Wednesday, 4 July 2018



শেষ দৃশ্য
- বিনয় কৃষ্ণ তামুলী ফুকন ।

বেৰত ঢেপেলা মুখীয়া মানুহজনৰ ফটোখন ওলমি আছে। বিষ্ণু ৰাভা তেওঁৰ নাম। ফটোখনৰ ফ্ৰেমটো ঘূণ পোকে খাইছে হ'ব পাই। য'তে ফটোখন ওলমি আছে তাৰ তলতে একেবাৰে মিহি ঘূৰণীয়া, চুজিৰ দৰে গুৰি, গুৰি অলপ পৰি থাকে। এনেকৈয়ে গুৰি গুৰি বোৰ সদায় সৰি থাকিলে এদিন ফটোখন সৰি পৰিব। হয়তু ফটোখন বন্ধাই থোৱা গ্লাছ খনো ভাগি থান বান হ'ব। ফ্ৰেমৰ পৰা ওলাইপৰা ফটোখন অ'ত ত'ত পৰি এদিন উঁৱলি যাব। ঠিক শশাংক ফুকনৰ দৰে।

এৰা ফ্ৰেমৰ পৰা বাহিৰ হৈ গৈছে শশাংক ফুকন। লাহে লাহে উঁৱলি গৈছে তেওঁৰ জীৱন। ঘৰটো সাৰি সাৰি কথাবোৰ ভাবিলে শশাংক ফুকনে। পত্নী শয্যাশায়ী হোৱাৰে পৰা
ঘৰ সৰা, বাচনধোলৱা, পত্নী মধুমিতাৰ আল পৈচান ধৰা এই আটাইবোৰ ফুকনে নিজেই কৰি আহিছে। গুৰি গুৰিবোৰ
ফুল ঝাৰু ডালেৰে জাৱৰ পেলোৱা খনত উঠাই ফুকনে দীঘল হুমুনিয়াহ এটা পেলালে।
-শুনাছোন।
বিচনাত পৰি থকা পত্নীৰ দূৰ্বল আহ্বানত হাতৰ কাম তাতে পেলাই ফুকন মধুমিতাৰ বিচনাৰ কাষ পালেহি।
-মোক অলপ আওজাই দিয়াচোন। একে কাটিয়ে পৰি থাকি এফাল জঠৰ হৈ গৈছে।
ফুকনে গাৰু এটা দি পক্ষাঘাত আক্ৰান্ত পত্নীক বেৰত হেলান দি বহুৱাই দিলে।
-অলপ গৰম পানী দিবা?
একেই দূৰ্বল কণ্ঠৰে মধুমতীতাই ক'লে।
ফুকন পাক ঘৰলৈ গৈ গেছৰ চুলাটোত পানীৰ চচপেনটো বহাই দি জুইশলাটো মাৰিলে। লাইটাৰটো কাহানিবাই বেয়া হ'ল। আনিব পৰা নাই। পত্নীৰ দৰৱৰ বাবেই পইছা নুজোৰে। লাইটাৰ এটা কিনাটো ফুকনৰ বাবে এই সময়ত বিলাসীতাহে হ'ব বুলি ভাবি জুইশলাৰেই কাম চলাই আছে। তিনিটা জুইশলা কাঠি মাৰিলে। নাই গেছটো জ্বলা নাই।
চিলিণ্ডাৰটো জোঁকাৰি চাৰি নম্বৰ কাঠিটো মাৰিলে। নাই নজ্বলিল।
গেছ নাই। অগত্যা ঘৰৰ পিছ ফালে থকা চালিখন পালেগৈ ফুকন।
তাতে জুইৰ চৌকা এটা আছে। হস্কিলে-মস্কিলে, গেছ নহ'লে তাতে কাম চলাই। নাই। তাতো খৰি নাই। ঠাণ্ডা পানী এগিলাচকে পত্নীৰ হাতত তুলি দিলেহি ফুকনে।

