

আমে মলিয়ালে তৰা

তৰা,
আমে মলিয়াইছে আকউ
কঠালৰ ডালত নিশা নিশা কেতেকীৰ মাত
কুমলীয়া পাত তগৰৰ গাত
কপৌ জুপিয়েও মেলিছে চুপহি
তই বাৰু লগাইছ নে মোলৈ
পকোৱা সূতাৰ গামোচাৰ তাঁত?
পৰিছে নে মনত তাঁত বাটি কাঢ়োতে
দেখিছনে মোৰ মুখ ৰাঁচ ভৰাওঁতে
ৰৈ গৈছে নে ভৰি তাঁত চলাওঁতে
লগাইছনে শালিকী যুটিয়া ব' তোলোঁতে
শালত তুলিবি কেতিয়া
বুকুৰ শালত
আৰু প্ৰেমৰ গান এটা গাই
ফুল বাচিবি সপোনৰ?
গবি কেতিয়া-
"বহোঁ তাঁতৰ পাতত
চকু আলিবাটত"
সৰি পৰিবনে মাকোঁ মোৰ কথা ভাবি
পিচলিব নে গৰকাত ভৰি?
চিগিবনে বাৰে বাৰে সূতা
ভাগিবনে ৰাঁচৰ কাঠি?
লুটিয়াই দিবলৈ লোৱা ফুল পাহৰ
এফাল মই এফাল তই
আমি যেন ইপিঠি সিপিঠি ৷

তৰা অ' আম ফুলিছে আকউ
তোৰ গামোছাৰ ফুলত
জিলিকি উঠিছে ফুলাম জাপি
আহ বৰষুণত তিতোঁ
প্ৰেমৰ বৰষুণত
উজাগৰে থাকোঁ এনিশা
কেতেকী বিনোৱা ৰাতি ৷৷

  -বিকৃতাফু ২১ মাৰ্চ ১৮


পৰমায়ু




সিঁচিছিলো হে

বৰকৈ পোখালে

বুকুখন যে মোৰ পলসুৱা

ভালপোৱাৰ বোকা মাটিৰে ৷




দিগবলয়ত

ৰান্ধনী বেলিৰ সকিয়নি

বুকুত বোৱাৰী পুৱাৰ আৰম্ভনী ৷




গছ মাটি আৰু মানুহ

শইচ আৰু পানী

পৃথিৱী জীপাল

বুকুত শুকান মৰুভূমি ৷




এজাৰ কাঠৰ নাও

নিজান ঘাটত,

সাতপুৰুষ পুৰণি ৷

প্ৰতিটো দিনেই

আয়ুসৰ কৰুণ সামৰণি ৷


মোৰ তেজত এখন অৰণ্য ৷

ওপৰত এখন অাকাশ আৰু

সাৰে থকা তিনিটা তৰা

এটা উজ্বল নীলা

কোমল অথচ উজ্বল তাৰ পোহৰ অনন্য৷৷




বুকুত এখন বিষাদৰ কেনভাচ

কোন চিত্ৰকৰৰ নিপুণ হাত ?

