Monday, 22 July 2019

প্ৰিমিয়াৰ শ্বো



সৰু গল্প

প্ৰিমিয়াৰ শ্বো

"তুমি আহিব নালাগে অৰ্ণৱ। মই এই শুভ মূহুৰ্তটোত তোমাক চাব নোখোজোঁ। শুভ কামটোত তুমি বিধি পথালি নিদিবা।"
কথাকেইটা কাণতালমৰা গাজনি এটাৰ দৰে তাৰ কাণত বাজি থাকিবলৈ লৈছে যোৱা দুমাহৰ পৰা।
কিয়! কিয়? কৰিলে বিখ্যাত ছবি  পৰিচালিকা
প্ৰণামী ভাগৱতীয়ে তাৰ লগত এনেকুৱা ব্যৱহাৰ। হ'ব পাৰে সি এটা কেমেৰামেন। কিন্তু গোটেই
ছবিখনৰ পৰিচালনা তাৰ নিৰ্দেশনা মতেই হৈছিল। প্ৰণামীৰ নামটো আছিল মাত্ৰ পৰিচালিকা ৰূপে।
প্ৰত্যেকটো শ্বট, লকেচন, এংগল আনকি আৰ্ট ডাইৰেক্টশ্যনো তাৰ চিন্তাৰ ফচল আছিল। কাহিনীটো লিখিছিল প্ৰণামী ভাগৱতীয়ে নিজেই।

     শিল্প এনেকুৱাই। বিষয়টোৰ লগত জৰিত হৈ পৰিলে, একাত্ম হৈ পৰিলে শিল্পীৰ লক্ষ্য হৈ উঠে সৃষ্টিক নিখুঁত ৰূপ দিয়া। অৰ্ণৱেও তাকেই কৰিছিল। ছবি খনৰ মূহুৰতৰ পৰা সম্পাদনা, ডাৱিং, সংগীত সকলো কামতে ওতঃপ্ৰোত ভাবে জৰিত থাকোঁতে তাৰ এনে লাগিছিল যেন প্ৰণামী নামৰ মানুহজনীৰ ঔৰসত
সি এটা সন্তানৰ পিতৃ হ'বলৈ ওলাইছে। ছবি খন তাৰ নিজৰ সন্তানৰ দৰে উপলব্ধি কৰিছিল সি।

  প্ৰণামীৰ নিজৰ জীৱনৰ ব্যৰ্থ প্ৰেমৰ কাহিনীটোকে তাই প্ৰথমে উপন্যাস হিচাপে লিখিছিল। কি দৰে তাইৰ প্ৰেমাস্পদে তাই থাকোঁতেও অন্য নাৰীৰ  নিশাৰ সংগী হ'ব পাৰিছিল। কি দৰে বিবাহৰ পিছতো বহু নিশা তাইৰ বিচনাৰ এটা অংশ খালি হৈ পৰি ৰৈছিল আৰু
শীতৰ দিনবোৰত তাই স্বামীৰ শৰীৰৰ উত্তাপৰ বাবে হাহাকাৰ কৰিছিল।
এসময়ত অসহ্য হৈ তাই নিজেই আঁতৰি আহিছিল স্বামীৰ কাষৰ পৰা। আইনী বিবাহ হোৱা নাছিল বাবে সিহঁতৰ আনুষ্ঠানিক বিচ্ছেদো হোৱা  নাছিল।

   অৰ্ণৱ? সৰুৰে পৰা কলা ভালপোৱা ল'ৰা। সপোন আছিল তাৰ ভাল ছবি পৰিচালক হোৱাৰ। তাৰ অৰ্থনৈতিক দুৰৱস্থাটোৰ বাবে পৰিচালকৰ তলত কাম কৰা আৰম্ভ কৰিছিল। খুউৱ সোণকালেই সি বিষয়টোত দক্ষ হৈ পৰিছিল। বিশেষকৈ কেমেৰাৰ কামৰ বাবে বহু পৰিচালকে তাৰ বাবে অপেক্ষা কৰিব লগাত পৰিছিল। কোনোবা ছবি এখনৰ মহুৰত অনুষ্ঠানতে সি লগ পাইছিল প্ৰণামীক।
চিনাকি হৈছিল। তাতকৈ বয়সত সৰু যেন লগা ছোৱালীজনী  বিবাহিতা বুলি সি জনা  নাছিল। বন্ধুত্ব গঢ় লৈ উঠিছিল প্ৰণামীৰ স'তে। এদিন তাই তাৰ হাতত তুলি দিছিল
তাই লিখা উপন্যাস " পাহৰা গানৰ সুৰ" । উপন্যাস খন পঢ়াৰ পাছত সিয়েই তাইক কৈছিল - পাহৰা গানৰ সুৰ
এখন ভাল ছবি হ'ব। তাই মান্তি হৈছিল। প্ৰযোজকো অৰ্ণৱে ঠিক কৰি দিছিল।

