Monday, 22 January 2018

এই বাটেৰেই আহিছিল তেওঁ
একৈশতা বসন্তৰ
একুৰি এপাহ কপৌফুল
একৈশতা পাহাৰৰ সিপাৰৰ 
কুলি চৰাইৰ মাত এটা হৈ
তেওঁ আহিছিল ৷
কঁইটিয়া কেতেকীৰ একৈশটা পাত ভেদি বিলাইছিল
বুকুৰ হালধীয়া সুৱাস
আৰু মেঘবোৰে বৰষিছিল
ধুই নিকা কৰিবলৈ তেওঁ অহাৰ বাট ৷
তেওঁৰ আগমনিৰ গৌৰৱত
নৈ খন উফন্দি উঠিছিল
গুছি গৈছিল আলহি খাবলৈ
পাৰৰ গাঁৱবোৰলৈ
একুৰি এটা ঘাট পাৰ হৈ হৈ
তেওঁ জিৰাইছিল এপলক
মোৰ বুকুৰ ঘাটত
পাৰৰ এজাৰনী খনত হৈ চৈ লাগিছিল
বনকুকুৰা আৰু জিলিৰ মাতত ৷
একৈশ দিন একৈশ ৰাতি
সাৰে আছিল নাৱৰীয়াবোৰ
গঙা চিলনি বোৰে উৰি উৰি
স্বাগতম জনাইছিল তেওঁক
বৰ চৰাইটোৱে ঠোঁটত ওলমাই আনিছিল এটা ৰূপালী মাছ ৷
এইটো বাটেৰেই আহিছিল তেওঁ
প্ৰেমৰ অইনিঃতম এটা গায় গায়
আৰু আপঙীয়া ৰাগীত
মাতাল হৈ পৰিছিলো মই ৷
একৈশটা বসন্তৰ আগেয়ে আহিছিল তেওঁ
একৈশটা বসন্ত পাৰ হৈ গ'ল
একুৰি এবাৰ নৈ খন
গৰ্বত ফুলি উঠিল
একৈশ বাৰ চিঞৰিলে
সুৱদী কুলিয়ে
তাৰ পাচত
নিতাল, নিমাত ৷

মৰা সৰিসৃপ এটাৰ দৰে
বাটটো পৰি আছে এতিয়াও
কুলি নহয় কেতেকীৰ মাত
বিষাদ নিশাত ৷
তেওঁ নাহে হেনো এই বাটেৰে
যাৰ নাম আছিল
মোৰ যৌৱন
মোৰ বসন্ত ৷
১৫ জানুৱাৰী ২০১৮

No comments:

Post a Comment

মৰা মানুহৰ দেশ বুৰঞ্জীৰ পাতত ডুৱ যাব ধৰা এখন দেশ ৷ ইতিহাস হ'ব খোজা এটা জাতি এৰি দি মাটি এৰি দি ভেটি এৰি দি পুলিন -পুথাওৰ সমাধি ...