আঁকি দিলে তিনিওটা তৰা

এটা উজ্বল

ঢুকি নাপাও মেলিলেও হেঁপাহৰ হাত ৷




অৰণ্য খন মুখৰিত তেজৰ তলৰ ৷

আকুলতাৰ স্ৰোতসৃনী নৈৰ পাৰৰ

কোনোটো ঘাটত বিষাদী গৰখীয়া

তাৰ বাঁহীৰ মাত ইমান কাতৰ ৷৷
তুমি কুশলে থাকিলেই মই জী থাকিম ৷৷

কাৰ বাবে জীৱনৰ গান
কোনে শুনিব তাৰ সুৱদী টান?
কাৰ ওচৰত মোৰ যত মান- অভিমান?
তোমাৰ পৰাইচোন আৰম্ভ
তোমাতেই শেষ
তোমাৰ কোলাতে মূৰ থৈ
পাহৰিম এদিন জীৱনৰ যত ক্লেশ ৷
কাৰ বাবে এই আয়োজন
কাৰ বাবে জীৱনৰ যুঁজ
নাথাকেতো সময় বালিত
সৰু সৰু মানুহৰ খোজ ৷
চক্ৰৱৎ যাত্ৰা মোৰ দূৰ-সুদূৰ
ঘূৰি ঘূৰি আহি পুনু তোমাতেই শেষ ৷
তুমি উজুটি খোৱা শংকাৰ শিলত
তুমি জুৰুলি জুপুৰি হোৱা দুখৰ বৰষুণত
দেই-পুৰি যোৱা অপ্ৰাপ্তিৰ দাবানলত
মোৰ বুকুত জ্বলে বেদনাৰ জুই দপ্ দপ্
কথাবোৰ ভাবি আনমনা হোৱা
দবোৱা কটাৰিয়ে আঙুলি কাটে
কথাবোৰ ভাবি আনমনা হোৱা
জীৱনৰ তাঁতৰ সূতা চিগে ৷
তুমিতো নুবুজা হৃদয় গলে কি তাপত ৷
উশাহ কাতৰ হয়
দুপৰ নিশা দূৰৈৰ নিয়তি চৰাইৰ মাতত ৷
তথাপিও সপোন দেখোঁ -
পুৱতিতে সাৰ পাম
জীৱনৰ গান গাম দ্বৈত স্বৰত ৷
কথা দিয়া হেৰা
কুশলে থাকিম বুলি
উশাহ ল'ম বুকু খোলি
থপিয়াই আনিম ৰঙা বেলি
কথা দিয়া -
হুমুনিয়াহ বোৰ দলিয়াই দিম ৷
তুমি কুশলে থাকিলেই মই জী থাকিম ৷৷
- বিকৃতাফু ২১ মাৰ্চ ১৮

Sunday, 28 January 2018

আত্মদীপ

কোনেও নুসুধে
"আছেনে  কুশলে তোৰ আত্মা"
নুসুধে কোনেও
বুকুত কঢ়িয়াই ফুৰা
কাঁইট যেন ভাৱনা বোৰৰ কথা ৷
কি আত্মীয়
কি অনাত্মীয়
কি বঙহ
দেখে মাথো বাহ্যিক মঙহ ৷

নেদেখে মঙহৰ আঁৰৰ কলিজা
আত্মাৰ গোপনত
মানুহ বৰ অকলশৰীয়া
নিজে ৰচা নাটৰ
নিজেই গায়ন, বায়ন ভাৱৰীয়া ৷
ওপজাৰ পৰা মৰণলৈ বোৱা নৈখনত
এক অকলশৰীয়া নাৱৰীয়া ৷

  - বিকৃতাফু
নিষিদ্ধ ভাৱনাবোৰ

ভাৱনাৰে মই স্বাধীন
নুসুধিবা মোক
মই কি ভাবিম, নাভাবিম ৷
ভাৱনাত মই গুছি যাব পাৰো
বেহেস্ত, স্বৰ্গ, হেভেন নতুবা বৈকুণ্ঠলৈ
গুছি যাব পাৰো নিষিদ্ধ গলি
অথবা ৰঙা পোহৰৰ চুবুৰীলৈ,
সাতখন পাতালৰ অটললৈ
নাইবা নকৰ কুণ্ডলৈ ৷

নৈৰ দৰে ভাৱৰো থাকে নিৰৱধি গতি
নাই পৰিধি
বৈ যাব পাৰে ভাৱনা পাৰ ভাঙি ৷
পৰ্বত, পাহাৰ, ভৈয়াম, পাহাৰ মহতিয়াই
পাৰ ভাঙি, মাথাউৰি চিঙি
যদি বয় নৈ
ভৱনাওতো যাব পাৰে
উটি বুৰি আপোন মনা কৈ ৷

নিজৰ নিজানত ভাবিব পাৰি
শালীন অশালীন কিম্বা নিষিদ্ধ ৷
নিসিদ্ধতাৰ সংজ্ঞা বিচাৰি
থমকি নৰয় ভাৱনা
কাৰ বাবে নিষিদ্ধতা?
প্ৰকাশৰ যোগ্যতা হীন ভাৱনা মানেইতো
নিসিদ্ধ নহয়
যি আহিব পাৰে মনৰ গোপনত,
সপোনত, দিঠথকত ৷

প্ৰেয়সীৰ জৰায়ুত আনৰ ভ্ৰুণৰ দৰে
একলা একলাকৈ বাঢ়িব পাৰে
সংগোপনে নিষিদ্ধ ভাৱনা ৷

ভাৱনা স্বাধীন
শাসনহীন
আত্মাতে বিলিন ৷

নুবুজে যি
নিষিদ্ধতা কি
শালীনতা কি
মনৰ গোপনত যি বাঢ়ি আহে
চকুমুদি ভাবিব পাৰি যি
মুখ খোলি ক'ব নোৱাৰি সি
ভাৱনা হ'ব পাৰে সৃষ্টিশীল
অথবা বিধ্বংসী
খুলি কুৰুকি খাই পেলাব পাৰে আত্মাক
অথবা গঢ়ি তুলিব পাৰে
আত্ম সন্তুষ্টিৰ বিশাল চাপৰি
য'ত গজিব পাৰে সম্ভাৱনাৰ কঁহুৱা
অথবা
অ-প্ৰাপ্তিৰ তপত বলুকা ৰাশি ৷
   - বিকৃতাফু