এসময়ত মঞ্চ, পৰ্দাত দপদপাই থকা শশাংক ফুকনৰ লগত সেই সময়ত আলধৰা মানুহেই আছিল কেইবাটাও। তাৰকা শিল্পী আছিল।
যিবোৰ চিনেমাত ফুকন আছিল সেইবোৰ একেৰাহে কেইবা সপ্তাহ চলিছিল। হিট মাৰিছিল বক্স অফিচত। থিয়েটাৰ বোৰৰ দুটাকৈ দৰ্শনী হৈছিল। শ্বোৰ শেষত
অনুৰাগীৰ ভীৰ লাগিছিল গ্ৰীণ ৰূমত।
এনেকুৱা কোনেবা এটা শ্বোৰ শেষত অটোগ্ৰাফ ল'বলৈ অহা ছোৱালী এজনীৰে নাম আছিল মধুমিতা। পুৰনি বহু ছবি চিনেমাৰ ৰীলৰ দৰেই এখন এখন কৈ পাৰ হৈ গৈছে ফুকনৰ মনৰ চকুৰে। আৰু এই মূহুৰ্তত হাতৰ ঠাণ্ডা পানীৰ গিলাচটোত সৰি পৰিছে দুটোপাল তপত চকুপানী।
ক্লজ আপ, মিড শ্বট, লং শ্বট...
আৰু ক্ৰমশঃ ফ্ৰেমৰ পৰা বাহিৰ হৈ গৈছে শশাংক ফুকন।

ক্লজ আপত শশাংক ফুকনঃ
উজ্বল মুখ। চকুত আনন্দ। আন এটা ফ্ৰেমত এটা দেৱ শিশুৰ হাঁহি থকা মুখ। ফুকনে আনন্দতে গুণ গুণাইছে
"জ্যোতিক শিৰত তুলি
যাওঁ মই নতুন দিগন্ত লৈ
হাঁহি মুখে...
সময়ৰ অগ্ৰগতিৰ পক্ষী ৰাজত উঠি..।"
মিদ শ্বটঃ ফ্ৰেমত তিনিটা চৰিত্ৰ। শশাংক ফুকন, মধুমিতা, ১৮ বছৰীয়া ল'ৰা এটা সময় ফুকন।
সময়ৰ পিঠিত এটা বেগ, শশাংকৰ হাতত গাড়ীৰ চাবি, মধুমিতা "অফ বডি" ৰ ভংগিমাত। হাত ডাঙি সময়ক বিদায় দিছে।

সময় গ'ল গৈ । সি উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগেই নহয়। ডিষ্টিংচন সহ। উচ্চ শিক্ষাৰ বাবে সি আজি ঘৰ এৰিলে। মধুমিতা উচুপি উচুপি বাৰান্দাৰ আৰ্ম বেঞ্চ খনতে বহি পৰিল।
কে.. ৰে.. ৰে.. ঘেঁউচচচ....
গোঁ.. ওঁ.. গোঁ...
পেট্ৰলৰ গোন্ধ এটা চৌহদত এৰি শশাংকৰ গাড়ীত উঠি গুছি গ'ল সময়।

আকৌ মিদ শ্বটঃ
এইবাৰ চাৰিখন মুখ।
শশাংক, মধুমিতা, সময় আৰু সাক্ষী।
পঁয়ত্ৰিছ বছৰীয়া সময়ৰ লগত পত্নী সাক্ষী আহিছে। শশাংকৰ ঘৰলৈ। সেই যে সি উচ্চ শিক্ষাৰ বাবে গুছি গৈছিল। তাৰ পাছত আৰু ঘৰত থাকিবলৈ নাপালেই। চাকৰি পালে সি। বিদেশত। পাছৰ খিনি হিন্দী চিনেমা বোৰৰ দৰেই গতানুগতিক। লগত পঢ়া ধনীৰ দুলালী এজনীক বিয়া পাতিলে সময়ে। 
নাম সাক্ষী। দুয়োৰে একে বিভাগতে চাকৰি।
একে ঠাইতে। ঘৰলৈ। মানে শশাংকৰ ঘৰলৈ বিহুৱে, সংক্ৰান্তিয়ে আহে। পিছলৈ বছেৰেকীয়াৰ সলনি দুই তিনি বছৰৰ মূৰত অহা কৰিবলৈ ল'লে। আৰু এইবাৰ আহিছে সম্পূৰ্ণ ছয় বছৰৰ মূৰত।
-তহঁতে নাতি এটাৰ কথা ভৱাই নাই?
সাক্ষীৰ মুখলৈ চাই মধুমিতাই ক'লে।
-নাই মা। নিজাকৈ ফ্লেট এটা কিনি লওঁ। বিদেশত
কোৱাটাৰত থাকি ল'ৰা ছোৱালী তুলিবলৈ দিগদাৰ।
সাক্ষীৰ মুখৰ কথা কাঢ়ি নি সময়ে ক'লে।
মধুমিতাই ক'ব খোজিছিল নাৰীৰ মাতৃত্বৰ সময় থাকে। সকলো বস্তু সকলো সময়তে বিচাৰিলে নাপায়। নক'লে মধুমিতাই। শিক্ষিতা বোৱাৰী। জানে সিহঁতে সৱ। নিজৰ সিদ্ধান্ত নিজেই ল'ব। আজিকালি ফিগাৰ বেয়া হ'ব বুলি সন্তানক দুগ্ধপান নকৰোৱা বোৱাৰীৰ কথাও শুনিছে মধুমিতাই। এইবোৰ নাৰীয়ে নুবুজে মাতৃত্বৰ আনন্দ কি।
শশাংক? সিটো একো নকয়। বুকুৰ সমষ্ট দি পুতেকক মানুহ কৰিবলৈ যত্ন কৰিছিল। নাই সময় যি হাতৰ পৰা ওলাই গ'ল, আৰু ঘূৰি নাহিল।
একো নকয় শশাংকই।
ভাবিবলৈ বাদ দিলে সি।
শিল্পী মানুহ সি। কোনো ভবিষ্য নিধি নাছিল, পেন্সন নাই তাৰ। ভ্ৰাম্যমাণৰ পৰা অৱসৰ ল'লে দুবছৰ আগতে। মাজে মাজে টি ভি চিৰিয়েলত সফল দেউতাক, আদৰ্শ শিক্ষক, মৰমীয়াল শহুৰ আদিৰ সৰু সৰু চৰিত্ৰত অভিনয় কৰি। যি দুপইচা পাই তাৰে চলি আছে সিহঁত।

