Wednesday, 21 March 2018



মোৰ তেজত এখন অৰণ্য ৷

ওপৰত এখন অাকাশ আৰু

সাৰে থকা তিনিটা তৰা

এটা উজ্বল নীলা

কোমল অথচ উজ্বল তাৰ পোহৰ অনন্য৷৷




বুকুত এখন বিষাদৰ কেনভাচ

কোন চিত্ৰকৰৰ নিপুণ হাত ?

আঁকি দিলে তিনিওটা তৰা

এটা উজ্বল

ঢুকি নাপাও মেলিলেও হেঁপাহৰ হাত ৷




অৰণ্য খন মুখৰিত তেজৰ তলৰ ৷

আকুলতাৰ স্ৰোতসৃনী নৈৰ পাৰৰ

কোনোটো ঘাটত বিষাদী গৰখীয়া

তাৰ বাঁহীৰ মাত ইমান কাতৰ ৷৷

No comments:

Post a Comment

।। এই বাটেৰে আজি তেওঁ আহিব ।। এই বাটেৰে আজি তেওঁ আহিব এই ফুলনীত আজি ফুল ফুল ফুলিব নুফুলা বহু কলিও সৰি পৰিব পছোৱা বলিব মিছা ভালপোৱাৰ ...