Thursday, 25 January 2018

গণতন্ত্ৰৰ মন্ত্ৰ

বেৰত ওলমি থকা মুক্তি যুঁজাৰু ককাৰ সম্পদ
এখন তাম্ৰ পত্ৰ ,
সেন্দুৰহীন ওকা কঁপালৰ কোনো সৈনিকৰ পত্নীৰ শুভ্ৰ সাজ
আলমাৰিত জাপি থোৱা সৈনিকৰ
তেজ লগা পোচাক
তাৰ ফচল গণতন্ত্ৰ ৷৷

প্ৰজা হিতৈষি শাসক
হ'ব শান্তি আৰু উন্নয়ণৰ বাহক
নিচলা প্ৰজাৰ দূৰ্দিনবোৰৰ শেষ হওক
সকলোৱে আঁওৰাব প্ৰাপ্তিৰ মন্ত্ৰ
আহঃ কি মহান উদ্দেশ্য ৷

বিধেয়ক হ'ব বিধি
হ'ব আইন
অন্যায়কাৰীৰ "ফাইন"
ন্যায় দণ্ড হাতে ধৰি
সকলোকে এক কৰি
দৌৰাৱ দেশক
জনতাই পাতিব ৰজা
বৰ মজা বৰ মজা ৷
ভোটৰ শেষত হামখুৰি খাই পৰে
নেতাই কঁকালত গোৰ মাৰে
তোলৈ মোলৈ একো নাথাকে
নিজলৈকে নুজোৰে
এহঃ বৰ  মজা বৰ মজা ৷

"হাম হুংগে কামিয়াব"
হৈ যায় কামিয়াৱ সিহঁত
ঐশ্বৰ্য্যৰ পাহাৰ গঢ়ে
জনতা হে ভোকত মৰে ৷
আমাৰ চৌকাত নজ্বলে জুই
ৰাইজৰ ৰজাৰ গাড়ীত
ৰঙা ৰঙা লাইট জ্বলে ৷

প্ৰতিশ্ৰুতিৰ সংলাপ
ভোকাতুৰৰ প্ৰলাপ
নোপোৱাৰ বিলাপ
বৃন্দ গান এটা হৈ বাজি থাকে অহৰ্নিষ
নতুন স্বাধীনতা বিচাৰি যোৱা ল'ৰাটোলৈ বাট চাই
দুখুনী মাকৰ চকুৰ বিষ ৷

নচলে যদি দেশ
নিদিয়ে কোনেও আগুৱাই যোৱাৰ নিৰ্দেশ
দিয়ে বন্ধ ৷
আগুৱাব খোজিলে পাবা দণ্ড
নেতাৰ পুতলা জ্বলে
একো নচলে
স্থবিৰাই যেন উন্নতিৰ মূল মন্ত্ৰ ৷

বিগুল আৰু বিকুল  বোৰ বাজি উঠে
জনতাৰ দুখত ত্ৰিৰংগ কঁপি উঠে
তাৰ তলতেই ভাষণ চলে
কোন ৰজা হ'লে
কিমান ঘটিব টকা
তাৰ অংক চলে
আন্ধাৰ গলিবোৰত মম জ্বলে
কোনোবা ভোকাতুৰা নাৰীৰ চকুত
আশাৰ পোহৰ জ্বলে
সংস্থাপনহীন যুৱক জনৰ মগজ জ্বলে
সিয়ো অকংকে কৰে
কিমান দিলে টেবুলে টেবুলে
জনতাই চাৰ চাৰ বোলা
এটা চাকৰি কিনিব পাৰি অনায়াসে ৷
কোন বিষয়াক পতাব পাৰিলে
সিয়ো গাব পাৰিব
"হাম হুংগে কামিয়াব এক দিন… "

জতাৰ মনত নাই বিশ্বাস
পাঁচ বছৰীয়া আস্বাস
কোন দিনা বা হ'ব "কামিয়াব"?
সিহঁতেও কেতিয়াবা গাব পাৰিব নে -
"মন মে হে বিশ্বাস
পুৰা হে বিশ্বাস………"
         -বিকৃতাফু ২৬ জানুৱাৰী ১৮

Wednesday, 24 January 2018

প্ৰথম বৰষুণ

ধূলিয়ৰী শুকান পৃথিৱীৰ দুখত
গোটেই ৰাতি কান্দিলে আকাশে
বিয়পি পৰিল চকুপানী
বিৰিখৰ পাতত
কঁপালে বুকুৰ চৰাইৰ পোৱালী
এজাক সেমেকা বতাহে ৷

পকা পাত বোৰ সৰি পৰিল সংগোপনে
ধুৱাই দিলে সেউজীয়াবোৰ
প্ৰথম জাক বৰষুণে
পকা পাতৰ উচুপনি আৰু কোনে শুনে! ?