আকৌ ক্লজ আপঃ
ফ্ৰেমত মধুমিতাৰ মুখ।
বাওঁ ফালে অলপ বেঁকা হৈ পৰিছে। মুখেৰে লেলাৱতী বৈ আছে। চকুত পানী।

পক্ষাঘাটত আক্ৰান্ত হ'ল মধুমিতা। বিচনা খনেই লগৰীয়া। বয়সে গৰকা শশাংকৰ চুলিত ৰূপালী ৰং। টিভি ছিৰিয়েলৰ প্ৰযোজক বোৰেও নামাতে আজিকালি। মতা হ'লে মেকআপ নকৰাকৈয়ে এজন সফল বৃদ্ধ দেউতাৰ ভাও দিব পাৰিলে হেতেন শশাংকই।
লং শ্বটত শশাংক ফুকনঃ
ফ্ৰেমত শশাংক ফুকনৰ ঘৰ। চোতালত মানুহৰ জুম। বগা কাপোৰেৰে ঢকা এটা মৃতদেহ।
ঝুম ইনত - শশাংক ফুকনৰ ভাৱ লেখহীন মুখ।
ঝুম আউট - 
শশাংকৰ পিন্ধনত ধূতি।
কেইজন মানে বাঁহৰ চাৰি সাজিছে।
দুজন মানে শটো চাঙিত তুলিছে। শশাংক ঘৰৰ ভিতৰলৈ সুমাই গৈছে।

ক্লজ আপত শশাংকঃ
ভাৱ লেখহীন মুখ। বুকুত গাৰু এটা লৈ পৰি আছে।
মিড শ্বটঃ
মধুমিতাৰ খালি বিচনা। ঢাৰীয়ে-পাতিয়ে ৰাইজে লৈ গ'ল।
ধেপেলা মুখীয়া ফটোখন মজিয়াত পৰি থান বান কৈ ভাগি থাকিল। ফ্ৰেমৰ বাহিৰ হৈ যোৱা ফটোখন সাৱটি শশাংক মজিয়াত বহি পৰিল । বুকুত যেন এসোপা তেজৰ কণিকাই ভীৰ লগালে । বুকুখনত হেঁচি ধৰিলে তেওঁ। তেজৰ কণিকাবোৰৰ তীব্ৰ গতি তেওঁ চম্ভালিব নোৱাৰিলে । অস্ফূট আৰ্তনাদ কৰি মজিয়াত বাগৰি পৰিল শশাংক । বুকুত তেওঁলোকৰ যুৰীয়া ফটোখন। 

কোনোবা এজনে শশাংকৰ নিথৰ দেহটো বগা কাপোৰ এখনেৰে ঢাকি দিলে। যেন চিনেমাৰ শেষত বগা পৰ্দাখন সমুখৰ শাৰী শাৰী চকী বোৰলৈ চাই ৰৈ ৰ'ল ।
(সমাপ্ত)

২, ৩,৪ জুলাই ২০১৮

No comments:

Post a Comment

শেষ দৃশ্য - বিনয় কৃষ্ণ তামুলী ফুকন । বেৰত ঢেপেলা মুখীয়া মানুহজনৰ ফটোখন ওলমি আছে। বিষ্ণু ৰাভা তেওঁৰ নাম। ফটোখনৰ ফ্ৰেমটো ঘূণ পোকে ...