"আজি ৰাতিটো ইয়াতেই থাকি যোৱা অৰ্ণৱ। ইমান ৰাতিখন ঘৰলৈ তোমাক পঠিয়াবলৈ মোৰ ভয় লাগিছে।" ছবিৰ পৰিকল্পনাৰ বাবে প্ৰণামীৰ কোঠালৈ যোৱা অৰ্ণৱে তাইৰ যাদুৰকী চকুৰ কাতৰতাৰ জাল ফালি সিদিনা ওলাই আহিব পৰা নাছিল। প্ৰণামীৰ বাবেও সেই ৰাতিটো এটা বিশেষ ৰাতি হৈ মনৰ মণিকোঠাৰ একোণত নিগাজিকৈ ঠাই লৈছিল।

"তুমি মোৰ জীৱনৰ প্ৰথম পুৰুষ জন নহ'লা কিয় "
প্ৰণামীৰ কোঠাৰ আন্ধাৰ ফালি কোনোবা এটা ৰাতি অৰ্ণৱৰ কাণত পৰিছিল সেই বাক্য।

কিন্তু আজি প্ৰণামীৰ এনে অদ্ভূত আচৰণে তাক গুৰি কৰি আনিছে।

কিয়? সি সৰু মানুহ, এটা সামান্য কেমেৰা মেন? নে প্ৰণামীয়ে তাৰ শিল্পী সত্বাটোক চিনিয়েই নাপালে?!

"অৰ্ণৱ। তোমাক বেয়াকৈ ক'লো। যাতে মোৰ প্ৰতি তোমাৰ ঘৃণা ওপজে। কাৰণ কি জানা? মোৰ হেৰুৱা স্বামী আহিব প্ৰিমিয়াৰ শ্বোলৈ। মই আশা কৰিছোঁ চিনেমাখন চাই যদি তেওঁৰ অনুশোচনা হয় হওক। মই তেওঁক ঘূৰাই পাব খোজো। তুমি থাকিলে মই তেওঁৰ লগত সহজ হ'ব নোৱাৰিম। মোক মাফ কৰিবা। আজিৰ পৰা তোমাৰ সতে মোৰ কোনো সম্পৰ্ক নাই বুলি ধৰি লোৱা। "
প্ৰণামীৰ কথা ভাবিয়েই উজাগৰী ৰাতি পাৰ কৰা অৰ্ণবৰ ফোনটো টুং কৈ বাজি উঠিল। ৱাটচএপত প্ৰণামীৰ এই দীঘল মেছেজটো।

গাৰুৰ তলৰ পৰা সি শ্লিপিং টেৱলেট স্ট্ৰিপটো ওলিয়াই একেলগে কেইবাটাও টেৱলেট হাতত ললে। মুখলৈ নিও সি ৰৈ গ'ল। নাই প্ৰণামীক সি ভাল পায়। সি মৰিব নোৱাৰে। তাইক সি আত্মাত ৰাখিব। ত্যাগৰ অন্য নামেইতো প্ৰেম।

  বুকুৰ মাজত প্ৰচণ্ড ধুমুহা এটা লৈ সি বিচনাৰ পৰা উঠি গ' ল। সি তাৰ প্ৰিয় মাৰ্ক - ৪ কেমেৰাটো ওলিয়াই ল'লে।
ক্ষোভ আৰু অভিমানত তাৰ প্ৰচণ্ড জোৰেৰে কেমেৰাটো ঠেকেচি দিবলৈ  মন  গ'ল। নাই শিল্পক সি অপমান কৰিব নোৱাৰে।

    বাহিৰত দোকমোকালি। নতুন দিনৰ সূৰ্যটোৰ বাবে অধীৰতাৰে প্ৰতীক্ষত ৰ'ল । উঠি অহা সূৰ্যটোৱে তাক বহু কথা যেন কৈ গ'ল-
ক্লিক, ক্লিক, ক্লিক...
সি কেমেৰা শ্বাটাৰ দবাই থাকিল। সুৰুযৰ কেইবাখনো স্থিৰ চিত্ৰ  বন্দী হ'ল তাৰ কেমেৰাত।
সি এটা কেমেৰা মেন। আশাৰ সুৰুযৰ ফটোতোলা কেমেৰামেন।
নালাগে তাক ক্ষণিকৰ বিজুলীৰ চকু চাট মাৰি ধৰা পোহৰ। দোকমোকালিটোৱে তেতিয়া ঢলফাট দিছিল।

No comments:

Post a Comment

প্ৰিমিয়াৰ শ্বো

সৰু গল্প প্ৰিমিয়াৰ শ্বো "তুমি আহিব নালাগে অৰ্ণৱ। মই এই শুভ মূহুৰ্তটোত তোমাক চাব নোখোজোঁ। শুভ কামটোত তুমি বিধি পথালি নিদিবা।"...