চালত বৰষুণ পিচলি পৰিছে পানীৰপচাত
মই মেলিদিছোঁ মলিয়ন হাত ৷
চাটক পক্ষী এটাৰ দৰে
তৃষ্ণাতুৰ জীৱন ৷
কাঁইটতহে পৰে ফুললৈ মেলা হাত ৷

মেঘবোৰে উচুপে কি বেদনাত
মেঘৰ কণ্ঠত কাৰ গভীৰ মাত?
গাজনীবোৰ যেন
আকাশৰ নোপোৱাৰ আৰ্তনাদ ৷

গাভৰু বিজুলীলৈ  মেঘৰ ভয়
জানোচা
দুষ্ট গাজনীয়ে তাইক আপোন কৰি লয় ৷

গ'লটো ৰাতি আকাশে কান্দিলে
লাগি ৰ'ল সেই চকুপানী
গছে-পাতে, ফুলে-কাঁইটে ৷

-বিকৃতাফু ২৫ জানুৱাৰী
প্ৰেমৰ কথা

জপাই থোৱা খিৰিকি খন
কোনে আঁজুৰি খুলিলে বুকুৰ
কোনে মাৰিলে হি বিজুলী এচাটি চকুৰ ?
চালৰ ফুটাৰে উৰুখনি পৰিছে প্ৰেমৰ
অদেখা দৃষ্টিও হ'ব পাৰে ইমান কৰুণ ৷

উদ্বাস্ত মনৰ ঠিকনা বিচাৰি ক'ৰ ডাকোৱাল
তাৰ হাতত প্ৰেমৰ চিঠি এগাল
বিচাৰি নাপায় ঠিকনা
অঘৰী প্ৰেমিকৰ  ঠিকনা বিচৰা
কি যে পয়মাল ৷

সৰিয়হৰ পথাৰ ডৰাৰ সিপাৰেই তাৰ ঘৰ
হালধীয়া পকা পাতৰ চিঠিত
প্ৰেমৰ আখৰ
স্মৃতি কেতিয়াবা চফলা নৈ
কেতিয়াবা বনজুই
পুৰি ছাঁই কৰে প্ৰেমৰ ঘৰ
ঠিকনা বিহীন হয় প্ৰেমিক হৃদয়
ঠিকনা বিচৰা ডাকোৱালটোৰ ওভোটনি খোজত বৰ খৰ ধৰ ৷

যৌনৱৰ সেউজীয়া ডাক বাকচটোত
মামৰে ধৰিছে
কলিজাৰ চাপ থকা চিঠিবোৰৰ স্মৃতিয়ে
তাক  আমনি কৰিছে
পৌঢ় বাকচটোৰ গাত
সেউজীয়া শেলুৱৈ এসোপা গজিছে ৷
-বিকৃতাফু ২৪ জানুৱাৰী ১৮
স্বপ্ন ভংগ

১৷
সপোনৰ প্ৰথম স্বৰ্ত্ব  টোপনি
টোপনিৰ নিৰ্জনতা
তই চাগে সপোন দেখিছ
নতুন নতুন সপোন
সেয়ে ইমান মৌনতা ৷
২৷
বুকুৰ জীৰ্ণ কুঠৰিত
এটা অকলশৰীয়া মকৰা
লালসাৰ জাল গুঠি নিৰৱে ৰৈ আছে
নিৰৱতাই যে তাৰ প্ৰাপ্তিৰ যাদু কাঠি
সি গুণ গুণাব নোৱাৰে প্ৰাপ্তিৰ গান
বজাব নোৱাৰে সুখৰ সুহুৰি
গল খেকাৰী এটা মৰিলেও যে নাহিব কাষ চাপি
আকাংক্ষাৰ ভোগ
যাৰ বাবে সি সাজিছে জাল
জীৱনজুৰি ৷
৩ ৷
স্বপ্ন ভংগ হ'বলৈ সপোনেই নেদেখিলো কোনোদিন
কালিজাৰ স'তে ওমলি ওমলি পাৰকৰোঁ যত দূৰ্দিন
দিবা স্বপ্নৰ বাবেওচোন নাই জিৰণী
বুকুত যে বাজিয়েই থাকে শোকৰ চিগা তাঁৰৰ বীণ ৷৷

