Wednesday, 21 March 2018

পৰমায়ু

সিঁচিছিলো হে
বৰকৈ পোখালে
বুকুখন যে মোৰ পলসুৱা
ভালপোৱাৰ বোকা মাটিৰে ৷

দিগবলয়ত
ৰান্ধনী বেলিৰ সকিয়নি
বুকুত বোৱাৰী পুৱাৰ আৰম্ভনী ৷

গছ মাটি আৰু মানুহ
শইচ আৰু পানী
পৃথিৱী জীপাল
বুকুত শুকান মৰুভূমি ৷

এজাৰ কাঠৰ নাও
নিজান ঘাটত,
সাতপুৰুষ পুৰণি ৷
প্ৰতিটো দিনেই
আয়ুসৰ কৰুণ সামৰণি ৷

No comments:

Post a Comment

তই শূন্যতাৰ স'তে ওমল কিয়? এই উদাসী ছোৱালী জনী শূন্যতাৰ সাগৰত ওপঙি কিয় মেলাৱ দুখৰ কলিয়া চুলি শোকৰ বতাহত? হুমুনিয়াহেৰে গধুৰ কৰ ক...