-বিকৃতাফু ২২ জানুৱাৰী ১৮

Monday, 22 January 2018






এঠেঙীয়া বিতচকু









এঠেঙীয়া বিতচকু


তেজৰ তলত দুখ

শাওনৰ নৈৰ দৰে

হুমুনিয়াহৰ ঢল তলমল
সিপাৰৰ ঘাটতত
ৰান্ধনী বেলি যেন
তোৰ বিদায়ী মুখ ৷৷


শিতানত শিমলু তুলাৰ গাৰু

মন হে কমোৱা তুলা

বনাই থকা চিলনীৰ দৰে ৷

নাচাও বুলিলে তোৰ মুখ

স্মৃতিবোৰ মনৰ জপনা খুলি

সুমাই আহে বাৰে বাৰে ৷


বুকুৰ বেৰ চাই কটা খিৰিকিখন জপাই থ'লো

ক'ৰ পৰা জানো জলঙা সৰকি সুমাই আহে

জ্বলা মমৰ শেষ পোহৰ যেন

এধানি ৰ'দ ৷৷


স্মৃতি যেন সুস্বাদু চুইংগাম এটা

যেন চোবায়েই থাকিম তাৰ

ৰসহীন শাহ ৷

দুখৰ চৰাই এটাই কুটা কঢ়িয়াইছে অবিৰত

বুকুৰ বকুলত সাজিব তাৰ

প্ৰজন্মৰ বাবে বাহ ৷


পঢ়াৰ মেজত এঠেঙ ভঙা বিতচকু

পংগুত্ব সাৱটি পৰি আছে নিৰৱে

মই জপাই মেলিছো মনৰ চকু ৷৷


ভোগালী আপদীয়া অপদ্য


নাই অ’

শুনা নাই আইতাৰ ঢেকী শালত

ঢেংকুলুচ মাত ৷
নচা নাই বঢ়নি মাৰিয়ে
চিৰাৰ খোলাত দীঘল হাতৰ চোলা পিন্ধি বহা নাই পেহী।
ঢেকীৰ নেজত বহি খেলা নাই মইনাই
কলি ঔচ বগী ঔচ ধুপুচ।
নাই সলোৱা কোমল চাউলৰ বাবে ঢেকীৰ থোৰা
লগোৱা নাই সান্দহৰ বাবে গোল থোৰাত, ককাই।
খুৱলি আৰু ওখন মাৰিৰ নাই কাজিয়া
নিতাল পিঠাৰ খোলা
গোহালীত গৰু নাই
বাঁহৰ চুঙাৰ দৈ অথবা চুঙা পিঠা
ঘিলা পিঠা, তিল পিঠা, ফেনী পিঠা
খোলাচপৰীয়া, মাহ-কড়াই নাই
কাঠ আলু, মোৱা আলু, জপৰা আলু ক’ত পায়?


খালি মোনা হাতত লৈ দেউতা বজাৰ’লে যায়

শ্বপিং মলত হেনো ‘পেকেজিং’ বিহু পায়।

ঠালত সজাই বাইদেৱে "চেল্ফি" তুলি যায়

লাইক কমেন্টৰ উজানেই উঠি যায়।


দাদাহঁতে ঘৰ সাজে পথাৰত

তমালৰ গাঁঠি কি চিনিকে নাপায়।

হাজিৰালে মানুহ মাতি সাজে ভেলা ঘৰ

চেনেলৰ কেমেৰাৰ আগত কি যে খৰ-ধৰ।


আজিকালি ভোগ থাকে চহৰৰ দোকানত

আজিকালি ৰং থাকে ৰঙা পানীৰ বটলত

‘ডি জে’ৰ চাউণ্ড

বে সুৰা গান

মুৰ্গিৰ ঠেং, ৰাতিপুৱাৰ ‘হেং’

লিভাৰৰ দৰৱ কিনে ফাৰ্মাচি দোকানত।


বাগী কুঠাৰ নাই

গাঁৱত ডেকা নাই

আছে গৈ কেৰেলাত

ঠেতেলা বেঙেনা খাই

মাক হঁতে খুলি ৰাখি হেপাহৰ নঙলা

বাট চাই আহিব পুতাই

পিছে ভোগ নাই

আছে ভোগি

আকাল আৰু হাঁহাকাৰ ৷

টি ভিৰ পৰ্দাত

বৰ বৰ মাছৰ উজান

জুহালত নাই দৰিকণা

ঈশ্বৰো যে দিন কণা

নেদেখে কেতিয়াও

দুখীয়াৰ কপাল।

-বিনয় 12 জানুৱাৰী 2018


লুণীয়া ঢল


কাৰণৰ কথা নুসুধিবা ৷

কাৰণ অথবা অকাৰণ

আনন্দ অথবা বিষাদ নুবুলিবা
যিকোনো কাৰণত
অকাৰণত
বৈ আহিব পাৰে
লুণীয়া পানীৰ নিজৰা
ভাঙি চিঙি লৈ যাব পাৰে
বুকুৰ ভেটা
পেলাই থৈ যাব পাৰে
বৰফুটীয়া বালি -
সপোনৰ সম্ভাৱনাময় পথাৰত ৷
আবেগ নুবুলিবা
কা-পুৰুষ নুবুলিবা
ই যে জন্মজ ৷
কান্দোনৰ শিঙা ফুঁকিয়েইতো
আৰম্ভ কৰিছিলো জীৱনৰ যুদ্ধ ৷
জীনিলো আইৰ মন
সেয়ে কান্দোনেই মূল ধন


মলিয়ন হৃদয় খন

পখালিবলৈ

দুখৰ শেলুৱৈ অথবা বিহমেটেকাবোৰ উটুৱাই নিবলৈ

আহক দিয়া

লুণীয়া ঢল ৷


- বিনয় ১১ জানুৱাৰী ১৮
এই বাটেৰেই আহিছিল তেওঁ
একৈশতা বসন্তৰ
একুৰি এপাহ কপৌফুল
একৈশতা পাহাৰৰ সিপাৰৰ 
কুলি চৰাইৰ মাত এটা হৈ
তেওঁ আহিছিল ৷
কঁইটিয়া কেতেকীৰ একৈশটা পাত ভেদি বিলাইছিল
বুকুৰ হালধীয়া সুৱাস
আৰু মেঘবোৰে বৰষিছিল
ধুই নিকা কৰিবলৈ তেওঁ অহাৰ বাট ৷
তেওঁৰ আগমনিৰ গৌৰৱত
নৈ খন উফন্দি উঠিছিল
গুছি গৈছিল আলহি খাবলৈ
পাৰৰ গাঁৱবোৰলৈ
একুৰি এটা ঘাট পাৰ হৈ হৈ
তেওঁ জিৰাইছিল এপলক
মোৰ বুকুৰ ঘাটত
পাৰৰ এজাৰনী খনত হৈ চৈ লাগিছিল
বনকুকুৰা আৰু জিলিৰ মাতত ৷
একৈশ দিন একৈশ ৰাতি
সাৰে আছিল নাৱৰীয়াবোৰ
গঙা চিলনি বোৰে উৰি উৰি
স্বাগতম জনাইছিল তেওঁক
বৰ চৰাইটোৱে ঠোঁটত ওলমাই আনিছিল এটা ৰূপালী মাছ ৷
এইটো বাটেৰেই আহিছিল তেওঁ
প্ৰেমৰ অইনিঃতম এটা গায় গায়
আৰু আপঙীয়া ৰাগীত
মাতাল হৈ পৰিছিলো মই ৷
একৈশটা বসন্তৰ আগেয়ে আহিছিল তেওঁ
একৈশটা বসন্ত পাৰ হৈ গ'ল
একুৰি এবাৰ নৈ খন
গৰ্বত ফুলি উঠিল
একৈশ বাৰ চিঞৰিলে
সুৱদী কুলিয়ে
তাৰ পাচত
নিতাল, নিমাত ৷

মৰা সৰিসৃপ এটাৰ দৰে
বাটটো পৰি আছে এতিয়াও
কুলি নহয় কেতেকীৰ মাত
বিষাদ নিশাত ৷
তেওঁ নাহে হেনো এই বাটেৰে
যাৰ নাম আছিল
মোৰ যৌৱন
মোৰ বসন্ত ৷
১৫ জানুৱাৰী ২০১৮
লিমাৰিক
স্বৰস্বতীৰ পূজা আহিল গাভৰুৰ মন উথপপ থপ ৷৷
টিভিত ওলাব লাগে বিউটি পাৰ্লোৰ আৰু মেকআপ ৷৷
স্বৰস্বতীক মাৰ গুলী ৷
বিউটি কন্টেষ্ট হ'ব বুলি ৷
পিলিঙা ৰিপৰ্টাৰে মাৰি আছে সাত জাপ ৷৷
বিদ্যা দেৱী কোন হয় - নাজানো চ' চৰি ৷৷
পূজাৰ দিনা দেহত থাকে মেকাপেৰে ভৰি ৷৷
স্বৰস্বতীৰ হাঁহ জনী লকেল নে বিলাতী ৷
দাদাহঁতৰ বাজেটৰ হ'বই কিন্তু ঘাটি ৷
ডেটিঙৰহে দিন এইটো, মন থাকে ভৰি ৷৷
১৷৷
উকিয়াই উকিয়াই ৰৈ যায়
বুকুৰ ৰেল গাড়ী
শেষটো ষ্টেচনত ৷
কবি আগবাঢ়ে পথৰুৱা বাটেৰে
এখন হেৰুৱা হৃদয়ৰ সন্ধানত ৷৷
২৷৷
মাজনিশাৰ এন্ধাৰ জুপুৰিত
পোহৰ পোহৰ হৃদয়
স্মৃতিৰ চাকিৰ এলান্ধুৰে ক'লা হয় ৷
নঙলা মুখত কবি থমকি ৰয়
নিশাটোৰ শেষত জানোচা এলান্ধু কলিয়া হৃদয়ে
যাচে এপিয়লা প্ৰেমৰ চাহ
নেদেখা সপোনটোৰ কথা কয় ৷
৩৷৷
কান্ধত ওলোমাই দুখৰ জোলোঙা
আৰু অৱশ ভৰিত বন্ধা পানী জলঙা ৷
কবি গৈয়েই থাকে বিশ্বাসৰ জোনাকী বাটেৰে
অাশংকাৰ পাহাৰটোৰ পাৰ হ'লেই হেনো পাই
প্ৰেমৰ চেৰিফুল এডৰা
দ' কৈ উশাহ টানি খৰ খোজে আগবাঢ়ে
মনটো হে তাৰ উৰুঙা উৰুঙা ৷৷
-বিকৃতাফু ২১ জানুৱাৰী ১৮
বুকুভৰা গীতবোৰ -
'… জানিব খোজিছোঁ গোপন মন্ত্ৰ
সৃষ্টিত থকা আই ৷
জানিব খোজিছোঁ কি গীত গালে 
শূন্য আঁতৰি যায় ৷৷
উদং বতাহৰ বুকু কেনেকৈ মিঠা সুৰভীৰে ভৰে…
সাৰ পাম মই পুুৱতি নিশাতে… "
- নিৰ্মলপ্ৰভা বৰদলৈ
সাৰ পাই গ'লো পুৱতি নিশাতে ৷ গ'লটো নিশা কাণত "হেডফোন" লগাই গীতৰ ৰাগীত ডুব গৈ থাকোঁতে কেতিয়া টোপনি গ'লো গমেই নাপালো ৷ অলপ সোনাকালেই ঢলি পৰিছিলো চাগে টোপনিৰ কোলাত ৷
আৰু এতিয়া সাৰ পাই দেখোঁ কণ্ঠত বিষ নুঠা ম'বাই ফোনটোত গান বাজিয়েই আছে ৷ সময় পুৱতিৰ তিনি বাজিছে ৷
আহঃ কি মিঠা গীত আছিল সেইবোৰ ৷ কি অপূৰ্ব, অৰ্থবহ গীতৰ কথা ৷ মিঠা সংগীত… ৷ সমান্তৰাল ভাৱে মনলৈ আহিছে আজি গীতৰ নামত চলি থকা অশ্ৰব্য চিঞৰ-বাখৰ বোৰ ৷
জানুৱাৰী মাহ ৷ পিকনিকৰ সময় ৷ প্ৰতিটো বনভোজৰ দলৰ গাড়ীত কাণতালমৰা শব্দ যন্ত্ৰ আৰু গীত (?)ৰ ব্যৱস্থা ৷ আই ঔ গীতৰ নামত যিবোৰ বাজিছে বুকু শাঁত পৰাৰ সলনি কাণ-মূৰ গৰম হৈ যোৱাৰ লগতে প্ৰচণ্ড খং এচাটি উজায় আহে ৷ খঙাল মানুহ মই ৷ মোৰ দোকানৰ মুখত এনে বহু গাড়ী ৰখাই একদম শীৰ্ষতম প্ৰাৱল্যত গীত বজাই কাণ ঘোলা কৰি দিয়ে ৷ আজি কালি আকৌ "ক্ষেত্ৰ ভ্ৰমণ" বুলি বিদ্যালয় সমূহৰ পৰাও বনভোজ খাবলৈ যায় ৷ কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি নৱম দশম শ্ৰেণীৰ পানী গাভৰু, ডেকা লগত লৈ অভিভাৱক ৰূপে যায় দায়িত্বশীল শিক্ষক ৷ এনেবো গাড়ীতো যিবোৰ গীত বাজে নহয় - উশাহ নিশাহ বন্ধ হ'বৰ উপক্ৰম হয় ৷
কি চলিছে আচলতে গীতৰ নামত? সময়ৰ লগে লগে মানুহৰ ৰুচি সলনি হ'বই ৷ সংস্কৃতিৰ পৰিবৰ্তন ঘটিবই ৷ সেই বুলি শিল্প সদায় শিল্প হৈ থাকিবলৈ দিয়া ভাল ৷ শিল্পৰ লক্ষ্য-উদ্দেশ্যৰ দিশত চকু ৰখা ভাল ৷ অসমীয়া গীতত অশালীনতা আছিল ৷ থাকিব ৷ কিন্তু তাহানিৰ অশ্লীল প্ৰকাশবোৰো শালীন আছিল ৷
"বিমূৰ্ত মোৰ নিশা টি যেন…"
বিহুগীতবোৰ চহা গীতিকাৰৰ মৌখিক ৰচনা আছিল ৷ ম'হ গুৱালে চৌফলিয়া ৰ'দত প্ৰেয়সীক উদ্দেশ্যি দীঘল উকিটো মাৰি গোৱা গীত বোৰতকৈও আজি টিভিয়ে, ইউটিউৱে, বনভভোজৰ গাড়ীৰ শব্দ যন্ত্ৰএ বজা গীতবোৰ শালীন আছিল ৷
সত্তৰ দশকত মোৰ জন্ম৷ "গ্ৰামফোন" যুগৰ পৰা গীত শুনিছো ৷ ঈশ্বৰৰ কৃপাত ভাল লগা গীত বোৰ বুকুত লিখি থৈছো ৷
কিন্তু আজি এচাম ( সকলো নহয়) এ গীতৰ নামত যিবোৰ সমাজত মেলি দিছে মনত ৰখা দূৰৈৰে কথা পাহৰিবলৈও শ্ৰম কৰিব লাগে ৷
গীতৰ কথাই শুনিবানে ? উচ্চাৰণেই শুনিবা? নে সংগীতৰ নামত বুকু ঢপ ঢপাই যোৱা বাজানাই শুনিবা? ?
আজিকালি বিহুগীত লিখে, বেছে, গায় ৷ আগতে মুখ বাগৰি প্ৰজন্মই প্ৰজন্মই চলি আহিছিল ৷ এসময়ত "বৰগীত"ও নিলিখিলেই হয় আৰু পৰভু ৷ লিখিলেও লিখক "মাতৃ সম ন বৌৱেকক পাতল দৃষ্টিৰে চোৱা, পিটিটিকি-চিটিকি চোৱা, তপিনা দঙা বিধৰবোৰ এৰাই চলিলে ভাল ৷
শেষত
"যিমানে নুবুজা হওঁ ভাল গীতে হৃদয় জুৰাব ৷"
- বিকৃতাফু ২২ জানুৱাৰী ১৮
স্বপ্ন ভংগ
১৷
সপোনৰ প্ৰথম স্বৰ্ত্ব টোপনি
টোপনিৰ নিৰ্জনতা 
তই চাগে সপোন দেখিছ
নতুন নতুন সপোন
সেয়ে ইমান মৌনতা ৷
২৷
বুকুৰ জীৰ্ণ কুঠৰিত
এটা অকলশৰীয়া মকৰা
লালসাৰ জাল গুঠি নিৰৱে ৰৈ আছে
নিৰৱতাই যে তাৰ প্ৰাপ্তিৰ যাদু কাঠি
সি গুণ গুণাব নোৱাৰে প্ৰাপ্তিৰ গান
বজাব নোৱাৰে সুখৰ সুহুৰি
গল খেকাৰী এটা মৰিলেও যে নাহিব কাষ চাপি
আকাংক্ষাৰ ভোগ
যাৰ বাবে সি সাজিছে জাল
জীৱনজুৰি ৷
৩ ৷
স্বপ্ন ভংগ হ'বলৈ সপোনেই নেদেখিলো কোনোদিন
কালিজাৰ স'তে ওমলি ওমলি পাৰকৰোঁ যত দূৰ্দিন
দিবা স্বপ্নৰ বাবেওচোন নাই জিৰণী
বুকুত যে বাজিয়েই থাকে শোকৰ চিগা তাঁৰৰ বীণ ৷৷
-বিকৃতাফু ২২ জানুৱাৰী ১৮

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিল...